Tuesday, 30 April 2013

দেউতাৰ সৈতে .................

আই.পি.এল. চাই আছো প্ৰাপ্তিয়ে প্ৰশ্ন কৰিলে, ‘‘দেতা এন. ফ্ৰাংক কোন আছিল ?’’
‘‘কি ?’’
তাই আকৌ সুধিলে, ‘‘ডায়েৰী মানে কি ?’’
‘‘
তুমি গম পালা এন ফ্ৰাংকৰ কথা ?’’
মোৰ কথাত বৰ গুৰুত্ব নিদি তাই কৈ , ‘‘বৰ্ল্ড ৱাৰ টু নাইন্টিন ফৰ্টীটুত আৰম্ভ হৈছিল ?’’
গম পালো আজি আই.পি.এল চোৱা নহ’ব ৷

দুয়ো বিচনাত উঠি ল’লো ৷
আৰম্ভ কৰিলো এন ফ্ৰাংকৰ ডায়েৰীৰ কথা ৷
আৰম্ভ কৰিলো দ্বিতীয় বিশ্বযুদ্ধৰ কথা ৷
প্ৰাপ্তিয়ে দুয়োখন বিশ্বযুদ্ধৰ কথা অলপ অচৰপ জানে ৷ জানে মানে সাত আঠ বছৰীয়া ছোৱালী এজনী হিচাবে জানে তাই ৷ কোন চনত হৈছিল, কাৰ কাৰ মাজত হৈছিল, কোন জিকিলে আদি ৷
দ্বিতীয় বিশ্বযুদ্ধৰ ওপৰত মোৰ বৰ আগ্ৰহ ৷ সেই বিষয়ত চিনেমা পালেই চাওঁ, কেতিয়াবা তায়ো মোৰ সৈতে বহি লয় ৷ তাই মোৰ সৈতে বহিলে দুঘন্টাৰ চিনেমা চাৰি ঘন্টাতো শেষ নহয় ৷ তাইক বহু কথা বুজাব লগা হয় ৷

তাই হিটলাৰৰ কথা শুনিছে, জানে ৷  গতিকে বৰ অসুবিধা হোৱা নাই বুজাবলৈ কিয় এন ফ্ৰাংকৰ পৰিয়ালে আত্মগোপন কৰি থাকিব লগা হৈছেল ৷
‘‘প্ৰাপ্তি তুমি মোক হঠাতে সুধি দিলা  ৷ সকলো কথা এতিয়া মোৰ মনত নাই নহয় ৷’’
‘‘হ’ব দেতা, যি মনত আছে কোৱা ৷’’
মই গুগুলৰ পৰা বিচাৰি কোৱা কথাত কৈ মই যিখিনি নিজেই ক’ব পাৰো বা জানো সেইখিনি শুনিহে তাই ভাল পায় ৷ ভাবি পালো কাৰন বোধহয় দুটা ৷ প্ৰথম কাৰন দেউতাকে বহু কথা যে জানে সেইটো তেতিয়া প্ৰতিপন্ন হয় ৷ দ্বিতীয় তথা আচল কাৰন গুগুলত কিবা এটা বিচাৰি থকা সময়খিনিত তাই অধৈৰ্য্য হৈ যায় ৷
মই আৰম্ভ কৰিলো, ‘‘ঠিক আছে বাৰু ৷ এন ফ্ৰাংকে ১৯৪২ চনত তেওঁৰ ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল ৷ তেওঁ..’’
‘‘দেতা ১৯৪২ত আইতাৰ বয়স কিমান আছিল ৷’’
‘‘তেতিয়া আইতাৰ জন্মই হোৱা নাছিল ৷’’
‘‘মামা ককা ?’’
‘‘আজু মাহী আইতাৰ সমান বয়স হ’ব ছাগৈ এন ফ্ৰাংক ৷’’ মই এনেয়ে অনুমান এটা কৰিলো ৷
‘‘দেতা আজুককা প্ৰথম বিশ্বযুদ্ধত কোনখন দেশলৈ গৈছিল ?’’
‘‘মেছপটেমীয়া ৷’’
‘‘মেছপটেমীয়া ! অ অ মই পাহৰি গৈছিলো ৷’’
‘‘প্ৰাপ্তি, তুমি এতিয়া মেছপটেমীয়াৰ কথা শুনিবা নে এন ফ্ৰাংকৰ কথা ?’’
‘‘অ অ, কোৱা কোৱা ৷’’ প্ৰাপ্তিয়ে ওঁঠত আঙুলি এটা থৈ তাই যে মনে মনে থাকিব বুজাই দিলে ৷

