Friday, 28 June 2013

আই. আই.টি.ৰ চেন্ডেল

আজি দিনটো পঢ়োৱাই ভাগৰি জুগৰি ঘৰ সোমাইছো মাত্ৰ ৷ এওঁৰ চিঞৰ বাখৰ আৰম্ভ হৈ গ’ল ৷
‘‘তুমি মানুহ মাৰি দিবাহে ! এনেকৈনো যাব লাগে নে ? অকনমান চাই চিতি যাব নোৱাৰা নেকি ?’’
মই কি হ’ল একো বুজা নাই ৷ মাকৰ চিঞৰ শুনি প্ৰাপ্তি ওলাই আহিল ৷
এইবাৰ তাই আৰম্ভ কৰিলে, ‘‘দেতা !! তুমি কিয় এনেকুৱা কৰা বাৰু ? অকনমান চাব লাগে দিয়া চোন ! মানুহে তোমাক দেখি কি বুলি ভাবিছে বাৰু ?’’
মই সুধিলো, ‘‘কি হ’ল নো ?’’
দুয়ো দেখুৱাই কি হ’ল দিওঁতে মোৰ মনত পৰিল আই. আই.টি.ৰ চেন্ডেললৈ !

ফ্লেছবেক

আমি পঢ়া স্কুলখনত আমাতকৈ দুই শ্ৰেণী ওপৰত এজন বৰ চোকা ল’ৰা আছিল ৷ সকলোৱে ভাবিছিল তেওঁ মেট্ৰিকত স্থান লাভ কৰিব ৷ ফলাফল ভালেই হৈছিল যদিও তেওঁ স্থান নাপালে ৷ তাৰ পাছত তেখেতৰ খবৰ নোপোৱা হ’লো ৷
নিজেই মেট্ৰিক পৰীক্ষা পাছ কৰি কলেজ পালো ৷ হোষ্টেলত কেনেবাকৈ কথাটো ওলাল যে সেই আমাতকৈ দুই শ্ৰেণী ওপৰত পঢ়া দাদাজন পঢ়া স্কুলখনতে ময়ো পঢ়িছিলো ৷
দুজনমান জেষ্ঠ আবাসীয়ে মোক উৎসাহ দিলে, ‘‘দাদা এতিয়া আই. আই.টি.ত জাননে ? তয়ো আই. আই.টি.ত পঢ়িব লাগিব ৷’’
মই মুৰ দুপিয়াই সহাৰি জনালো, ‘‘অ অ ৷’’
জেষ্ঠ আবাসী কেইজনে মোক ক’লে, ‘‘দাদাই কেনেকৈ ক্লাছলৈ গৈছিল জান ?’’
মই ভাবিলো এইটো কেনে ধৰণৰ প্ৰশ্ন ?
তেওঁলোকেই জনালে, ‘‘তেওঁ এবাৰ ক্লাছলৈ যাওঁতে পিন্ধি যোৱা চেন্ডেলজোৰৰ ফিটা চিঙি গ’ল ৷ তাৰ পাছত তেওঁ কি কৰিলে কচোন ?’’
মই উত্তৰ দিলো, ‘‘মুছিৰ ওচৰলৈ গ’ল ছাগে !!’’
জেষ্ঠ আবাসী কেইজনে মোৰ উত্তৰত বৰ ৰস পালে, ‘‘হাঃ হাঃ হাঃ !! তোৰ একো নহ’ব ঔ ! তেওঁ ফটা চেন্ডেল চি.এম.তে এৰি সুদা ভৰিৰেই ক্লাছলৈ গুছি গ’ল ৷’’
মই, ‘‘সঁচা নে ?’’
‘‘আৰে অকল সেয়ে নে ? বহুবাৰ তেওঁ দুভৰিত দুপাট বেলেগ বেলেগ চেন্ডেল পিন্ধিও ক্লাছ কৰিবলৈ গৈছিল ৷ বুজিলি কেনেকৈ পঢ়িলে আই. আই. টিত ছিট পাব পাৰি ?’’

মই ভালকৈয়ে বুজিলো কথাটো যে আই.আই.টি.ত ছিট পাবলৈ হ’লে চেন্ডেলৰ অৱদান যথেষ্ট থাকিব ৷
মোৰেই কপাল বেয়া আছিল ছাগে ৷ এদিনো চেন্ডেলৰ ফিটা নিচিগিল ! দুই ভৰিত দুপাট বেলেগ বেলেগ চেন্ডেল পিন্ধিও ক্লাছলৈ যোৱা নহ’ল নহ’ল কাহানিও ! মই যে আই.আই.টি. ছিটো নাপালো ৷ এইটো অৱশ্যে বেলেগ কথা মই যে আই.আই.টিৰ প্ৰবেশ পৰীক্ষাও দিয়া নাছিলো ৷

আই.আই.টি.ত নপঢ়িলো যদিও আজি কালি আই.আই.টি.ৰ প্ৰবেশ পৰীক্ষাৰ বাবে পঢ়াও ল’ৰা ছোৱালীবোৰক ৷ প্ৰায়ে  মাক বাপেকবোৰে সোধে, ‘‘আই.আই.টি.ৰ কাৰণে কেনেকৈ পঢ়িব লাগে ?’’
কেতিয়াবা কেতিয়াবা মোৰ মন যায় ক’বলৈ, ‘‘আই.আই.টি.ত ছিট পাবলৈ হ’লে চেন্ডেলৰ অৱদান যথেষ্ট ৷’’

আজি ঘৰ পাই পাছে মন ভাল লাগি গ’ল ৷ দিনটোত আই.আই.টি.ৰ প্ৰবেশ পৰীক্ষাৰ বাবে কেলকুলাছ, এলজেব্ৰা পঢ়ালো ৷ ভালেমান অংকও কৰালো ৷ লগতে গোটেই দিনটো বাও ভৰিত এপাট নীলা চেন্ডেল আৰু সো ভৰিত এপাট বগা চেন্ডেল পিন্ধি আছিলো ৷
আজি ল’ৰাবোৰেও অংক ভালকৈয়ে বুজি পাইছিল ৷

কথাটো সঁচা ছাগে, ‘‘‘আই.আই.টি.ত ছিট পাবলৈ হ’লে চেন্ডেলৰ অৱদান যথেষ্ট ৷’’

Monday, 24 June 2013

উৎকন্ঠাৰ তিনি নিশা (ধাৰাবাহিক)

১৯৮৯চনৰ জুনমাহৰ শেষৰ ফাল বা জুলাইমাহৰ আগ ভাগৰ কথা আমাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ওলাল প্ৰথম বিভাগতেই পাছ কৰিলো পাছে দেউতাহঁতে আশা কৰাতকৈ বহু কম নম্বৰ পালো (দেউতাহঁত বুলিহে কৈছো দেই, মই নিজে আশা কৰাতকৈ বহু বেছি পাইছিলো )

মাৰ্কছিটখন হাতত লৈ অন্যমনস্কহৈ গুৱাহাটী ৰেলষ্টেচনৰ মাজেদি পল্টনবজাৰৰ ফালে গৈ আছো উদ্দেশ্য দিছপুৰত থকা পেহীদেউৰ ঘৰলৈ বুলি পল্টনবজাৰৰ পৰা চিটিবাছ ধৰাৰ যাদব ডায়েৰী পাৰহৈ ত্ৰিশূল ট্ৰেভেলছৰ ওচৰ পাওঁতেই ৰা এজনে মোৰ ফালে আগবাঢ়ি আহি সুধিলে, ‘‘দাদা শিলচৰ ??’’
মই এনেয়ে সুধিলো, ‘‘বাছ কেইটা বজাত যাব ?’’
ৰাজনে বেছ উৎসাহেৰে লে, ‘‘দাদা যাবই আৰু এই ধৰক আধা ঘন্টা ’’
মই ৰাজনক নিৰুৎসাহিত কৰিবৰ বাবেই লো, ‘‘টিকেটটো ছাগে গান্ধী ছিটকেইটাৰহে আছে গৈ !’’
এইবাৰ ৰাজনে আৰু উৎসাহেৰে লে, ‘‘দাদা কওঁক কেই নম্বৰটো লাগিব ? নে ?’’
তেওঁৰ কথা শুনি মই তৎক্ষনাতে হিচাব কৰিবলৈ ধৰিলো,
‘‘মই আজি আহিছো চামগুৰিৰ পৰা …….. পেহীয়ে গম নাপায় মই গুৱাহাটীলৈ আহিছো বুলি………আজি শুক্ৰবাৰ….মই শনিবাৰে পুৱাই শিলচৰ পাম গৈ……….তাৰ পৰা যদি শনিবাৰে নিশাৰ বাছত ছিলঙলৈ উঠি দিওঁ……….দেওবাৰে দিনটো ছিলঙত আৰাম কৰিব পাৰিম………..সোমবাৰে আহি আকৌ পেহীৰ ঘৰ পাই যাম……দেউতা চামগুৰিৰ পৰা মঙ্গলবাৰে আহিব………..তাৰমানে মই দেউতাতকৈ এদিন আগতে আহি গুৱাহাটী পাই যাম……..চিন্তা কি ?’’
আকৌ চিন্তা কৰিলো,
‘‘হাতত টকা ভালেমান আছে …….কাপোৰকানি হাতত লৈ থকা বেগটোত আছে (চামগুৰিৰ পৰা আহি আছিলো)…….যাওঁ গৈ……..শিলচৰো হৈ যাব….ছিলঙো হৈ যাব……মোৰ কামো হৈ যাব ……….’’
কাম মানে সেই সময়ত অসমৰ বাহিৰত থকা আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়বোৰত থকা অসমৰ বাবে সংৰক্ষিত আসনবোৰৰ বাবে শিলচৰত থকা আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ত এখন ফৰ্ম জমা দিব লাগে সেই ফৰ্মখনত উচ্চতৰ মাধ্যমিকৰ নম্বৰবোৰো দিব লাগে গতিকে সেই ফৰ্মখন উচ্ছতৰ মাধ্যমিকৰ ফলাফলৰ পাছত জমা দিব লাগে সাধাৰণতে সেইখন ডাক যোগেই পঠিয়াব পৰা যায় মই পাছে হিচাব কৰি পালো মই যদি শক্ৰবাৰৰ আবেলিৰ পৰা সোমবাৰলৈ নোহোৱাহৈ থাকো কোনেও গমকেই নাপাব তেতিয়াৰ দিনত টেলিফোন বোলা বস্তুটোৰ পৰাও কোনো ধৰণৰ ভয় নাছিল গতিকে সাতে-সোতৰই ভাবি মই ৰাজনক সুধিলো, ‘‘বাছ কেইবজাত শিলচৰ পাব গৈ ?’’
মোৰ কথাৰ উত্তৰ নিদি ৰাজনে মোৰ হাতৰ পৰা বেগটো লৈ বাছৰ ভিতৰ পালে গৈ, ‘‘দাদা এইটো নম্বৰ ছিট, খিৰিকৰ কাষৰ আপুনি বহক মই টিকটটো আনি দিছো বাছ ৰাতিপুৱা বজাত শিলচৰ পাব গৈ ’’

ৰাজনে টিকটটো আনে মই সাউতকৈ গৈ ওচৰেৰে দোকানৰ পৰা ব্লু ৰিবনৰ বটল এটা কিনি লিমকাৰ লগত মিহলি কৰি ল’লো ৷
বাছ চলিবলৈ ধৰিলে ৷ খোলা খিৰিকিৰে সোমাই অহা ফিৰফিৰিয়া বতাহজাক আৰু ব্লু ৰিবনৰ যৌথ প্ৰভাৱত কেতিয়ানো মোৰ টোপনি আহিল গমকে নাপালো ৷
যেতিয়া চকু মেল খালে মন কৰিলো বাছখন ৰৈ আছে ৷ ঘড়িত তেতিয়া পুৱা ৬মান বাজিছে ৷ তাৰমানে শিলচৰ আহি পালো  ৷ চহৰ সোমাৱাই যদিও বেছি দেৰী লাগিব নালাগে ৷ অকনমান শুই লওঁ নে খিৰিকিৰে বাহিৰ দৃশ্য চাই যাওঁ ৷ চিন্তা কৰিলো ৷
‘‘শুই শুই চকু মুদি মুদি বাহিৰৰ দৃশ্য চাই গৈ থাকো !’’
খিৰিকিত থকা পৰ্দাখন অতৰাই বাহিৰলৈ চালো ৷ তেতিয়াহে গম পালো শিলচৰ এখন পাহাৰীয়া ঠাই ৷ শিলচৰ পাহাৰীয়া ঠাই !!!!
আগতে দেখোন কোনেও কোৱা শুনা মনত নপৰে ? মই ইমান নাজানো নে ??
এইবাৰ খিৰিকিৰে মুৰটো বাহিৰলৈ উলিয়াই চাবলৈ ধৰিলো শিলচৰ চহৰখনৰ পাৰ্শবৰ্তী এলেকাবোৰ ৷

আৰে বাহিৰ কি এইবোৰ ???

