Monday 22 April 2013

এটা যাত্ৰাৰ কাহিনী- কুমাৰনৰ কম্প্ৰেচৰ

১৯৯৪ চনৰ কথা
জীৱনৰ প্ৰথম চাকৰিৰুকচনছ ইঞ্জিনিয়াৰছ প্ৰাইভেট লিমিটিড
চাকৰি জীৱনৰ প্ৰথম যাত্ৰা হাইদৰাবাদলৈ
এসপ্তাহমানৰ ট্ৰেইনিং এটা লৈ গুৱাহাটীলৈ উভটিবলৈ লৈছো
ফলকনামা এক্সপ্ৰেছেৰে হাওৰা আৰু তাৰ পৰা কামৰূপ এক্সপ্ৰেছেৰে গুৱাহাটীলৈ বুলি অফিছেই টিকট কৰি দিলে অফিছৰ সকলোকে বিদায় জনাই ৰেল ষ্টেচনলৈ বুলি আহিব ওলাইছো কুমাৰন চাহাবে মাত দিলে, ‘‘দত্ত, আপোনাৰ সৈতে এটা কম্প্ৰেছৰ পঠিয়াই দিম অসুবিধা নেকি ?’’
বিশেষ নাভাবি লো, ‘‘নহয় চাৰ ! কিয় ?’’
যথা সময়ত গৈ ৰেলত উঠিলো গৈ অফিছৰ পৰা যোৱা এজনে মটীয়া কেইজনমানৰ সৈতে লাগি মেলি কম্প্ৰেচৰটো মোৰ বাৰ্থৰ তলত সুমুৱাই দিলে তেওঁলোকৰ কচৰখিনি দেখি অনুমান কৰিলো কম্প্ৰেচৰটোৰ ওজন ভালেমান তথাপিও নিশ্চিন্ত হৈ বহি আছো মই হৈছো অফিচাৰ মানুহ, মই নিজেই দাঙিবটো নালাগে, হাওৰাত মটীয়াৰ অভাৱ নাই

বিয়লি চাৰিমান বজাত চেকেন্দ্ৰাবাদ ষ্টেচনৰ পৰা চলিবলৈ আৰম্ভ কৰিলে ফলকনামা এক্সপ্ৰেছ সেই নিশা বিশেষ একো উল্লেখনীয় ঘটনা নঘটিল পাছদিনা কোন এজন সহযাত্ৰীয়ে মোক প্ৰশ্ন কৰিলে, ‘‘আপুনি ইমান গধুৰ বস্তুটোৰ বুকিং কিয় নকৰিলে ? হাওৰাত আপোনাক সুদাই নেৰিব কিন্তু !’’
তেখেতে কি কৈছে, কি বুকিং, হাওৰাত মোক কিয় নেৰিব মই একো বুজা নাই
খা-খবৰ কৰি গম পালো এটা টিকেটত এক নিৰ্দিষ্ট পৰিমান বয়-বস্তুহে ৰেলত বিনা মূল্যে নিব পাৰি মই লৈ যোৱা কম্প্ৰেচৰৰ ওজন সেই বিনা মূল্যে নিব পৰা সীমাৰ বহু ওপৰত এতিয়া উপায় কি ?
‘‘খগৰপুৰ ৰাতি ১০মান বজাত পাব গৈ ৷ আপুনি তাতে নামি দিব আৰু লোকেল ট্ৰেইন এখনত উঠি হাওৰালৈ যাব গৈ ৷ তাৰ পাছত হাওৰাত বুকিং কৰি ল’ব ৷’’
‘‘আপুনি ইমান ঘমৰ-ঘন্ট কৰি থাকিব নালাগে ৷ হাওৰাত নামি
মটীয়া এটা ধৰি ‘মাল’ প্লেটফৰ্মৰ বাহিৰ কৰি ল’ব ৷ তাৰ পাছত আকৌ প্লেটফৰ্মত সোমাই নতুনকৈ বুকিং কৰি দিব ৷ চিম্পল !’’
‘‘কেনেবাকৈ ধৰা পৰিলে  আপোনাৰ জৰিমনা ৬০০০ মান হ’ব কিন্তু ৷’’

মই কথা শুনিবলৈ, চিন্তা কৰিবলৈ বাদ দিলো ৷ এটা কথা বুজি পালো কুমাৰন
চাহাবৰ কৃপাত জীৱনৰ প্ৰথম অকলশৰীয়া ৰেল যাত্ৰাতে মই এজন চোৰাংমাল সৰবৰাহকাৰীলৈ পৰিবৰ্তিত হ’লো ৷