এনেকুৱাই হয় ৷ আমি আৰম্ভ কৰো এটা বিষয়ৰ ওপৰত আৰু শেহত আমি কথা পাতি থাকো বেলেগ এটা বিষয়ৰ ওপৰত ৷
তাই বুজা হোৱাৰে পৰা যে আমি কিমান কথা পাতিলো ! কথা পাতি পাতি কিমান দেশৰ ভ্ৰমণ কৰিলো ঠিক নাই ৷ আমাজনৰ বৰ্ষাবন, পিৰাহনা মাছ, সুমেৰুৰ পেংগুইনৰ জীৱন, সুমেৰুত থকা ভাৰতৰ গংগোত্ৰী, ছাইবেৰীয়া, য়েটী বা তুষাৰমানব, বাৰমুডা ত্ৰিভুজ, আটলান্টিছ নামৰ হেৰুৱা চহৰখন, আটলান্টিছ নামৰ মহাকাশযানখন, কল্পনা চাওলা, স্পুটনিক, এপল অভিযান, আন্তঃৰাষ্ট্ৰীয় মহাকাশ গবেষনা কেন্দ্ৰ, মহানাদ, আলাস্কা, গংগা নদীৰ উৎস, ব্ৰহ্মপুত্ৰৰ উৎস, জাতিংগা, পৰিভ্ৰমী চৰাই, ………..৷

প্ৰথমে আচৰিত হৈ সুধিছিলো, ‘‘ক’ত গম পালা এইটোৰ কথা ?’’
‘‘ছোটা ভীম (বা টম এন জেৰী)ত দেখুৱাইছিল ৷’’
এই কাৰ্টুনবোৰ চাই বহুত ভাল কথাও শিকিব পাৰি ৷ পাছে আমি জাতিংগা, ব্ৰহ্মপুত্ৰৰ উৎস আদি দুটামান কথাৰ বাহিৰে অসম সম্পৰ্কীয় বেছি কথা পতা নাই ৷ অসমৰ কথা ছোটা ভীমত নেদেখুৱাই ৷ গতিকে তায়ো মোক সোধাই নাই, মোৰো কোৱা নহয় ৷

প্ৰাপ্তিৰ লগত কথাবোৰ পাতি থাকি ভাল পাওঁ ৷ কাৰন প্ৰাপ্তিৰ মাজত নিজকে বিচাৰি পাওঁ ৷
প্ৰাপ্তিৰ দৰে মই সৰু থাকোতে ময়ো দেউতাক এনেদৰে কথা সুধিছিলো ৷ গুগুল নথকা দিনতো দেউতাই মোক যিমান পাৰে সিমান কথা বুজাই দিছিল ৷
প্ৰাপ্তিৰ দৰে ময়ো দেউতাৰ সৈতে কথা পাতি থাকোতে এটা বিষয়ত আৰম্ভ কৰি বেলেগ বিষয়ত শেষ কৰিছিলো ৷
মই প্ৰাপ্তিক কোৱাৰ দৰে দেউতায়ো মোক কৈছিল, ‘‘বুবী, এতিয়া তুমি এইটো শুনিবা নে কোনটো কথা শুনিবা ?’’
প্ৰাপ্তিৰ দৰে ময়ো তেতিয়া ওঁঠত আঙুলি থৈ কৈছিলো, ‘‘অ অ, কোৱা কোৱা ৷’’

