Thursday, 18 July 2013

মন ভাল লগাই লৈছো

ৰাজীৱ ৰঞ্জনৰ পোষ্ট
‘‘১০০০ লৈ লিখিলেহে প্ৰথমবাৰৰ বাবে A টো লিখিবলৈ পাব। Thousand-A টো প্ৰথমবাৰ আহে, ৯৯৯ লৈকে লিখোঁতে A আখৰটো এবাৰো ব্যৱহাৰ নহয়।’’
মই মনতে ভাবিছো যদি ভুল ভুলকৈ লেখো তেনে হলে ছাগে আগতেই আহি যাব ৷
যেনে 5 = Faiv


বেলেগ এটা কথা মনত পৰিল ৷

বহু বছৰ আগৰ কথা ৷ মই তেতিয়া হাইস্কুলৰ ওপৰৰ শ্ৰেণীত ৷ মোৰ মোমাইদেউৰ লৰা সঞ্জুদা কলেজ পাইছে গৈ ৷ কিবা এটা বন্ধত বৰবাৰীৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ আছো গৈ ৷ 
এদিন সঞ্জুদাই মোমাইদেৱে নতুনকৈ কিনি মাৰুতী ভানখন লৈ পল্টন বজাৰৰ ফালে ওলাল ৷ লগত মোক আৰু জেঠাইদেউৰ লৰা নিপুদাদাক লৈ গল ৷
 

গোটেই বাট মই আৰু নিপুদাদাই কৃষ্ণ, কৃষ্ণ কৰি ললো ৷
সঞ্জুদাদাৰ কথা হল যি হওক সি ব্ৰেক নামাৰে ৷ আগত থকা গৰু, মানুহ, ৰিক্সা আদি নিজে নিজে আতৰি যাব ৷
আমি সুধিলো, ‘‘কিয় আতৰিব ?’’
সঞ্জু দাদাই বুজালে, ‘‘গাড়ী অহা দেখিলে মই আতৰি দিওঁ ৷ এতিয়া মই গাড়ী চলাইছো ৷ মই ব্ৰেক নামাৰো ৷’’

ঘুৰি আহি মোমাইদেউৰ চৰকাৰী আৱাস DQ 20 ( নে DQ 8 আছিল বাৰু? ) আহি পালো ৷
 
কাঠৰ গেটখনৰ সন্মুখতো সঞ্জুদাদাই একেই কাম কৰিলে ৷ গাড়ীৰ ব্ৰেক নামাৰিলে ৷ পাছে গেটখন আতৰি নগল ৷
 

ধমহ্ কৈ শব্দ এটা কৰি গেটখন বাগৰি পৰিল ৷
 

নিপুদাদা আৰু মই ভয়তে গাড়ীৰ পৰা নানামিলো ৷ সঞ্জুদাদা নামি গল ক্ষয়-ক্ষতিৰ বুজ লবলৈ ৷ গাড়ীখনৰ সন্মুখৰ বাওঁফালটোৱে গেটখনত খুন্ডা মাৰিছিল ৷ সঞ্জুদাদাই নিৰীক্ষণ কৰিছে সোফালে ৷
আমি গাড়ীৰ ভিতৰৰ পৰা চিঞৰিছো, ‘‘সেইফালে নহয়, এইফালে চা !’’
সঞ্জুদাদাই বাহিৰৰ পৰা চিঞৰিছে, ‘‘সেইফালে আৰু কি চাম ? পুৰা চেপেটা হৈ গল ছাগে ৷ যিফালে খুন্ডা মৰা নাই সেই ফালে চায়ে মনটো ভাল লগাই লৈছো ৷’’

Tuesday, 16 July 2013

জিগৰি ডোষ্ট

----------------

আগকথা
---------
২০১৩চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহৰ কথা ৷ ছুইজাৰলেন্ডৰ জুঁফ্ৰাজ’ নামৰ ঠাইখনলৈ বুলি ৰেলগাড়ীৰ একেটা কোঠালীতে উঠিল গৈ আমাৰেই দুই সহপাঠী ত্ৰিদীৱ বৰকটকী আৰু ৰূপম দাস ৷ ত্ৰিদীৱ বৰ্তমান ডেলাৱেৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী আনহাতে ৰূপম কুৱেইটৰ নিবাসী ৷ প্ৰায় ১৯ বছৰ পাছত এক অচিনাকি ঠাইত অপ্ৰত্যাশিতভাৱে দুই
বন্ধুৱে ইজনে সিজনক দেখি  কিমান আনন্দ পালে ! 
কিমান কথা পাতিলে !
ময়ো যদি কেতিয়াবা কেনেবাকৈ কোনোবা এখন ৰেলত অপ্ৰত্যাশিতভাৱে কোন এক বন্ধুক দুই দশকৰ মুৰত লগ পাই যাওঁ !!!