(আগলৈ.........)

Friday, 21 June 2013

বিধিৰ লিখন

চিনেমাত, উপান্যাসত, গল্প আদিত প্ৰায়ে পঢ়িবলৈ পাই থাকো প্ৰেম ক’ত, কেতিয়া, কেনেকৈ হৈ যায় কোনেও ক’ব নোৱাৰে ৷ ওপৰৱালাই কপালত লেখি দিয়া দিনাখন আপুনি নিবিচাৰিলেও প্ৰেমত পৰি যাব ৷ আন হাতে যদি ওপৰৱালাই লেখি দিয়া নাই তেনেহ’লে আপুনি হাজাৰ চেষ্টা কৰিলেও একো লাভ নাই ৷ আপুনি কথাটো বিশ্বাস কৰে নে নকৰে মই নাজানো ৷ মই কিন্তু কৰো ৷

মই তেতিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ৷ সেই সময়ত সকলোৱেই জানিছিল মই কোনো ছোৱালীৰ সৈতে বৰ বিশেষ মাত বোল নকৰিছিলো ৷ এনেকুৱা নহয় যে মোৰ মাতিব মন নগৈছিল ৷ গৈছিল মন মাতিবলৈ ৷ পাছে আমি প্ৰথম সান্মাষিকত থাকোতেই এটা অঘটন ঘটিছিল যাৰ বাবে মই অভিযান্ত্ৰিকৰ শিক্ষা প্ৰথম দুমাহতে সামৰি ডিব্ৰুগড় বৰবাৰীত দোকান এখন দি জীৱন নিৰ্বাহ কৰিম বুলি ভাবিছিলো ৷ তেতিয়াৰে পৰা মই ছোৱালীবোৰৰ পৰা আতৰে আতৰেই ফুৰিছিলো ৷
প্ৰেম ?????
হাঃ হাঃ হাঃ !!!!!
ভাবিব নোৱাৰা ধৰণৰ কথা ৷ তেনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ আছে ৷

আৰু ভাবিব নোৱাৰা ধৰণেই এদিন অঘটন ঘটি গ’ল ৷
বিধিৰ লিখন ………..

আমি তেতিয়া অলপ ওপৰৰ শ্ৰেণীত ৷ প্ৰথম সান্মাষিকত বহু নতুন নতুন যুৱতী আহিছে ৷ চাৰিওফালে ওখল-মাখল ৷ ইতিমধ্যেই বহুজনে নিজৰ নিজৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ৷ মই পাছে একেবাৰেই নিৰ্বিকাৰ হৈ আছো ৷ লাইন মৰা বা ছোৱালী জোকোৱাৰ কথা বাদেই দিলো কোন কোন সুন্দৰীনো আহিছে তাৰো খবৰ ৰখা নাই ৷ লগৰবোৰে আলোচনা কৰিলে মনে মনে শুনি থাকো ৷ চেত্ৰী, পঙ্কজহঁতৰ মুখত শুনিছো পাছে নামবোৰ ৷

এদিন বিয়লি চাৰি বিছৰ বাছত মই আৰু বন্ধু এজন ওলালো পানবজাৰলৈ বুলি ৷ 
বন্ধু আৰু মই বাছৰ পাছফালৰ দুৱাৰখনত ওলমি গৈ আছো ৷ বাছ গৈ কলেজ চৌহদ পাৰ হৈ সুন্দৰবড়ী মান পাইছে ৷
বন্ধুৱে মাত দিলে, ‘‘আব্বে, তই গম পাইছ নে নাই কথাটো ?’’
মই বন্ধুৰ ফালে আতৰিত হৈ চালো ৷
বন্ধুৱে তেওঁৰ গোফৰ তলৰ সেই বিখ্যাত হাঁহিটো মাৰি ক’লে, ‘‘তোৰ কেছ ফিটিং হৈ গৈছে ৷ (আগফালে দেখুৱাই কৈ গ’ল) সেই ফাৰ্ষ্ট চেমিষ্টাৰজনীয়ে অথনিৰে পৰা তোক চাই আছে !’’
মুৰ তুলি চাই দেখিলো যি গৰাকী যুৱতীৰ কথা কৈছে তেওঁৰ কাৰণে হেনো মহাৰণ হ’বৰ উপক্ৰম হৈছে ৷ মোহিণী সুন্দৰী !! মোৰ হৃদপিণ্ডৰ দুটামান ঢপঢপণি ৰৈ যোৱা যেন লাগিল ৷ তথাপিও অলপ খঙেৰেই ক’লো, ‘‘তাতে কি হ’ল ?’’
বন্ধুৱে মোক ধমক দি ক’লে, ‘‘তই মনে মনে গৈ থাক ৷ আৰু খবৰদাৰ !! তাইৰ ফালে ভুলটো নাচাবি ৷ মই ক’ম তোক কি কৰিব লাগিব ৷’’
বন্ধুৰ এই বিষয়ত বিশেষ বুৎপত্তি আছিল ৷ তেওঁ হেনো গোফৰ তলৰ হাঁহিটো মাৰিয়ে ‘দিল চুৰ’ কৰি লৈ যাব পাৰিছিল ! গতিকে বন্ধু কথা মানিবলৈ মন গ’ল ৷ পাছে এতিয়া চকু যুৱতীৰ চকুৰ পৰা আতৰ কৰিব নোৱাৰা হ’লো ৷ বাছ গৈ জালুকবাৰী পাই মানে মই গাবলৈ ধৰিলো
‘‘কাৰোবাৰ দুনয়ন
সৰগৰ তৰা যেন লাগে,
নাজানো মোৰ কি যে হ’ল
নাজানো মোৰ কি যে হ’ল.....

সঁচাকৈ ধৰিব নোৱাৰা হ’লো, মোৰ কি হ’ল !
যুৱতীৰ দুচকুৱে যেন মোৰ হৃদয়ত প্ৰেমৰ প্লাৱন আনিছে ৷
বন্ধুৰ ফালে চাই অসহায় হৈ সুধিলো, ‘‘এতিয়া কি হ’ব ?? বাছখনে তিনি কিল’মিটাৰ বাট পাৰ নকৰোতেই যদি মোৰ এই অৱস্থা হয় তেনেহ’লে প্ৰেমৰ সাগৰ মই কেনেকৈ পাৰ কৰিম ?’’
বন্ধুৱে বাছৰ পাছ দুৱাৰত ওলমি ওলমি মোক প্ৰেম-পিৰিতি, যুৱতীৰ চকুৰ ভাষা, যুৱতীৰ মনৰ ৰহস্য আদি বিষয়ত গুৰু গম্ভীৰ ভাষণ দিলে ৷ বাছ গৈ কালীপুৰমান পাইছে গৈ ৷ বন্ধুৱে ঘোষণা কৰিলে, ‘‘প্ৰভূ (মোক বন্ধুৱে মৰমতে প্ৰভূ বুলি মাতে) আজি সঁচাকে হৈ গ’ল কাম ৷ তই কিন্তু বেক গীয়েৰ লগাই নিদিবি ৷ চা না ( যুৱতীৰ ফালে দেখুৱাই) এক্কেবাৰে ফিডা হৈ আছে ৷’’
মই কোনোমতে মাতটো উলিয়াই ক’লো, ‘‘ভাই মোৰ ভয় লাগিছে ৷’’
বন্ধু জাঙোৰ খাই উঠিল, ‘‘ধুৰৰ পাৰ্টনাৰ !! কিহৰ ভয় ?? তই আমাৰ হীৰো বে !!’’
বন্ধু বিচক্ষণতাৰ ওপৰত মোৰ হঠাতে সন্দেহ হ’বলৈ ধৰিলে ৷ তেওঁ মোৰ কথা বুজি পোৱা নাই আকৌ বুজালো, ‘‘আব্বে মোৰ ভয় মোৰ ফালে চাই থকা সেই ছোৱালীজনীলৈ ৷ তই সেই কথাটোও নুবুজ নেকি ? চা হীৰোগিৰি বেলেগ বস্তু, প্ৰেম নিবেদন বেলেগ বস্তু ৷ চেমেষ্টাৰ পৰীক্ষা পিছুৱাই দিব লাগে আব্বে ইউনিভাৰছিটিৰ ভি.ছি.ৰ লগত মই অকলেই লাগি যাম ৷ কিন্তু প্ৰেম নিৱেদন কৰিব মই নোৱাৰিম পাৰ্টনাৰ !’’
বন্ধুৱে আকৌ আৰম্ভ কৰিলে প্ৰেম নিবেদনৰ আদি পাঠ ৷ বন্ধুৱে মোক সকলো কথা খুটি-নাটি মাৰি স্পষ্টকৈ বুজাই দিলে ৷ ইফালে যুৱতীৰ দুচকুৱে মোক প্ৰেমৰ হাজাৰ কবিতা শুনাই আছে ৷ বন্ধুৰ পৰা লাভ কৰা জ্ঞানৰ সহায়ত দুচকুৰ প্ৰেমৰ কবিতাবোৰ মই সম্পূৰ্ণৰূপে পাঠোদ্ধাৰ কৰিবলৈ সক্ষমো হৈছো ৷

বাছ গৈ ফাছীবজাৰমান পাইছে গৈ ৷ হঠাতে মই চিঞৰি উঠিলো, ‘‘আজি হয় গুৱাহাটী নহয় ৰঙামাটি ৷’’

এইবাৰ বাছ পালে গৈ পানবজাৰ ৷ যুৱতী বাছৰ পৰা নামিল আগ দুৱাৰেদি, মই নামিলো পাছ দুৱাৰেদি ৷
মোৰ এনে লাগিল যুৱতীয়ে যেন চকু টিপিয়াই মোক তেওঁৰ ফালে মাতিছে ৷ মই তেওঁৰ ফালে আগুৱাই গ’লো ৷ যিমানেই আগবাঢ়িছো সিমানেই খোজ থৰকবৰক হ’বলৈ ধৰিছে ৷ মোৰ এনেকুৱা লাগিছে যেন পানবজাৰৰ পদপথত মোৰ হৃদপিণ্ডই এতিয়া কাম কৰিবলৈ বন্ধ কৰি দিব ৷ এনে লাগিছে যেন মই পানবজাৰৰ পদপথত বেহুচ হৈ পৰি যাম ৷ মই নিজকে পৰি যোৱাৰ পৰা বচাবলৈ মোৰ পাছফালে থকা ৰেলিং এডালত খামোচ মাৰি ধৰিলো ৷ তাকে যুৱতীয়ে খিল খিলাই হাঁহি মাৰি ক’লে, ‘‘চাব দেই ষাড় গৰুটোৱে খোচ্ মাৰি দিব৷’’
মই উচপ খাই ঘুৰি চাই দেখিলো ৰেলিং বুলি পদপথত জিৰাই থকা ষাড়গৰু এটাৰ শিঙতে ধৰি আছো ৷ একো নাই হোৱা যেন ভাৱ এটা দেখুৱাই ক’লো, ‘‘অহ্ একো নাই দিয়া ৷ কোৱা খবৰ !’’
যুৱতীয়ে মোক সুধিলে, ‘‘আপোনাৰ নামটো কি ?’’
মই আচৰিত ৷ মোক বন্ধুৱে মুখামুখি হ’ব পৰা বিভিন্ন পৰিস্থিতিৰ কথা কৈছিল ৷ কিন্তু এইটো পৰিস্থিতিৰ কথা এবাৰো কোৱা নাছিল ৷ কি কৰিব লাগে মই একো বুজি পোৱা নাই ৷ চকু কানে কাম নকৰা হৈ আছে ৷ শ্বাস-প্ৰশ্বাসতো বেছ কষ্ট অনুভৱ কৰিছো ৷ কোনোমতে মাতটো উলিয়াই সুধিলো, ‘‘তুমিনো মোৰ নামটো কিয় জানিব খুজিছা ?’’
পদপথতে মোৰ হাত এখনত ধৰি যুৱতীয়ে ক’লে, ‘‘আপোনাক মোৰ নিজৰ দাদাৰ দৰে লাগিছে !’’
হঠাতে মই মোৰ শৰীৰৰ পাছে ফালে অনুভৱ কৰিলো ষাড়গৰুটোৰ শিং দুটাৰ প্ৰচণ্ড খোচ্ এটা......