ৰাতি বাৰমান বজাত ৰেল হাওৰা পালে গৈ ৷ যাত্ৰী নামি শেষ হ’ল ৷
কুমাৰন চাহাবৰ কম্প্ৰেছৰটোৰ সৈতে মই প্ৰায় অকলশৰেই ৰৈ গ’লো ৰেলখনত ৷ এনেতে আহি ওলালহি মিথুন চক্ৰবৰ্তী ! হয়, ডিস্ক’ ডেঞ্চাৰ মিথুনদাৰ কথায়ে কৈছো ৷ মোৰ সন্মুখত যিজন মটীয়া ঠিয় হৈ আছে তেওঁ দেখাত সাইলাস মিথুনদা ৷
‘‘কি দাদা, বিনা বুকিঙৰ মাল ?’’
‘‘কিবা এটা কৰিব পাৰিবা নেকি ?’’
‘‘দাদা, এই বাপীয়ে কৰিব নোৱাৰা কাম একো নাই ৷’’
‘‘কিমান লাগিব ?’’
‘‘আৰে দাদা, কামটো কি কওক আগতে ৷’’
‘‘মালটো প্লেটফৰ্মৰ বাহিৰ কৰি আকৌ বুকিং কাইন্টাৰলৈ লৈ যাব লাগিব ৷’’
‘‘কি মাল আছে দাদা ?’’
‘‘আৰে বাপী ভাই ! ইমান ভয় কৰিলে কেনেকৈ হ’ব ? দাম কোৱা ৷’’
বাপীয়ে দাম জনালো ৷ দৰ-দাম চলিল ৷ শেষত ৫০০ টকাত বন্দবস্ত হ’ল ৷
বাপীয়ে মোক ক’লে, ‘‘ফিফটি পাৰচেন্ট এডভাঞ্চ, বাকী কাম হ’নেকে বাদ ৷’’
তাৰ কথা শুনি মই পাক্কা গম পাই গ’লো সেই নিশা হাওৰা ষ্টেশনত ময়ে ছাগৈ ‘স্মাগলাৰ নাম্বাৰ ওৱান’ আছিলো ৷
বাপীয়ে কাঠৰ সৰু ট্ৰলী এখনত ‘মাল’ উঠাই প্ৰস্থানদ্বাৰৰ দিশে আগ বাঢ়িল, মই পাছে পাছে খোজ ল’লো ৷
মনটো ভাল লাগিল আৰু ২০ বা ৩০ খোজ দিলেই মই আৰু কম্প্ৰেচৰ হাওৰাৰ প্লেটফৰ্মৰ বাহিৰ হৈ যাম ৷ তাৰ পাছত আৰু কোনে পায় !
হঠাতে বাপী ৰৈ দিলে, ‘‘দাদা, এতিয়া ওলায় যোৱাটো ঠিক নহ’ব ৷ পুৰা চেকিং চলি আছে ৷ ৰাতি ৩ মান বজাত চেকিং নাথাকিব ৷ তেতিয়া মাল বাহিৰ কৰিম ৷’’
‘‘ আৰে বাপী কি কথা কৈছা ? মই এই দুঘন্টা সময় কি কৰিম ?’’
‘‘দাদা আপুনি বুজি পোৱা নাই ৷ এতিয়া মাল উলিয়াব চেষ্টা কৰিলে মালটো যাবই আপুনিও জেইল পাব গৈ ৷ দুঘন্টা সময়হে, আপুনি এইখিনিতে ৰওক ৷ মই তিনি বজাত আহি যাম ৷’’
এই বুলি কৈয়ে বাপী নোহোৱা হ’ল ৷
আৰম্ভ হ’ল মোৰ অপেক্ষা ৷