মোৰ ৰেল যাত্ৰা
---------------
২০১৩চন, ১৬ জুলাইৰ নিশা ৷
B4 কম্পাৰ্টমেন্ট, ১২৪২৩ নং ডিব্ৰুগড় গুৱাহাটী ৰাজধানী ৷

মই, পৰিবাৰ আৰু আমাৰ ছোৱালী প্ৰাপ্তি ৷ বস্তু-বাহনি ঠিক-ঠাক কৰি নিজৰ আসনত বহিলো ৷ সন্মুখত এজন হাঁহিমুখীয়া ভদ্ৰলোক ৷ মনতে ভাবিলো, ‘‘কেনেবাকৈ যদি এইজন যোৱা ২০ বছৰ ধৰি লগ নোপোৱা মোৰ কোনো বন্ধু হ’ল হেতেন !’’
মই অনুমান কৰাত পাকৈত ৷ ‘‘বগা ছাৰ্ট পিন্ধি আছে ৷ বেংকত চাকৰি কৰে ৷ ষ্টেট বেংক হ’ব লাগে ৷’’

‘২০ বছৰে লগ নোপোৱা সাম্ভাৱ্য বন্ধুক’ এৰি মই প্ৰাপ্তিৰ লগত কথা পাতিবলৈ ধৰিলো ৷ 
 খুৰাকৰ জীয়েক মানে ভনীয়েকক এৰি থৈ আহিব লগা হোৱাৰ বাবে প্ৰাপ্তিৰ মন বেয়া ৷ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যোৱা ৰেলপথটোৰ কথা বুজাই আছো ৷ সন্মুখত থকা ভদ্ৰলোকজনে প্ৰাপ্তিক সুধিলে, ‘‘অসমত প্ৰথম ৰেলখন ক’ৰ পৰা ক’লৈ চলিছিলো কোৱা চোন ?’’প্ৰাপ্তিয়েনো কি উত্তৰ দিব ? ময়ে নাজানো সেই প্ৰশ্নৰ উত্তৰ ৷
‘‘ডিব্ৰুগড়ৰ পৰা মাকুমলৈ’’, ভদ্ৰলোকেই উত্তৰ দিলে ৷
তাৰ পাছত তেখেতে প্ৰাপ্তিক প্ৰশ্ন কৰিলে, ‘‘কোন তাৰিখে প্ৰথম বাৰৰ বাবে ৰেল চলিছিল কোৱাচোন ?’’
প্ৰাপ্তিয়ে তেওঁৰ মুখলৈ চাই থাকিল আৰু মই নিজৰ মুৰটো জোকাৰিলো ৷
‘‘আজিৰ তাৰিখতে, ১৬ জুলাইত ৷’’
মই লগে লগে নিশ্চিত হ’লো ভদ্ৰলোক ৰেল বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া ৷

