Saturday 6 April 2013

জয়ন্ত চলিহাৰ সংসাৰ - ৭



(
জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কাহিনী, মোৰ মুখেৰে )

সুৰজ গগৈ প্ৰায় চাৰে ছয় ফুটমান ওখ ৷ কাম কৰে কুৱেইটৰ ফালৰ এটা তেলৰ খাদত ৷
এই সুৰজ গগৈ, জয়ন্ত চলিহা আৰু মই মাজতে এবাৰ এফালে গৈছিলো ৷
তিনিও বন্ধু বহি সুখ দুখৰ কথা পাতি আছো ৷ জয়ন্ত আৰু মই বিবাহিত, সুৰজে বিয়া পতা নাই ৷
কি মন গ, ৰ পৰা কথা ওলালে নাজানো,
 পাছে আমি বিবাহিত দুটাই সুৰজক প্ৰস্তাব দিলো, ‘‘হেৰা তুমি ওখ-পাখ দেখনীয়াৰ ডেকা লৰা, চাকৰিও ভাল ৷ গতিকে বিয়া খনকে পাতা ৷’’
সুৰজে বৰ দুখ মনেৰে উত্তৰ দিলে, ‘‘দাদা ময়ো বিয়া পাতো বিয়া পাতো কৈ আছো ৷ পাছে ছোৱালী কত পাম নো ?’’
জয়ন্ত জাপ মাৰি উঠিলে, ‘‘কি কোৱা হে তুমি ? ফেছবুকত দেখোন খুব কথা পাতি থাকা দুয়ো ?’’
মোৰ কথাটো বাদেই স্বয়ং সুৰজৰ চকুতো প্ৰশ্নবোধক চিন ৷
মই ভাবিছো, ‘‘ফেছবুকত ময়ো প্ৰায়ে কথা পাতো ৷ তাতে আকৌ কি হ?’’
সুৰজে সুধিলে, ‘‘কথাটো পাতো দাদা, পাছে ছোৱালীৰ লগত আকৌ কি কানেকচন ?’’
সুৰজে গহীনাই কলে, ‘‘আৰে বাচ্ছু মই জানো নহয় পুৰা প্ৰেম চলি আছে তোমালোকৰ ৷’’
মই তেতিয়াহে বুজিলো জয়ন্তই কথা কলৈ পোনাইছে ৷
‘‘কোন হে জয়ন্ত ? সুৰজ তুমিও সাংঘাতিক দেখোন !’’
জয়ন্তই পানী এঢোক মাৰি কলে, ‘‘জয়ন্তদাদাই কি সাংঘাতিক প্ৰেমৰ কথা কৈছে মই নাজানো দেই ৷ মোৰ দেখোন কোনো ছোৱালী বন্ধুৱে নাই !’’
মুৰটো জোকাৰি জোকাৰি কলো, ‘‘নাই নাই হবই নোৱাৰে তেনেকুৱা ৷ জয়ন্তৰ চকুত পৰিছে মানে কিবা এটা থাকিবই লাগিব ৷ সাংঘাতিক নহব পাৰে ৷ কোন হে জয়ন্ত? কি নাম ?’’
‘‘চপলা ফুকন ’’, জয়ন্তৰ চমু উত্তৰ ৷
‘‘
হেই হেই দাদা কি কৈছে আপুনি ! তাই মোৰ ভাল বন্ধু ৷ ভাল আৰু কি, তাই মোৰ বেষ্ট ফ্ৰেন্ড ৷ তাইৰ লগত কেনেকৈ বিয়া হব আকৌ ?’’
মই লাহে কৈ ঠিয় হৈ কলো, ‘‘তাইৰ লগত বিয়া নহবলৈ আকৌ কি আছে ? তাই ছোৱালী নহয় নেকি ?’’
সুৰজে থৎমৎ খাই কলে, ‘‘হয় হয় কিয় নহব ৷ বেছ ধুনীয়া ছোৱালী তাই ৷’’
‘‘
তেনেহলে কিয় বিয়া নাপাতা আকৌ ?’’, জ ৷য়ন্ত আৰু মোৰ প্ৰশ্ন
‘‘
মানে তাই যে মোৰ বেষ্ট ফ্ৰেন্ড ৷’’
মোৰ খঙেই উঠিল, ‘‘চাওঁ তাইৰ মোবাইল নম্বৰ দিয়া ৷ আৰে ভাই তোমাক কোনে কৈছে বেষ্ট ফ্ৰেন্ডৰ সৈতে বিয়া পাতিব নোৱাৰি ? মই নিজেই মোৰ বেষ্ট ফ্ৰেন্ডক বিয়া কৰাইছো ৷ সুধিবা তুমি পিকলু বৌক ৷ পাৰি পাৰি, ভাল হে কথা ৷’’

জয়ন্তই গল হেকাৰি এটা মাৰিলে ৷
‘‘
হেৰা সুৰজ, তোমাক যদি কোনেও কোৱা নাই বেষ্ট ফ্ৰেন্ডক ব্য়া কৰাব নালাগে বুলি তেনে হলে এতিয়া ময়ে কৈছো দিয়া ৷ নালাগে বিয়া পাতিব বেষ্ট ফ্ৰেন্ডক ৷’’
সুৰজ আৰু মই জয়ন্তৰ মুখলৈ চাই ৰলো ৷ মই তাৰ মুখায়ৱৰ ভংগিৰ পৰা অনুমান কৰিব পাৰিছো
সি আৰু কিবা অকনমান কব ৷ বহু পৰে মনে মনে থকা দেখি সুধিলো, ‘‘পাৰ্টনাৰ কথাটো কি ?’’