কম্প্ৰেচৰটোৰ সৈতে মই ৰৈ আছো হাওৰাৰ প্লেটফৰ্মত, বাপীৰ অপেক্ষাত
লৰচৰ কৰিবও নোৱাৰা লো চাহ একাপ খাবলৈকো যাব নোৱাৰা লো এনেতে চাৰিজন ৰেল আৰক্ষীৰ লোক আহি ওলাল হাতত থকা লাঠিডালেৰ কম্প্ৰেচৰটোত টুকুৰিয়াই সুধিলে, ‘‘কি আছে ?’’
‘‘
কম্প্ৰেচৰ ’’
‘‘
কাগজ ?’’
‘‘
কাগজ মানে ?’’
‘‘
বাবু মশাই ! বুকিং শ্লিপ ’’
‘‘
বুকিং কৰা নাই মই এতিয়া আহিছোহে   অফিছ খুলিলেই বুকিং কৰি ’’
‘‘
নহ, নহ আপুনি থানালৈ যাব লাগিব ’’
ট্ৰলী এখনত তেওঁলোক চাৰিজনেই কম্প্ৰেচৰটো তুলিহাওৰা প্লেটফৰ্মৰ সেই নিশাৰ স্মাগলাৰ নাম্বাৰ ওৱানমানে মোক লৈ গ, ৰেল আৰক্ষীৰ থানা লৈ ৷
বেঞ্চ এখনত বহি কুমাৰন চাহাবক কুকুৰে কাইট নোখোৱাকৈ গালি পাৰি আছে ৷
আৰক্ষী বিষয়া যেন অনুমান হোৱা এজন আহি ওলাল ৷ বুকুত ওলমি থকা বেজটোৰ পৰা গম পালো তেখেতৰ নাম অলক সন্যাল ৷
‘‘ওঁ, কাগজ নাই ৷ আপোনাৰ জৰিমনা ৫০০০ টকা ৷ টকা জমা দিয়ক আৰু বস্তু লৈ যাওক ৷’’
‘‘৫০০০ টকা !!!! মোৰ হাতত ইমান টকা নাই ৷ কি হব এতিয়া ?’’
‘‘৫০০০ দিবই লাগিব ৷ নহলে মাল জব্দ ৷’’
মই ভালেই পালো ৷
‘‘ঠিক আছে ৷ আপুনি মাল জব্দ কৰক আৰু মোক ছিজাৰ লিষ্টখন দিয়ক ৷ মই আৰামত হোটললৈ যাওঁ ৷’’
সন্যালে মোক বুজালে, ‘‘আৰে সেইটো কৰিলে আপোনাৰ মাল মোকলাবলৈ বৰ অসুবিধা হব ৷’’
মই তেখেতক ওলোটাই বুজাই দিলো, ‘‘নাই নাই আপুনি ভুল বুজিছে ৷ এইটো মোৰ বস্তু নহয় ৷ অফিছ বস্তু এইটো ৷ তেওঁলোকে যি কৰে কৰি থাকিব ৷ মই অলপ আগতে ৰিজাইন দিলো ৷ লাগে যদি ৰেজিগনেছন লেটাৰৰ কৰি এটা আপোনাৰ হাততো দিব পাৰো ৷’’
হমমমমমজাতীয় প্ৰতিক্ৰিয়া এটা কৰি আৰক্ষী বিষয়া সন্যাল আতৰি গল ৷
মই আকৌ আগৰ বেঞ্চখনত বহি কুমাৰন চাহাবক কুকুৰে কাইট নোখোৱাকৈ গালি পাৰি পাৰিবলৈ আৰম্ভ কৰিলো ৷
পুৱা চাৰিমান বজিছে ৷ অলক সন্যাল আকৌ আহিল ৷
‘‘কিমান দিব পাৰিব ?’’
‘‘কি ?’’, মই অলপ খঙেৰেই সুধিলো ৷
‘‘দত্ত চাহাব, আপুনি ১০০০ টকা দিয়ক আৰু মাল লৈ যাব পাৰিব ৷’’
‘‘নাই নাই, কুমাৰনৰ কম্প্ৰেচৰটো লৈ মই কি কৰিম ? মোক নালাগে, মই যাওঁ এতিয়া ৷’’
সন্যালে মোক অলপ আতৰলৈ লৈ গল ৷
‘‘সেইযে বস্তুটো আছে, সেইটো আচলতে হয় কি ?’’
তেওঁৰ কথা বতৰাৰ পৰা বুজিলো পাৰিলে তেওঁ আৰু মই কুমাৰনৰ কম্প্ৰেচৰটো কৰবাত কোনোবা গ্ৰাহক পালে বিক্ৰী কৰি দিবলৈ চেষ্টা কৰিম ৷
মোৰ পৰা বৰ বিশেষ সহাৰি নাপায় আকৌ প্ৰস্তাব দিলে, ‘‘দত্ত চাহাব, আপোনাৰেল সন্ধিয়া আছে ৷ এই দহ এঘাৰ ধন্টা কাগজ নোহোৱা মাল লৈ যদি আপুনি হাওৰাত থাকে আপোনাৰ বৰ বিপদ হব ৷ আপুনি মোক ৫০০ টকা দিয়ক ৷ তাৰ বিনিময়ত মই আপোনাক লোকেল ট্ৰেইন এখনত বৰ্ধমানলৈ পঠিয়াই দিম ৷ তাৰ পৰা আপুনি কাঞ্চনজংঘাত উঠি গুৱাহাটী যাব গৈ ৷’’
মই এই প্ৰস্তাবটো বেয়া নেদেখিলো ৷ তথাপিও এটা সমস্যা আছিল ৷ মোৰ হাতত কাঞ্চনজংঘাৰ টিকট নাই ৷ কথাটো জনোৱাত সন্যালে  হাঁহি এটা মাৰি কলে, ‘‘আৰে আপোনাৰ হাতত কামৰূপৰ টিকট আছে নহয় ৷ কিয় চিন্তা কৰিছে ?’’
মই অলক সন্যালৰ হাতত তুলি দিলো ৫০০ টকা, তেওঁ মোক দিলে এখন ৩০ টকাৰ ৰচিদ ৷ তাৰ পাছত মটীয়া এটা মতাই আনি মোক মালৰ সৈতে তুলি দিলে বৰ্ধমানলৈ যাবলৈ সাজু হৈ থকা লোকেল ট্ৰেইন এখনত ৷
অলক সন্যালৰ সৈতে কৰমৰ্দন কৰি মই বৰ্ধমানলৈ বুলি যাবলৈ সাজু হলো ৷ এবাৰ হাওৰাৰ প্লেটফৰ্মখনলৈ চকু ফুৰালো ৷ নাই বাপীক দেখা নাপালো ৷