তেখেতে পুনৰ প্ৰশ্ন কৰাৰ আগতেই মই কৰমৰ্দন কৰি নিজৰ পৰিচয় দিলো, ‘‘মোৰ নাম প্ৰতিভূ দত্ত ৷’’
তেখেতেও নিজৰ পৰিচয় দিলে, ‘‘মোৰ নাম পাৰ্থপ্ৰতিম দত্ত ৷ মোৰ ঘৰ ডিব্ৰুগড়তে ৷’’
তাৰ পাছতে তেওঁ মোৰ ফালে চাই বৰ প্ৰত্যয়ৰে ক’লে, ‘‘মই আপোনাক ভাল দৰে চিনি পাওঁ ৷’’
মই যদিও অকনমান আগলৈকে চিন্তা কৰি আছিলো ভদ্ৰলোক যদি যোৱা ২০ বছৰ ধৰি লগ নোপোৱা মোৰ কোনো বন্ধু হ’ল হেতেন বুলি তথাপিও মই তেওঁক ক’লো, ‘‘মোৰ দেখোন একো মনত পৰা নাই ! আপুনি ক’ত কাম কৰে বাৰু ?’’
পাৰ্থপ্ৰতিম দত্তই উত্তৰ দিলে, ‘‘মই অসম চিকিৎসা মহাবিদ্যালয়ত কাম কৰো ৷ প্লাষ্টিক চাৰ্জাৰী বিভাগত ৷’’
মই নিশ্চিত হ’লো মই তেওঁক চিনি নাপাওঁ ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ যিকেইজন চিকিৎসক মই চিনি পাওঁ তাৰে এজনৰো নাম পাৰ্থপ্ৰতিম নহয় ৷ তথাপিও মই ক’লো,লগত কোন কোন আছে মোৰ ভালকৈ মনত পৰা নাই তথাপিও উত্তম দা আমাতকৈ এবছৰ ডাঙৰ আৰু স্যামন্ত এবছৰ সৰু ৷’’
পাৰ্থপ্ৰতিম দত্তই হাঁহি এটা মাৰি ক’লে, ‘‘এহ্ তেনেহ’লে আপুনি আৰু মই একে বছৰতে মেট্ৰিক পাছ কৰিছিলো ৷ ১৯৮৭ চনত ৷’’
মই লগে লগে ক’লো, ‘‘কৈল্যান, ৰঞ্জীৱ, পাৰ্থ, প্ৰাঞ্জল…… ইহঁতবোৰ মোৰ লগৰ ৷’’
পাৰ্থপ্ৰতিম দত্তই উৎসাহিত হৈ ক’লে, ‘‘গোটেই কেইটাৰ মোৰ স্কুলৰ দিনৰে বন্ধু ৷’’

অকনমান সময় কৈল্যানৰ বোটছোৱানা আফ্ৰিকাত থকা খনিজ পদাৰ্থৰ ব্যৱসায় পাতিলো ৷
প্ৰাঞ্জলৰ কথা পাতিলো ৷ দেৱালীত যে এতিয়াও প্ৰাঞ্জল ক’ব নোৱাৰা হৈ থাকে তাৰ কথা পাতিলো ৷ প্ৰাঞ্জলৰ উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ কথা পাতিলো ৷
হঠাতে পাৰ্থপ্ৰতিম দত্তই মোক ক’লে, ‘‘প্ৰবাল আৰু মই এতিয়া একেটা বিভাগতে কাম কৰো ৷’’
মনতে ভাবিলো, ‘কোন প্ৰবাল ?’ মনত পৰিল প্ৰবালৰ কথা ৷
‘‘প্ৰবালক মই বৰ বেছি নাপালো ৷ সি দুমাহ মানৰ কাৰণে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িছিল ৷ তেতিয়াই লগ পোৱা ৷ তাৰ পাছত কেতিয়াও লগ পোৱা নাই ৷ সেই দুমাহত মোৰ ভাল বন্ধুত্ব হৈছিল প্ৰবালৰ সৈতে ৷ এবাৰ লগ পালে ভাল লাগিব ৷’’
মোৰ কথা শুনি পাৰ্থপ্ৰতিম দত্তই মিচক মাচাককৈ হাঁহিবলৈ ধৰিলে ৷ মই ভাবিলো, ‘‘ক’ব ছাগে প্ৰাবল এতিয়া এই ৰেলখনতে আছে ৷ তাৰমানে সঁচাকৈয়ে যোৱা ২০ বছৰ নহয় ২৪ বছৰে লগ নোপোৱা বন্ধু এজন লগ পাই যাম এতিয়া !’
পাছে পাৰ্থপ্ৰতিম দত্তই তাতকৈয়ো সাংঘাতিক কথা এটা কৈ দিলে ৷

‘‘ময়ো আপোনাৰ লগতে পঢ়িছিলো, দুমাহমান ৷’’
মই চিঞৰি উঠিলো, ‘‘আৰে তাৰমানে আপুনি ৪ নম্বৰৰ পাৰ্থ ????????????? আৰে ভাই !!!!!!!!!!!!!’’

