মই
মেট্ৰিক পৰীক্ষা দি কাম-বন নাছিল কাৰণে এখন প্ৰেম পত্ৰকে লেখি পেলালো ৷ পিছত লগৰ ল’ৰাৰ
কথা পেলাব নোৱাৰি (?) এক বিশেষ যুৱতীক সেই চিঠিখন দি দিলো ৷
তাৰ
পাছত হোৱাই নোহোৱাই যুৱতীৰ ঘৰৰ আগেদি সঘন অহা যোৱা ৷ কিজানিবা কিবা উত্তৰ আহে ৷ বাট
চাওঁতে চাওঁতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলাল ৷ তাৰ পাছত মই পঢ়িবলৈ বুলি গুৱাহাটীলৈ আহিলো ৷
চাওঁতে চাওঁতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলাল ৷ তাৰ পাছত মই পঢ়িবলৈ বুলি গুৱাহাটীলৈ আহিলো ৷
পাছে
সেই যে প্ৰেমপত্ৰখন লেখিছিলো তাৰ বাবে মোৰ ভালেমান উপকাৰো হৈছিল ৷
কটনৰ
হোষ্টেলত সোমাই ৰেগিঙৰ সময়ত প্ৰেম-পত্ৰ লেখা প্ৰতিযোগিতা এটা হয় ৷ তাত মই পুৰস্কাৰো
পাইছো ৷ কৈ থওঁ কটনত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈছিল ৷ মই অকল এটা পুৰস্কাৰেই পাইছিলো
৷ পাছৰ বছৰ প্ৰেমপত্ৰ লেখি প্ৰতিযোগিতাত হেনো মই বিচাকৰ আসনতো আছিলো ৷ কথাটো পাহৰি
গৈছিলো ৷ মাজতে বিজয় শংকৰ বৰুৱাই মনত পেলাই দিলে ৷
কটন
এৰি ইঞ্জিনিয়াৰিং কলেজ পালো গৈ ৷ লাহে লাহে সেই চিঠিখনৰ কথা পাহৰি থাকিলো ৷ লগৰ দুটামানক
অৱশ্যে মাজে মাজে নোকোৱা নহয় সেই বিশেষ প্ৰেমপত্ৰখনৰ কথা ৷ আমাৰ লগৰে এটা আকৌ বৰ কবি
কবি যেন লগা প্ৰেমিক তথা প্ৰেম সম্বন্ধীয় কথা-বতৰাৰ বিশেষজ্ঞ আছিল ৷ তেওঁ এহাতে গিলাছ
ধৰি আন হাতে চাৰমিনাৰ ছিগাৰেট হুপি হুপি মোক সোধে, ‘‘আচ্ছা ! তই চিঠিখন অন্তৰৰ পৰা
লেখিছিলি নে ?’’
মই
কবিনৰ দোকানৰ চানা চোবাই চোবাই সোধো, ‘‘অন্তৰ মানে ? কোনে দেখিছে পাৰ্টনাৰ অন্তৰ ?
আজি যে মই এই চানাবোৰ খাই আছো ৷ অন্তৰৰ পৰা খাইছো নে ?’’
মই
বন্ধুৰ ফালে চালো ৷ তেওঁ ব্যস্ত চাৰমিনাৰত ৷ মই কৈ গ’লো, ‘‘হাতখনে যদি গিলাছটো ধৰিছে তেনেহ’লে জানিবি অন্তৰৰ পৰাই ধৰিছে
৷’’
বন্ধুৱে
চাৰমিনাৰ মুখৰ পৰা আতৰ কৰি সোধে, ‘‘তই চানাৰ কথা কৈছ নে গিলাছৰ কথা কৈছ ? কিন্তু মই
বুজিলো তই অন্তৰৰ পৰা লিখিছিলি ৷’’ তাৰ পাছত ভাওনাত হনুমানে জাপ মৰা দি সি জাপ এটা
মাৰি বিচনাখনৰ ওপৰত উঠি ল’লে, ‘‘চা ডোছ, তই অন্তৰৰ পৰা লেখিছ যেতিয়া উত্তৰ পাবি ৷ মনত
ৰাখিবি হিন্দিত কৈছে – ভগৱান কি ঘৰ মেই নাছ নাজানে আংগন তেৰা ৷’’ এই বুলি কৈয়ে তেওঁ
ধুপুছ কৰি বিচনাতে বাগৰি পৰিল ৷
মোৰ
মনত আকৌ এটা আশাৰ সঞ্চাৰ হ’ল ৷
তেতিয়া
১৯৯২ চন ৷
মই
পৰীক্ষাৰ কাৰণে পঢ়ি আছো ৷ হোষ্টেলতে আছো ৷ পাছদিনা মেছিনছৰ পৰীক্ষা আছে ৷ মই যে ফেইল
কৰিম সেইটো ষোল্ল অনাই খাটাং আছিল ৷ তথাপিও শেষ যুজ এটা দি আছিলো ৷ হঠাতে প্ৰিঞ্চিপাল
চাৰৰ অফিছৰ পৰা পিয়ন এজন আহি মোৰ কোঠাৰ দুৱাৰত টোকৰ মাৰিলে, ‘‘দত্তবাবু, চাৰে আপোনাক মাতিছে !’’