বৰ্ধমানত নামি চকু কপালত উঠিল ৷
হে ভগৱান, লোকে লোকাৰণ্য ৷ অকলশৰীয়া মানুহ এটা ৰেলেত উঠিবলৈকে অসম্ভব ৷ কুমাৰনৰ কম্প্ৰেচৰলৈ কেনেকৈ উঠিম ?’
বৰ্ধমানত আকৌ ধৰিলো মটীয়া ৷ ছাছাজীৰ স্পষ্ট কথা, ‘‘ইমান গধুৰ মাল লৈ সংৰক্ষিত ডবাত উঠা অসম্ভব ৷ তাতে আপোনাৰ হাতত টিকটো নাই ৷’’
মই কামৰূপৰ টিকট আছে বুলি বুজাবলৈ যত্ন কৰিছিলো যদিও কাম নহল ৷
কাঞ্চনজংঘা আহি পালো ৷ ছাছাজীয়ে মোক আৰু কুমাৰনৰ কম্প্ৰেচৰক কাঞ্চনজংঘাৰ অসংৰক্ষিত ডবাটোত গতা মাৰি সুমুৱাই দিলে ৷ ডবাৰ ভিতৰত মানুহ দেখি মুৰ ঘুৰাই যাবৰ উপক্ৰম হল ৷ লৰ-চৰ কৰিবলৈকো সুবিধা নাই ৷ কুমাৰনৰ কম্প্ৰেচৰটো কোনোমতে টানি আজুৰি প্ৰস্ৰাৱগাৰৰ ওচৰলৈ লৈ গলো ৷ অলপ পৰ ঠিয় হৈ ৰৈ চিন্তা কৰিলো কি কৰিব পৰা যায় ? উপায় নাপায় কুমাৰনৰ কম্প্ৰেচৰটোৰ ওপৰতে বহি লৈ কুমাৰনক আকৌ গালি পাৰিবলৈ আৰম্ভ কৰিলো ৷ মোৰ ওচৰতে আন এটা বস্তাৰ ওপৰত বহি বৃদ্ধা দুগৰাকীয়ে বেছ আমেজেৰে বিড়ি হুপি গৈ আছে ৷ ভালেমান পৰ যোৱাৰ পাছত সুধিলো, ‘‘ছাছী এক বিড়ি হগা ক্যা ?’’
ভাত নাই, পানী নাই কাঞ্চনজংঘাৰ অসংৰক্ষিত ডবাৰ প্ৰস্ৰাৱগাৰৰ ওচৰত ছাছীৰ ভাগৰ বিড়ি হুপি হুপি গৈ আছো ৷ পাছে দিনটো আগবঢ়াৰ লগে লগে মাজে মাজে তিয়হ, ঝাল মূড়ী, সিজোৱা কনী আৰুভেজাল ঠান্ডাপাবলৈ আৰম্ভ কৰিলো ৷ নিশা ৮ মান বজাত ৰেল পালেগৈ ফাৰাক্কা ৷ মোক আচৰিত প্ৰায় কৰি ডবাটোত কেইবাখনো আসন খালি হল ৷ কুমাৰনৰ কম্প্ৰেচৰটো কোনোমতে ঠেলা-ঠেলি কৰি খালি আসন এখনৰ তলত সুমুৱাই মই নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিলো ৷