ইমান পৰে মনে মনে কথা শুনি থকা শ্ৰীমতীয়ে মাত লগালে, ‘‘চিনি পাইছা তাৰমানে ?’’
মই ফুৰ্তিত ৰ’ব নোৱাৰা হ’লো, ‘‘কিয় নাপাম আকৌ !! সেই কেইদিন মোৰ জিগৰি ডোষ্টি আছিল ৷ সাংঘাতিক অঘাইটং আছিল ৷ তামাম বস্তু !’’
পাৰ্থ প্ৰতিম দত্তৰ মুখৰ হাঁহিটো ডাঙৰ হ’ল ৷
..
….
ময়ে ক’লো,‘‘এই আপুনি আপুনি বাদ দিওঁ দেই ৷ আগতে দেখোন তই তই আছিল ৷’’
‘‘অ অ !’’ পাৰ্থই সহাৰি জনালে ৷
‘‘তোমাৰ যে ডিঙিত কিবা লকেট এটা আছিল ৷ কিবা যে গন্ডগোল লাগিছিল !’’, মই মনত পেলাই দিলো ৷
‘‘বুলেট (বন্দুকৰ গুলি) এটাৰে লকেট এটা কৰি লৈছিলো ৷ চিনিয়ৰ এজনে চিঙি দিছিল ৷ সেই লৈ মাৰ পিট হৈছিল ৷’’
শ্ৰীমতীয়ে মাত দিলে, ‘‘১৯৮৯চনৰ কথা তোমাৰ মনত আছে ?’’
‘‘আৰে কিয় মনত নাথাকিব জিগৰি ডোষ্টৰ কথা ৷’’
পাৰ্থ প্ৰতিম দত্তৰ মুখৰ ডাঙৰ হাঁহিটোৰ সৈতে মোৰ মুখৰ হাঁহিটোও ডাঙৰ  হ’ল ৷


তাৰ পাছত পাৰ্থ আৰু মই যোৱা ২৪ বছৰত নিজৰ নিজৰ জীৱনত ঘটি যোৱা সৰু বৰ কথাবোৰ পাতিবলৈ ধৰিলো ৷ ডিব্ৰুগড়ৰ পৰা গাড়ীলৈ শিমলুগুৰি পালে গৈ ৷ তাৰ পাছত পাছতহে ‘গুড নাইট’ৰ আদান প্ৰদান কৰিলো ৷

..
….
মই মনতে ভাবিলো, ‘‘ত্ৰিদীৱ আৰু ৰূপমৰ জুঁফ্ৰাজ’ৰ যাত্ৰাৰ দৰেই ৰোমাঞ্চকৰ এই যাত্ৰা ৷’’

উপহংসাৰ
লিখিম বুলিও নেলেখিলো পাৰ্থৰ তিব্বতৰ ভিতৰলৈ চলোৱা সেই গোপন তথা শিহৰণকাৰী অভিয়ানবোৰৰ কথা ৷ Special Frontier Force (SFF) বা Establishment 22ৰ দিনবোৰৰ কথা ৷ আন এদিন ক’ম সেই কাহিনী ৷

Saturday, 6 July 2013

গুৰু ভাল আছিল নেকি বাৰু ?

ৰাতিপুৱাৰে পৰা শৰ্মালৈ বাট চাই আছো যিদিনা শৰ্মালৈ বাট চাই থাকিম সেইদিনাই পলম কৰে বজাত পোৱা বাতৰি কাকত পাওতে আজি বাজিল, ‘‘দ্ত্ত বাবু, আজি বহু বেলি দিয়ক ’’

বাতৰি কাকতখন হাতত লৈয়ে সাম্ভৱ্য শিৰোনামটো বিচাৰিবলৈ ধৰিলো আমাৰ অসমখনৰ নম্বৰ পৃষ্ঠাত দেখিলো ‘‘গুৱাহাটীৰ ৰাজপছত মাজনিশা সুৰাপায়ীৰ তাণ্ডৱ’’ মন দি পঢ়িলো বাতৰিটো নাই মই পূৰ্বানুমান কৰি থকা বাতৰিটো নহয় ছাগে এইটো

যোৱাকালিৰ কেইটামান স্নেপ-শট

১নং স্নেপ-শট
স্থান মো হাট, ৱায়াৰ লেছ সময় প্ৰায় সন্ধিয়া বাজিছে
দুজন ১৯/২০ বছৰীয়া বা তাতোকৈ কম বয়সীয়া যুবক এজনৰ দাড়ি গজাই নাই বুলিব পাৰি মো খাবলৈ আহিল আহিয়ে যি অশ্লীল চিঞৰ বাখৰ আৰম্ভ কৰিলে ওচৰত থৈ হৈ থকা সকলে লাহে লাহে আতৰি আহিল মই আৰু জয়ন্তই আতৰৰ পৰা চাই থাকিলো

মন কৰিলো (আচৰিত ধৰণে !) মোৰ খং উঠা নাছিল কিন্তু হয়তো মানি লৈছো, ‘‘এইবোৰ সাধাৰণ কথা মোৰ একো অসুবিধা হোৱা নাই মই কিয় মাত মাতিম ?’’
মই প্ৰতিবাদ নকৰাৰ আচল কাৰণ হয়তো, ‘‘কি দৰকাৰ পৰিছে মোৰ বাটৰ কচু গাত ঘঁহি বলৈ ?’’