বিধিৰ লিখন .....

Sunday, 16 June 2013

মাইকেল এঞ্জেল’ৰ সৈতে

ইংৰাজীত এটা শব্দ আছে Finesse ৷
অনলাইন অভিধান এখনত চাই দেখিলো দিয়া আছে
n. Refinement and delicacy of performance, execution, or artisanship, ইত্যাদি ৷
Xobdo.orgত বিচাৰি চালো, পাছে অসমীয়া প্ৰতিশব্দটো নাই ৷
অসমীয়া প্ৰতিশব্দটো কি হ’ব পাৰে তাৰ এটা থুলমুল ধাৰণা আছে পাছে সঠিককৈ নাজানো ৷ কোনো দিনেই জানিবলৈ মনেই কৰা নাছিলো নেকি জানো ! আজিহে মনলৈ কথা আহিছে যে অসমীয়া প্ৰতিশব্দটো মই নাজানো ৷ এতিয়া জানিবলৈ মন গৈছে ৷

আচলতে মোৰ কোনো কামতে Finesse নাই ৷ যি কামেই কৰো খৰং-খছকৈ শেষ কৰিব পাৰিলেই মই সন্তোষ্ট হওঁ ৷ বৰ আমনি পাওঁ এই Finesseৰ পাকচক্ৰত সোমাবলৈ ৷

গাড়ী ধোৱাবলৈ চাৰভিচিং চেন্টাৰলৈ যেতিয়া যাওঁ প্ৰথম সময়খিনি ঠিকেই ৰৈ থাকো ৷ তাৰ পাছত যেতিয়া ঘঁহি ঘঁহি গাড়ীখন মচিবলৈ ধৰে মই বৰ আমনি পাওঁ ৷

কথাটো পাছে আজি মনত পৰিল প্ৰাপ্তিৰ বান্ধবী প্ৰাঞ্জনাৰ জন্মদিনৰ উপহাৰ কিনিবলৈ যাওঁতে ৷ বহু গবেষণাৰ অন্তত এওঁ কিবা এটা উপহাৰ পচন্ড কৰিলে ৷ গবেষণাৰ মাজতে এবাৰ ক’বৰ মন আছিল, ‘‘হেৰা উপহাৰ পচন্ড কৰিছা নে ছোৱালীৰ কাৰণে জোৱাই ?’’ কি নো বিচাৰি আছে, কি নো চাই আছে ভাবি মই আচৰিত হৈ যাওঁ ৷ পাৰে কিন্তু দোকানে দোকানে ঘুৰি ফুৰিব !!!

যি নহওঁক Finesseৰ কথালৈ আহো ৷ উপহাৰ পচন্ড কৰি কাউন্টাৰত জমা দিলো ৷ মোক কেছ মেম’ দিলে, মই দাম দিলো ৷ আহিবলৈ ওলাওঁতে এওঁ ক’লে, ‘‘ৰ’বা গিফ্ট পেক কৰাই লওঁ ৷’’
উপহাৰটো লৈ এইবাৰ উপস্থিত হ’লো গৈ বেলেগ এখন টেবুলত ৷ তাত ছেল’টেপ, কেঁচি, গিফ্ট পেপাৰ আদি লৈ ৰৈ আছে এজন ডেকা ল’ৰা ৷
‘‘বাইদেউ, ছিলভাৰ কালাৰটো বাহিৰত ৰাখিম নে পিংক কালাৰটো ?’’
এইবাৰ গবেষণা আৰম্ভ হ’ল গিফ্ট পেপাৰৰ কোনটো ৰং কেনেকৈ দিলে ভাল হ’ব ৷ এওঁ মোৰ ফালে মুখখন ঘুৰোৱা যেন দেখি মই চিলিঙৰ ফালে চাবলৈ ধৰিলো ৷ ‘‘দেওবাৰে সন্ধিয়াটো মই এই বিষয়ত মাত নমাতো’’, মনতে ভাবিলো ৷
মই চিলিঙৰ ফালে চাই থাকোতেই কিবা এটা মীমাংসালৈ আহিল ৷ আৰম্ভ হ’ল উপহাৰৰ ‘গিফ্ট পেকিং’ ৷
মই দূৰৰ পৰা চাই থাকিলো ডেকা ল’ৰাজনৰ কাম ৷
উফ!!!!!!!!!
Finesseৰ সাংঘাতিক উদাহৰণ !
কি নিখুত কাম !
ল’ৰাজনে  উপহাৰটোত এটুকুৰা চেল’টেপ লগাই লৈ দুখোজ পিছুৱাই আহি বিভিন্ন কোণৰ পৰা চাবলৈ ধৰে ৷ মাজে মাজে এওঁৰ ফালেও চাই এবাৰমান ৷ এওঁ ল’ৰাজনক মাজে মাজে দেখুৱাই দিয়ে কেনেকৈ লগালে বেছি ভাল হ’ব বা লাগিব ৷ বহু সময় ধৰি এই কাম চলিল ৷ শ্বপিং মলটোত A.C চলি আছিল যদিও মোৰ মস্তিস্কৰ পাৰা উৰ্ধগামী হ’বলৈ ধৰিলে ৷ উপায় নাপাই মনৰ ভিতৰতে গালি পাৰিবলৈ ধৰিলো, ‘‘মাইকেল এঞ্জেল’ ওলাবলৈ আহিছ ? বেটা তই গিফ্ট পেক কৰিছে নে মোৰ গীৰ্জাঘৰৰ কাৰণে মূৰ্ত্তি খোদাই কৰিছ ? এটা উপহাৰত যদি এনেকৈ থাকিবলৈ হৈছে তোৰ জীৱনত একো উন্নতি নহ’ব !!’’

আচলতে গালি পাৰিব নাপায় ৷ মই Finesseত বিশ্বাস নকৰিলে কি হ’ব ? বহুতেই বিশ্বাস কৰে ৷ বহুতেই বিচাৰে কামবোৰ নিখুত হওঁক ৷
তথাপিও এটা গিফ্ট পেক কৰোতে যদি ১০ মিনিট সময় লাগে মই বৰ টান পাওঁ ৷
কাম ফেৰা মাইকেল এঞ্জেল’ই কৰিছে নে কোনো ৰমেন তালুকদাৰে কৰিছে মোৰ দৰকাৰ নাই ৷

মাইকেল এঞ্জেল’ৰ কথা ওলাল যেতিয়া আৰু এজন আছে ৷ সুবিধা পাওঁতেই কৈ থওঁ ৷ এইজন মাইকেল এঞ্জেল’ৰ সৈতে মোৰ প্ৰতি মাহেই দেখা দেখি হয় ৷ সাধাৰণতে কোনো এক দেওবাৰে ৷
এইজন মাইকেল এঞ্জেল’ৰ আচল নাম লম্বু, লম্বু নাপিত ৷
প্ৰতি মাহতে কোন এটা দেওবাৰে মই লম্বুৰ চেলুনলৈ যাওঁ ৷ মই গৈ পোৱা লগে লগে সি মোৰ মুৰৰ ওপৰত এটা মেচিন (stripper) ঘৰ্ ঘৰ্ কৈ চলাই দিয়ে ৷ ১০ মিনিটো সময় নালাগে ৷ তাৰ পাছত মুৰটো জাৰি-জোকাৰি দিয়ে ৷ 
সেইখিনিলৈকে সকলো ঠিকেই থাকে ৷ তাৰ পাছতে মাইকেল এঞ্জেল’ৰ আত্মাই  লম্বুৰ শৰীৰত প্ৰবেশ কৰে ৷ কেঁচি এখন লৈ এডাল এডাল কৈ চুলি দাড়ি কাটিবলৈ আৰম্ভ কৰে ৷ মাজে মাজে মোৰ পৰা অলপ দূৰলৈ আতৰি যায় ৷ বিভিন্ন কোণৰ পৰা মোৰ দাড়ি-চুলিখিনি চাবলৈ ধৰে ৷ আকৌ ওচৰলৈ আহি আৰম্ভ কৰে তাৰ কাম ৷ মাজে মাজে তাক কওঁ, ‘‘খৰ কৰ ভাই !! যাব লাগে ৷’’
‘‘হো গয়া দাদা ! থোৰা বাকী হ্যায় ৷’’

যেতিয়া তাৰ কাম শেষ হয় তাৰ পাছত মই আইনাত নিজকে চাওঁ ৷ মাইকেল এঞ্জেল’ই নো কি ইমান দেৰী কাম কৰিলে মই পাছে একো বুজি নাপাওঁ ৷
এনেয়ো মোৰ Finesse নাই !!




Thursday, 13 June 2013

মই বৰ বেছি দীঘলীয়া নকৰো

এক অচিনাকি চিনাকি নাম – ৰিফাট মান্নান ৷ ফেছবুকৰ পাতত এদিন আকস্মিক ভাবে চিনাকি হ’লো ৷ ৰিফাট একালৰ কৃতী ছাত্ৰ আৰু এতিয়া কুৱেটত কৰ্মৰত এক সুদক্ষ চিকিৎসক ৷

ফেছবুকতেই আমাৰ যোগাযোগ ৷ ইথাৰৰ মাজেৰে অহা বিটছ আৰু বাইছৰ (bits and bytes) মাজেৰেই আমি ভাৱৰ আদান প্ৰদান কৰো ৷

এদিন ৰিফাটে জনালে তেওঁৰ মনৰ কথা ৷
‘‘দাদা, মোৰ দেউতা স্বৰ্গীয় ফতেহুল মান্নানে ৬০ দশকতেই এলিছ ইন ৱানজাৰলেন্ডৰ অসমীয়া অনুবাদ কৰিছিল ৷  দেউতাৰ সমস্ত কৰ্মৰাজী অত-ত’ত সিচৰিত হৈ আছে ৷ মই সেইখিনি এক গোট কৰি সংৰক্ষণ কৰিব বিচাৰিছো ৷’’
মই মোৰ সীমিত জ্ঞানেৰে যিমান পাৰো দিহা পৰামৰ্শ দিলো ৷ মোৰ চিনাকিৰ ভিতৰত কোনে কোনে এই বিষয়ত সহায় কৰিব পাৰিব তেওঁলোকৰ নাম ক’লো ৷ সেইয়া আজি ডেৰ মাহমান আগৰ কথা ৷

এসপ্তাহমান আগৰ কথা ৷ ৰিফাটে খবৰ দিলে, ‘‘দাদা মই ১১ তাৰিখে অসমলৈ যাম ৷ দেউতাৰ কৰ্মৰাজীৰ ওপৰত এটা ৱেবচাইট উন্মোচন কৰিম ৷ আপুনি থাকিব লাগিব কিন্তু ৷’’
১১ তাৰিখে ফোন আহিল, ‘‘দাদা, মই ৰিফাটে কৈছো ৷ ১৩ তাৰিখে আবেলি চাৰিবজাত হোটেল নক্ষত্ৰলৈ আহিব ৷’’

১৩/০৬/২০১৩ৰ আবেলি চাৰি বজা ৷
পালো গৈ হোটেল নক্ষত্ৰ ৷ জ্যোতি প্ৰকাশ নাথ আৰু সুৰজিৎ নেওগ দাদা আগৰে পৰা বহি আছে ৷ ইতিমধ্যে মঞ্চত সভাপতি আৰু আন আন আমন্ত্ৰিত ব্যক্তি সকলে আসন গ্ৰহণ কৰিলে ৷ সেই সকল মাজতে আছে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ইমৰান শাহদেৱ ৷