পাছে মাজে মাজে এটা বুজাব নোৱাৰা ধৰনৰ বেজাৰে মনটো সেমেকাই দিয়ে ৷
সেই কাৰনে প্ৰাপ্তিৰ সৈতে যিমান পাৰো এতিয়াই কথা পাতি লৈছো ৷
তাই যদি মোৰ দৰে হৈ যায় ?
সৰুকাল চোৱাত দেউতাৰ হাতত ধৰি ধৰিয়ে ফুৰিলো ৷ দেউতায়ে মোক সকলো কথা শিকালে ৷ দেউতাৰ লগতে সকলো কথা পাতিছিলো ৷
পাছে পঢ়ি শুনি যেতিয়া ‘শিক্ষিত’ হ’লো তেতিয়া জানো মোৰ কি হৈ গ’ল ? এনে লাগিবলৈ ধৰিলে যেন দেউতাই একো নাজানে আৰু মই সকলো জানো ৷ দেউতাক পুৰনিকলীয়া যেন লগা হ’ল ৷ দেউতা ৰৈ থাকে মোৰ সৈতে কথা পাতিবলৈ ৷ মই পাছে নাপাতিলো তেখেতৰ সৈতে দেশ বিদেশৰ কথা ৷

এতিয়া দেউতা নাই ৷ মই নিজেই ‘দেউতা’ হ’লো ৷ এতিয়া মনত পৰে মোৰ সৰুকালৰ সেই দিনবোৰৰ কথা আৰু মনত পৰে মই শিক্ষিত হৈ অশিক্ষিত হৈ যোৱা সেই দিনবোৰৰ কথা ৷

আশা কৰিছো মোৰ ছোৱালীজনীয়ে সদায়ে মোক কিবা নহয় কিবা এটা সুধি থাকক ৷
যিমান দিনলৈ পাৰো তাইক কৈ যাম ৷
যিমান দিনলৈ পাৰো গুগুল নকৰাকৈয়ে কৈ যাম ৷
যিমান দিনলৈ পাৰো পুৰণিকলীয়া নহ’বলৈ যত্ন কৰিম !
স্বৰ্গীয় সদানন্দ দত্ত


‘‘দেউতা মোক আকৌ  ১৯৫০ বৰভূইকঁপৰ কথা কোৱাচোন ৷ বহুদিন আগতে পাতিছিলো মনত আছে নে তোমাৰ ?’’





Sunday, 28 April 2013

GMDAৰ পানী যোগান আচনি


GMDAৰ পানী যোগান আচনি

তপনৰ বিয়ালৈ বুলি টংলালৈ গৈ থাকোতে  কথাটো ওলাল ৷ শৰাইঘাটৰ দলঙত উঠাৰ ঠিক আগে আগে অগ্নিৰ চকুত পৰিল ৷ GMDAৰ পানী যোগান আচনি ৷ সি প্ৰশ্ন কৰিলে, ‘‘দাদা এটা কথা কওঁকচোন GMDAৰ এইটো কি কাৰবাৰ ? 107 MLD কিয় ? ’’
‘‘আৰে  ভাই 107 MLD মানে 107 Million Litre / Day  ৷ দৈনিক সিমান পানী যোগান ধৰিব যেন লাগিছে ৷ বহুত পানী দিব দেই ৷’’
‘‘এহ্ দাদা ! জানো দিয়ক  107 MLD মানে 107 Million Litre / Day  ৷ কিন্তু কিয় 107 MLD ? কিয় 100 MLD বা 110 MLD নহ? ইমান  পাক্কা হিচাব এটা কেনেকৈ কৰি দিলে ?’’