২নং স্নেপ-শট
স্থান মো হাট, ৱায়াৰ লেছৰ ওচৰতে থকা বিলাতী সুৰাৰ দোকান সময় প্ৰায় সন্ধিয়া -১৫ বাজিছে
মো হাটত অসভ্যলি কৰা যুবক দুজনৰ সৈতে এইবাৰ আন এজন যুৱক লগ পিন্ধনত অদ্ভূত পোচাক সুৰাৰ দোকানৰ পৰা কি কি কিনিলে মন নকৰিলো পাছে নতুনকৈ অহাজনে দোকানৰ চিৰিতে ঠিয়হৈ ঠিয়হৈ এবটল বিয়েৰ বেছ লোভ লগা কৈ শেষ কৰি দিলে
মই জয়ন্তক লো, ‘‘হেৰা অকনমান আতৰি যাওঁ লা হে ! নহলো মোৰো লোভ লাগি যাব ’’
আতৰি গৈ শৈলেশৰ পান দোকান পালো
‘‘এখন মোৰ, এখন ইয়াৰ !’’

৩নং স্নেপ-শট
স্থান মো হাট, ৱায়াৰ লেছৰ ওচৰতে থকা শৈলেশৰ পান দোকান সময় প্ৰায় সন্ধিয়া -৩০ বাজিছে
(এইখিনিতে কৈ থওঁ দেই, শৈলেশৰ পানৰ আমেজ সুকীয়া !)
যুৱক কেইজনৰ মাজৰ সবাততোকৈ কম বয়সীয়াজন আহিল শৈলেশৰ দোকানলৈ, ‘‘চিগাৰেট আছে ?’’
শৈলেশ, ‘‘কি লাগিব ?’’
যুৱক, ‘‘ .. গোল্ড ফ্লেক ’’
শৈলেশ, ‘‘সৰু নে ডাঙৰ ?’’
যুৱক, ‘‘ .. সৰু ?’’
শৈলেশে এক পেকেট সৰু গল্ড ফ্লেক উলিয়াই দিলে
এখন বগা মাৰুতী জেন গাড়ী আমাৰ ওচৰতে আহি ৰখিল মন কৰিলো ভিতৰত বাকী দুজন যুৱক বহি আছে হাতত একোটা একোটা বিয়েৰৰ বটল
চিগাৰেট কিনি কম বয়সীয়া যুৱকজন গাড়ীত বহি লৈছে
গাড়ীৰ ভিতৰত থকা এজন যুৱক, ‘‘কি লি ?’’
কম বয়সীয়া যুৱক, ‘‘জি. এফ. স্মল ( বোধহয় Gold Flake Small)’’
গাড়ীৰ ভিতৰৰ পৰা, ‘‘@#$% ^%$# কোনে তোক সেইটো আনিবলৈ কৈছিল ? নাম নাজানো তাৰ !!! যা ক্লাচিক লৈ আন নহলে ইন্ডিয়া কিং আন !’’
কম বয়সীয়া যুৱক আকৌ গৈ শৈলেশৰ ওচৰ পালে গৈ

নং স্নেপ-শট
স্থান মো হাট, ৱায়াৰ লেছৰ ওচৰতে থকা শৈলেশৰ পান দোকানৰ সন্মুখৰ বাটটো সময় প্ৰায় সন্ধিয়া - বাজিছে
কম বয়সীয়া যুৱক ফৰমাইছৰ চিগাৰেটৰ সৈতে আহি গাড়ীত বহিল
গাড়ীৰ চকা কেইটাই এক বিকট শব্দ কৰি উঠিল আৰু গাড়ী তীব্ৰ গতিৰে আগ বাঢ়িল লাষ্ট গেটৰ দিশে
তেতিয়াহে চকুত পৰিল গাড়ীৰ পঞ্জিয়ন নম্বৰটো
AS01-W
390_
নম্বৰৰ ওপৰত ৰঙা ৰঙা আখৰেৰে লিখা আছে GOVT OF ASSAM 
মই জয়ন্তৰ ফালে আচৰিত হৈ চালো ৷
‘‘তাৰ মানে এই ১৯/২০ বছৰীয়া ল’ৰা কেইজন কোনোবা চৰকাৰী বিষয়া ?’’
জয়ন্তই উত্তৰ দিলে, ‘‘চৰকাৰী বিষয়া নহয় হে ! দেখা নাই বগা জেন গাড়ী আছে ৷ উচ্ছ পদস্থ  চৰকাৰী বিষয়া ৷’’