সভা আৰম্ভ হ’ল ৷

ৰিফাটে  ৱেব চাইটৰ প্ৰকল্পটোৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে ৷ প্ৰথমেই দেউতাকৰ বিষয়ে অকনমান ক’লে ৷ দেউতাকৰ কৰ্মৰাজীৰ কথা ক’লে ৷ তাৰ পাছতে ক’বলৈ আৰম্ভ কৰিলে কেনেকৈ এই প্ৰকল্পটোৰ কথা মনলৈ আহিল ৷ ৰিফাটে অসমীয়াত কথা বতৰাৰ কথা (অ.ক.ব), সাহিত্য ডট অৰ্গ কথা ক’লে ৷ ৰিফাটে অসম সাহিত্য সভাৰ সভাপতিসহিতে সভাত উপস্থিত থকা আন আন ব্যক্তিসকলৰ আগত প্ৰত্যয়েৰে ক’লে আজিৰ তাৰিখত অসমীয়া ই-সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা ৷ ৰিফাটে স্পষ্ট ভাবে ক’লে অ.ক.ব.ত তেওঁ পোষ্ট কৰা দেউতাকৰ সোনালী ফুল কবিতাটোত পোৱা আশাব্যঞ্জক সহাৰি তেওঁৰ বাবে কিমান প্ৰেৰণাদায়ক আছিল ৷ তেওঁ সভাত উপস্থিত ৰাইজৰ আগত অ.ক.ব.ৰ সদস্যসকলৰ নাম লৈ লৈ কৃতজ্ঞতা জনালে ৷ অ.ক.ব.ৰ আমি যিকেইজন সদস্য সভাত উপস্থিত আছিলো আটাই কেইজনৰ বুকু ফুলি গ’ল ৷

ৰিফাটে মাইকটো ধৰি কথা কৈ গৈ আছে ৷ মাজে মাজে কয়, ‘‘মই আৰু বৰ বেছি দীঘলীয়া নকৰো ৷’’ প্ৰথম দুবাৰমান আমি একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলো ৷ তাৰ পাছত হাঁহি ৰখাব নোৱাৰা হ’লো ৷ ৰিফাটে ভাষণ শেষ কৰাৰ কোনো প্ৰচেষ্টাই কৰা নাই ৷ মাথো কৰি গৈছে অ.ক.ব. গুন-গান ৷ আমিও বুকু ফিন্দাই বহি আছো আৰু  শুনি গৈছো ৰিফাচৰ ভাষণ একান্তমনে ৷ ৰিফাটে যেতিয়াই কয়, ‘‘মই আৰু বৰ বেছি দীঘলীয়া নকৰো ’’ মোৰ চিঞৰ এটা মাৰি ক’বৰ মন যায়, ‘‘ৰিফাট আৰু দীঘলীয়া কৰা ৷ আজি সাহিত্য সভাৰ সভাপতি বহি আছে ৷ তেখেতৰ আগত তুমি আমাৰ কথা কৈছা, অ.ক.ব.ৰ কথা কৈছা ৷ তোমাৰ লগতে আমিও গৰ্বিত ৷’’ ৰিফাটৰ কথা শুনি শুনি এপাকত মই নেওগদাক ক’লো, ‘‘ৰিফাটে পাৰিলে আজি আমাক ই-সাহিত্যৰ কাৰণে সাহিত্যিক পেঞ্চন দিয়াইহে এৰিব ৷’’
ৰিফাটে কথাখিনি কৈ থাকোতে বাৰে বাৰে মই তেওঁৰ মুখখনলৈ চাই আছিলো ৷ কি এক সন্তুষ্টিৰ ভাব ফুটি উঠিছে !


ৰিফাটৰ পাছতে ইমৰান শাহদেৱে ভাষণ দিলে ৷ তেখেতেও ভাষণৰ মাজত ক’লে আজিৰ তাৰিখত অসমীয়া ই-সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা ৷

মই মোৰ এই লেখা আৰু বৰ বেছি দীঘলীয়া নকৰো ৷

মাথো এটা কথা কওঁ ‘‘ৰিফাট আজি অ.ক.ব.তে তোমাক কথা দিলো ৷ বাহাৰিস্তান-ই-গাইবীখনৰ অসমীয়া ৰূপান্তৰ ইউনিকোড তোমাৰ কাৰনে, তোমাৰ সোপান সাৰ্থক কৰাৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে ময়ে কৰি দিম ৷ মোক মাথো দুমাহ সময় দিবা ৷’’

বৰ বেছি দীঘলীয়া নকৰো ৷

সময় পাৰে এবাৰ চাব http://www.fatehulmannan.com

Friday, 7 June 2013

ৰাজধানী এক্সপ্ৰেছত................

(ককাইদেউ বুলি ক’লে মোমাইদেউ বুলি দেখো ৷ 
দোকানৰ নাম ইনা বুলি লিখা থাকিলে ফেন বুলি দেখা পাওঁ ৷ 
পাঠকৰ পুতেকক নি যেতিয়া কলিতাৰ পৰিবাৰৰ হাতত গতাই দি কওঁ গৈ, ‘‘খুড়ী বাবুক স্কুলৰ পৰা আনিলো ’’ তেতিয়া কলিতা খুড়ীৰ প্ৰতিক্ৰিয়া আছিল, ‘‘ মিছেছ পাঠক মানে বাবুৰ মাক নাই নেকি ঘৰত’’ ? 
কলিতা খুড়ীয়ে ‘বাবুৰ মাক’ শব্দ দুটাত লগাত কৈ বেছি জোৰ দিলে ৷ বুজিলো আকৌ ভুল হ’ল ৷

প্ৰায়ে ভুল কৰি থাকো যদিও বৰ বিশেষ লটিঘটি তেনেকৈ হোৱা নাছিল ৷ 
কানপুৰৰ কথাটো বেলেগ আছিল কিন্তু !!! )

এবাৰ বন্ধু আৰু মই দিল্লীলৈ ফুৰিবলৈ গ’লো ৷ বেছ ‘মৌজ-মস্তি’ কৰিলো ৷ বন্ধু অলপ হিচাবত চলে ৷ মই আকৌ যধে-মধে খৰছ কৰো ৷ মোক প্ৰায়ে সোধে, ‘‘অই ইমান যে খৰছ কৰিছ ঘুৰি যাবলৈ পইছা হ’ব গৈ নে নাই ?’ সেই সময়ত ATM, Credit Card, Net Banking আদি নাছিল ৷ মই বন্ধুক কওঁ, ‘‘ৰাজধানীৰ টিকট কাটি থোৱা আছে ৷ গতিকে চিন্তা নাই ৷’’ বন্ধু মোৰ কথাত পতিয়ন গ’ল যেন নাযায় ৷ হাত টেপি টেপি খৰছ কৰি আছে ৷ মই মনে মনে ভালেই পাওঁ ৷ মোৰ হাত উদং হৈ গ’লেও বন্ধুৰ হাতত কিবা অকনমান থাকিব ৷

উভটিবলৈ দুদিন আছে ৷ বন্ধুৱে মোক সুধিলে, ‘‘ৰাজধানীত খোৱাটো ফ্ৰী দিব নে ?’’
‘‘ফ্ৰী মানে আৰু কি নো ? টিকটৰ লগতে খোৱাৰ দামটো লৈ থৈছে দেখোন ৷’’
বন্ধুৱে আকৌ সুধিলে, ‘‘নহয় মানে মই সুধিছো ৰেলত উঠি খোৱাৰ নামত কিবা দিব লাগিব নেকি ?’’
মই বন্ধুৰ প্ৰশ্নৰ অৰ্থ বুজি পালো ৷ ‘‘নালাগে নালাগে !! মই ৰাজধানীত উঠোতে লগত ফিল্টাৰৰ উইলছৰ পেকেট এটা আৰু মাত্ৰ দহ টকা ৰাখিম ৷’’
‘‘দহ টকা ??’’
‘‘অ ! ৰেল ষ্টেচনৰ পৰা নাৰেংগী ফৰেষ্ট গেটলৈ তিনি টকা ভাড়া ল’ব ৷ মোৰ হাতত থাকিব সাত টকা ৷ যদি কেনেবাকৈ ফিল্টাৰৰ পেকেটটো শেষ হৈ যায় ইমাৰজেঞ্চীৰ কাৰণে লাগিব দেচোন সেই কেইটা টকা ৷ হ’ল বুলি আৰু তিনি টকা লৈ ৰেলত উঠিম নে ?’’
‘‘তেনেহ’লে ময়ো কৰো নেকি খৰছ ?’’, বন্ধুৱে সোধো নোসোধো কৈ সুধিলে ৷
‘‘আৰে সেইটো সুধিব লগা কথা নেকি ?’’

বন্ধু আৰু মোৰ আমাৰ জীৱনৰ সেই দুদিনত যেন মাত্ৰ উদ্দেশ্যটো আছিল, ‘হাতত থকা ধন খৰছ কৰিব লাগিব ৷ কাৰণ ৰাজধানীত খোৱাৰ বাবত একো টকা-পইছা দিব নালাগে ৷ তাৰোপৰি ৰেলৰ পৰা নমাৰ পাছত আমাৰ হাতত বাছ ভাড়াৰ নামত তিনি টকাকৈহে লাগিব ৷’’ বাছ ভাড়াতকৈ বেছ ধন হাতত থকাটো যেন এটা দন্ডণীয় অপৰাধ ৷
ৰাতি বন্ধুৱে মোক সোধে, ‘‘তোৰ শেষ হ’ল নে ?’’
মই বন্ধুক সোধো, ‘‘তোৰ কিমান বাকী ?’’

দুদিন পাছত নিৰ্ধাৰিত ধনৰাশি আৰু উইলছ ফিল্টাৰৰ পেকেট এটা এটা হাতত লৈ আমি গুৱাহাটী অভিমুখী ৰাজধানীত উঠিলো ৷ 
ৰেল চলাৰ লগে লগে খোৱা পানীৰ বটল আহিল, কফী আহিল, ইটো বস্তু খাবলৈ পাইছো, সিটো বস্তু খাবলৈ পাইছো ৷ প্ৰতিবাৰ কিবা এটা খাবলৈ যেতিয়াই পাওঁ মই বন্ধুৰ চকুলৈ চাওঁ আৰু বন্ধুৱে মোৰ চকুলৈ চায় ৷ 
‘‘আমাৰ দৰে বুদ্ধিমান এই পৃথিৱীত নাই !’’, আমাৰ চকুৰ ভাষাৰ ভাবাৰ্থ তেনেকুৱাই আছিল ৷

টিকট পৰীক্ষক আহিল ৷ টিকট দেখুৱালো ৷
‘‘গুৱাহাটী …………..??’’
হাতত থকা বগা কাগজৰ পাতখিলাত কিবা বিচাৰি বিচাৰি আকৌ সুধিলে, ‘‘গুৱাহাটী ?? বাদ মেই দেখেংগে ৷’’
আমি টিকট ভৰাই থ’লো ৷ 

নিশাৰ আহাৰত ফ্ৰাইড ৰাইছ আৰু মাংস খাই নিজৰ নিজৰ বাৰ্থত শুই গ’লো ৷ দিল্লী ভ্ৰমণত বেছ কষ্টও হৈছিল ৷ গতিকে টোপনি গধুৰেই হৈছে ৷ 
মাজনিশা দুইমান বজাত টিকট পৰীক্ষকে আমাৰ দুয়োকে টোপনিৰ পৰা উঠাই ক’লে, ‘‘টিকেট দিখাইয়ে ৷’’
চকু মোহাৰি মোহাৰি টিকেট উলিয়াই দিলো ৷
‘‘কৌন সা ট্ৰেইন কা টিকট লেকে আয়ে হেই আপ লোগ ? চামান লেকে নিছে উৎৰিয়ে ৷’’
আমি খঙতেই ক’লো, ‘‘গুৱাহাটী ৰাজধানী কা টিকট লেকে ৷ এয়েহ গুৱাহাটী ৰাজধানী হি হ্যাই ৷’’
‘‘ভাই চাহাব, হাম কো ভি মালুম হ্যায় কি এয়েহ গুৱাহাটী ৰাজধানী হি হ্যাই ৷৷ লেকিন এয়েহ ট্ৰেইন তাৰিখ দছ জুলাই হ্যাই ৷আপলোগোকো মালুম হ্যাই ? আপলোগোকা টিকট কৌন চা তাৰিখ কা হ্যাই ?’’
মাজৰাতি নাটকৰ বচন মাতি থকা টিকট পৰীক্ষকৰ নাকত ঘোছা এটা মাৰি দিবৰ মন গ’ল ৷
‘‘আৰে ওষ্টাদ, হামাৰা টিকট ভি ১০-০৮-১৯৯৮ কা হি হ্যাই !!!!!!!!!!!!!!!!!!!!’’

