Sunday, 29 September 2013

ভিনি, কৰিছিলো ফোন ৷ অফ কৰি থৈছে আপুনি ৷ পুজাত জিৰোত লগ পাম দিয়ক

ল আজিৰ পৰা ২/৩ বছৰ মান আগৰ কথা ৷ ফেছবুক কি বস্তু ভালকৈ বুজি উঠা নাই ৷
মই সেই সময়ত ফেছবুক মানে পুৰণি বন্ধু বিচাৰি পোৱাৰ এক উপায় তথা চিনাকি মানুহৰ ফটো চোৱাৰ উপায় বুলিয়ে ধৰি লৈছিলো ৷
এজন দুজনকৈ বন্ধু/চিনাকি লোক বন্ধুৰ তালিকাত গোট খাইছে ৷
অচিনাকি দুই এজনৰ সৈতেও চিনাকি আৰম্ভ হৈছে ৷
মোৰেই এজন ফেছবুক ষ্পেছিয়েলিষ্ট বন্ধুৱে মোক বুজালে, ‘‘যদি তই দেখিছে যে কোনোবা এজনৰ সৈতে তোৰ বহু উমৈহতীয়া বন্ধু (mutual friend) আছে তেনে হলে তই চকু মুদি তেখেতৰ সৈতে বন্ধু হৈ যাব পাৰিবি ৷’’

এবাৰ চকুত পৰিল এজন মোৰ অপৰিচিত লোকৰ ফেছবুক প্ৰফাইলত ৷ ভালকৈ চাই দেখো তেখেত আৰু মোৰ প্ৰায় ২০০কৈ আধিক  উমৈহতীয়া বন্ধু ৷ ভালকৈ চাই দেখো চৰকাৰী চাকৰি কৰে, বয়সত মোতকৈ ডাঙৰ হব ৷ কিবা এটা মই তেখেতলৈ বন্ধুত্বৰ প্ৰস্তাব আগবঢ়ালো ৷ তেখেতে মোৰ প্ৰস্তাব গ্ৰহণ কৰিলে ৷ এদিন মোক অনলাইন পাই মোৰ ফোন নম্বৰটো খুজিলে ৷
মই মোৰ নম্বৰটো দি দিলো ৷

দুদিনমান পাছত ৰাতি ফোন আহিল  ৷
অচিনাকি নম্বৰ দেখি লাহে কৈ কলো - হেল্ল’ !
সিফালৰ পৰা জনালে কোনে কৈছে ৷ মোৰ সেই ২০০তকৈ অধিক  উমৈহতীয়া বন্ধু থকা ফেছবুকৰ বন্ধুজন ৷
ফেছবুক বন্ধু - অই কি কৰি আছ ?
মই (থতমত্ খাই) - আছো এনেই !
ফে. ব. - এনেই আছ যদি আদি যা !
মই ( আগতকৈও বেছি থতমত্ খাই) - কলৈ যাম দাদা ?
ফে. ব. (খং কৰাৰ দৰে ) - কলৈ যাম মানে ? মোৰ ঘৰলৈ আহি যা ৷ আৰু কি দাদা দাদা লগাই আছ এইবোৰ ?
মই ( থতমত্ খাবলৈ বাদ দি) - আপুনি মোতকৈ বয়সত ডাঙৰ ৷ সেয়ে দাদা বুলি মাতিলো ৷
ফে. ব. (সঁচাকৈ খং কৰি ) - আৰে মই ভিনিহিয়ে কৈছো ! ভিনিহি !!!
মই চিন্তাত পৰি গলো ৷ কোন ভিনিহি ? ৰ ভিনিহি ? মোৰ কোনজনী বাইদেউৰ লগত তেখেতৰ বিয়া হৈছিল ?
মই (ভয়ে ভয়ে ) - কিন্তু ভিনদেউ মই আপোনাক চিনি পোৱা নাই দেখোন !
ভিনদেউ - কি ???? তই মোক গনেশগুৰিত লগ পোৱা নাই নেকি ?
মই খুব খৰকৈ চিন্তা কৰিবলৈ ধৰিলো ৷ গনেশগুৰিত কোনজন ভিনদেউ থাকে ৷ নাই মনত নপৰে ৷ মই মনে মনে থকা দেখি ভিনিহিয়ে প্ৰায় হতাশ হৈ কলে - ফোন থওঁ দে !
মই ৰক্ষা পালো ৷