তেতিয়াহে চিন্তা কৰিলে কথাটো ৷

মৃণ্ময়দাদাই ভাল উত্তৰ এটা দিলে, ‘‘এই ঘটনাটো বিত্ত বিভাগত হল গৈ ৷’’
অগ্নি আৰু মই আচৰিত হৈ সুধিলো, ‘‘বিত্ত আকৌ কৰ পৰা ওলাল ?’’
দাদাই বুজালে, ‘‘তোমালোকে নুবুজিবা ৷ মানে মালীয়া (ধনৰ কথা কৈছে) আহিব বিত্তৰ পৰা ৷ তেওঁলোকৰ হাতত আছে এখন হাত পুথি ৷ তাত লিখা আছে এজন মানুহক দৈনিক কিমান পানী লাগে ৷ তেওঁলোকৰ হাতত আছে আকৌ মহানগৰীৰ জনসংখ্যাৰ তথ্য ৷ এই মুঠ জনসংখ্যাৰে প্ৰতি ব্যক্তিৰ পানীৰ দৈনিক চাহিদা যেতিয়া পূৰণ কৰি দিলে তেতিয়া খুব সম্ভৱ ১০৭ ওলালে ৷ গতিকে এতিয়া আমাৰ গুৱাহাটীত দৈনিক চাহিদা ১০৭ মিলিয়ন লিটাৰ ৷’’
অগ্নিয়ে আকৌ সুধিলে, ‘‘এই ১০৭টো বাৰু কোনচনৰ চাহিদা ?’’
‘‘GMDAৰ মানুহবোৰ দূৰদৰ্শী ৷ শুনিছো হেনো এইটো ২০১৬মানত শেষ হোৱা কথা ৷ মোৰ ধাৰণা হিচাবটো ২০২০ চন মানৰ হব ৷ তেওঁলোকে জানে দিয়াচোন আচনি কাৰ্য্যকাৰী কৰোতে কেইবছৰমান পলম হবই তেওঁলোকৰ ৷’’ মই অকনমান অন্যমনস্ক হৈ কলো ৷ মনত পৰি গল ৯০ৰ দশকৰ শেষৰ ফালে গোটানগৰত GMDAয়ে নিৰ্মান কৰা ট্ৰাক আস্থানটোৰ কথা ৷ কেইবা শ ট্ৰাক একে লগে ৰাখিব পৰাকৈ সাজি উলিয়াইছিল সেই আস্থানটো ৷ পাছে আজি কালি দেখোন ট্ৰাকবোৰ তাত নাৰাখে ৷ তাত এতিয়া বোধহয় GMDAয়ে কিবা বেলেগ আচনি লৈছে ৷ আমাৰ পানী যোগান আচনি বা আকৌ ২০২০ চন মানত কি যোগান আচনি হৈ গৈ ঠিক নাই কিন্তু !

তপনৰ বিয়ালৈ যোৱা কিছু দিন হল ৷

এতিয়া গোটেই গুৱাহাটী ওলট পালট ৷
গোটেই গুৱাহাটী খান্দি-খুন্দি শেষ কৰিছে ৷ দেখি লাগিছে GMDAয়ে পানী যোগান ধৰিহে এৰিব ৷

এতিয়া মহানগৰখনত যেনিয়ে যাওঁ তেনিয়ে মাথো GMDAৰ পানী যোগান আচনি ৷ বাট-পথবোৰৰ কাষে কাষে নীলা নীলা পানীৰ পাইপ পৰি থকা দেখা যায় ৷ কেতিয়াবা ভুটুংকৈ কেইজনমান মানুহ আহে ৷ যুদ্ধ সদৃশ ক্ষিপ্ৰতাৰে কাম কৰে ৷ প্ৰথমেই বাট-পথবোৰৰ একাষ দকৈ খান্দি লয় আৰু  নিমিষতে পাইপবোৰ মাটিৰ তলত পুতি দিয়ে ৷ পাইপ পুতি হৈ যোৱাৰ লগে লগে লুইতৰ শিহুৰ দৰে মানুহ কেইজন নোহোৱা হৈ যায় ৷
নীলা পাইপবোৰ মাটিৰ তল পায় গৈ ঠিকেই ৷ পাছে ৰাইজে দিশপুৰত আবেদন কৰি কৰি কোনো মতে গড়কাপ্তানি বিভাগৰ দ্বাৰা নিৰ্মান কৰি  লোৱা বাট-পথবোৰৰ অৱস্থা নোহোৱা হৈ যায় ৷

এই কেইদিন মা আৰু পেহীদেৱে বৰকৈ কথা পাতি আছে, ‘‘GMDAৰ পানী কেতিয়া আহিব জানো ?’’
মই কলো, ‘‘বৰষুণ এজাক জোৰত দিলেই হ, GMDAৰ পানী আহি যাব ৷’’