তাৰ পাছতে টিকট পৰীক্ষকে আমাৰ দুয়োকে সসন্মানে কানপুৰ চেন্ট্ৰেলৰ ১ নং প্লেটফৰ্মত নমাই দিলে ৷
তেতিয়া আমাৰ দুয়োৰে হাতত আছে দহ টকাকৈ মুঠ বিশ টকা নগদ ধন আৰু প্ৰায় পোন্ধৰটামান উইলছ ফিল্টাৰ ছিগাৰেট ৷

আৰম্ভ হ’ল আন এক অভিযানৰ …………

আমাৰ ইয়েজদী আৰু চাৰ আইজাক নিউটন

আমি তেতিয়া হাইস্কুলত পঢ়ি আছো ৷
সুৰজ-শেখৰ ভাই-ককাই ৷
এবাৰ সিহতৰ সম্বন্ধীয় ককায়েক দুজন গৈ ওলাল গৈ ৷ দুয়ো হেনো কাঠমান্ডুলৈ যাব ৷
আমাৰ দুটা কথাত বৰ ফুৰ্তি ৷
প্ৰথম কথা লগৰ লৰাৰ দাদা মানে আমাৰো দাদা দুজনজন বিলাত ভ্ৰমণত যাব ৷
দ্বিতীয় কথা, আচলতে এইটো ‘আচল কথা’, দাদা দুজনে এখন ইয়েজদী (yezdi) মটৰ চাইকেল লৈ সুৰজহঁতৰ ঘৰলৈ আহিছে ৷ তেওঁলোকৰ কাঠমান্ডু-ভ্ৰমণৰ সময়ত ইয়েজদীখন সুৰজহঁতৰ ঘৰতে থাকিব ৷ তেওঁলোক নাথাকা কেইদিন আমাক আৰু কোনে পায় !!

পাছে আমি কেনেবাকৈ ইয়েজদীখনৰ ওচৰ চাপিলেই দাদা দুজনে ধমক দিয়ে, ‘‘খবৰদাৰ, ভুলটো এইখনৰ ওচৰলৈ নাহিবি ৷ এইখন চুলে ভৰি ভাঙি দিম ৷’’ আমি মুৰ জোকাৰি তেওঁলোক দুয়োকে আশ্বাস দিলো, ‘চিন্তা নকৰিব দাদা আমি আপোনালোকৰ সেইখনতকৈ আমাৰ ভৰিকেইটাহে ভাল পাওঁ ৷’

আমি সদায়ে সুৰজহঁতৰ ঘৰলৈ এপাক মাৰো ৷ দাদা দুজনৰ কুশল-বাৰ্তা লওঁ ৷ লগতে প্ৰশ্ন কৰো, ‘‘দাদা কাঠমান্ডু নাযায় নেকি ?’’ আমাৰ কথা হ’ল, ‘আপোনালোক আহিছে কাঠমান্ডু যাবলৈ ৷ মাহীৰ ঘৰত বহি বহি ভাত খাবলৈ অহা নাই নহয় ৷ সোনকালে আপোনালোক যাওঁক ৷ তেতিয়া আমিও আমাৰ কাম ধৰিব পাৰিম ৷’

এদিন আবেলি কামৰূপ এক্সপ্ৰেছত দুই দাদাই কাঠমান্ডু অভিমুখে যাত্ৰ আৰম্ভ কৰিলে ৷ তেওঁলোক ছাগে চালাকাটি ষ্টেচনত ৰেলত উঠি কোকৰাঝাৰ পোৱা গৈয়ে নাই ৷ আমি ইয়েজদী ওপৰ পালো গৈ ৷
প্ৰথম দিনা বান্দৰে আম গছত বগোৱাদি আমিয়ো ইয়েজদীখনত বগাই থাকিলো ৷ ঠিয় কৰি থোৱা ইয়েজদীখন আমি বিভিন্ন ধৰণৰ অংগী-ভংগী কৰি চলাবলৈ ধৰিলো ৷ মটৰচাইকেল চলাই থাকোতে মুখেৰে ‘ধুঁত ধুঁত ধুঁত …..’ বা ‘ফট ফট ফট..’ বা ‘পেঁপ পেঁপ পেঁপ..’ শব্দ কৰিবলৈ ধৰিলো ৷ ইতিমধ্যে আমি শ্ব’লে চাই থৈছো ৷ গতিকে মাজে মাজে ‘ইয়ে ডোষ্টি (doo-s-ti)হম নাই তুৰেংগে (tu-ren-gay)’ গানটো গাই জয়-বীৰুৰ অভিনয়ো কৰিলো ৷

পাছে তেনেকৈ এদিনহে কৰিব পাৰিলো ৷ পাছ দিনা গোটেই কেইটা ইয়েজদীখনৰ ওচৰ চাপিলো যদিও আটায়ে একে মুখে ক’লো, ‘‘এনেকৈ ভাল লগা নাই ৷ যদি কেনেবাকৈ আমি সঁচাকৈ চলাব পাৰিলো হয় !!!’’ আটায়ে শেখৰৰ মুখলৈ চালো ৷ আমি জানো সুৰজে কামটো কৰিব নোৱাৰিব ৷ শেখৰ জাঙোৰ খাই উঠিল, ‘‘ নাই নাই মই চাবি আনিব নোৱাৰো দেই !! দাদাই দেউতাৰ হাতত চাবি দি গৈছে ৷ মই চাবি খুজিলে মাৰিব মোক ৷’’ আমি তাক বুজালো, ‘‘চা শেখৰ তয়ে পাৰিবি ৷ আৰু তোক কোনে কৈছে চাবিটো খুজিব লাগিব বুলি ৷ মনে মনে কৰি আনিবি আকৌ ৷’’ শেখৰ কোনো পধ্যেই মান্তি নহয় ৷ তাৰ কথা, ‘‘তহঁতে মোক চুৰ কৰিবলৈ কৈছে ৷ চুৰ কৰা মহা পাপ ৷’’ আমি তাক বুজাব যত্ন কৰিছো, ‘‘মনে মনে অনা কাৰ্য্যটোক চুৰ কৰা নোবোলে ৷’’ তাক আমি ইমানখিনিও বুজালো যে চাবিটো মনে মনে আনিবলৈ যাওঁতে তাৰ লগত আমিও থাকিম ৷ নাই শেখৰৰ এক কথা, ‘‘মই চাবি আনিব নোৱাৰো ৷’’ শেষত তাক ক’লো, ‘‘তই প্ৰথমে চলাবি ৷’’ এইবাৰ দৰবে কাম দিলে ৷ শেখৰ মান্তি হ’ল ৷ ‘‘ঠিক আছে ৷ কাইলৈ ৰাতিপুৱা চাৰি বজাত আহি যাবি ৷’’

অক্টোবৰ মাহৰ পুৱা চাৰিবজাত আমি দহ-বাৰটা গৈ হাজিৰ হ’লো শেখৰহঁতৰ ঘৰ ৷ মনে মনে গেৰেজটো খুলিলো ৷  ইয়েজদীখনৰ ওপৰত শেখৰক বহাই ল’লো ৷ শেখৰৰ পাছ ফালে বহিল ভুপেন ৷ তাৰ পাছত সিহঁত দুয়োটাৰে সৈতে ইয়েজদীখন ঠেলি ঠেলি আমি লৈ গ’লো তাহাতৰ ঘৰৰ প্ৰায় এক কিলমিটাৰমান আতৰলৈ ৷ আলিবাটো সেই ডোখৰ ঠাইত অলপ এঢলীয়া হৈ তললৈ নামি যায় ৷ আমি পাল পাতি পাতি দুটা দুটা কৈ ইয়েজদীখনত উঠো ৷ মুখেৰে ‘ধঁত ধঁত…., ধুঁত ধুঁত ….. বা পেঁ পেঁ…’’ শব্দ কৰি কৰি ইয়েজদীখন তললৈ চলাই লৈ যাওঁ ৷ মুখেৰে শব্দ নকৰিলে ষ্টাৰ্ট নোহোৱা ইয়েজদীখন চলাই ভাল নালাগে দেখোন ৷ তল পালে আকৌ ঠেলি ঠেলি ওপৰলৈ আনো ৷ প্ৰথম দুবাৰমান অকনমান ভয় নলগা নহয় ৷ পাছলৈ পাকৈত হৈ গ’লো ৷ ‘ইয়ে ডোষ্টি (doo-s-ti)হম নাই তুৰেংগে (tu-ren-gay)’ত জয় আৰু বীৰুৱে ঠিয় হৈ যোৱা দি যাবলৈ ধৰিলো ৷ আবেলি সময়ত আমি পাছে শেখৰহঁতৰ ঘৰ ফালে ঘুৰিকে নাচাওঁ ৷ কোনেও যাতে সন্দেহ নকৰে আমি ইয়েজদীখনত হাত দিছো বুলি ৷

এইবোৰৰ মাজত পাছে এটা অঘটন নঘটা নহয় ৷

এদিনৰ কথা ৷
সঞ্জু আৰু কোনোবা এটাৰৰ পাল আছিল ৷ সঞ্জু আগত বহিছিল ৷ সি বোধহয় ফু্ৰ্তিতে ক্লাটছ (clutch)ত হাত আৰু গীয়েৰ(gear)ত ভৰি একে সময়তে দি দিলে ৷ নিউট্ৰেল(neutral) অৱস্থাৰ পৰা কোনোবা এটা গীয়েৰ লাগি ইয়েজদীখন ৰৈ গ’ল ৷ লগে লগে নিউটন চাহাবৰ গতিৰ প্ৰথম সূত্ৰ অনুসৰি সঞ্জু আৰু লগৰটো মাটিত বাগৰি পৰিল ৷ আমি উধাতু
খাই দৌৰ মাৰি গ’লো ৷ আমাৰ সাংঘাতিক চিন্তা হ’ল ৷ কেনেবাকৈ ইয়েজদীখনৰ কিবা এটা হ’ল নেকি আকৌ ? সঞ্জুহঁতৰ বৰ বেছি হ’লে চাল-বাকলি চিঙিব ৷ কিন্তু ইয়েজদীখনৰ কিবা এটা হ’লে দাদাহঁতে কাঠমান্ডুৰ পৰা আহি  আমাৰ ভৰি ভাঙি দিব ! আমি আটায়ে সঞ্জুৰ ফালে পোন্ডোৱাকৈ চালো ৷ সঞ্জুৱে সেমেনা-সেমেন কৰি কৈছে, ‘‘কেনেকৈ এইখন ৰৈ গ’ল জানো পায় ? মই দেখোন ব্ৰেক মৰা নাছিলো !’’

