Friday 5 April 2013

জয়ন্ত চলিহাৰ সংসাৰ - ৬


(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কাহিনী, তেওঁৰ  মুখেৰে )

বিয়াৰ পাছৰ কথা
কেইবাদিনো কামৰ পৰা আতৰি থকাৰ কাৰনে সাংঘাতিক হেঁচা পৰিছে দিনটো কাম কৰি কৰি জুৰুলা হৈ গৈছো
সন্ধিয়া ধৰ আহি পোৱাৰ লগে লগে  মায়ে কয়, ‘‘হেৰি নহয় বোৱাৰীক লৈ ধন বৰদেউতাৰ ঘৰৰ পৰা আহিব লাগিছিল নহয় !’’
‘‘
কোন ধন বৰদেউতা ?’’
‘‘
এহ্ তই চিনি নাপাবি নিজৰে মানুহ, যাব লাগে, হেপাহ কৰে ’’
মাক কি বুলি বুজাম বাৰু যে মই চিনি নোপোৱা হেপাহ কৰা নিজৰ মানুহৰ ঘৰলৈ লে মোৰ ৰক্তচাপৰ লগতে মস্তিস্কটো চাপৰ সৃষ্টি হয় !
তথাপিও মায়ে মোৰ মুখখন দেখি বুজি পায় ছাগৈ মই যাম নে নাযাম
মুখেৰে ভোৰ ভোৰাই থাকে, ‘‘নিজৰ মানুহৰ লগতে যদি আহ যাহ নাথাকে কেনেকৈ ?’’
মাৰ পৰা কেনেবাকৈ যদি সাৰিব পাৰো তাৰ পাছতে নৱপৰিনিতাই মাত দিব, ‘‘হেৰা, ওচৰতে মানে পঞ্চম উপপথত মোৰ খুড়া থাকে এবাৰ যাব পাৰিলে তোমাৰো ভাল লাগিল হয় ’’
মনতে ভাবিলো, ‘তোমাৰ খুড়াৰ ঘৰলৈ লে মোৰ ভাল লাগিব !! হে প্ৰভু, সোমালো গৈ তুমিহে জানা আৰু !!’
সুধিলো, ‘‘তোমাৰ খুড়া ? খুড়া আটাইকেইজনৰ সৈতে দেখোন বিয়াৰ দিনাই মান ধৰি, সেৱা কৰি চিনাকি হৈছিলো ভালো লাগিল পঞ্চম উপপথত আকৌ এইজন আকৌ কোন খুড়া ওলাল ?’’
এওঁ বৰ মৰম লগা মাত এটাৰে বুজালে, ‘‘খুড়া মানে গোহাই খুড়া আমাৰ একো নহয় আগতে শিৱসাগৰত আমাৰ ঘৰৰ ওচৰতে আছিল একেবাৰে নিজৰ দৰে আমাক ইমান মৰম কৰিছিল তুমি লগ পায় বিৰাট ভাল পাবা জানা ’’
মনতে ভাবিলো, ‘জানো, জানো কিয় নাজানিম !’

ধন বৰদেউতাক বাদ দি ওলালো গোহাই খুড়াৰ ঘৰলৈ মৌচাকত স্কুটাৰ ৰখাই ১৫টা মিঠাই লো সেইটোৱে নিয়ম এওঁৰ ফালৰ কাৰোবাৰ ঘৰলৈ লে ১৫টা মিঠাই আৰু মোৰ ফালৰ কাৰোবাৰ ঘৰলৈ লে ১০ টা মিঠাই এওঁ মিঠাইৰ টোপোলাটোৰ ফালে চাই লে, ‘‘হেৰি নহয়, নিমখীয়া কিবা এটাও লাগিছিল মানে খুড়াৰ ছুগাৰ আছে নহয় ’’
সুধিম বুলিও নুসুধিলো, ‘এটা মিঠাই ঘুৰাই দিম নেকি ?’