‘‘
এহ নকবা আৰু তুমি আজি ফুৰিবলৈ যাওঁ বুলি যে লগ ধৰিলা ৷ মই এওঁক কলো কথাটো ৷ তাৰ পাছতে এওঁক কলো - হেৰা বলা হে ! তুমি লগত ওলালে আৰু ভাল লাগিব ৷ 
তাৰ পাছত মই উত্তৰ দি দি হায়ৰাণ হৈ গৈছো হে !’’
‘‘
কিয় কি হল নো ?’’
‘‘
আৰে ভাই মোৰ বেষ্ট ফ্ৰেন্ডে কি কি সুধিছে জানা নে ? 
সুধিছে
-
 তুমি নিজে গৈছা কাৰনে মোক লগ ধৰিছা নে মই যাম কাৰনে মোক লগ ধৰিছা ?এতিয়া মোক কোৱাচোন এই প্ৰশ্নটোৰ উত্তৰ কি বুলি দিওঁ ?
সুধিছে
- তুমি যে কৈছা মই গলে আৰু ভাল লাগিব, তাৰমানে মই নগলেও তোমাৰ ভাল লাগিব , নহয় জানো ?এতিয়া মোক কোৱাচোন এই প্ৰশ্নটোৰ উত্তৰ কি বুলি দিওঁ ?

আৰু ধেৰ কিবা কিবি সুধিছে ৷ বেষ্ট ফ্ৰেন্ড কাৰনেই ইমান সাহস পায় বুজিছা সুৰজ ৷ তুমি বৰলা হৈ থাকা কিন্তু বেষ্ট ফ্ৰেন্ডক বিয়া নাপাতিবা ৷’’

জয়ন্ত ব্যস্তু হল অন্যমনস্ক হৈ ফষ্টাৰছৰ সোৱাদ লোৱাত ৷ আমি দুটায়ো নিজৰ নিজৰ চিন্তাত বিভোৰ হৈ তাকেই কৰিলো ৷

এপাকত জয়ন্তই সুৰজৰ পিঠিত থপৰিয়াই কলে, ‘‘ দিয়া হে চপলাৰ ফোন নম্বৰ ৷ ময়ে কথা পাতি তোমাৰ বিয়াখন ঠিক কৰি দিওঁ ৷’’সুৰজ আৰু মই জয়ন্তৰ মুখলৈ আকৌ চালো, আচৰিত হৈ ৷
সি সুৰজৰ ফালে লাহে কৈ কলে, ‘‘
আচলতে কি জানা, বিয়া পাতিলে সদায়ে বেষ্ট ফ্ৰেন্ডকে বিয়া পাতিব লাগে ৷ যদি বিয়াৰ আগতে চিনি পোৱা নাছিলা, তেওঁ তোমাৰ বেষ্ট ফ্ৰেন্ড নাছিল, কোনো কথা নাই ৷ বিয়াৰ পাছত তুমি বেষ্ট ফ্ৰেন্ড হৈ লোৱা ৷ তেতিয়া আটাইতকৈ ভাল কথাটো কি হব জানা ?’’
‘‘নাজানো’’, সুৰজে লাহে কৈ মুৰ জোকাৰিলে ৷
মই মনতে ভাবিলো, ‘বেটা তই বিয়া নপতাটোৱে কেনেকৈ জানিবি ? মই বেষ্ট ফ্ৰেন্ডক বিয়া পতাটোৱেই নাজানো কিয় পাতিব লাগে ৷

ফষ্টাৰছত এঢোক মৰাৰ চলেৰে জয়ন্তই আমাৰ উৎকন্ঠা আৰু অকমান বঢ়াই ললে ৷
‘‘যেতিয়া তোমাৰ বিয়া
 বেষ্ট ফ্ৰেন্ডৰ সৈতে হব তেতিয়া আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে কাজিয়া লাগোতে ৷ আনৰ কাৰনে সেই কাজিয়াবোৰ গিৰিয়েক-ঘৈণীয়েকৰ কাজিয়া ৷ কিন্তু  মোৰ কাৰেন কাজিয়াবোৰ হৈছে বেষ্ট ফ্ৰেন্ডৰ সৈতে লগা কাজিয়া ৷ এই লাগো, এই ঠিক হয় ৷ আমাৰ মাজত ইটো সিটোক বেয়া পোৱাৰ কনচেপ্ট নাই ৷ আমি সদায়ে দুয়ো দুয়োকে ভালেই পাওঁ ৷
দিয়া দিয়া তোমাৰ চপলাৰ নম্বৰটো লগাই দিয়া ৷’’

সুৰজে মোবাইল উলিয়াই ডায়েল কৰিলে ৯৮৬৪৭...
 




No comments:

Post a Comment