মোৰ
চকু কপালত উঠিল, ‘‘চাৰে মোক কিয় মাতিছে ? মই দেখোন যোৱা দুদিন একো কৰা নাই ?’’
‘‘নাজানো
দিয়ক কিয় মাতিছে ৷ এতিয়াই যাবলৈ কৈছে ৷’’
মনতে
ভাবিলো দুদিন আগতে সেই প্ৰেম সম্বন্ধীয় কথা-বতৰাৰ বিশেষজ্ঞজনৰ সৈতে বহি চানা আৰু অকনমান
কিবা কিবি নধৰা নহয় ৷ কিন্তু তাৰ কাৰণে মোক মাতিব নালাগে ৷ কাৰণ কি হ’ব পাৰে ?
ভাবি
চিন্তি চাৰৰ অফিছ পালো গৈ ৷
চুচুক
চামাককৈ সোমাইছো চাৰৰ কোঠাত ৷ (যিসকলে মই পঢ়া কলেজখনৰ সেই সময়ৰ প্ৰিঞ্চিপাল চাৰক জানে
তেওঁলোকে অনুমান কৰিব পাৰিছে মই কিয় আৰু কেনেকৈ চাৰৰ দুৱাৰৰ সন্মুখত ঠিয় হৈ আছিলো ৷)
মোক
দেখিয়ে চাৰে সুধিলে, ‘‘আমুকক কেনেকৈ চিনি পোৱা ?’’
চাৰে
যি নাম ল’লে সেইয়া মই প্ৰায় ৫ বছৰ আগেয়ে প্ৰেমপত্ৰ লিখা যুৱতী গৰাকী ৷ মই হতবাক ! চাৰে কেনেকৈ গম পালে মই ১৯৮৭চনত তেওঁলৈ চিঠি দিছিলো বুলি ৷ তিনিবছৰ চাৰক দেখি
এটা গম পোৱা হৈছিলো যে চাৰে সকলো কথা জানিব পাৰে ৷ প্ৰেম সম্বন্ধীয় কথা-বতৰাৰ বিশেষজ্ঞজনলৈকো
মনত পৰি গ’ল ৷ তেওঁ কৈছিল, ‘‘অন্তৰৰ পৰা লেখিছ যেতিয়া উত্তৰ পাবি ৷’’ উত্তৰ চাৰৰ যোগে দি আহিব নেকি ?
মনে
মনে প্ৰাৰ্থনা কৰিলো‘‘হে ভগৱান বচোৱা আৰু ৷’’
মই
মনে মনে থকা দেখি চাৰে আকৌ সুধিলে, ‘‘চিনি পোৱা নে নাই ?’’
মই
জানো চাৰক মিছা কথা কৈ লাভ নাই, ‘‘চাৰ চিনি পাওঁ ৷’’
‘‘অ
তাই ফোন কৰিছিল ৷ এতিয়া আকৌ ফোন কৰিব ৷’’
কানেৰে
কি শুনিছো বুজি পোৱা নাই ৷ মোক বিচাৰি চাৰৰ তালৈ ফোন কৰিছে ??? আমি শুনিছিলো ৰাজ্যপালেও
হেনো চাৰলৈ ফোন কৰিবলৈ ভয় কৰে আৰু ‘তাই’ মোক বিচাৰি চাৰলৈ ফোন কৰি দিলে !!
হে প্ৰভু এতিয়া কি হ’ব ?
হে প্ৰভু এতিয়া কি হ’ব ?
অকনমান
পাছতে ফোনটো বাজি উঠিল ৷ চাৰে ফোনটো ধৰি ‘অ দিছো’ বুলিকৈ মোক ফোনটো দি দিলে ৷
কন্ঠ
নলী পাৰ হৈ কোনোমতেহে মোৰ মাতটো ওলাল, ‘‘হেল্ল’ !’’
তাৰ
পাছত অকনমান সময় কথা পাতি গম পালো যুৱতী গুৱাহাটীলৈ আহিছে আৰু টেলিফোন ডাইৰেক্টৰী চাই
কেলেজৰ নম্বৰটো উলিয়াই ফোন কৰিছে, মোক বিচাৰি ৷
সেইদিনা
মোক ডেটিঙলৈ মাতিছে ৷
টোকা
টোকা
১)
পাছদিনা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ মেছিনছৰ পৰীক্ষা থাকিলে ডেটিঙলৈ যাব পাৰি নে নোৱাৰি
ইলেক্ট্ৰিকেল পঢ়া কেইটাই জানে !
২)
প্ৰিঞ্চিপাল চাৰৰ ফোনত ডেটিঙৰ প্ৰস্তাৱ অহা ময়ে ছাগে একমাত্ৰ ব্যক্তি
No comments:
Post a Comment