কোনোবা এজনে মোৰ বাউসীত ধৰি মাত দিওঁতেহে সাৰ পালো ৷ বাহিৰলৈ চাই মন কৰিলো কোকৰাঝাৰ ! মন ভাল লাগি গ, অসম পালো তাৰ মানে ৷ এতিয়া আৰু চিন্তা নাই ৷
‘‘এইটো কি ? কাগজ দেখুৱাক ৷’’
বাউসীত ধৰি মাত দিওঁতাজন ৰেল আৰক্ষীৰ লোক ৷
মুখেৰে একো নামাতি, টকা ৫০টা তেওঁৰ হাতত ধৰাই দি  আকৌ টোপনি গলো ৷
সেইযে কোকৰাঝাৰত ৫০ টকা দিছিলো, সেই কাম নিউ বঙাইগাওঁ, বৰপেটাৰোড, নলবাৰীকে ধৰি বাটত যিমান কেইটা ষ্টেচন আছে প্ৰত্যেকতে কৰি আহিলো ৷ শেষলৈ এনে অৱস্থা হল যে ৰেল কোনো ষ্টেচনত ৰখাৰ লগে লগে মই ৫০ টকা এটা সাজু কৰি ৰখা হলো ৷

অৱশেষত প্ৰায় চল্লিছ ঘন্টাৰ যমৰ যাতনাৰ অন্তত গুৱাহাটী সোমালো গৈ ৷
মটীয়া দুজনমানৰ সৈতে  কুমাৰনৰ কম্প্ৰেচৰটোৰ দৰ-দাম কৰিবলৈ আৰম্ভ ধৰিলো ৷  আকৌ আহি ওলাল ৰেল আৰক্ষী ৷
‘‘কাগজ দেখুৱাক ৷’’
শব্দ দুটা শুনাৰ লগে লগেই মস্তিস্কত কিবা এটা হৈ গল ৷
‘‘কি কাগজ কাগজ কৰি আছে ?? হাওৰাৰ পৰা আৰম্ভ কৰি নিউ বঙাইগাওঁ, নলবাৰীলৈকে কাগজেই ললে ৷ এতিয়া আকৌ কিহৰ কাগজ লাগে হে আপোনাক ৷ লৈ যাওঁক কুমাৰনৰ কম্প্ৰেচৰ ৷ নমস্কাৰ, মই আহিলো ৷ এইটো  বস্তুটো মোৰ নহয় ’’ এই বুলি কৈ মই ৰেলষ্টেচনৰ বাহিৰলৈ ওলাই আহিলো ৷
পাছে পাছে কেইবাজনো খেদা মাৰি অহা দি আহিল, ‘‘হেই হেই কি কৰে, কি কৰে হে ? আপোনাৰ বস্তু আপুনি লৈ যাওঁক ৷’’

মই ৰিক্সা এখনলৈ পালো গৈ ৰবীন্দ্ৰ ভৱনৰ বাছ ষ্টপেজ আৰু তাৰ পৰা ঘৰ ৷

টোকা -
সেই যে ঘৰলৈ গ’লো তাৰ পাছত আৰু কোনো দিনে ‘
ৰুকচনছ ইঞ্জিনিয়াৰছ প্ৰাইভেট লিমিটিড’ৰ চাকৰি কৰিবলৈ নগ’লো ৷ কেইবাদিনৰ পাছত এদিন হাইদৰাবাদৰ পৰা কুমাৰন চাহাবে ফোন কৰিছিল ৷ মই কিয় চাকৰিলৈ যোৱা নাই আৰু তেখেতৰ কম্প্ৰেচৰটোৰ কি হ’ল জানিবলৈ ৷ মন গৈছিল ক’বলৈ ‘কম্প্ৰেচৰটো হাওৰাত অলক সন্যালৰ ওচৰত বিক্ৰী কৰি আহিলো’ ৷ তাৰ সলনি সঁচা কথাটোকে কৈ দিলো ৷ তেওঁলোকে সেইটো পালে নে নাই নাজানো ৷
পাছত ১৯৯৫ চন মানত এবাৰ নুমলীগড় শোধনাগাৰত কুমাৰন চাহাবক এবাৰ লগ পাইছিলো যদিও সোধা নহ’ল কম্প্ৰেচৰটোৰ কি হ’ল ৷








No comments:

Post a Comment