Friday 26 April 2013

মহাকাশলৈ যাত্ৰা কৰাৰ সপোন দেখা এজন বন্ধুৰ কথাৰে


দেউতাই কথাটো ভালকৈয়ে বুজিছিল ৰাটোৰ মগজুটো ঠিকেই আছে পঢ়া-শুনা কৰিব পাৰিব কিন্তু আত্মবিশ্বাস বোলা বস্তুটো একেবাৰেই নাই ব্যক্তিত্বৰ বিকাশ লাগিব গতিকে উপায় বিচাৰিবলৈ ধৰিলে বৰ যত্ন কৰে ইটো-সিটো কৰি
মেট্ৰিক পৰীক্ষা দিয়াৰ পাছতে CINCAD (এই অনুস্থানটোৰ সম্পূৰ্ণ নামটো পাহৰিলো) নামৰ অনুস্থানটোৱে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা অনুস্থান এটাত নাম লগাই দিলে আশা কিৰিছিল ৰা আত্মবিশ্বাস অকনমান বাঢ়িব, ব্যক্তিত্বৰ বিকাশ

তাত গৈ দেখো ইংৰাজীত কথা লাগে, নাশ্ৰুত নাভূত কথাৰ উত্তৰ দিব লাগে ব্যক্তিত্ব বিকাশৰ যি অকমান অৱকাশ আছিল সেয়াও নোহোৱা

সেইবোৰ কথা থাকক বাৰু আচল কথালৈ আহো
সেই অনুস্থানটোত ভালেমান ৰা ছোৱালী আহিছিল তাৰে এজনে মোক বাৰুকৈয়ে আকৃষ্ট কৰিলে তেওঁক যেতিয়া জীৱনৰ লক্ষ্যৰ কথা সুধিলে, তপৰাই উত্তৰ দিলে, ‘‘মই স্পেছ মেডিচিনৰ ওপৰত পঢ়িম আৰু নাছাত কাম কৰিম ’’
নাছাৰ নাম মই শুনিছো, কিন্তু স্পেছ মেডিচিন ??
নাই কাহানিও তো শুনা মনত নপৰে কি বস্তু এইটো ?
মোৰ যি স্বভাৱ মইআৰু কাৰোবাৰ পৰা জানিবলৈ যত্ন কৰিম স্পেছ মেডিচিন মানে নো কি ? নিজেই বুজিলো লো যে এইটো পঢ়িলে মহাকাশ যাত্ৰীসকলৰ চিকিৎসক পৰা যাব কথাটো বেয়া নহয় কিন্তু ! চিকিৎসকো পৰা যাব, লগতে চন্দ্ৰ মঙ্গলগ্ৰহ আদিৰো ভ্ৰমণ কৰিব পৰা যাব !
ৰাজনে ইমান আত্মবিশ্বাসেৰে কথাবোৰ কয়ইমান আত্মবিশ্বাসেৰে কামবোৰ কৰে ৷ তাকে দেখি মনটো ভাল লাগি যায় ভাল বন্ধুত্ব কথা পাতি গম পালো তেওঁ মোৰ তেনেই নিকট সম্বন্ধীয়  পেহী এগৰাকীৰ ৰা

CINCAD
অনুস্থান শেষ মেট্ৰিকৰ ফলাফল ওলাল ভালেই কৰিলো কটনত নাম লগালো সেই মহাকাশ চিকিৎসকজনৰ লগতো যোগাযোগ নোহোৱা এদিন কলেজ হোষ্টেলৰ পৰা আহিলো ওচৰৰে জজ খেলপথাৰত ক্ৰিকেট খেলিবলৈ বুলি তাত লগ পায় লো সেই বন্ধুজনক

বন্ধু বহি আছে এখন ভেছপা স্কুটাৰত, পাছফাল আন এজন অনুমান কৰিলো পাছফালে বহাজনেই স্কুটাৰৰ মালিক পাছে সেইদিনা জজ খেল পথাৰত যি দৃশ্য দেখিছিলো তাৰ সঠিক বিৱৰণ দিয়াটো মোৰ পক্ষে সম্ভৱ নহ এতিয়াও মোৰ চকুৰ আগত ভাঁহি আছে সেই দৃশ্য যি অকনমান পাৰো বাৰু তাৰেই বৰ্ননা কৰিবলৈ যত্ন কৰো
এক মূহুৰ্তৰ বাবে ভেছপাখন জজ খেলপথাৰত চলি থাকে, পাছ মূহুৰ্তত আগ চকাটোৱে ভূপৃষ্ঠৰ সৈতে ৫০ ডিগ্ৰীমানৰ কোণ কৰি দাং খাই যায় সেই অৱস্থাতে ভেছপাখন ভালমান দূৰ আগবাঢ়ে পাছফালে বহি থকা মালিক যেন লগা মানুহজনৰ দুই হাত, দুই ভৰি এক আচৰিত ভংগীমাত মেল খাই যায় আৰু তেখেতে চিঞৰিলৈ ধৰে, ‘‘অই অই, ৰখা ৰখা ! ব্ৰেক মাৰ্ ব্ৰেক মাৰ্ ’’