যোৱাকালি দিনটো বৰষুণ ৷ সন্ধিয়ালৈ মাক কলো, ‘‘GMDAৰ পানী  আহিল ৷’’
মা আৰু পেহীয়ে বৰ উৎসাহেৰে সুধিলে, ‘‘? ?’’
‘‘সন্মুখৰ নামঘৰ পথটো চোৱা গৈ ! GMDAয়ে পাইপ বহুৱাই গোটেই নামঘৰ পথ নামঘৰ নলাকৰি থৈ গৈছিল নহয় ৷ এতিয়া বৰষুণৰ পানীৰে গোটেইখন উপচি আছে ৷’’



Saturday, 27 April 2013

বেষ্ট ফ্ৰেন্ডৰ বিয়া


আজি বহু দিনৰ পাছত নিমন্ত্ৰণ নোহোৱাকৈ সোমাই গলো বিয়া খাবলৈ ৷
অপুৱে কলে, ‘‘ দাদা বিয়া এখন আছে খাই আহো বলক ৷’’
‘‘কাৰ বিয়া ?’’
‘‘মোৰ লগৰ লৰাৰ ৷’’
এতিমধ্যে মোৰ, অপুৰ আৰু জ্যোতিৰ ভল্গা নদীৰ পাৰে পাৰে হৈ গল ৷
গতিকে জ্যোতি আৰু মই কলো, ‘‘লা ৷’’

বিয়া খাবলৈ বুলি পালো গৈ চান্দমাৰী কলনীত থকা পূজা মন্ডপৰ সভাগৃহত ৷ বিয়াৰ একো চিন-চাব নাই ৷ অপুৱে ফোন কৰি গম পালে বিয়া ফ্লাই অভাৰৰ  তলত থকা পূজা মন্ডপৰ সভাগৃহত ৷ নিশা ১০ মান বজাত হলো গৈ উপস্থিত ৷

নিঃসংকোচে সোমাই গলো ৷
দৰাৰ লগত চিনাকী হলো ৷
অপুৱেই চিনাকী কৰাই দিলে ৷
‘‘এইয়া মোৰ দাদা (মোৰ ফালে দেখুৱাই) আৰু এইয়া মোৰ বেষ্ট ফ্ৰেন্ড (দৰাৰ ফালে দেখুৱাই ) ৷’’

দুই মিনিটমান পাছতে ভাত মুঠি ধৰো বুলি খোৱা ঘৰ পালো গৈ ৷
ভাত খাই থকাৰ মাজতে সুধিলো, ‘‘অপু দৰাৰ নাম কি ?’’
‘‘দৰাৰ নাম ? মলয় দাস ৷’’

কাষতে ভাত খাই থকা আন এজনে মাত লগালে, ‘‘হেহ্ দৰাৰ নাম মৃন্ময় শৰ্মা হে !’’

ঠিয় হৈ জ্যোতি, তাৰ কাষত মই
বাকীদুজনৰ নাম পাহৰিলো
দৰা ইয়াত নাই
আমিকেইটাই তেখেতৰ ফালে পোন্ডোৱাকৈ চালো, বেষ্ট ফ্ৰেন্ড কাৰ - তেওঁৰ নে আমাৰ অপুৰ ?


Friday, 26 April 2013

ফ্লাই অভাৰ


আজি Rajdeep Anecdote Pathakৰ ৱালত এটা পোষ্ট দেখা পালো
‘‘aaila dibrugarh_ot flyover... ...’’

তেওঁৰ পোষ্টটো দেখাৰ পাছত বহু পুৰণি কথা এটালৈ মনত পৰি গল ৷

মই জীৱনত প্ৰথমবাৰৰ বাবে ফ্লাই অভাৰশব্দটো শুনিছিলো চান্দমাৰীৰ আনন্দৰাম বৰুৱাৰ নিৰ্মানৰ সময়ত ৷
যিদিনা সেই উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল সেইদিনা আমি গুৱাহাটীলৈ আহিছিলো ৷ দেউতাই চান্দমাৰীলৈ লৈ গৈ বুজাই দিছিল, ‘‘এইযে বাটটো দেখিছ, সেইটো ফ্লাই অভাৰখন হলে বন্ধ হৈ যাব ৷ এই ফ্লাইঅভাৰখন এনেকৈ গৈ তেনেকৈ ঘুৰিব আৰু সেইফালে গৈ নামিব ৷’’ হাতেৰে অংগী-ভংগী কৰি দেউতাই বহুত কিবা কিবি বুজালে ৷