ফেছবুকত লগ ইনকৰি ভিনিহিৰ প্ৰফাইলটো ভাল দৰে চালো ৷ ওহোঁ মই চিনি পাৱা নাই ৷ বাইদেউজনীক চালো ৷ নাম অনামিকা ৷ নাই মোৰ মনত পৰা নাই কোন বাইদেউ এইজনী ৷
সেই ভিনদেউৰ সৈতে মোৰ সেয়ে শেষ যোগাযোগ ৷

মাজে মাজে কথাটো মনত পৰে ৷ মনতে ভাবো ২০০তকৈ বেছি !!!!!!!!!!
কোন হয় বাৰু ?? কাকো কেতিয়াও সোধা হোৱা নাই ৷ এইবাৰ উমৰাংছু যাওঁতে অভিজিতৰ মুখত কিবা প্ৰসংগত ভিনিহিৰ নামটো শুনিলো ৷ লগে লগে তাক সুধিলো - অঅভিজিৎ কোন নো তেখেত ?
অভিজিৎ - কিয় ? তেখেত ব্ৰহ্মানন্দ ভিনি আকৌ !
মই - তোমাৰো ভিনিহি ? কোন বাইদেউৰ সৈতে বিয়া হৈছে ?
অভিজিৎ - কিয় বিদ্যুতৰ বায়েকৰ সৈতে আকৌ !
মই - বিদ্যুৎ মানে পাংগিং ?
অভিজিৎ - কিয় আপুনি নাজানে নেকি ? এতিয়া মানাহত আছে ভিনিহি !

মই গুৱাহাটীলৈ আহিয়ে তেখেতৰ সৈতে কথা হম বুলি ভাবি আছিলো ৷
ফোনত তেখেতে ঠিকেই গালি পাৰিছিল তেখেতে মোক ৷
আজি মোৰ ৱালত তেখেতক দেখা পোৱাৰ পাছতহে মোৰ মনত পৰিল তেখেতলৈ ফোন কৰিবলৈ আছিল বুলি ৷


‘‘ভিনি, কৰিছিলো ফোন ৷ অফ কৰি থৈছে আপুনি ৷ পুজাত জিৰোত লগ পাম দিয়ক ৷’’

Thursday, 26 September 2013

উমাৰংছুৰ ষ্টেট বেংকৰ ওচৰৰ অদৃশ্য গেষ্ট হাউছ

উমৰাংছুলৈ বুলি যাবলৈ সাজু হৈছো ৷
এওঁৰ ফোনত প্ৰাঞ্জনাৰ মাকৰ ফোন আহিল ৷
দুয়ো কথা পাতি আছে ৷ এওঁ জনালে, ‘‘কাইলৈ আমি উমৰাংছুলৈ যাম ৷ এওঁ বন্ধু এজনে নেপকত কাম কৰে ৷ তাতেই থাকিম ৷’’ সিফালৰ পৰা কি উত্তৰ দিলে বুজি নাপালো যদিও এওঁ বেছ উৎফুল্লিত হৈ উঠিল ৷ ফোন থোৱাৰ পাছত গম পালো প্ৰাঞ্জনাহঁতো উমৰাংছুলৈ যাব আৰু গেষ্ট হাউছতে থাকিব ৷ এওঁ লগে লগেই কথাটো প্ৰাপ্তিক জনালে ৷ তায়ো ফুৰ্তিত কব নোৱাৰা হল ৷

প্ৰাপ্তি স্কুললৈ যোৱাৰ দিনাখনেই প্ৰাঞ্জনা শইকীয়াৰ সৈতে চিনাকি ৷ যোৱা চাৰি বছৰে প্ৰাপ্তি আৰু প্ৰাঞ্জনা অভিন্ন হৃদয় ৷ প্ৰাঞ্জনাৰ সৈতে চিনাকি মানে তাইৰ মাক-দেউতাকৰ সৈতেও চিনাকি আৰম্ভ হল ৷ তাইৰ দেউতাক শ্ৰীগৌতম শইকীয়া মোৰ প্ৰায় সম বয়সীয়া ৷ মাজে মাজে দেখা সাক্ষাৎ হয় ৷ মই বৰকৈ ফোন নকৰো যদিও প্ৰাঞ্জনাৰ মাকৰ সৈতে এওঁ ফোনৰে প্ৰায়ে যোগাযোগ কৰি থাকে ৷ উমৰাংছুত লগ পাম বুলি গম পাই ময়ো মনতে ভাল পালো ৷ অন্ততঃ ভাল দৰে কথা পাতিব পাৰিম ৷ পৰিবাৰক কলো, ‘‘দুয়ো ইমান খা-খবৰ ৰাখি থাকে ৷ মোৰহে একেবাৰেই খবৰ কৰা নহয় ৷ এইবাৰ হেপাহ পলুৱাই কথা পাতিম ৷’’

