GMDAৰ পানী যোগান আচনি
তপনৰ বিয়ালৈ বুলি টংলালৈ গৈ থাকোতে কথাটো ওলাল ৷ শৰাইঘাটৰ দলঙত উঠাৰ ঠিক আগে আগে
অগ্নিৰ চকুত পৰিল ৷ GMDAৰ পানী যোগান আচনি ৷ সি
প্ৰশ্ন কৰিলে, ‘‘দাদা এটা কথা কওঁকচোন GMDAৰ এইটো কি কাৰবাৰ ? 107 MLD কিয় ? ’’
‘‘আৰে
ভাই 107 MLD মানে 107 Million Litre /
Day ৷ দৈনিক সিমান পানী
যোগান ধৰিব যেন লাগিছে ৷ বহুত পানী দিব দেই ৷’’
‘‘এহ্ দাদা ! জানো দিয়ক 107 MLD মানে 107
Million Litre / Day ৷
কিন্তু কিয় 107 MLD ? কিয় 100 MLD বা 110
MLD নহ’ল ? ইমান পাক্কা হিচাব এটা কেনেকৈ কৰি দিলে ?’’
তেতিয়াহে চিন্তা কৰিলে কথাটো ৷
মৃণ্ময়দাদাই ভাল উত্তৰ এটা দিলে,
‘‘এই ঘটনাটো বিত্ত বিভাগত হ’ল গৈ ৷’’
অগ্নি আৰু মই আচৰিত হৈ সুধিলো,
‘‘বিত্ত আকৌ ক’ৰ পৰা ওলাল ?’’
দাদাই বুজালে, ‘‘তোমালোকে
নুবুজিবা ৷ মানে মালীয়া (ধনৰ কথা কৈছে) আহিব বিত্তৰ পৰা ৷ তেওঁলোকৰ হাতত আছে এখন
হাত পুথি ৷ তাত লিখা আছে এজন মানুহক দৈনিক কিমান পানী লাগে ৷ তেওঁলোকৰ হাতত আছে
আকৌ মহানগৰীৰ জনসংখ্যাৰ তথ্য ৷ এই মুঠ জনসংখ্যাৰে প্ৰতি ব্যক্তিৰ পানীৰ দৈনিক
চাহিদা যেতিয়া পূৰণ কৰি দিলে তেতিয়া খুব সম্ভৱ ১০৭ ওলালে ৷ গতিকে এতিয়া আমাৰ গুৱাহাটীত
দৈনিক চাহিদা ১০৭ মিলিয়ন লিটাৰ ৷’’
অগ্নিয়ে আকৌ সুধিলে,
‘‘এই ১০৭টো বাৰু কোনচনৰ চাহিদা ?’’
‘‘GMDAৰ মানুহবোৰ দূৰদৰ্শী ৷ শুনিছো
হেনো এইটো ২০১৬মানত শেষ হোৱা কথা ৷ মোৰ ধাৰণা হিচাবটো ২০২০ চন মানৰ হ’ব ৷ তেওঁলোকে জানে দিয়াচোন আচনি কাৰ্য্যকাৰী কৰোতে কেইবছৰমান পলম হ’বই তেওঁলোকৰ ৷’’ মই অকনমান অন্যমনস্ক হৈ ক’লো ৷ মনত পৰি গ’ল ৯০ৰ দশকৰ শেষৰ ফালে গোটানগৰত GMDAয়ে নিৰ্মান কৰা ট্ৰাক আস্থানটোৰ কথা ৷ কেইবা শ ট্ৰাক একে লগে ৰাখিব পৰাকৈ
সাজি উলিয়াইছিল সেই আস্থানটো ৷ পাছে আজি কালি দেখোন ট্ৰাকবোৰ তাত নাৰাখে ৷ তাত
এতিয়া বোধহয় GMDAয়ে কিবা বেলেগ আচনি লৈছে ৷ আমাৰ পানী যোগান
আচনি বা আকৌ ২০২০ চন মানত কি যোগান আচনি হৈ গৈ ঠিক নাই কিন্তু !
তপনৰ বিয়ালৈ যোৱা কিছু দিন হ’ল ৷
এতিয়া গোটেই গুৱাহাটী ওলট পালট ৷
গোটেই গুৱাহাটী খান্দি-খুন্দি শেষ কৰিছে ৷ দেখি
লাগিছে GMDAয়ে পানী যোগান ধৰিহে এৰিব ৷
এতিয়া মহানগৰখনত যেনিয়ে যাওঁ তেনিয়ে মাথো GMDAৰ পানী যোগান আচনি ৷ বাট-পথবোৰৰ কাষে কাষে নীলা নীলা পানীৰ পাইপ পৰি থকা
দেখা যায় ৷ কেতিয়াবা ভুটুংকৈ কেইজনমান মানুহ আহে ৷ যুদ্ধ সদৃশ ক্ষিপ্ৰতাৰে কাম কৰে
৷ প্ৰথমেই বাট-পথবোৰৰ একাষ দ’ কৈ খান্দি লয় আৰু নিমিষতে পাইপবোৰ মাটিৰ তলত পুতি দিয়ে ৷ পাইপ
পুতি হৈ যোৱাৰ লগে লগে লুইতৰ শিহুৰ দৰে মানুহ কেইজন নোহোৱা হৈ যায় ৷
নীলা পাইপবোৰ মাটিৰ তল পায় গৈ ঠিকেই ৷ পাছে
ৰাইজে দিশপুৰত আবেদন কৰি কৰি কোনো মতে গড়কাপ্তানি বিভাগৰ দ্বাৰা নিৰ্মান কৰি লোৱা বাট-পথবোৰৰ অৱস্থা নোহোৱা হৈ যায় ৷
এই কেইদিন মা আৰু পেহীদেৱে বৰকৈ কথা পাতি আছে,
‘‘GMDAৰ পানী কেতিয়া আহিব জানো ?’’
মই ক’লো,
‘‘বৰষুণ এজাক জোৰত দিলেই হ’ল, GMDAৰ পানী আহি যাব ৷’’
যোৱাকালি দিনটো বৰষুণ ৷ সন্ধিয়ালৈ মাক ক’লো, ‘‘GMDAৰ পানী
আহিল ৷’’
মা আৰু পেহীয়ে বৰ উৎসাহেৰে সুধিলে,
‘‘ক’ত ? ক’ত ?’’
‘‘সন্মুখৰ নামঘৰ পথটো চোৱা গৈ ! GMDAয়ে পাইপ বহুৱাই গোটেই নামঘৰ পথ ‘নামঘৰ নলা’ কৰি থৈ গৈছিল নহয় ৷ এতিয়া বৰষুণৰ পানীৰে গোটেইখন উপচি আছে ৷’’
No comments:
Post a Comment