ইয়েজদীখন উঠাই লোৱাৰ পাছতে লাগিল লেঠা ! সেইখন দেখাৰ তেনেকৈ একো হোৱা নাই ৷ কিন্তু ঠেলা মাৰিব লৈ গম পালো সেইখন এতিয়া না আগলৈ যায় না পাছলৈ যায় ৷ আমি বাৰটাই মিলি ঠেলিছো যদিও লৰচৰেই নহয় ৷
‘‘অই কি কৰিলি তই ?’’
‘‘কৈছো দেখোন মই একো কৰা নাই ৷’’, কান্দো কান্দো হৈ সঞ্জুৱে উত্তৰ দিলে ৷
শেখৰে মুৰে কপালে হাত দি বাটিত বহি দিলে, ‘‘মাৰি দিলি তহঁতে মোক ৷ কিহে যে পাইছিল মোক তহঁতৰ লগ ল’বলৈ ?’’
সুৰজে গহীণাই মাত দিলে, ‘‘মই আগতেই কৈছিলো এইবোৰ বৰ ভাল কথা হোৱা নাই ৷’’
আমি তাক ওলোটাই ধৰিলো, ‘‘তই কেতিয়া কৈছিলি এইবোৰ বেয়া কথা বুলি ?’’
পুৱা চাৰি বজাত চাৰিওফালে আন্ধাৰ হৈ থাকোতেই আমি আৰম্ভ কৰিছিলো আমাৰ গোপন অভিযান ৷ পাচমান বজাত লাহে লাহে পোহৰ হ’বলৈ ধৰিলে ৷ আমি ঠিক কৰিলো দহ-বাৰটা আছো ৷ ঠেলি যিহেতুকে পৰা নাই ডাঙিয়ে লৈ যোৱা যাওঁক ৷ গোটেই কেইটা ইয়েজদীখনৰ চাৰিওফালে ঠিয় হৈ সেইখন ডাঙিবলৈ যত্ন কৰোতেই জগিং কৰি কৰি সেইখিনি ওলাল গৈ লটেন ৱাড়ী দাদা ৷ তেখেতে ভাৰতীয় ষ্টেট বেংকত চাকৰি কৰিছিল আৰু খুব ভাল ক্ৰিকেট খেলে ৷ বেংকত চাকৰি কৰিলেও আমাৰ লগতে খেলে ৷ ৱাড়ীদাদাক দেখাৰ লগে লগে আমি গৈ তেওঁৰ ভৰিত পৰি দিলো, ‘‘দাদা বচাওঁক ৷’’ ঘটনাটো কি হ’ল তেখেতক বুজালো ৷ ৱাড়ীদাদাই আহি ইয়েজদীখন নিউট্ৰেল কৰি দিলে ৷
‘‘চা এনেকৈ নিউট্ৰেল কৰে ৷’’
‘‘দাদা নিউট্ৰেল মানে কি ?’’
‘‘নাজান ? ক্লাটছ জাননে নাই ? গীয়েৰ ?? নাজান ?’’
দাদাই আমাক ইয়েজদী এখন কেনেকৈ চলাব লাগে গোটেইখিনি কথা শিকাই দিলে ৷ তাৰ পাছত সুধিলে, ‘‘বুজিলি কথাবোৰ ?’’
‘‘হয় দাদা বুজিলো ৷ এবাৰ চলাই দেখাই দিব নেকি ?’’
‘‘নাই নাই !! খবৰদাৰ নচলাবি এইখন ৷ পৰিব লাগিলে ভৰিত লোহা লগাব লাগিব ৷ নচলাবি কিন্তু কৈ দিছো ৷’’
আমি আটায়ে মুৰ জোকাৰিলো, ‘‘হয় দাদা নচলাওঁ ৷’’ পাছে দাদাৰ কথাখিনি শুনি থাকোতে বা দাদাক প্ৰতিশ্ৰুতি দিওঁতে মোৰ চকু বাকীবোৰৰ মুখলৈ গৈ আছিল ৷ কিয় নাজানো কিন্তু মোৰ এনে লাগিছিল যেন ৱাড়ী দাদাক দিয়া প্ৰতিশ্ৰুতিটো এটা ভুৱা প্ৰতিশ্ৰুতি ৷
যি নহওঁক শেখৰহঁতৰ ঘৰৰ বাকী লোকসকল সাৰ পোৱাৰ আগতেই আমি ইয়েজদীখন ঠেলি গেৰেজ পোৱালো গৈ ৷

সেইদিনা আবেলি আটায়ে গৈ পালো গৈ সঞ্জুৰ ঘৰ ৷
‘‘ভৰি ফুলি আছে নেকি ?’’
‘‘নাই, কিন্তু শুন মই অকনমান তেল গোটালো ৷ এক লিটাৰমান হ’লে হ’ব নে ?’’ সঞ্জুৰ প্ৰশ্ন ৷
‘‘কি তেল ?’’
‘‘আৰে পেট্ৰল আকৌ !!’
আমি আচৰিত সঞ্জুৱে ভৰিত দুখ পাইছে কাৰণে পেট্ৰল কিয় গোটাইছে আকৌ ৷
সঞ্জুৱে আকৌ ক’লে, ‘‘কিয় ? কাইলৈ নচলাৱ নেকি ? কি এনেকৈ ষ্টাৰ্ট নোহোৱাকৈ চলাম সদায় সদায় ? কাইলৈ আচলকে চলাম দে ৷’’
সঞ্জুৰ ভৰিৰ খবৰ লোৱা আৰু নহ’ল গৈ আমাৰ !!

পাছদিনা আকৌ পুৱা চাৰিবজাত সুৰজ-শেখৰহঁতৰ গেৰেজৰ পৰা ইয়েজদীখন ঠেলি ঠেলি উলিয়াই আনিলো ৷ এইবাৰ আমি দুই কিলমিটাৰমান আতৰলৈ গ’লো ৷ কথা আছে ৷ ‘আচলকে চলাম’, বহুত শব্দ হ’ব ৷ ঘৰত ধৰা পৰি যাব পাৰো ৷ নিৰাপদ দূৰত্ব বুলি নিৰ্ধাৰিত হোৱা ঠাই ডোখৰ পায় আৰম্ভ হ’ল ইয়েজদী ষ্টাৰ্ট কৰাৰ প্ৰক্ৰিয়া ৷ এটা এটা কৈ কিক মাৰি মাৰি চেষ্টা কৰি আছো ৷ গাৰ জোল বৈ গৈছে ৷ নাই   ইয়েজদীৰ ষ্টাৰ্ট হোৱাৰ নাম-গোন্ধ নাই ৷ আমি ঠিক কৰিলো আগৰ সেই মুখেদি শব্দ কৰাটোৱে ভাল ৷ তাৰ পাছতে মোৰ ভাগ্য ভালেই আছিল নে বেয়াই আছিল নাজানো ৷ কিন্তু মই কিকটো মাৰি দিওঁতে ‘ধঁত..ধঁত.. ’’ শব্দ কৰি ইয়েজদীখনে প্ৰাণ পায় উঠিল ৷ লগে লগে হাত চাপৰি বাজিল ৷ মই গৰ্বতে লাজ লাজ কৰি বেঙাটোৰ দৰে ঠিয় হৈ আছো ৷
‘‘চলা, চলা তয়ে চলা ৷’’, গোটেই কেইটাই মাত দিলে ৷
‘‘নাই নাই মই নচলাওঁ ৷ মই ষ্টাৰ্ট কৰিলো, তহঁতে চলা ৷’’, মই ক’লো ৷ আচলতে ক’বলৈ যেয়া পালো মোৰ ভয় লাগে বুলি ক’বলৈ ৷
বাকীকেইটায়ো ছাগে ক’বলৈ বেয়া পালে, ‘আমাৰ ভয় লাগে’ ৷ সিহঁতে মোক বুজালে, ‘‘তই ষ্টাৰ্ট কৰিছ যেতিয়া তয়ে চলা ৷’’
মই উপায় নাপায় বহিলো ইয়েজদী চলাবলৈ ৷ পাছফালে বহিল শেখৰ ৷ নিউট্ৰেলৰ পৰা ৱাড়ীদাদাই শিকাই দিয়াৰ দৰে গীয়েৰ লগাই ক্লাটছ এৰি দিলো ৷

‘‘অই অই কি ক’ৰ …………’’,
‘‘মৰিলো…………….’’,
‘‘ৰখা………………’’,
‘‘ব্ৰেক মাৰ্…………………..’’
এইবোৰ  হেনো সেই সময়ত লগৰ বোৰে চিঞৰিছিল ৷ মোৰ কানত একোকে সোমোৱা নাছিল ৷
সেই সময়ত মোৰ দুটাই চিন্তা আছিল যে ওপৰলৈ উঠি থকা চকাটো কেনেকৈ তললৈ নমাব পাৰি আৰু ব্ৰেক কোনখিনিত আছে ?
কেনেকৈ কি হ’ল নাজানো আমি দুটা ইয়েজদীখনত বহি থকা অৱস্থাতে সেইখন চলিবলৈ আৰম্ভ কৰিলে ৷ নিজৰে বিশ্বাস নোহোৱা হৈ গ’ল ৷
‘‘বাহ্ পাৰিছো তাৰমানে !!’’

এটা চাৰিআলি পায় মই পোনে পোনে যাবলৈ ধৰোতে শেখৰে পাছফালৰ পৰা চিঞৰিলে, ‘‘অই পাগল হৈছে নেকি ? সেইফালে কিয় গৈছে ? আমাৰ ঘৰেই পায় যাম দেখোন !’’
শেখৰ কথা শুনিহে চাৰিআলিত মই ইয়েজদী ঘুৰাই দিলো সোফালে ৷

‘‘পাছে ই কি ?’’
নিউটনৰ গতিৰ প্ৰথম সূত্ৰ প্ৰয়োগ হৈ গ’ল ইয়েজদীৰ ওপৰত, ‘‘যেতিয়ালৈকে কোনো বাহ্যিক বলে ক্ৰিয়া নকৰে তেতিয়ালৈকে ৰৈ থকা বস্তু এটা ৰৈ থাকে আৰু গৈ থকা বস্তু এটা গতিৰ পৰিবৰ্তন নোহোৱাকৈ গৈ থাকে ৷’’ বাহ্যিক বল প্ৰয়োগ কৰিবলৈ মই ব্ৰেকডাল বিচাৰি নাপালো ৷ ফলত ইয়েজদী, শেখৰ আৰু মই – তিনিও গৈ সোমালো গৈ খালত ৷

শব্দ শুনি, চিঞৰ শুনি ওচৰ পাজৰৰ মানুহ গোট খালে ৷ ইতিমধ্যে লগৰবোৰো আহি উপস্থিত হ’ল ৷
মোক খঙেৰেই সুধিলে, ‘‘এইবোৰ কি কৰিলি ?’’

‘‘মই কি কৰিলো আকৌ ? যি কৰিলে চাৰ আইজাক নিউটনে কৰিলে ৷’’

Wednesday, 5 June 2013

দেওবৰীয়া নিমন্ত্ৰণত গংগা-যমুনা-সৰস্বতী

জ্বলা দিয়া কুকুৰাৰ মাংসটো খোৱা নহল মোৰ ৷ বেলেগ এটা কাহিনী ৷

দেউতা তেতিয়া চামগুৰি 132 KV Sub Stationত কৰ্মৰত ৷ মই ইঞ্জিনিয়াৰীঙৰ ষ্টেলত থাকো সেই সময়ত ৷
এবাৰ কিব এটা বন্ধত চামগুৰিলৈ গৈছিলো ৷
নগাওঁৰ পৰা আহি ওলাল ৰন্টু ৷ ৰন্টু সাংঘাতিক বন্ধু প্ৰিয় ৷ বহু সময় কথা বতৰা পাতিলো ৷ যাবৰ সময় কলে, ‘‘অহা দেওবাৰে দুপৰীয়া তুমি আৰু ছীকুৱে আমাৰ ঘৰতে ভাতসাজ খাবা ৷’’
মই চিন্তা কৰিলো দেওবাৰে দুপৰীয়া ভাত এসাজৰ কাৰণে চামগুৰিৰ পৰা নগাওঁলৈ ২০ কিলমিটাৰ বাট যোৱাটো বৰ কষ্টকৰ হব ৷
প্ৰথমে তাক কলো, ‘‘এ নাযাওঁ দিয়া ৷’’
ৰন্টু মানি লোৱা ভকত নহয় ৷
তাৰ পাছত কলো, ‘‘ছীকুৱে খবৰ কেনেকৈ পাব ?’’
ছীকু আমাৰ দুয়োৰে বন্ধু ৷ নগাওঁতে থাকে ৷ ৰন্টুৱে উপায় দিলে, ‘‘আৰে মই আজি তাৰ ঘৰত সোমাই কৈ যাম আকৌ ! তুমি মুঠতে দহবজাত পোৱাকৈ আহি যাবা ৷’’ কথাখিনি কওঁতে ৰন্টুৰ মুখত এক বিশেষ ধৰণৰ হাঁহি আৰু চকুৰ ইংগিত দেখিলো যেন লাগিল ৷ এই হাঁহি আৰু ইংগিতৰ অৰ্থ এনেকুৱাও হব পাৰে যে অকল ভাতেই নহয়, বেলেগ যোগাৰো থাকিব !’’
‘‘ব বাৰু দিয়া ৷’’
‘‘পাক্কা দহ বজাত আহিবা কিন্তু মেন (MAN) ’’
এই মেন ওলাল মানে বুজিলো সিবিধো থকাৰ পুৰা সম্ভাবনা আছে ৷