উমৰাংছু পালো গৈ ৷ পল্লবীৰ ঘৰ পায়ে সকলো কব নোৱাৰা হল ৷ ময়ে মাত লগালো, ‘‘লাহে গেষ্ট হাউছলৈ গৈ প্ৰাঞ্জনাহঁতক মাত এষাৰ দি আহো ৷’’ দল পাতি সকলো ওলালো ৷ একেবাৰে আগত পল্লবী, ইৰাণী আৰু এওঁ ৷ তাৰ পাছত তনয়, জিয়া আৰু প্ৰাপ্তি ৷ একেবাৰে শেষত অগ্নি আৰু মই ৷ একা-বেকা বাটেৰে খোজ কাঢ়ি গৈ আছো নেপকৰ অতিথিশালালৈ বুলি ৷ বাটত বিভিন্ন কথা পাতি গৈ আছো ৷ পালো গৈ অতিথিশালা ৷
খা-খবৰ কৰি গম পালো শ্ৰীশইকীয়াৰ পৰিয়াল নালাগে সেই দিনা তাত কোনো অতিথিয়েই উঠা গৈ নাই ৷
এওঁ লগে লগে প্ৰতিবাদ কৰিছে, ‘‘বই নোৱাৰে ৷ মোক নিজেই কৈছে আহিছে বুলি ৷ মই অকনমান আগতে কথা পাতিছে ৷ গেষ্ট হাউছতে আছে হেনো ৷’’
মই এওঁক বুজালো, ‘‘আকৌ এবাৰ ফোন কৰা ৷ কোৱা যে আমি গেষ্ট হাউছতে আছো ৷’’
এওঁ আকৌ ফোন কৰিলে প্ৰাঞ্জনাৰ মাকলৈ ৷ ফোনত কথা বতৰা হৈ থকা সময়ত আমি ব্যস্ত হলো ফটো উঠাত ৷
অকনমান সময় পাছত ফোনটো থৈ এওঁ কলে, ‘‘প্ৰাঞ্জনাহঁত মেইন গেষ্ট হাউছত নাই ৷ ষ্টেট বেংকৰ ওচৰত থকা দুমহলীয়া গেষ্ট হাউছত আছে ৷’’
আমি আটায়ে পল্লবীৰ মুখলৈ চালো কাৰণ তাইহে জানিব ষ্টেট বেংকৰ ওচৰত থকা দুমহলীয়া গেষ্ট হাউছলৈ কেনেকৈ যাব পাৰি ৷ পল্লবীয়ে আকৌ চালে নেপকৰ অতিথিশালাৰ কলিতা নামৰ তদাৰককৰ্তাজনলৈ ৷ কলিতাই আচৰিতহৈ জনালে উমৰাংছুত তেখেতে তদাৰক কৰা অতিথিশালৰ বাহিৰে আন কোনো অতিথিশালা নাই ৷
কলিতাৰ কথা শুনি এওঁখন বেকা কৰি দিলে ৷ মই বুজি পালো এওঁ বুজাইছে, ‘‘বেছি জানে !! প্ৰাঞ্জনাৰ মাকে নিজেই কৈছে তেওঁলোক ষ্টেট বেংকৰ ওচৰত থকা দুমহলীয়া গেষ্ট হাউছত আছে ৷ কলিতাই আকৌ বেছি জানে !’’
মই বুজালো, ‘‘অভিজিত (নেপকত কৰ্মৰত মোৰ বন্ধু তথা উমৰাংছুত আমাৰ গৃহস্থ) আহিলে বিচাৰি যাম দিয়া ৷ এতিয়া পল্লবীৰ হাতৰ গৰম লুছি খাওঁ গৈ বলা ৷’’
আমি ঘুৰি গৈ অভিজিৎ-পল্লবীৰ ঘৰ পালো গৈ ৷ হাঁহি ফুৰ্তিত সময় পাৰ গৈছে ৷ মোৰ পাছে প্ৰাঞ্জনালৈ মনত পৰি থাকিল ৷ কত বা আছে সেইষ্টেট বেংকৰ ওচৰত থকা দুমহলীয়া গেষ্ট হাউছতো ! কামৰ পৰা উভটি এটা সময়ত অভিজিৎ আহি ঘৰ সোমাল ৷ মই তাক প্ৰথম প্ৰশ্ন কৰিলো, ‘‘হেৰা এই ষ্টেট বেংকৰ ওচৰত কি দুমহলীয়া গেষ্ট হাউছ আছে হে ?’’ মোৰ প্ৰশ্নত অভিজিৎ আচৰিত হল ৷ তাক কথাখিনি বুজাই কলো ৷ অকনমান সময় চিন্তা কৰি অভিজিতে কলে, ‘‘জানো কি এইটো ষ্টেট বেংকৰ ওচৰৰ দুমহলীয়া গেষ্ট হাউছ ৷ ওলাই যাম নহয় তেতিয়া চাম দিয়ক ৷’’