মালিকেনো কি ৰখাবলৈ কৈছে, কিহত ব্ৰেক মাৰিবলৈ চিঞৰিছে তেখেতেহে বুজিছে ৷ জজ খেলপথাৰত ভেছপাখন যেনিয়ে তেনিয়ে চলি এটা চকাৰ ওপৰতে ঘুৰি ফুৰিবলৈ ধৰিলে ৷ মাজে মাজে আগ চকাটো ধুপুছকৈ মাটিত পৰে ৷ মালিকৰ চিঞৰ বন্ধ হয় ৷ তাৰ পাছ
মূহুৰ্ততে আগ চকাটো আকৌ ভূপৃষ্ঠৰ সৈতে ৫০ ডিগ্ৰীমানৰ কোণ কৰি দাং খাই যায় আৰু ভেছপাৰ পগলা দৌৰ আৰম্ভ হয় ৷ সেই সময়ত জজ খেলপথৰাত থকা ক্ৰিকেট খেলুৱৈবোৰৰ কথা বাদ দিলো, তাত ঘাহ খাবলৈ যোৱা গৰু ছাগলীবোৰো যেনিয়ে পায় তেনিয়ে দৌৰিবলৈ ধৰিলে ৷ আগে আগে ক্ৰিকেট খেলুৱৈ, গৰু আৰু ছাগলীৰ দৌৰ, পাছে পাছে ভেছপা স্কুটাৰ ৷
মোৰ যেনিবা ভাগ্য ভাল আছিল ৷ খেলপথাৰ গৈ পাওঁতে অলপ দেৰী হৈছিল ৷ গতিকে মই গৈ খেলপথাৰৰ ভিতৰ সোমোৱাৰ আগতেই সেই দৌৰা-দৌৰি আৰম্ভ হৈছিল আৰু  আতৰৰ পৰা সেই অভূতপূৰ্ব দৃশ্য প্ৰতক্ষ কৰা সৌভাগ্য হৈছিল ৷

মই বুজিব পৰা নাছিলো বন্ধুৰ প্ৰচেষ্টাটো কি আছিল ৷ এপাক ভেছপা লুটি খাই পৰিল ৷ বন্ধু এফালে চিৎ ভেলেঙা মালিক আনফালে ৷ দৌৰ মাৰি বন্ধুৰ ওচৰ পালো গৈ ৷
‘‘হেৰা দুখ পালা নেকি ?’’
চোলা পেন্টৰ ধুলি  জোকাৰি  জোকাৰি বন্ধুৱে উত্তৰ দিলে, ‘‘নাই নাই পাৰ্টনাৰ, ষ্টিল বডী !’’
মই আকৌ সুধিলো, ‘‘তুমি আচলতে কৰি কি আছিলা ? দেখি লাগিছিল ভেছপা লৈয়ে স্পেছলৈ যাবা বুলি ৷ আগ চকাটো কিয় ইমান কৈ দাঙি আছিলা ?’’
‘‘আৰে মই ক’ত দাঙিছো ? নিজেই দাং খাই যায় দেখোন ৷ আজি প্ৰথম চলাবলৈ শিকিছিলো ৷’’

সেইদিনাৰ পাছত বহু বছৰলৈ তেওঁক লগ পোৱা নাছিলো ৷ মই গৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পালো গৈ, তেওঁ পালেগৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ স্পেছ মেডিচিন পঢ়া নহ’ল তেওঁৰ ৷ যোৰহাটতে দুবাৰ এবাৰ লগ পালো ৷ মাজে মাজে ঘৰৰ বিয়া-সবাহতো লগ পাওঁ ৷

যোগাযোগ কমি আহিল ৷ অৰকুটৰ যোগেদি আকৌ যোগসুত্ৰ স্থাপন হ’ল ৷ তাৰ পাছত ফেছবুক আহিল ৷ এতিয়া দৈনিক কথা বতৰা হৈ থাকে ৷

তেওঁৰ মহাকাশলৈ যোৱাটো এতিয়াও হোৱাগৈ নাই ৷ পাছে কাম কাজবোৰ দেখিলে মাজে মাজে মোৰ ভাব হয় এদিন যদি বন্ধু সঁচাকৈয়ে মহাকাশলৈ যায় কেনেবাকৈ আচৰিত হ’ব লগা একো কথা নাথাকিব ৷ অৱশ্যে তেওঁ গ’লে মহাকাশ চিকিৎসক হিচাবে নাযাব ছাগৈ, যাব ফটোগ্ৰাফাৰ হিচাবেহে ৷ আপোনালোকৰ বহুতেই তেওঁক চিনি পাব পাৰে বুলি নামটো কৈ দিছো – বিক্ৰমজিৎ কাকতি ৷



 

1 comment: