Friday 25 January 2013

চাইকেলৰ ‘পম’ আৰু বন্ধুৰ পাঁচ হাজাৰ টকীয়া কাহিনী

প্ৰাককথন :

মাজতে যোৰহাটলৈ গৈছিলো ৷
এ.টি. ৰোডৰ কাষতে থিয় হৈ চিগাৰেট হুপি আছো ৷
মোৰ কাষতে এজনে চাইকেলত খুব জোৰে জোৰে ‘পম’ দি আছে ৷
‘পম’ ইমানেই হ’লগৈ যে শেষত টিউবৰ বেলুন ওলাই গ’ল ৷
এনেতে এজন মানুহে দৌৰ মাৰি আহি ‘পম’ দিয়াজনক সুধিলে,‘হেৰি কি কৰি আছে হে ?’
‘পম দি আছো দেখা নাই ?’
‘কিন্তু মোৰ চাইকেলত কিয় দিছে ?’
‘পমিয়াই’ থকাজন উচপ খাই উঠিল ৷
মই মনতে ভাবিলো,‘বৰ দুঃচিন্তাত আছে যেন পাওঁ ৷’

..
...

গুৱাহাটীলৈ উভতি আহিলো ৷ মোৰ বন্ধু এজনে আমেৰিকাৰ পৰা ফোন কৰিলে ৷ কথা পাতি থাকোতে এই কথাতো ক’লো ৷ তেতিয়া তেওঁ মোক ক’লে,‘প্ৰতিভু মই জানো সেইজনৰ মনৰ অৱস্থা কেনেকুৱা হৈ আছিল ৷ তেওঁ ছাগৈ চকুৰে অন্ধকাৰ দেখি আছে ৷ মোৰো এবাৰ হৈছিল ৷ কওঁ শুনা ৷’

...
.....

পাঁচ হাজাৰ টকীয়া কাহিনী (বন্ধুৰ মুখেৰে) :

দেউতা ঢুকুৱাৰ পাছত মায়ে বৰ কষ্টেৰে ডাঙৰ কৰিলে, পঢ়ুৱালে ৷ সেইখিনিলৈ সকলো ঠিকেই আছিলে ৷ লেঠা লাগিল পঢ়া শেষ হোৱাৰ পাছত ৷ চাকৰি বাকৰি নাই ৷ গতিকে ইন্জিনীয়াৰিং পাছ কৰি ঘৰতে বহি আছো ৷ ঘৰত থকা সময়ত বিস্ময় প্ৰান্তিক পঢ়ো, আবেলি চাৰিআলিলৈ গৈ চিগাৰেট খাওঁ ৷ কেতিয়াবা সুযোগ পালে সিবিধ ধৰো ৷
সোমবাৰে আগবেলা ১১ বজাত কাৰোবাৰ ঘৰলৈ কিবা কামত গ’লে, সুধিব তুমি "আজিকালি কি কৰি আছা??"
মনতে ভাবো,‘কে**, কিবা কৰি থাকিলে তোৰ ঘৰলে এইটো টাইমত আহিব পাৰো নেকি?’

এদিন মায়ে ক’লে,‘মইনা তই নহ’লে বিমলৰ তালৈকে যা ৷ কৰি দিব দে সি কিবা এটা ৷’

বিমল মানে বিমল বৰুৱা, মোৰ ভিনিহি ৷ গোলাঘাটত থাকে, ঠিকাদাৰ মানুহ ৷ যাওঁ নাযাওঁ কৈ পালোগৈ বাইদেউৰ ঘৰ ৷
মই গৈ ওলোৱাত বাইদেউ, ভিনদেউ, ভাগিন আটায়ে ভাল পালে ৷
মোৰো নতুন কাম ওলাল ৷ যেনে ৰাতিপুৱাই ভাগিনক স্কুললৈ নিয়া, আবেলি স্কুলৰ পৰা অনা, গধুলি টিউছন ৷ গেছ অনা, ASEBৰ বিল দিয়া, বাইদেউৰ লগত বজাৰলৈ যোৱা..... বহু কাম ৷

এদিন ভিনদেৱে ক’লে,‘মইনা কাইলৈ গুৱাহাটীলৈ যাম ওলাবা ৷’
ওলালো গুৱাহাটীলৈ বুলি, বহু দিন হ’লে দেখা নাই ছবছৰ কটাই অহা মহানগৰখন ৷
যাবৰ সময়ত সৰুবায়ে সুধিলে,‘মইনা টকা কেইটামান দিওঁ লৈ যা ৷’
মই ভেকাহি মাৰি ক’লো,‘মোৰ হাতত স্কলাৰছীপৰ পাঁচ হাজাৰমান আছে ৷ মই ভাবিছো আহোতে তোলৈ শুৱালকুছি ছিল্ক হাউছৰ পৰা কাপোৰ এযোৰ লৈ আনিম ৷’

ভিনিহিৰ বগা ভেনখনত উঠি তেওঁ, মই আৰু ৰয় জুৱেলাৰছৰ সান্তুদা গুৱাহাটীলৈ ৰাওনা হ’লো ৷
চান্দমাৰীত থকা হোটেল ঝংকাৰত উঠিলো গৈ ৷
সন্ধিয়া হোটেললৈ আন পাঁচজন মানুহ আহিল ৷ তেওঁলোকৰ মাজত মই মাথো মন্টুদাক চিনি পাওঁ ৷ ভিনিহিৰ বন্ধু, তামাম দুই নম্বৰী মানুহ ৷ মই তেওঁলোকক বটল—ছটল জোগাৰ কৰি অলপ পানবজাৰৰ ফালে ওলাই গ’লো ৷

মই ঘুৰি আহি দেখো গোটেই কেইজন ব্যস্ত কিবা এটা পৰিকল্পনালৈ ৷ অলপ পৰ ৰৈ কথাবোৰ বুজিবলৈ যত্ন কৰিলো ৷ সাংঘাটিক ঘটনা দেখোন ৷ 

মেকিং!!!!!!!!
লাষ্ট ডিজিট !!!!!!!!!!!!!!!!!!
গোটেই কেইজনে মিলি এটা এখন কমিটি বনাইছে ৷
শনিবাৰৰ খেলখনৰ মেকিং কৰিব ৷
এজন যাব অমৃতসৰলৈ, প্লেনেৰে মেইন মেকিঙৰ কাৰনে ৷
বাকীকেইজন অসমতে থাকিব আৰু সদিয়াৰ পৰা ধুবুৰীলৈ সকলো ঠাইৰ পৰা ৯ নম্বৰ এন্ডিং কিনি পেলাব ৷ কেইবাখনো গাড়ী ব্যৱহাৰ হ’ব ৷ এখন গাড়ী কলিয়া ভোমোৰাহৈ লক্ষিমপুৰ পাবগৈ, এখন গাড়ী শৰাইঘাটহৈ নলবাৰী, বৰপেটা, বঙাইগাওঁ, কোকৰাঝাৰ ঝাৰু মাৰিব ৷ কোনোবা এখন যাব ধুবুৰীৰ ফালে, কোনোবা এখন যাব উজনিলৈ ৷ এখন ৰৈ যাব গুৱাহাটীত ৷
লগতে নিয়ম কৰি দিয়া হ’ল কোনেও নিজাববীয়াকৈ টিকট কিনিব নোৱাৰিব ৷ সকলোৱে কমিটিক টকা দিব আৰু টিকট কমিটিয়ে কিনিব ৷

সেই মিটিঙতে ঠিক হ’ল যে অমৃতসৰলৈ যাব মোৰ ভনিহি ৷ গতিকে ভনিহিয়ে ঘোষণা কৰিলে,‘মই নাথাকিম যেতিয়া মইনায়ে মোৰহৈ তোমালোকৰ লগত থাকিব ৷’
সকলো মান্তি হ’ল কথাটোত ৷
ৰাতি ভিনিহিয়ে মোক বুজালে মোৰ কাম কি হ’ব ৷
মই চকু দি থাকিব লাগিব চাৰিওফালে যাতে কোনেও নিজাববীয়াকৈ ৯ নম্বৰ উঠাব নোৱাৰে ৷
বজাৰলৈ যোৱা, ভাগিনক অনা নিয়া কৰাতকৈ এটা ছেলেন্জিং কাম পাই মনটো ভাল লাগিল ৷

শনিবাৰে ৰাতিপুৱাই ভিনিহিৰ বগা ভেনখনত টিকট বুটলিবলৈ ওলালো মন্টুদা, সান্তুদা, মই আৰু এজন ৷ নুনমাটি, বেলতলা, উলুবাৰী, নেপালী মন্দিৰ, মালিগাওঁ, ফাছীবজাৰ ... একো বাদ নপৰিল ৷ দুইমান বজাত বগা ভেন পানবজাৰত উপস্থিত হ’ল ৷
আটাইয়ে অশোকাত পোলাও খাবলৈ সোমোলো  ৷

মই মনে মনে হিচাব কৰি পালো ভিনিহি আৰু দুঘন্টামানৰ পাছত কেইবা লাখ টকাৰ মালিক হ’ব ৷ মনটো ভাল লাগি গ’ল ৷ মই বাকী কেইজনক ক’লো,‘বৰ জোৰত পেচাব কৰিব লাগিছে, অকমান আহি আছো ৷’ মোৰ প্ৰকৃত উদ্দেশ্য আছিল ভিনিহি ‘কেইবা—লাখপতি’ হোৱাৰ আনন্দত বীয়েৰ এটা খোৱাৰ ৷
বাহিৰলৈ ওলাই আহি মহেন্দ্ৰ মোহন চৌধুৰী হস্পাতালৰ ফালে আগুৱাই গ’লো, ছিগাৰেট কেইটামন কিনি লওঁ বুলি ৷
এনেতে এখন ঘুমটিত দেখা পালো ‘আমাৰ’ খেলখনৰ টিকট বিক্ৰী কৰি আছে আৰু ভালেমান ৯ নম্বৰ আছে ৷
মোৰ মনলৈ বেয়া বুদ্ধি এটা আহিল ৷ সেইয়ে স্কলাৰছীপৰ পাঁচ হাজাৰ টকা সেইটা !!!!!!!!!!
সেই কেইটা মই বুকুতে সাবটি ঘুৰি ফুৰিছো, মকৰাই বুকুত কনী সাবটি থকা দি ৷
মনতে ভাবিলো কৰি দিওঁ গাড্ডাৰী !!!!!!!!
ঘুমটিখনৰ ওচৰত ৰৈ থাকোতেই লগ পালো আমাৰ ফৰকাটিঙৰ ফালৰ লৰা দুজন মানক ৷ সিহতে মোক ক’লে,‘অজিত দা তিনি কিনক তিনি , প’ক্কা ইনফৰমেছন ৷’
মই সিহঁতক ক’লো,‘লাখপতি হ’বৰ মন আছে যদি কিনি দিয়া তিনি পূৰণ তিনি ৷’
ফুৰ্তিতে মোৰ মুখেৰে বাপ্পেকে কবিতাকে ওলাই গ’ল ৷

পাঁচ হাজাৰ টকাৰ টিকট ইন পকেটত ভৰাই মই অশোকা পালোহি ৷
হিচাব কৰি শেষ কৰিব পৰা নাই ৷
মালৈ কাপোৰ এজোৰ কিনিব লাগিব !
খগেন শইকিয়াৰ পৰা মাটি কিনি এখন মিনি বাগান খুলিম !
এইবাৰ মৌচুমী বৰুৱাৰ বাপেকে কেনেকৈ তাও মাৰে দেখিম নহয় !!!!

তিনি বাজিছে ৷
আৰু আধা ঘন্টা !!!!!!!!!!
আটায়ে বগা ভেনখনত বহিলো গৈ ৷
ভেনত বহিয়ে দেখিছো সান্তুদাই এটাৰ পাছত এটাকৈ ফিল্টাৰ হুপিবলৈ ধৰিছে ৷ এহোপা মাৰে পেলাই দিয়ে ৷ তাৰ পাছত আনটো চিগাৰেটত ধৰে ৷
মই মেলেৰীয়া বেমাৰীৰ দৰে কপিবলৈ ধৰিলো ৷ জাৰৰ দিনতো জোল বৈ গ’ল, পেট পাক মাৰিবলৈ ধৰিলে ৷
শেষত ক’লো,‘সান্তুদা মোকো ফিল্টাৰ এটা দিয়কচোন ৷’

চিগাৰেটটো লৈ মই বগা ভেনৰ পৰা নামি আহিলো ৷
ৰাস্তাৰ ইমুৰে থিয়হৈ পকেটত কিমান টকা আছে হিচাব কৰিলো ৷
পাৰ্ছটো পকেটত ভৰাই বগা ভেনখনৰ ফালে চাই দেখো মন্টুদা, সান্তুদা আৰু আনজনে কপালত চপৰিয়াই আছে ৷

আৰু মই ??????
গাড়ীলৈ বুলি খোজ দিবলৈ গৈ প্ৰকান্ড মেনহ’লৰ ভিতৰত ৷
চাৰিওফালে অন্ধকাৰ !!!!!!!!!!!!!!

2 comments:

  1. Replies
    1. ধন্যবাদ dippy
      মই পাছে এতিয়াও ধৰিব পৰা নাই dippy কোন নো !!

      Delete