নিশা আঠমান বজাত মই, অভিজিৎ আৰু অগ্নি উমৰাংছু বজাৰৰ ফালে ওলাই আহিলো ৷ বজাৰলৈ ওলাই অহাৰ আমাৰ মূল উদ্দেশ্য যদিও বেলেগ কিবা এটাই আছিল তথাপিও তাৰ লগতে ষ্টেট বেংকৰ ওচৰৰ দুমহলীয়া গেষ্ট হাউছটো বিচাৰিটো কম গুৰুত্বপূৰ্ণ নাছিল ৷ অভিজিতে গাড়ীখন নি ষ্টেট বেংকৰ সন্মুখত ৰখালে ৷ অভিজিৎ সোমাল এ.টি.এম.ত ৷ মই আৰু অগ্নি ব্যস্ত হলো ষ্টেট বেংকৰ ওচৰৰ দুমহলীয়া গেষ্ট হাউছটোৰ সন্ধানত
নেপক’ৰ আবাসিক এলেকাৰ পৰা ওলায়ে বাওঁহাতে আছে ষ্টেট বেংকটো আৰু তাৰ কাষত আছে এটা গুদাম ঘৰ ৷ মই অগ্নিক সুধিলো, ‘‘গেষ্ট হাউছটো ক’ত আছে বুলি কৈছিল ? বেংকৰ কাষত নে সন্মুখত ?’’
অগ্নিয়ে উত্তৰ দিলে, ‘‘মোৰ যিমান দূৰ মনত আছে বেংকৰ সন্মুখত বুলি কোৱা শুনিছিলো ৷ পাছে ইয়াত দেখোন বেংকৰ সন্মুখত ওখ পাহাৰ এটাহে আছে ৷’’
মই পাহাৰটোৰ ওপৰলৈ চালো ৷ পাহাৰৰ ওপৰত যে কিবা অতিথিশালা আছে মোৰ ধাৰণা নহ’ল ৷ ওপৰলৈ বগাবলৈ বাটেই নাই ৷ কেনেবাকৈ তাত কিবা অতিথিশালা থাকিলে টেনজিং নৰ্গে বা চাৰ এডমান্ড হিলাৰীহে থাকিবগৈ পাৰিব ৷ শ্ৰীগৌতম শইকীয়া যে তাত নাই মই নিশ্চিত হ’ল ৷ মই মাত দিলো, ‘‘বুজিছা অগ্নি, এটা বেলেগ বেংক আছে নেকি কেনেবাকৈ !’’
অগ্নি জাঙুৰ খাই উঠিল, ‘‘দাদা বাজে কথা নক’ব ! উমৰাংছু হেন ঠাইত একেটা বেংকৰে দুটা ব্ৰাঞ্চ !!’’
ইতিমধ্যে অভিজিৎ উভটি আহিল ৷ অভিজিতকে সুধিলো, ‘‘কিবা খবৰ পালা নেকি ?’’
সি অন্য মনস্কহৈ উত্তৰ দিলে, ‘‘হু! কি ? নাই নাই ৷ ইয়াত কোনো গেষ্ট হাউছ নাই !’’
মই  আৰু অগ্নিয়ে আচৰিতহৈ পৰস্পৰৰ ফালে চালো ৷ অভিজিতে ভয় খোৱাৰ নিচিনা কিয় লাগিছে বাৰু ??
অভিজিতে প্ৰশ্ন কৰিলে, ‘‘তেওঁলোক আহিছে জানো ?’’
মই অকনমান চিন্তা কৰি ক’লো, ‘‘মই নিজেই কথা পতা নাই ৷ কিন্তু আহিছে যে ১০০% খাটাং ৷ এওঁ কথা পাতিছে ৷ গেষ্ট হাউছত আছো বুলি কৈছে ৷ শইকীয়া হেনো আমাক বিচাৰি দুতলাৰ পৰা তললৈ নামি আহিছে ৷ গতিকে কিয় নাহিব আকৌ ৷’’
গাড়ী গৈ ইতিমধ্যে উমৰাংছু বজাৰৰ মাজ পালে গৈ ৷ অভিজিতে কিবা কিনিবলৈ বুলি এখন দোকানত সোমাল ৷ মই আৰু অগ্নি পানদোকান এখনত সোমালো ৷ ইতিমধ্যে কাৰেন্ট গ’ল ৷ ঢিমিক-ঢামাক লেমৰ পোহৰত পান দোকানীৰ মুখখন কোনোমতেহে দেখা পালো ৷ নিজাববীয়াকৈ অনুসন্ধান কৰো বুলি পান দোকানীজনকে সুধিলো, ‘‘দাজু ! ইয়াত বেংকৰ ওচৰত এটা গেষ্ট হাউছ আছে নেকি ?’’ মোৰ প্ৰশ্ন শুনি পান দোকানী উচপ খাই উঠিল যেন লাগিল ৷ অগ্নিয়ে মোৰ হাতত টান মাৰি ক’লে, ‘‘আপুনি নিজেই দেখি আহিছে তাত একো নাই ৷ আকৌ কি যাতা প্ৰশ্ন কৰি আছে ৷ পান কি খাব কওক আৰু ইয়াৰ পৰা যাব লাগে ৷’’ মই তাক ক’লো, ‘‘নহয় হে পৰিয়ালটো ক’ত আছে জানিব মন গৈছে !’’ অগ্নিয়ে মোৰ ফালে চাই সুধিলে, ‘‘আহিছে জানো তেওঁলোক ?’’ একেটা প্ৰশ্নকে বাৰে বাৰে শুনি মোক খং উঠিল, ‘‘আৰে কিয় নাহিব ? আনকি ঋত্তিককো লগ কৰাৰ কথা হেনো ৷’’ অগ্নিৰ শৰীৰত যেন ছাৰ্লক হোমছৰ আত্মাহে সোমাল, ‘‘আপুনি ইমান ডাঙৰ ক্লু এটা লুকুৱাই ৰাখিছিল কিয় ? পাই যাম এতিয়া তেনেহ’লে ৷’’ মই আগ্ৰহেৰে সুধিলো, ‘‘কেনেকৈ পাম ?’’ অগ্নিয়ে হাঁহি এটা মাৰি ক’লে, ‘‘আগতে কওঁক ঋত্তিকনো কোন ৷’’ মই বুজালো ঋত্তিক আমাৰ লগৰে এজন ৷ যোৰহাটৰ পৰা ইঞ্জিনিয়াৰীং পাছ কৰিছে আৰু বৰ্তমান নেপক’ৰে চাকৰীয়াল ৷ অগ্নিৰ প্ৰশ্ন, ‘‘সেইবোৰ বুজিলো ৷ কিন্তু তেখেতৰ কথা ওলাল ক’ৰ পৰা ?’’ আকৌ বুজালো তাক যে ঋত্তিক প্ৰাঞ্জনাৰ মাকৰ আত্মীয় আৰু মোৰ পৰিবাৰৰ সৰু কালৰ বন্ধু ৷ গতিকে কিবা কথা প্ৰসংগত ওলাইছিল ছাগে ঋত্তিকৰ কথা ৷ কথাখিনি শুনি অগ্নিয়ে মাথো ক’লে, ‘‘হমমমমম ! বুজিলো ৷ এতিয়া এই ঋত্তিক, ষ্টেট বেংক, গেষ্ট হাউছ আদি বাদ দিয়ক ৷ কাইলৈ কিবা এটা কৰিম ৷ আমি ঘৰলৈ গৈ আমাৰ কাম কৰো গৈ ব’লক ৷’’

ঘুৰি গৈ ঘৰ পালো ৷ প্ৰাঞ্জনাহঁতৰ কথা তল পৰিল ৷ নিশা এঘাৰমান বজাত অভিজিৎ খাংদং পাৱাৰ হাউছলৈ যাবলৈ ওলাল ৷ দুই নম্বৰ টাৰ্বাইনৰ ছাট-ডাউন লোৱা আছে ৷ সকলো দ্বায়িত্ব অভিজিতৰ ওপৰত ৷ অভিজিতৰ সৈতে মই আৰু অগ্নিও ওলালো ৷ পাৱাৰ হাউছ গৈয়ে অভিজিৎ ব্যস্ত হৈ পৰিল নিজৰ কামত ৷ মই আৰু অগ্নিয়ে আতৰৰ পৰা কামৰ আলেখ-লেখ চাবলৈ ধৰিলো ৷ কেইজনমানে কেনেদৰে মাজনিশাও প্ৰতিকুল পৰিস্থিতিত দেহৰ ঘাম মাটিত পেলাই কাম কৰি আছে আমাৰ ঘৰৰ লাইটবোৰ জ্বলাই ৰাখিবলৈ নেদেখিলে বুজা নাযায় ৷ তাত থাকোতেই এপাকত অগ্নিয়ে মাত দিলে, ‘‘আজিৰ পৰা লাইট নাথাকিলে মই অন্ততঃ নেপক’ক গালি নাপালো ৷’’

