Friday, 5 April 2013

মোৰ ক্ষেত্ৰত এনে হৈছিল


এওঁ ফোন কৰিলে, ‘‘হেৰা মই অদিতি ফাৰ্নিছিঙতে ৰৈ আছো ৷ ওচৰতে আছা যদি লৈ যোবা নেকি ?’’
মই জানো তেওঁ আচলকে বুজাইছে, ‘‘হেৰা মই অদিতি ফাৰ্নিছিঙতে ৰৈ আছো ৷ তুমি যতে নাথাকা মই নাজানো, মোক আহি লৈ যোৱা ৷’’

ওচৰ বাট, স্কুটাৰখন লৈয়ে ওলালো ৷ অদিতি ফাৰ্নিছিঙৰ ওচৰত কাকো ৰৈ থকা নেদেখিলো ৷ অকনমান আগলৈ চাই দেখিলো ৰঙা ছুৰিদাৰ এজোৰ পিন্ধি এওঁ খোজ কাঢ়ি আগুৱাই গৈ আছে ৷

মই স্কুটাৰ আগবঢ়ালো ৷ অলপ সন্দেহো গৈছে ৷
এইজোৰ কাপোৰ আকৌ কেতিয়া কিনিলে ?
বিহু আহিছে, কিনিলে ছাগৈ !
খোজটো অলপ বেলেগ দেখিছো দেখোন ৷
তাৰ পাছত ভাবিলো এওঁক নো মই খোজ কঢ়া কেতিয়া দেখিলো আকৌ ?

আজিহে মন কৰিলো শ্ৰীমতীয়ে খোজ কাঢ়িলে ভালেই লাগে ৷
ওচৰ পায়ে কবলৈ লৈছিলো,‘হেৰা উঠা ৷
এনেতে ফুটপাথৰ কাষত ৰৈ থকা কোনোবাই মান লগালে, ‘‘আহিলা ?’’

মুৰ তুলি দেখো মোৰজনী দেখোন ফুটপাথত ৰৈ আছে !!

ভাল বাছিলো !!!!

No comments:

Post a Comment