Friday, 1 November 2013

কমেন্ট আহিল নেকি, নাইক পৰিল নেকি ?

মেট্ৰিক পৰীক্ষা দি উঠিছো ৷ কাম বন নাই ৷ দুটামানে টাইপিং শিকিছে, দুটামানে আকৌ ছৰ্টহেন্ড শিকিছে ৷ 
ছৰ্টহেন্ড শিকিলে হেনো ‘কলেজত চায়েঞ্চ’ পঢ়িবলৈ সুবিধা হয় ৷ বিজ্ঞানৰ অধ্যাপকবোৰে হেনো বৰ খৰ খৰকৈ কথাবোৰ কৈ যায় আৰু ছৰ্টহেন্ড শিকি থ’লে অকনো অসুবিধা হোৱোকৈ কথাবোৰ লেখি যাব পাৰি ৷ কোনে যে তেনে ধৰণৰ কথা এটা উলিয়াই দিছিল নাজানো আৰু ! প্ৰায় ৬ বছৰ কলেজত বিজ্ঞান জাতীয় বিষয়েই পঢ়িলো ৷ ছৰ্টহেন্ডৰ প্ৰয়োজন কোনোদিনেই অনুভৱ নকৰিলো ৷ অৱশ্যে কথাটো নোহোৱা হয় যে ‘‘বিজ্ঞানৰ অধ্যাপকবোৰে  বৰ খৰ খৰকৈ কথাবোৰ কৈ যায়’’ ৷ 

ছৰ্টহেন্ডৰ কথা থাকক বাৰু ৷ মেট্ৰিক পৰীক্ষাৰ পাছৰ দিনবোৰলৈ যাওঁ ৷ এনেয়ে বহি বহি আমণি লাগিলত এদিন ভাবিলো লেখা-মেলাকৈ কৰা যাওঁক ৷ কাগজ কলম গোটাই লৈ এগৰাকী দিপলিপ যুৱতীলৈ বুলি সম্বোধন কৰি লেখি দিলো এখন প্ৰেমপত্ৰ ৷ কথাটো মই কাকো জনোৱা নাছিলো ৷ প্ৰেমপত্ৰ লেখিছিলো যদিও সেইখন যুৱতীক দিয়া উদ্দেশ্য মোৰ একেবাৰেই নাছিল ৷ কাম বন নাই ৷ কি কৰিম, কি নকৰিম এই দৰে আমণি লগাতহে মই লেখিছিলো সেইখন ৷

এদিন আবেলি লগৰ বন্ধু দুটামানক দেখুৱালো সেইখন ৷ তাহাত জাঙুৰ খাই উঠিল ৷ ‘‘আৰে তই ইমান ভালকৈ লেখিছ ৷ আমাৰ লগৰ কোনোবাই প্ৰথম প্ৰেমলেটাৰ লেখিছে ৷ কিয় নিদিব আকৌ ? ব’ল দি আহোঁ গৈ ৷’’
মই ক’লো, ‘‘মই নিদো, তহঁতেই দি দে ৷’’
‘‘আৰে আমি আকৌ দিয় দিম ? তয়ে দে ৷’’
মই বুজালো, ‘‘চা তাইক ভাল কিবা মই অকলে দেখো নেকি ? তহঁতেও ভাল দেখ ৷ একেই কথা দে ৷ কোনোবাই দিলেই হ’ল ৷ তাতে দেখা নাই তাইৰ ককায়েকটো ৷ এক মাৰ মাৰি দিব, মৰি থাকিম ৷ মই নিদিওঁ দেই !’’
‘‘আৰে ভাই ব’ল না !’’ বুলি চাইকেলত তুলি মোক লৈ গ’ল চাৰিআলিৰ ওচৰৰ সেই বিশেষ ঘৰটোৰ ওচৰলৈ ৷

দুখন চাইকেলত আমি তিনিটা, চাৰিআলিৰ ওচৰৰ সেই বিশেষ ঘৰটোৰ আগেদি অহা-যোৱা কৰি কৰি হায়ৰাণ হৈ গৈছো ৷ যুৱতী ঘৰৰ বাহিৰলৈ নোলাইহে নোলায় ৷ এপাকত যুৱতী বান্ধৱী এজনীৰ সৈতে ঘৰৰ বাহিৰলৈ ওলাল ৷ আমি তিনিও গৈ যুৱতীৰ নঙলা-মুখ পালো গৈ ৷
‘‘লোৱা, এইখন তোমাৰ কাৰণে ৷ প্ৰতিভূয়ে লেখিছে ৷’’
যুৱতীয়ে এবাৰ চিঠিখনলৈ চাইছে, এবাৰ মোৰ ফালে চাইছে ৷
মোৰ লাগিছে, ‘কিহে পাইছিলে এইখন লেখিবলৈ ? গৈ হাতৰ পৰা সেইখন থাপ মাৰি লৈ আহো নেকি ?’
তাৰ পাছতে দুই বান্ধৱী হাঁহি এটা মাৰি ঘৰৰ ভিতৰলৈ দৌৰ মাৰিলে ৷

তাৰ পাছত আৰম্ভ হৈ গ’ল চাৰি আলিৰ ওচৰৰ সেই বিশেষ ঘৰটোৰ আগেদি অহা আৰু যোৱা ৷ মনত পৰিলেই এপাক মাৰো, কিজানিবা কিবা উত্তৰ আহে ৷
অৱস্থাটো কেনেকুৱা জানে নে ?
এই যে ফেছবুকত কিবা এটা আপডেট দিলে আপুনি ৷ তাৰ পাছত ক্ষণে প্ৰতি মনত পৰোতে লগ- ইন(LOG IN) কৰিছে কিবা লাইক পৰিছে নেকি, কমেন্ট আহিছে নেকি ?


মোৰ অৱস্থা তেনেকুৱা ধৰণৰ ৷ ক্ষণে প্ৰতি চাৰিআলিৰ ওচৰৰ ঘৰটোৰ আগেদি অহা যোৱা কৰিছো – কেনেবাকৈ চিঠিখনত লাইকটো পৰিল নেকি, কেনেবাকৈ চিঠিখনৰ কমেন্ট আহিল নেকি ?

(ঘটনাটো ১৯৮৭ চনৰ, ১৯৯২ মানত সৰু উত্তৰ এটা নোপোৱা নহয় ৷ বুকু কঁপি গৈছিল ৷ )

No comments:

Post a Comment