মোৰ পাছে দুটা কথা জানিবলৈ মন থাকি গ’ল ৷
প্ৰথম কথা, বিষয়া কেইজনে সুৰা পান কৰি, চৰকাৰী গাড়ী লৈ নিশা ক’লৈ গৈ আছিল বাৰু ?
দ্বিতীয় কথা, তেওঁলোকৰ গুৰু ভাল আছিল নে বাৰু ??? নিশা ঘৰ পালে গৈ নে বাৰু ????


Monday, 1 July 2013

এটা অশ্লীল শব্দ - প্ৰাপ্তবয়স্কৰ বাবে নহয়

‘‘দয়া কৰি মোৰ বন্ধু হৈ থাকক, আপোনাক বাৰবনিতা বুলি কবলে ভাল লগা নাই..’’
বন্ধু এজনে কাৰোৱাক উদ্দেশ্য কৰি কৈছে ৷ কি কাৰণে কৈছে নাজানো পাছে বাৰবনিতা শব্দটো দেখি মোৰ মনত পৰি গল বেলেগ এটা কথাহে ৷

আমি তেতিয়া ষষ্ঠ বা সপ্তম শ্ৰেণীত পঢ়ো ৷ লাহে লাহে  ‘অশ্লীল শব্দ’, ‘নকব লগা কথা’, ‘নপঢ়িব লগা গল্পআদিৰ সৈতে পৰিচয় হবলৈ ধৰিছে ৷ সেই সময়ত আমাৰ ওপৰৰ চামৰ মুখত এটা শব্দ প্ৰায়ে শুনো ৷ শব্দটোৰ অৰ্থ বুজি নাপাও ভালকৈ যদিও ইমানখিনি বুজি পোৱা হলো যে এইটো এটা অশ্লীল শব্দ ৷ যতে ততে যাৰে তাৰে আগত কৈ দিলে হাত ভৰি ভাঙি যাব পাৰে ৷ কিন্তু আমাৰ বৰকৈ মন গৈ আছিল দাদাবোৰৰ দৰেই ডাঙৰকৈ শব্দটো কৈ তাৰ পাছতেবুলিলোবুলি কবলৈ ৷
এদিন আবেলি মই আৰু জয়ন্ত নৈ চাপৰিলৈ গলো ৷ ইফালে সিফালে চাই ললো ৷ আমাৰ ওচৰত চৰি থকা গৰুকেইটামানৰ বাহিৰে আৰু কোনো নাই ৷
মই জয়ন্ত উচতালো, ‘‘ক তয়ে ক !’’ মনতে ভাবিলো মই আকৌ প্ৰথমেই বেয়া কামটো কিয় কৰিম ?
জয়ন্তই লাজ লাজকৈ শব্দটো কৈ তাৰ পাছত ‘‘বুলিলো’’ বুলি কলে ৷
মোৰ হাঁহি উঠি গল ৷ তাক কলো, ‘‘অই তই লগৰ ছোৱালীক আই লাভ ইয়ু বুলি কৈছ নে বেয়া মাত মাতিছ ????’’
তাৰ পাছতে জোৰত ‘‘আমুকহে বুলিলো’’ বুলি চিঞৰ এটা মাৰি কলো, ‘‘এনেকৈ কব লাগে বুজিলি ?’’
মই যে তেনেকৈ চিঞৰি দিলো তাৰ পাছতে আৰম্ভ হৈ গল জয়ন্তৰ চিঞৰ ৷ যিমান পাৰে সিমান জোৰত চিঞৰিবলৈ ধৰিলে ৷ লগতে ময়ো ৷ চিঞৰি চিঞৰি ডিঙি বিষাই গ’ল ৷ এতিয়া ভাৱ হৈছে যদি বেয়া মাত কথাৰ কোনো দেৱ-দেৱতা থাকিল হয় তেখেতে ছাগে সন্তুষ্ট হৈ সেই দিনা আমাৰ আগত আবিৰ্ভাৱ হৈ ক’লে হেতেন, ‘‘প্ৰসন্ন হৈছো বালক ৷ কি বৰ লাগে কোৱা !’’