গুৱাহাটীৰ পৰা উভটিলো কোকৰাঝাৰলৈ ৷ লগৰবোৰক কলো, ‘‘গুৱাহাটীত ফ্লাই অভাৰ নিৰ্মান হৈ আছে ৷’’
এটাই সুধিলে, ‘‘মানে কি ?’’
মই উত্তৰ দিলো, ‘‘মানে অভাৰ ব্ৰীজ আকৌ ৷’’
আন এটাই কলে, ‘‘যদি অভাৰব্ৰীজেই হয় তেনেহলে ফ্লাই অভাৰ বুলি কিয় কয় ? এহ্ তেনেকুৱা অভাৰব্ৰীজ ফ্লাইঅভাৰ আমিও দেখিছো দে ৷’’
মই অনুমান কৰিলো গুৱাহাটীত দেখি অহা, শুনি অহা ফ্লাই অভাৰনামৰ অচহুৱা বস্তুটোৰ যাদুৱে কাম কৰা নাই ৷
অলপ গহীনাই কলো, ‘‘আচলতে ফ্লাইঅভাৰ আৰু অভাৰব্ৰীজ ইমানো একে নহয় ৷ বহুত বেলেগ ৷’’
‘‘কি বেলেগ ?’’
‘‘চা অভাৰব্ৰীজখন ৰেললাইনৰ ওপৰেৰে চিধাচিধি পাৰ হৈ যায় ৷ কিন্তু ফ্লাই অভাৰখন তেনেকৈ নাযায় ৷’’
‘‘তেনেহলে কেনেকৈ যাব ?’’
‘‘ফ্লাই অভাৰবোৰ বেকা কেৰি কৈ যায় ৷ ওপৰতে টাৰ্নিং লৈ লৈ যায় ৷ বেলেগ বস্তু এইটো দে ৷’’
লগৰবোৰৰ চকু ডাঙৰ হৈ গ, ‘‘হেহ্ ! হয় নেকি ?’’

সেইদিনাৰ বাবে মই ফ্লাই অভাৰবোলা বস্তুটোৰ এটা আচৰিত ব্যাখ্যা দাঙি ধৰিব পাৰিলো ৷ তাৰ পাছত  কোনোদিনে এই কথা মোৰ মনলৈ অহা নাছিল ৷
আজি ভাবিছো গুগুলকে কৰি চোৱা ভাল হব এই  ফ্লাই অভাৰআৰু অভাৰব্ৰীজৰ পাৰ্থক্যনো কি ?
পাছে গুগুল কৰোতে যিখনহে ওলাল পঢ়িবকে মন যোৱা নাই ৷
Rupamদা বুজাই দিব নেকি ?

মহাকাশলৈ যাত্ৰা কৰাৰ সপোন দেখা এজন বন্ধুৰ কথাৰে


দেউতাই কথাটো ভালকৈয়ে বুজিছিল ৰাটোৰ মগজুটো ঠিকেই আছে পঢ়া-শুনা কৰিব পাৰিব কিন্তু আত্মবিশ্বাস বোলা বস্তুটো একেবাৰেই নাই ব্যক্তিত্বৰ বিকাশ লাগিব গতিকে উপায় বিচাৰিবলৈ ধৰিলে বৰ যত্ন কৰে ইটো-সিটো কৰি
মেট্ৰিক পৰীক্ষা দিয়াৰ পাছতে CINCAD (এই অনুস্থানটোৰ সম্পূৰ্ণ নামটো পাহৰিলো) নামৰ অনুস্থানটোৱে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা অনুস্থান এটাত নাম লগাই দিলে আশা কিৰিছিল ৰা আত্মবিশ্বাস অকনমান বাঢ়িব, ব্যক্তিত্বৰ বিকাশ

তাত গৈ দেখো ইংৰাজীত কথা লাগে, নাশ্ৰুত নাভূত কথাৰ উত্তৰ দিব লাগে ব্যক্তিত্ব বিকাশৰ যি অকমান অৱকাশ আছিল সেয়াও নোহোৱা