পালো গৈ পঞ্চম উপপথত গোহাই খুড়াৰ ঘৰ
গেটৰ বাহিৰত বৰ বৰ হৰফেৰে অসমীয়া আৰু ইংৰাজীত লিখা আছেকুকুৰৰ পৰা সাৱধান / Beware of Dogs’
এওঁ কৈছিল মোৰ বৰ ভাল লাগিব গেটখন দেখি দেখোন বুকু ঢিপলিং-ঢাপলাং কৰিবলৈ ধৰিলে
‘‘
হেৰা কুকুৰ আছে হে ! কামুৰি দিলে বৰ ডাঙৰ কথা দেখোন ’’
‘‘
লাচোন, কোনোবা ওলাব নহয় ’’

কলিং বেলটো বজালো মই আশা কৰিছোটিং টংশব্দৰ সৈতেই শুনা পাম চিকাৰী কুকুৰ ভৌ ভৌ শব্দ পাছে অকনমানি ছোৱালী এজনী ওলাই আহি সুধিলে, ‘‘কি লাগে ?’’
‘তোৰ বাপেৰৰ মুৰটো’ বুলি নকৈ ক’লো, ‘‘খুড়া আছে নেকি ?’’
‘‘শুই আছে ৷’’
মই মনতে ভালেই পালো ৷ পাছে বোধহয় ছোৱালীৰজনীৰ চকু পৰিলগৈ মৌছাকৰ পৰা অনা টোপোলা দুটাৰ ওপৰত ৷ ‘‘আহক আপোনালোক ৷ মই মাতি দিছো ৷’’

খুড়া-খুড়ী আহিল ওলাই ৷
চকুত বিৰক্তি আৰু প্ৰশ্নবোধক চিহ্ন ৷
‘এওঁ বাৰু কিয় কৈছিল মই লগ পাই ভাল পাম বুলি ?’, মনতে ভাবিলো ৷
শ্ৰীমতীয়ে খুড়া-খুড়ীয়েক দেখাৰ লগে লগে উঠি গৈ সেৱা কৰিলে ৷ ময়ো ওচৰলৈ গৈ অকৰাটোৰ দৰে অকমান হাউলি দিলো ৷
‘‘আই ঔ মাজনী !!!!!!! ইমান বছৰৰ মুৰত তোক দেখা পাইছো ৷ ভালে আছ নে ? বাইদেউৰ ভাল নে ? ককাইদেউৰ গা ভালে আছে নে ?’’ প্ৰশ্নৰ উপৰিও প্ৰশ্ন ৷

খুড়াদেউ বহিল গৈ চকী এখনত ৷ হাতত লৈ ল’লে দৈনিক জনমভুমিখন ৷ তাৰ পাছত তেখেত ব্যস্ত হ’ল চছমাজোৰ ঠিক কৰি কৰি বাতৰি কাকত পঢ়াত ৷ খুড়ীদেউ ব্যস্ত প্ৰায় বাইছ বছৰ আগতে এৰি অহা চুবুৰীটোৰ প্ৰতিটো পৰিয়ালৰ খবৰ লোৱাত ৷

মোৰ চকু কিন্তু বাৰে বাৰে বাহিৰলৈ যোৱা আৰু ভিতৰলৈ সোমোৱা দুৱাৰ দুখনত ৷ চিকাৰী কুকুৰকেইটাই কেতিয়া খেদা মাৰি কি ঠিক ?
মাজে মাজে ভাবো, ‘এওঁ বাৰু কিয় কৈছিল মই লগ পাই ভাল পাম বুলি ?’

