১৯৯৭/৯৮ মানৰ কথা ৷ পুৱা ৭ মান বাজিছে ৷ কলিং বেলটো
বাজিল ৷ দুৱাৰ খুলি দেখো অশোকদা ৷ লগত আৰু দুজন (নাম কেইটা নকওঁ) ৷ সেই দুজন এজন
মোৰ ককাইদেউ আৰু আনজন সেই সময়ৰ এজন নাম থকা ছাত্ৰ নেতা ৷ জনতা ভৱনত অবাধ ওলোৱা
সোমোৱা ৷
ড্ৰয়িং ৰূমত বহি কথা পাতি আছো ৷ চাহ বিস্কুট খালো ৷ কি
কি কথা পাতিলো মনত নাই ৷ কিন্তু মোৰ মনত আছে মই ভাবি পোৱা নাই ৰাতিপুৱাই তেওঁলোক
আহিল কিয় আমাৰ ঘৰলৈ ৷
অশোক দা আৰু ককাইদেউজনৰ কথা বুজি পালো ৷ তেওঁলোক সময় নাই, অসময় নাই আহিব পাৰে ৷ কিন্তু তিনি নম্বৰজন
বাৰু কয় আহিল ?
এসময়ত ককাইদেৱে ইংগিত দিলে,
‘‘ব’লা
বাহিৰলৈ যাওঁ ৷ ছিগাৰেট এটা হুপি লওঁ ৷’’
ককাইদেউ আৰু ছাত্ৰ নেতা আগে আগে গ’ল ৷ মই আৰু অশোকদা পাছে পাছে ৷ অশোকদাক ফুচফুচাই সুধিলো, ‘‘কথাটো কি ?’’
অশোকদায়ো ফুচফুচাই ক’লে, ‘‘নাজানো ৷ মোক উঠাই লৈ আহিল
৷’’
ককাইহেৱে ছিগাৰেটটো দিলে ৷ মোৰ লাগিছে চিন্তা ৷
ৰাতিপুৱাই মোক চিগাৰেট খুৱাবলৈকে সেই ফটাশিলৰ পৰা আহিল নে ?
মই হাতত ছিগাৰেটটো লৈ ৰৈ আছো ৷
ছাত্ৰ নেতাই মোক ক’লে, ‘‘ আমুক ঠাইখনৰ EAC জনৰ ট্ৰাঞ্চফাৰটো ৰখাই দিব লাগে ৷’’
মোৰ হাঁহি উঠি গ’ল ৷ ‘‘আপোনালোকে সেই কামটোৰ
কাৰণে ৰাতিপুৱাই আহিল নেকি ?’’
অশোকদাৰ মুখৰ পৰা ওলাই গ’ল, ‘‘তুমি কেনেকৈ ট্ৰাঞ্চফাৰটো ৰখাই দিবা ? আজিলৈকে দেখোন নিজৰ কাৰণে চাকৰি এটাকে গোটাব
পৰা নাই ?’’
মই ককাইদেউৰ ফালে চাই ক’লো, ‘‘যোৱাকালি ৰাতি বেছি হৈ গ’ল নেকি ?’’
ককাইদেউৰ অভ্যাস
এটা আছিল ৷ ৰাতি ফটিকাৰ ৰাগীত যাৰে তাৰে আগত যি মন যায় তাকেই কৈ দিয়ে ৷
সকলোৱে বিশ্বাসো কৰে ৷ ৰাতিপুৱা বাকীবোৰ সমস্যাত পৰে ৷
ককাইদেৱে তেতিয়া বুজালে,
‘‘তোমাৰ যে ভিনদেউ ! তেওঁক কৈ ট্ৰাঞ্চফাৰটো ৰখাই দিয়া আকৌ
!’’ হওঁতে কথাটো হয় ৷ মোৰ এজন ভিনদেউ বেছ প্ৰভাবশালী ভিনদেউ নথকা নহয় ৷ কিন্তু সেই বুলিয়ে মই ট্ৰেঞ্চফাৰ ৰখাম কেনেকৈ ?
মই ক’লো, ‘‘ককাইদেউ
! অশোকদাই কৈছেই দেখোন কথাটো ৷ মই আজিলৈকে নিজৰ কাৰণেই একো বিচাৰি যোৱা নাই ৷ ক’ত আৰু আনৰ কাৰণে যাম ৷’’
ছাত্ৰ নেতাই মাত লগালে,
‘‘বহু মাল আছে ! কামটো কৰি দিলে তোমাৰ হাতলৈকো লাখ টকা আহি
যাব ৷’’
মই বুজিলো ছাত্ৰ নেতাই মোক লাখপতি কৰিহে এৰিব ৷ নকৰো বা
নোৱাৰো বুলি কৈ লাভ নাই ৷ ক’লো, ‘‘ৰাতিলৈ ককাইদেউক কৈ দিম বাৰু কি হ’ল ৷’’
তিনিও উভটিল ৷
ৰাতি গৈ মই প্ৰিঞ্চ নামৰ পান্থশালখন পালো গৈ ৷
তাত ককাইদেউ ব্যস্ত আন এজনৰ সৈতে, আন কিবা গভীৰ আলোচনাত ৷
মই গৈছিলো ট্ৰাঞ্চফাৰৰ বিষয়টো শেষ কৰিবলৈ ৷
মই গৈছিলো ককাইদেউ বুজাবলৈ,
‘‘কি মানুহ আনি থাকেহে আপুনি ?
কাম নাই নেকি ?’’
ককাইদেৱে মোক ক’লে, ‘‘ৰাতি বেছি হৈ গৈছিল ৷ সেই
কাৰণে লৈ গৈছিল ৷ সিও পাহৰিলে ৷ তুমি আকৌ ছিৰিয়াছলী কথাটো ভাবি আছা নেকি ? তোমালোকে টেনচন ট্ৰঞ্চফাৰ কৰিব নাজানা হে !’’