সেইবোৰ কথা থাকক বাৰু আচল কথালৈ আহো
সেই অনুস্থানটোত ভালেমান ৰা ছোৱালী আহিছিল তাৰে এজনে মোক বাৰুকৈয়ে আকৃষ্ট কৰিলে তেওঁক যেতিয়া জীৱনৰ লক্ষ্যৰ কথা সুধিলে, তপৰাই উত্তৰ দিলে, ‘‘মই স্পেছ মেডিচিনৰ ওপৰত পঢ়িম আৰু নাছাত কাম কৰিম ’’
নাছাৰ নাম মই শুনিছো, কিন্তু স্পেছ মেডিচিন ??
নাই কাহানিও তো শুনা মনত নপৰে কি বস্তু এইটো ?
মোৰ যি স্বভাৱ মইআৰু কাৰোবাৰ পৰা জানিবলৈ যত্ন কৰিম স্পেছ মেডিচিন মানে নো কি ? নিজেই বুজিলো লো যে এইটো পঢ়িলে মহাকাশ যাত্ৰীসকলৰ চিকিৎসক পৰা যাব কথাটো বেয়া নহয় কিন্তু ! চিকিৎসকো পৰা যাব, লগতে চন্দ্ৰ মঙ্গলগ্ৰহ আদিৰো ভ্ৰমণ কৰিব পৰা যাব !
ৰাজনে ইমান আত্মবিশ্বাসেৰে কথাবোৰ কয়ইমান আত্মবিশ্বাসেৰে কামবোৰ কৰে ৷ তাকে দেখি মনটো ভাল লাগি যায় ভাল বন্ধুত্ব কথা পাতি গম পালো তেওঁ মোৰ তেনেই নিকট সম্বন্ধীয়  পেহী এগৰাকীৰ ৰা

CINCAD
অনুস্থান শেষ মেট্ৰিকৰ ফলাফল ওলাল ভালেই কৰিলো কটনত নাম লগালো সেই মহাকাশ চিকিৎসকজনৰ লগতো যোগাযোগ নোহোৱা এদিন কলেজ হোষ্টেলৰ পৰা আহিলো ওচৰৰে জজ খেলপথাৰত ক্ৰিকেট খেলিবলৈ বুলি তাত লগ পায় লো সেই বন্ধুজনক

বন্ধু বহি আছে এখন ভেছপা স্কুটাৰত, পাছফাল আন এজন অনুমান কৰিলো পাছফালে বহাজনেই স্কুটাৰৰ মালিক পাছে সেইদিনা জজ খেল পথাৰত যি দৃশ্য দেখিছিলো তাৰ সঠিক বিৱৰণ দিয়াটো মোৰ পক্ষে সম্ভৱ নহ এতিয়াও মোৰ চকুৰ আগত ভাঁহি আছে সেই দৃশ্য যি অকনমান পাৰো বাৰু তাৰেই বৰ্ননা কৰিবলৈ যত্ন কৰো
এক মূহুৰ্তৰ বাবে ভেছপাখন জজ খেলপথাৰত চলি থাকে, পাছ মূহুৰ্তত আগ চকাটোৱে ভূপৃষ্ঠৰ সৈতে ৫০ ডিগ্ৰীমানৰ কোণ কৰি দাং খাই যায় সেই অৱস্থাতে ভেছপাখন ভালমান দূৰ আগবাঢ়ে পাছফালে বহি থকা মালিক যেন লগা মানুহজনৰ দুই হাত, দুই ভৰি এক আচৰিত ভংগীমাত মেল খাই যায় আৰু তেখেতে চিঞৰিলৈ ধৰে, ‘‘অই অই, ৰখা ৰখা ! ব্ৰেক মাৰ্ ব্ৰেক মাৰ্ ’’