দেওবাৰে ছীকুক লৈ খুটিকটীয়াত থকা ৰন্টুৰ ঘৰ পাওঁতে পাওঁতে প্ৰায় এঘাৰমানেই বাজিল ৷
ছীকু আৰু মই কথা পাতিলো,‘‘ছেহ্ এঘন্টা পলম হল ৷ ৰন্টুৰ গালি খাব লাগিব ৷’’
ৰন্টুৰ ঘৰ পায় গম পালো সি ঘৰত নাই ৷ মাকক সুধিলো, ‘‘খুড়ী, ৰন্টু কেনি গ?’’
‘‘জানো পায় কেনি গ? হাতত মোনা এটা লৈ ওলাই লল ৷ কিবা আনিবলৈ আছে বুলি ৷ কি বুজি সুধিলত একো নকলেও !! কব নোৱাৰো আৰু কিখন যে কৰি ফুৰে ৷’’
আমি দুটাই খুড়ীক নকলো যে আমি জানো ৰন্টুৱে কি আনিবলৈ গৈছে ৷ মাথো কলো, ‘‘ অ অ !’’
খুড়ীয়ে আমাৰ দুয়োকে কলে, ‘‘বহা তোমালোক ৷ ’’

দুয়ো গৈ ৰন্টুৰ কোঠা পালো গৈ ৷ তবলা, গিটাৰ, ড্ৰাম, The SUN, VIBES, জোতা, কাপোৰ আদি চাৰিওফালে সিচৰিত হৈ আছে ৷ তুলিখনৰ তলত আমি বিচৰা বস্তু পায় গলো ৷ ছীকু আৰু মই ব্যস্ত হৈ গলো ৷
এপাকত মন কৰিলো এক বাজো বাজো হৈছে ৷ অথচ ৰন্টুৰ দেখা দেখি নাই ৷
‘‘ছীকু আজি ড্ৰাই ডে নেকি ?’’
‘‘নহয়তো আজি ড্ৰাই ডে !! কিবা বেলেগ আনিব নেকি জানো ?’’
‘‘বেলেগ মানে ?’’
‘‘কলহত পোৱাটো আকৌ !’’

মনটো ভাল লাগি গল ৷ গৰমত কলহ !!!!!!!!!!!!!!!!!!!
আমি ৰন্টুৰ কোঠাতে কিতাপ পঢ়ি, গিটাৰ বজাই, বিনাত বাগৰ দি কলহৰ অপেক্ষাত ৰৈ আছো ৷ পেটৰ ভিতৰত নিগণি দৌৰ মাৰি ছে ৷ পাছে কলহ কেইটাৰ কথা কল্পনা কৰি কৰি অপেক্ষা কৰি আছো ৷
‘‘ছীকু, ইয়াৰ ঘৰতে যদি খাই দিওঁ খুড়ীয়ে বেয়াও পাব পাৰে ৷’’
‘‘আৰে আমি ইয়াত কিয় খাম আকৌ ?’’
‘‘গোন্ধাব নেকি ?’’
‘‘কলহ ?? নাই নোগোন্ধায় !’’

ডেৰমান বজাত বিনা মেঘে বজ্ৰপাত পৰিল ৷
ৰন্টুৰ মাক মানে খুড়ীয়ে আহি কলে, ‘‘ৰন্টুও নাহিল তোমালোকে ইমান সময় ৰখিলা, এতিয়া আৰু ঘৰলৈ কি উভটি যাবা ৷ ভাত কেইটামানকে খাই লবা আহা ৷ একো নাই কিন্তু পটল কেইটামানকে ভাজিছো ৷’’
মই ছীকুৰ মুখলৈ চালো ৷ খুড়ীয়ে কৈছে কি এইবোৰ ?
‘‘এতিয়া আৰু ঘৰলৈ কি উভটি যাবা ৷ ভাত কেইটামানকে খাই লবা আহা ৷ ....’’

একো মাত নামাতি পটল ভাজিৰ সৈতে দেওবৰীয়া ভাত খাই আছো ৷
এনেতে ৰন্টু আহি ওলাল ৷
‘‘আৰে মেন !!!!!!!!!!!! তোমালোক আহিলা নেকি ?? কেইটা বজাত পালা তোমালোক ? মই তোমালোকৰ কাৰণে মুৰ্গী আনিম বুলি বজাৰৰ ফালে গৈছিলো ৷ জয়শ্ৰী হলত গংগা-যমুনা-সৰস্বতীৰ পোষ্টাৰ দেখি সেইখনেই চাই দিলো দিয়া ৷ মনতে ভাবিলো তোমালোকক অহা দেওবাৰেহে ভাত খুৱাম ৷’’


মই তেতিয়া পটল এটুকুৰাত কামোৰ মাৰি আছো ৷

Tuesday, 4 June 2013

জ্বলা দিয়া কুকুৰাৰ মাংস

১৯৮৯চনৰ আগ ভাগতে মোৰ মাৰ গলব্লাডাৰৰ অপাৰেচনৰ বাবে মা-দেউতা, ভাইটি-ভন্তি আটায়ে আহি গুৱাহাটীলৈ বুলি আহিল ৷ মই আকৌ হায়াৰ চেকেন্ডেৰী পৰীক্ষাৰ বাবে পঢ়া শুনা কৰিবলৈ বুলি গুৱাহাটীৰ হোষ্টেলৰ ঘৰ পালো গৈ ৷

ঘৰত অকলে থাকো ৷ ৰন্ধা-বঢ়াৰ লগত মোৰ কোনো ধৰণৰ সম্বন্ধ নাই ৷ পুৱা, দুপৰীয়া, সন্ধিয়া, ৰাতি ভোক লাগিলেই ওচৰ চুবুৰীয়া বা লগৰ লৰাৰ ঘৰলৈ গৈ খায় লওঁ গৈ ৷

এদিনৰ কথা ৷ তাৰিখ মনত নাই ৷ পাছে সেইদিনা দেওবাৰ আছিল আৰু ৰাতি দূৰদৰ্শনত সেই দিনা মোগল-এ-আজম চিনেমাখন দেখুৱাইছিল ৷
আমাৰ ঘৰৰ ওচৰতে থকা মানুহ এজন আহিল মোক লগ কৰিবলৈ ৷
‘‘ভালে আছা ?’’
‘‘আছো খুড়া ৷ আহক বহিব অলপ ৷’’ মই ভদ্ৰতাৰ খাতিৰত ক’লো ৷
‘‘পঢ়া-শুনা কৰি আছা নে ? মই আদি তোমাক আমনিহে কৰিলো ছাগে ৷’’
‘‘নাই নাই খুড়া ! কিহৰ আমনি আকৌ ?’’ কথাখিনি ক’ব লাগে কাৰণেহে তেনেকৈ ক’লো ৷ খুড়াদেউ ওচৰতে কিয় আহিছে মই ধৰিব পৰা নাই ৷ বাটে-ঘাটে দেখিলে মই তেখেতক কেতিয়াও মাত দি পোৱা নাই আৰু তেখেতেও মোক কোনোদিনে মাত দিয়া নাই ৷ তেখেতনো আচলতে কিয় আহিছে মই ধৰিব পৰা নাই ৷
মোৰ কথা শুনি খুড়াদেৱে ক’লে, ‘‘নাই নাই পৰীক্ষা আছে ৷ পঢ়া-শুনা কৰিব লাগে ৷ ব’লা বাৰু অলপ বহো তোমালোকৰ তাত ৷’’
বৈঠকখানাত খুড়াদেউ এখন ছোফাত বহিল ৷ মোক কিবা ক’ব বুলি তেখেতৰ সন্মুখত অলপ পৰ থিয় হৈ ৰ’লো ৷ একো নোকোৱা দেখি ময়ে ক’লো, ‘‘মাৰ অপাৰেচন আছে যে সেইকাৰণে মাহঁত গুৱাহাটীলৈ গৈছে ৷’’ খুড়াদেউৰ মুখলৈ চাই মন কৰিলো তেখেতে চকুদুটা মুদি বহি আছে ৷ কি কৰো কি নকৰো কৈ ময়ো তেখেতৰ সন্মুখৰ ছোফাখনতে বহিলো ৷

বহি আছো ৷ এখন ছোফাত মই আৰু মোৰ সন্মুখত খুড়াদেউ ৷ মই চাই আছো খুড়াদেউৰ চকুলৈ আৰু খুড়াদেৱে বহি আছে চকু দুটা মুদি ৷ মই মনতে ভাবি আছো, ‘‘খুড়াদেৱে বাৰু চকু মুদি মুদি কি ইমান চিন্তা কৰি আছে ? কেতিয়া মেল খাব চকু? কেতিয়া মোক ক’ব কথাখিনি ?’’ কি কথা ক’ব জানিবলৈ বৰ মন গৈ আছে ৷ মেল নাখায়হে নাখায় ৷ সেইযে আগৰ দিনত ঋষি-মুণিসকলে তপস্যা কৰে খুড়াদেউক দেখি মোৰ সেইবোৰ কথা মনত পৰি গ’ল ৷ মনতে ভাবিলো কেনেবাকৈ অপেশ্বৰী এজনী আহি যদি অকনমান নাচ-বাগ কৰি দিলে হয় !!

অপেশ্বৰী নহাকৈয়ে খুড়াদেউৰ চকু মেল খালে ৷
‘‘হেৰি নহয়, তুমি ৰাতি কেই বজাত ভাত খোৱা বাৰু ?’’
‘‘নমান বজাত খাওঁ খুড়া ৷’’
‘‘হমমমম ! ন বজাত ! কি খায় ভাল পোৱা ? মাছ নে কুকুৰা ?’’
‘‘কুকুৰা খুড়া ! কুকুৰা খায় ভাল পাওঁ ৷’’
খুড়াদেউৰ মুখত হাঁহি বিৰিঙি উঠিল, ‘‘কুকুৰা !! ময়ো ভাল পাওঁ কুকুৰা ৷’’

খুড়াদেউৰ কথা শুনি মই আচৰিত হ’লো ৷ কথা নাই বতৰা নাই প্ৰথমবাৰৰ বাবে মোৰ লগত কথা পাতিছে তাকো মই কি খায় ভাল পাওঁ !! কিবা এটা সন্দেহ কৰি কৈ দিলো, ‘‘খুড়া, মই কুকুৰা খায়হে ভাল পাওঁ ৷ ৰান্ধিব নাজানো কিন্তু ৷ এই কেইদিন মাহঁত নাই যে সেই কাৰণে যাৰ ঘৰলৈকে খাবলৈ মাতে তালৈকে গৈ ভাত খায় আছো ৷’’
‘‘আজি ৰাতি তুমি আমাৰ ঘৰতে ভাত খাবা দিয়া ৷’’
মনতে ভালেই পালো যদিও ক’লো, ‘‘নালাগে খুড়া …… হ’ব দিয়ক বাৰু ৷’’
খুড়াই মোৰ কথাত বৰ গুৰুত্ব নিদি ক’লে, ‘‘আহিবা তেনেহ’লে নজাত পোৱাকৈ ৷ শুনাচোন তুমি কুকুৰা মাংসত জ্বলা দিলে খোৱা নে ?’’
‘‘খাওঁ খাওঁ খুড়া ৷’’
‘‘কাটাই কাটাই নবজাত পোৱাকৈ আহি যাবা কিন্তু ৷’’