এদিন ফুটবল খেলি আছো ৷ এটাই আহি আমাৰ আগত এটা শব্দ শুনালে, ‘‘বাৰবনিতা ৷’’ আমি বৰ এটা গুৰুত্ব দিয়া নাই ৷ সি এনেও অলপ বেছি ইংৰাজী জনা যেন দেখুৱাই থাকে ৷ কোনেও একো নোকোৱা দেখি বন্ধুৱে ক’লে, ‘‘‘‘বাৰবনিতা মানে কি জাননে ? এইটো বেয়া শব্দ ৷’’
এইবাৰ ফুটবল বন্ধ হৈ গ’ল ৷
‘‘বেয়া শব্দ মানে ?? ক’ত পালি এইটো ?’’
বন্ধুৱে জনালে সি হেনো বিস্ময়ত পাইছে আৰু গল্পটো পঢ়ি সি হেনো বুজি পালে এইটো এটা বেয়া শব্দ বুলি ৷
আমি সমস্বৰে ক’লো, ‘‘হ’বই নোৱাৰে !! তই বিস্ময়খন আনি দেখুৱা ৷ তাৰ পাছত মানিম আমি ৷’’
আচল কথা আমি জানো সি বিস্ময়তে পঢ়িছে ছাগে ৷ কিন্তু তেনেকৈ নক’লে সি বিস্ময়খন নানিব ৷ সেই সময়ত আমাৰ বাবে বিস্ময় পঢ়িবলৈ পোৱাটো এটা নিষিদ্ধ আনন্দ আছিল ৷
আমাৰ মাজত আলোচনা চলিল বাৰবনিতাটো আচলতে অসমীয়া শব্দ নে ইংৰাজী শব্দ বাৰু ?
সৰহভাগেই মতামত দিলে, ‘‘ইংৰাজী শব্দই হ’ব ৷’’ দুটামানে ক’লে, ‘‘অসমীয়া যেন লাগিছে ৷’’
আমি সুধিলো, ‘‘কিয় অসমীয়া যেন লাগিছে ?’’
ৰাজুৱে আমাক বুজালে, ‘‘ইমান ভাল লাগিছে শুনি ৷ এটা কবিতা লেখিম ৰ মই ৷
লেখিম ধৰ
তুমি মোৰ মৰমী লগৰী
তুমি মোৰ মৰমী বাৰবনিতা ... ৷’’
কথাখিনি কৈয়ে ৰাজু ৰখিব নোৱাৰিলে ৷ চাইকেল লৈ ঘৰ পালে গৈ ৷ অকনমান পাছতে ঘুৰি আহিল হাতত আছিল The Pronouncing Anglo Assamese Dictionary ৷ খেলা বাদ দি আমি বহি গ’লো ইংৰাজী অভিধানখনত বাৰবনিতাৰ অৰ্থ বিচাৰি ৷ হায়ৰাণ হৈ গৈছো ৷ শব্দটো বিচাৰি নাপালো ৷
কেইদিনমান পাছত ৰাজু খেলিবলৈ আহোতে হাতত আধুনিক অসমীয়া অভিধানখন লৈ আহিছে আৰু তাৰ মুখৰ হাঁহিটো ৫ নম্বৰী ফুটবলতকৈও ডাঙৰ আছিল ৷
‘‘চা ! মই বিচাৰি পালো বাৰবনিতা মানে কি !’’
আমি অভিধানখনত উবুৰি খাই পৰিলো গৈ ৷
‘‘মানিছো ডোছ !! তই কিছু কষ্ট কৰিলি কিন্তু !!’’
পাছে ৰাজুৰ লিখা নহ’ল
‘‘তুমি মোৰ মৰমী বাৰবনিতা ..’’