মালিকেনো কি ৰখাবলৈ কৈছে, কিহত ব্ৰেক মাৰিবলৈ চিঞৰিছে তেখেতেহে বুজিছে ৷ জজ খেলপথাৰত ভেছপাখন যেনিয়ে তেনিয়ে চলি এটা চকাৰ ওপৰতে ঘুৰি ফুৰিবলৈ ধৰিলে ৷ মাজে মাজে আগ চকাটো ধুপুছকৈ মাটিত পৰে ৷ মালিকৰ চিঞৰ বন্ধ হয় ৷ তাৰ পাছ
মূহুৰ্ততে আগ চকাটো আকৌ ভূপৃষ্ঠৰ সৈতে ৫০ ডিগ্ৰীমানৰ কোণ কৰি দাং খাই যায় আৰু ভেছপাৰ পগলা দৌৰ আৰম্ভ হয় ৷ সেই সময়ত জজ খেলপথৰাত থকা ক্ৰিকেট খেলুৱৈবোৰৰ কথা বাদ দিলো, তাত ঘাহ খাবলৈ যোৱা গৰু ছাগলীবোৰো যেনিয়ে পায় তেনিয়ে দৌৰিবলৈ ধৰিলে ৷ আগে আগে ক্ৰিকেট খেলুৱৈ, গৰু আৰু ছাগলীৰ দৌৰ, পাছে পাছে ভেছপা স্কুটাৰ ৷
মোৰ যেনিবা ভাগ্য ভাল আছিল ৷ খেলপথাৰ গৈ পাওঁতে অলপ দেৰী হৈছিল ৷ গতিকে মই গৈ খেলপথাৰৰ ভিতৰ সোমোৱাৰ আগতেই সেই দৌৰা-দৌৰি আৰম্ভ হৈছিল আৰু  আতৰৰ পৰা সেই অভূতপূৰ্ব দৃশ্য প্ৰতক্ষ কৰা সৌভাগ্য হৈছিল ৷

মই বুজিব পৰা নাছিলো বন্ধুৰ প্ৰচেষ্টাটো কি আছিল ৷ এপাক ভেছপা লুটি খাই পৰিল ৷ বন্ধু এফালে চিৎ ভেলেঙা মালিক আনফালে ৷ দৌৰ মাৰি বন্ধুৰ ওচৰ পালো গৈ ৷
‘‘হেৰা দুখ পালা নেকি ?’’
চোলা পেন্টৰ ধুলি  জোকাৰি  জোকাৰি বন্ধুৱে উত্তৰ দিলে, ‘‘নাই নাই পাৰ্টনাৰ, ষ্টিল বডী !’’
মই আকৌ সুধিলো, ‘‘তুমি আচলতে কৰি কি আছিলা ? দেখি লাগিছিল ভেছপা লৈয়ে স্পেছলৈ যাবা বুলি ৷ আগ চকাটো কিয় ইমান কৈ দাঙি আছিলা ?’’
‘‘আৰে মই ক’ত দাঙিছো ? নিজেই দাং খাই যায় দেখোন ৷ আজি প্ৰথম চলাবলৈ শিকিছিলো ৷’’

সেইদিনাৰ পাছত বহু বছৰলৈ তেওঁক লগ পোৱা নাছিলো ৷ মই গৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পালো গৈ, তেওঁ পালেগৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ স্পেছ মেডিচিন পঢ়া নহ’ল তেওঁৰ ৷ যোৰহাটতে দুবাৰ এবাৰ লগ পালো ৷ মাজে মাজে ঘৰৰ বিয়া-সবাহতো লগ পাওঁ ৷

যোগাযোগ কমি আহিল ৷ অৰকুটৰ যোগেদি আকৌ যোগসুত্ৰ স্থাপন হ’ল ৷ তাৰ পাছত ফেছবুক আহিল ৷ এতিয়া দৈনিক কথা বতৰা হৈ থাকে ৷

তেওঁৰ মহাকাশলৈ যোৱাটো এতিয়াও হোৱাগৈ নাই ৷ পাছে কাম কাজবোৰ দেখিলে মাজে মাজে মোৰ ভাব হয় এদিন যদি বন্ধু সঁচাকৈয়ে মহাকাশলৈ যায় কেনেবাকৈ আচৰিত হ’ব লগা একো কথা নাথাকিব ৷ অৱশ্যে তেওঁ গ’লে মহাকাশ চিকিৎসক হিচাবে নাযাব ছাগৈ, যাব ফটোগ্ৰাফাৰ হিচাবেহে ৷ আপোনালোকৰ বহুতেই তেওঁক চিনি পাব পাৰে বুলি নামটো কৈ দিছো – বিক্ৰমজিৎ কাকতি ৷