ইমানৰ মাজতো কিন্তু মোৰ মনত ষ্টেট বেংকৰ ওচৰত থকা দুমহলীয়া গেষ্ট হাউছৰ ৰহস্যই আমনি কৰি আছে ৷ মাজে মাজে অভিজিতে আহি আমাক লগ দিয়ে, পাৱাৰ হাউছৰ ভিতৰত থকা ইটো-সিটো দেখুৱাই বুজাবলৈ যত্ন কৰে ৷ এবাৰ অভিজিতে দেখুৱালে পাৱাৰ হাউছৰ ভিতৰত থকা অগ্নি নিৰ্বাপন ব্যৱস্থা ৷ কাৰ্বন-ডাই-অক্সাইডৰ চিলিন্ডাৰবোৰ চাই থাকোতে চকুত পৰিল চিলিন্ডাৰবোৰত লগাই থোৱা ষ্টিকাৰবোৰ – Pranjana & Co ! মই প্ৰায় চিঞৰি উঠাৰ দৰে ক’লো, ‘‘চোৱা চোৱা এইবোৰ প্ৰাঞ্জনাৰ দেউতাকেই চাপ্লাই কৰা ৷ তেখেতৰ কোম্পানীটো কামেই হৈছে ফায়াৰ ফাইটিং ৷’’ অভিজিতে তেতিয়া মাত দিলে, ‘‘অ !! গৌতম শইকীয়াৰ কথা কৈ আছে ৷ চিনি পাওঁ নহয় তেখেতক ৷ কাইলৈ বিচাৰি পাই যাম দিয়ক ৷’’
অগ্নিৰ মুখতো হাঁহি ওলাল, ‘‘কাৰ্বন-ডাই-অক্সাইডৰ চিলিন্ডাৰবোৰ বিচাৰি পালো যেতিয়া শইকীয়াকো বিচাৰি পাম ৷’’