ময়ো কাটাই কাটাই নবজাত পালো গৈ খুড়াদেউৰ ঘৰ ৷ পদুলিমুখ পায় দেখো গোটেই ঘৰ অন্ধকাৰ ৷ আছে নে নাই কোনোবা বাৰু ? কলিং বজাই ৰৈ আছো ৷ অকনমান সময় পাছত দুৱাৰ খোল খালে ৷ খুড়াদেৱে দুবাৰখন খুলিয়ে ভিতৰলৈ সোমাই গ’ল ৷ মোক আহিলা, আহা, বহা জাতীয় একো নক’লে ৷ বেঙাটোৰ দৰে অকণমান সময় বাহিৰত ৰৈ মই সোমাই গ’লো ভিতৰলৈ ৷

বৈঠকখানাত জ্বলি আছে এটা ‘ডিম-লাইট’ ৷ এখন চকিত বহি আছে খুড়া ৷ ভালকৈ চাই দেখো চকু দুটা মুদি আছে ৷ কি কৰো কি নকৰো কৈ মই তেওঁৰ সন্মুখৰ চকিখনতে বহিলো ৷ ইফালে সিফালে চাই কাকো দেখা নাপালো ৷ পোন্ধৰ মিনিটমান তেনেকৈ পাৰ হ’ল ৷ খুড়াদেউ বহি আছে চকু মুদি, খুড়ীদেউৰ দেখা দেখি নাই ৷ এবাৰ ভাবিলো মনে মনে ঘৰলৈকে গুছি যাওঁ নেকি ? তাৰ পাছতে মনত পৰিল ভাত ক’ত পাম ৰাতিখন ৷ তাতে জ্বলা দিয়া কুকুৰাৰ মাংসৰ কথা আছে ৷ মাজে মাজে ঘৰৰ ভিতৰৰ ফালে বেঙা মেলি চাবলৈ যত্ন কৰো ৷ গোটেই ঘৰতে জিৰো-পাৱাৰৰ ডিম লাইট জ্বলাই থোৱা আছে ৷ একো নেদেখি ৷ দেখিব নালাগে বাৰু ৷ কিন্তু ভিতৰত একো সাৰ-সিকতিও নাই ৷
চাৰে নমান বজাত খুড়ীদেৱে দেখা দিলে ৷ মনতে ভাবিলো এইবাৰ মাতিব খাবলৈ ৷ পাছে তেখেতেও আহি চকি এখনত বহি চকু দুটা মুদি দিলে ৷ ময়ো চকু দুটা মুদি বহি থাকিলো ৷ মনতে ভাবিলো, ‘‘আজি জ্বলা দিয়া কুকুৰাৰ মাংস খায় হে যাম ৷’’

দহ বাজিবলৈ পোন্ধৰ মিনিটমান থাকোতে খুড়ীদেৱে মাত দিলে, ‘‘তুমি নমান বজাত ভাত খোৱা নেকি ?’’
‘‘হয় খুড়ী ৷ পঢ়া-শুনা কৰো যে সেই কাৰণে সোনকালে খাওঁ ৷’’
‘‘হমমমমমমম … ! আমি এঘাৰমান বজাত খাওঁ ৷’’
‘‘হে ভগবান !! যাহ্ আজি এগাৰ বাজক, বাৰ বাজক, জ্বলা দিয়া কুকুৰাৰ মাংস খায় হে যাম ৷’’ মনতে ভাবিলো ৷
আকৌ চকু মুদি বহি ৰ’লো খুড়াদেউ, খুড়ীদেউ আৰু মই ৷ বহু পৰ যোৱাৰ পাছত খুড়ীয়ে ক’লে, ‘‘তোমাৰ দেৰী হ’ব ছাগে ৷ মই ভাতত ধৰো গৈ ৰ’বা ৷’’
‘‘তাৰ মানে কি বাৰু ?? এতিয়া ভাত ৰান্ধিবলৈ ধৰিবহে নেকি ???’’, মনতে ভাবিলো ৷

পাছে বেছি পৰ ৰ’ব লগা নহ’ল ৷ খুড়ীয়ে মাত লগালে, ‘‘ভাত বাঢ়িছো দেই ৷’’
তেখেতৰ কথাখিনি শেষ হ’ল কি নহ’ল ৷ খুড়াদেউ একে জাপে গৈ খোৱা মেজ পালে গৈ ৷ ময়ো তেখেতৰ পাছে পাছে দৌৰ মাৰি যোৱা দি গ’লো ৷ খোৱা মেজখনৰ এটা মুৰে মই আনটো মুৰে খুড়া ৷ খুড়ী খুড়াৰ ওচৰতে বহিল ৷ ডিম লাইটৰ পোহৰ যদিও খোৱা-পাতত মন কৰি ভালকৈয়ে দেখিছো এসোপামান ভাত, ডাইল আৰু বন্ধা কবি ভাজি ৷ পাছে  জ্বলা দিয়া কুকুৰাৰ মাংস নাই দেখোন !! মনতে ভাবিলো এইখিনি খাই হোৱাৰ পাছত দিব ছাগে ৷
পাছে খুড়াই মাত লগালে, ‘‘হেৰা, জ্বলা দিয়া কুকুৰাৰ মাংস দিয়া নাই যে ? এওঁকো দিয়া আকৌ ৷’’
খপজপাই খুড়ীয়ে ক’লে, ‘‘অ অ ! দিছো ৰ’বা ৷’’
খুড়ীয়ে জ্বলা দিয়া কুকুৰাৰ মাংস খুড়াক ঠিকেই দিলে ৷ পাছে মোক নিদিলে দেখোন ! পাছৰ বাৰত দিব ছাগে ৷
খুড়াই মোক সুধিলে, ‘‘জ্বলা দিয়া কুকুৰাৰ মাংস কেনে পাইছা ?’’
মিছা মাতিবলৈ মন নগ’ল ৷ মই নুশুনা ভাওঁ জুৰিলো ৷
খুড়াই আকৌ মাত লগালে, ‘‘হেৰা, এওঁক আৰু অকনমান জ্বলা দিয়া কুকুৰাৰ মাংস দিয়া আকৌ ৷’’
মনতে ভাবিলো, ‘‘অকণমান হ’লেও দিব কিন্তু ৷ জ্বলা দিয়া কুকুৰাৰ মাংস খাম বুলি ইমান দেৰী বহিলো ৷’’

এইবাৰো মোৰ ভাগত জ্বলা দিয়া কুকুৰাৰ মাংস নপৰিল ৷ মই নিজে লৈ ল’বলৈ মাংসৰ বাটিটো আছে মেজখনৰ সিফালে ৷ খুড়া-খুড়ীৰ ডিম লাইটত দেখি থকা মুখ দুখন দেখি অলপ ভয়ো খালো ৷ নিজেই মাত দিলে, ‘‘খুড়ী বৰ বেলেগ জ্বলা দিছে দেই !!! মাজ্জা লাগিল জ্বলা দিয়া কুকুৰাৰ মাংস খায় ৷’’

ভাত খায়, মুখ-হাত ধুই এক মিনিটো নৰখিলো তাত ৷ মই আজিও বুজি পোৱা নাই মোক সেইদিনা কিয় নিমন্ত্ৰণ কৰিছিল ‘‘জ্বলা দিয়া কুকুৰাৰ মাংস’’ খাবলৈ ৷



 

Monday, 3 June 2013

পৰুৱা কেনেকৈ মাৰিব লাগে

ইন্টাৰনেটত দেখি থকা এটা কৌতুক –
পৰীক্ষাত ১০ নম্বৰৰ প্ৰশ্ন আহিছে ‘‘এটা পৰুৱা কেনেকৈ মাৰিব লাগে ?’’

উত্তৰ –
চেনীৰ সৈতে জলকীয়া গুৰি মিহলি কৰি পৰুৱাক খুৱাব লাগে ৷ সেই মিশ্ৰণখিনি খোৱাৰ পাছত পৰুৱাটোৱে পানী বিচাৰি এটা পানীৰ পাত্ৰৰ ওচৰলৈ যাব ৷ তেতিয়া পৰুৱাটোক লাহে কৈ পানীলৈ ঠেলা মাৰি দিব লাগে ৷ পানী তিতি জুৰুলি-জুপুৰি হোৱা পৰুৱাটো এইবাৰ জুইৰ ওচৰলৈ যাব নিজকে শুকুৱাবলৈ ৷ পৰুৱাটো জুইৰ ওচৰত থাকোতেই জুইকুৰালৈ এটা ব’ম দলি মাৰি দিব লাগে ৷ ব’মটোৰ বিস্ফোৰনত পৰুৱাটো গুৰুতৰভাবে আহত হ’ব ৷ সেই আহত পৰুৱাটো কোনো এক হস্পিতালৰ ICUত ভৰ্তি হৈ থাকিব ৷ তাৰ পাছত মনে মনে গৈ পৰুৱাটোৰ মুখত লাগি থকা অক্সিজেন মাস্কটো আতৰাই দিব লাগে ৷ তেনে কৰিলে পৰুৱাটোৰ মৃত্যু নিশ্চিত ৷


কোনে কোনে পৰীক্ষাত এনে ধৰনে উত্তৰ দিছে মই নাজানো ৷ মই পাছে জীৱনত এবাৰ এনে উত্তৰ দি পাইছো ৷ ইঞ্জিনিয়াৰীঙৰ প্ৰথম ষান্মাষিকত এটা বিষয় আছিল – Building Material And Survey ৷ সকলোৰে মুখতে শুনিলো সহজ বিষয় ৷ এদিন পঢ়িলেই হৈ যায় ৷ পৰীক্ষাৰ আগদিনা পঢ়িবলৈ লৈ দেখিলো বহুত কিবাকিবি আছে ৷ কথাবোৰ মনত নাথাকেহে নাথাকে ৷

ক্লাছ কৰি থাকোতেই চাৰৰ কথাৰ পৰাযে এটা কথা গম পাইছিলো Mortarৰ ওপৰত চমু টোকা আহিব ৷ xobdo.orgৰ মতে Mortarৰ অসমীয়া প্ৰতিশব্দ কৰাল অথবা মচলা যাৰ অৰ্থ হৈছে ‘‘চিমেণ্ট, বালি আদি মিহলাই তৈয়াৰ কৰা ইটা-গঁথা মিশ্ৰণ’’ ৷ পৰীক্ষাত যিহেতু আহিব গতিকে Quick Setting Mortar, Lime Mortar আৰু আন আন বিভিন্ন ধৰণৰ Mortarৰ বিষয়ে ভালকৈ পঢ়ি সাজু হৈ লৈছো ৷

গোটেই নিশা পঢ়ি পাছ দিনা গ’লো পৰীক্ষা দিবলৈ ৷ হাতত প্ৰশ্ন কাকতখন পৰাৰ লগে লগেই চমু টোকা কি আহিছে চালো ৷ চকুত পৰিল Time Mortar ৷ আৰে এইটো কি আকৌ ????? গোটেই নিশা পঢ়িলো ৷ ক’তো Time Mortarৰ কথা দেখা মনত নাই পৰা ৷ Quick Setting Mortarৰ মানে আছিল এনে এবিধ কৰাল বা মচলা যি অতি সোনকালে গোট মাৰে ৷ দলঙৰ খুটা আদিত এই বিধ কৰাল ব্যৱহাৰ কৰা হয় ৷ Time Mortarৰ তেনে ধৰণৰে কিবা হ’ব ছাগে ৷ Time মানে সময় ! হৈ যাব ! পাৰিম লেখিব ৷
চেকুৰাই দিলো কল্পনাৰ ঘোৰা ৷ দুই পাতমান লেখি দিলো Time Mortarৰ ওপৰত ৷ তাৰ পাছত বেলেগ প্ৰশ্নত মন দিলো ৷ দুঘন্টামান যোৱাৰ পাছ আচিন্ত বেজবৰুৱাচাৰ আহি ক’লে, ‘‘প্ৰশ্ন কাকতত এটা ভুল আছে দেই ৷ Time Mortarৰ ঠাইত Limeহে হ’ব লাগিছিল ৷’’
এনেয়ে সময় নাই কাট আকৌ দুইপাত উত্তৰ !!!!!!!!!!!!!!!!