এপাকত খুড়ীৰ জানো কি মন গ’ল ৷ আহি মোৰ ওচৰতে বহি ল’লে ৷
‘‘হেৰি নহয় পাছে, জোৱাইৰ চাকৰি নে ব্যৱসায় ?’’
‘‘খুড়ীদেউ মই চাকৰি কৰো ৷’’
‘‘অ’.এন.জি.ছি.ত নে ?’’
‘‘নহয় খুড়ী মই কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰো ৷’’
‘‘এহ্ এইবোৰ চাকৰিনো কৰে নে ? অ’.এন.জি.ছি.ত নাপালা হ’ব পায় ? আমাৰ দুই জোৱায়ে তাতে কৰে ৷ দৰমহাই বহুত ৷ বাহিৰা পইছা নাখালেও হয় নেকি জানো পায় !’’
কৈ দিওঁ নেকি বাৰু, ‘আপোনালোকলৈ অনা মিঠাই মই বাহিৰা পইছাৰেই কিনিছো ৷’

খুড়াদেউ ব্যস্ত দৈনিক জনমভুমি পঢ়াত ৷ মই ভাবি পোৱা নাই মাজে মাজে ভাবো, ‘এওঁ বাৰু কিয় কৈছিল মই লগ পাই ভাল পাম বুলি ?’ খুড়াদেৱে যে মোৰ সৈত কথা নাপাতিব মই নিশ্চিত ৷ কিন্তু এনেকুৱা হ’ব পাৰে ছাগৈ যে বাতৰি কাকত পঢ়ি হোৱাৰ পাছত খুড়াদেৱে জুবিনৰ গান দুটামান গাব ছাগৈ !

খুড়ীদেউ আকৌ ব্যস্ত হ’ল এওঁৰ সৈতে শিৱসাগৰৰ খবৰ গোটোৱাত ৷
মই ব্যস্ত হ’লো বাহিৰলৈ যোৱা আৰু ভিতৰলৈ সোমোৱা দুৱাৰ দুখনত চকু দিয়াত ৷ চিকাৰী কুকুৰকেইটাই কেতিয়া খেদা মাৰি কি ঠিক ?

এপাকত মই খুডাদেউৱে মোৰ ফালে চোৱা যেন পাই সুধিলো, ‘‘কুকুৰ কেইটা ক’ত আছে বাৰু ?
আচলতে মই অকনমান বাহিৰলৈ মানে বাথৰূমলৈ যাব খুজিছিলো ৷’’
খুড়া-খুড়ী দুয়ো আচৰিত হৈ সুধিলে, ‘‘কুকুৰ মানে ? কাৰ কথা কৈছা ?’’
এইবাৰ মোৰ আচৰিত হোৱাৰ পাল ৷
‘কি বুলি বুজাম এতিয়া কুকুৰ মানে কি ? ডগ বুলি কওঁ নেকি ? কিছুমানে আকৌ কুকুৰক টমী-টাইগাৰ আদি নাম দি মাতে ৷ তেনেকুৱা কিবা নাম আছে নেকি ?’
একো বুজিব নোৱাৰি ক’লো, ‘‘মানে বাহিৰত যে লিখা আছে কুকুৰৰ পৰা সাবধান ৷ সেইকাৰনে অকনমান ভয় খাই আছো ৷’’

খুড়াদেৱে ঢেক-ঢেককৈ হাহি দিলে ৷
খুড়ীদেৱৰ ফালে চাই ক’লে, ‘‘হেৰা মই কোৱা নাছিলো নে সেইখনে কাম দিব বুলি ৷’’
তাৰ পাছত মোৰ ফালে চাই ক’লে, ‘‘যোৱা যোৱা বাহিৰলৈ নিশ্চিন্ত হৈ যোৱা ৷ আমাৰ ঘৰত ক’তো কুকুৰ নাই ৷ বাটৰ কাষৰ ঘৰ ৷ যেয়ে-সেয়ে সোমাই আহি বৰ অসুবিধাখন কৰি থাকে ৷ সেই কাৰনে এনেয়ে লগাই থৈছো - কুকুৰৰ পৰা সাবধান ৷’’

ক’ব নোৱাৰাকৈয়ে দেখোন খুড়াদেৱক লগ পাই ভাল লাগি গ’ল !



3 comments:

  1. Replies
    1. নামটো দি দিব লাগে ৷
      তেহে ভাল বেছি লাগে

      Delete
  2. Manabendra Borthakur6 April 2013 at 01:42

    ভাল লাগিল পঢ়ি:)

    ReplyDelete