খাংদঙৰ পৰা উভটি ঘৰ পাওঁতে নিশা একমান বাজিল ৷ তাৰ পাছত বহিল জলছা ৷ পল্লবীয়ে আৰম্ভ কৰিলে প্ৰতীমা পান্ডেৰ গীত ৷ অগ্নিৰ আকৌ প্ৰায়ত প্ৰতীমা পান্ডেৰ সৈতে ঘৰুৱা সম্বন্ধ ৷ পল্লবীৰ গোৱালপৰীয়া গীত শুনি শেষত অগ্নি ঠিয় হৈ গ’ল, ‘‘বৌ মানি গ’লো আপোনাক !!! মই প্ৰতীমা পান্ডেক পেহী বুলি মাতিছিলো ৷ সৰুৰে পৰা তেওঁৰ গান শুনি আহিছো ৷ গানৰ কথা বৰ বেছি নাজানো ৷ কিন্তু আজি দিলখুছ হৈ গ’ল !’’
সেই জলছা শেষ হওঁতে হওঁতে ৰাতিপুৱাই গ’ল ৷

কেতিয়া শুবলৈ গ’লো মনত নাই ৷ কিন্তু চকু মেলিবলৈ লৈ গম পালো চকুৱে মেল খাবলৈ অস্বীকাৰ কৰিছে ৷ এপাক কোনো মনতে উঠি বহিলো ৷ আকৌ দিনটো আৰম্ভ হ’ল ৷

হঠাত মনত পৰিল প্ৰাঞ্জনাৰ কথা ৷ এওঁক ক’লো পাৱাৰ হাউছত দেখি অহা Pranjana & Coৰ কাৰ্বন-ডাই-অক্সাইডৰ চিলিন্ডাৰবোৰ কথা ৷ ওচৰতে চকু মুদি বাগৰ দি থকা অভিজিতে এওঁক ক’লে, ‘‘বৌ আপুনি শইকীয়ালৈ ফোন লগাওক ৷ এইবাৰ মই কথা পাতিম ৷’’
মই মুখখন ফুলাই দিলে, ‘‘এহ্ মোৰ লাজহে লাগিছে আৰু ৷ গেষ্ট হাউছটো ক’ত আছে সেই কথাটো সুধি সুধিয়ে কালিৰে পৰা মই ৭ নে ৮ বাৰ ফোন কৰিলো ৷ আকৌ নকৰো দেই !’’
অগ্নিয়ে বৌয়েক বুজালে, ‘‘বৌ, একেবাৰে নোৱাৰিলে এশবাৰে কৰা নে কিবা এটা পঢ়িছিল নহয় মনত নাই ? আপুনি নকৰে যদি মোক দিয়ক ৷ আজি গেষ্ট হাউছৰ ৰহস্য ফাদিল কৰিহে এৰিম বাপ্পেকে !’’

এওঁ আকৌ এবাৰ ফোন কৰিলে ৷ মই আকাৰে ইংগিতে বুজালো, ‘ফোনত শইকীয়াক বিচাৰিবা, ফোনত শইকীয়াক বিচাৰিবা ৷’
মোৰ কথামতেই এওঁ প্ৰাঞ্জনাৰ মাকক ক’লে, ‘‘হেৰি মানে প্ৰাঞ্জনাৰ দেউতাকক দিয়কচোন ৷ অভিজিতে আপোনালোকৰ গেষ্ট হাউছটোৰ ঠিকনা বুজি ল’ব ৷’’
এইখিনি কৈয়ে শ্ৰীমতীয়ে ফোনটো অভিজিতৰ হাতত দিলে ৷
‘‘শইকীয়া ! ভাল নে ? মই অভিজিৎ কলিতাই কৈছো ৷’’
..
‘‘অ’ অ’ ! ভালেই ভালেই !’’
..
‘‘হয় হয় বহু দিন লগ পোৱা নাই ৷ আজি পাম দিয়ক ৷ হেৰি নহয় আপোনালোক ক’ৰ গেষ্ট হাউছত আছে ?’’
..
‘‘কি ???????????? শিলং প’লো ফিল্ডত থকা ষ্টেট বেংকৰ ওচৰৰ নেপক’ গেষ্ট হাউছ !!!!!!!!’’

মই আৰু অগ্নি হাঁহি হাঁহি বাগৰি পৰিলো ৷

এওঁ মুখখন গহীন কৰি মোৰ ফালে চাই মাথো ক’লে, ‘‘মই কি জানো ? এনেও সকলো ভুল তোমাৰেই ৷ তুমি জানাই মোৰ ঠিকনা-চিকনা অলপ ভুল হৈ যায় ৷ তুমি নিজেই কথাবোৰ বুজি ল’ব লাগে !’’