আমাৰো বৰ মন গ’ল ৰাজুৰ দৰেই এটা অশ্লীল শব্দ আৱিস্কাৰ কৰিবলৈ ৷
কিছুদিন পাছত ওচৰৰে চহৰ এখনত অসম সাহিত্যসভাৰ অধিবেশন অনুস্থিত হৈছিল ৷ মা-দেউতাৰ লগত ‘সাহিত্য সভা’ চাবলৈ গ’লো ৷ সভা উপলক্ষে গ্ৰন্থ মেলা অনুস্থিত হৈছে ৷ মই হাতত এশমান টকালৈ অকলে অকলে কিতাপ চাই ঘুৰি ফুৰিছো ৷ এপাক চকু পৰিল লৈ এখন কিতাপত ৷ বেটুপাতত আছে এক স্বল্পবসনা এক মোহময়ী নাৰী ৷ হাতত এটা পিষ্টল, মুখত এক ৰহস্যময়ী হাঁহি ৷ কোনেও নোকোৱাকৈয়ে বুজিলো সাংঘাতিক কিতাপ হ’ব সেইখন ৷ ইমানো বুজি পালো যে সেইখন কিনি ঘৰলৈ নিব লাগিলে শৰীৰৰ এডালো হাড় নিজৰ ঠাইত নাথাকিব ৷ গতিকে কিতাপখনৰ পৰা চকু আতৰ কৰি আন আন কিতাপত মন দিলো ৷
পাছে কিতাপখনৰ নামটোৱে বাৰে বাৰে আমনি দিবলৈ ধৰিলে ৷ এটা শব্দৰ নাম ৷
তাৰ অৰ্থ কি হ’ব বাৰু ???
শব্দটো যে অশ্লীল তাত মোৰ কোনো সন্দেহ নাই ৷ কৰিলো তাৰমানে আবিস্কাৰ !

পাছদিনা খেলপথাৰত কথাটো ক’লো ৷ লগে লগে ৰাজু চাইকেল লৈ ঘৰ পালে গৈ ৷ লৈ আহিলে আধুনিক অসমীয়া অভিধান ৷ শব্দটো আৰম্ভ হৈছে ‘প্ৰ’-ৰে ৷ গতিকে অভিধানখনত থকা প্ৰ-ৰে আৰম্ভ হোৱা সকলো শব্দ চালো ৷ নাই শব্দটো বিচাৰি নাপালো ৷ ‘‘ইংৰাজী শব্দ নেকি বাৰু ?’’
‘‘হ’বও পাৰে ৷’’
ৰাজু আকৌ চাইকেললৈ ঘৰলৈ গ’ল ৷ এইবাৰ আহিল The Pronouncing Anglo Assamese Dictionary ৷
প্ৰশ্ন,‘‘প্ৰ-ৰে আৰম্ভ হয় মানে ক’ত চাব লাগিব বাৰু ?’
মই সহায় কৰি দিলো, ‘‘মোৰ নাম প্ৰ-ৰে আৰম্ভ হয় ৷ মোৰ নামৰ বানান Pratibhu ৷ Pra-ত বিচাৰিলে পাম দে ৷’’
Pra –ৰে আৰম্ভ হোৱা গোটেইবোৰ শব্দ ভালকৈ চালো ৷ আমি বিচৰা শব্দটো নাপালো ৷
মই গালিহে খালো, ‘‘তই গাজা মাৰিলি ৷ ব’ল ব’ল ফুটবল খেলো ৷’’
লগৰবোৰ ফুটবল খেলিবলৈ গ’ল ৷ মই পাছে The Pronouncing Anglo Assamese Dictionaryখন লৈ বহি থাকিলো ৷ কাৰন মই জানো মই নিজ চকুৰে দেখি আহিছো সেই কিতাপখন, তাৰ সেই সাংঘাতিক বেটুপাত আৰু সেই বিশেষ শব্দটো ৷
মই একান্তমনে The Pronouncing Anglo Assamese Dictionaryৰ পাত লুটিয়াবলৈ ধৰিলো ৷ এপাকত দেখি গ’লো শব্দটো ৷ নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা হ’লো ৷
চিঞৰি দিলো, ‘‘অই অই পালো পালো ৷ গোটেইবোৰ দৌৰ মাৰি আহিল ৷’’
আমাৰ চকুৰ আগত ভাহি আছে এটা অশ্লীল শব্দ –
Professional : [Common Noun , Common &/or Masculine] Engaged in a specified activity as one's main paid occupationপেশাদাৰী, বৃত্তিধাৰী

আজিও মন যায় জানিবলৈ কিতাপখনৰ নাম কিয় বাৰু ‘প্ৰফেচনেল’ আছিল ?
বোধহয় প্ৰফেচনেল কিলাৰ জাতীয় কিবা আছিল নেকি জানো !!
কোনোবাই পঢ়িছে নেকি বাৰু কিতাপখন ?
কাৰোবাৰ তাত আছে নেকি বাৰু কিতাপখন ?

মোৰ যিমান দুৰ মনত আছে কিতাপখনৰ লেখক শ্ৰীযুত প্ৰফুল্ল দত্ত আছিল ৷