Friday, 26 April 2013

ফ্লাই অভাৰ


আজি Rajdeep Anecdote Pathakৰ ৱালত এটা পোষ্ট দেখা পালো
‘‘aaila dibrugarh_ot flyover... ...’’

তেওঁৰ পোষ্টটো দেখাৰ পাছত বহু পুৰণি কথা এটালৈ মনত পৰি গ’ল ৷

মই জীৱনত প্ৰথমবাৰৰ বাবে ‘ফ্লাই অভাৰ’ শব্দটো শুনিছিলো চান্দমাৰীৰ আনন্দৰাম বৰুৱাৰ নিৰ্মানৰ সময়ত ৷
যিদিনা সেই উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল সেইদিনা আমি গুৱাহাটীলৈ আহিছিলো ৷ দেউতাই চান্দমাৰীলৈ লৈ গৈ বুজাই দিছিল, ‘‘এইযে বাটটো দেখিছ, সেইটো ফ্লাই অভাৰখন হ’লে বন্ধ হৈ যাব ৷ এই ফ্লাইঅভাৰখন এনেকৈ গৈ তেনেকৈ ঘুৰিব আৰু সেইফালে গৈ নামিব ৷’’ হাতেৰে অংগী-ভংগী কৰি দেউতাই বহুত কিবা কিবি বুজালে ৷

গুৱাহাটীৰ পৰা উভটিলো কোকৰাঝাৰলৈ ৷ লগৰবোৰক ক’লো, ‘‘গুৱাহাটীত ফ্লাই অভাৰ নিৰ্মান হৈ আছে ৷’’
এটাই সুধিলে, ‘‘মানে কি ?’’
মই উত্তৰ দিলো, ‘‘মানে অভাৰ ব্ৰীজ আকৌ ৷’’
আন এটাই ক’লে, ‘‘যদি অভাৰব্ৰীজেই হয় তেনেহ’লে ফ্লাই অভাৰ বুলি কিয় কয় ? এহ্ তেনেকুৱা অভাৰব্ৰীজ ফ্লাইঅভাৰ আমিও দেখিছো দে ৷’’
মই অনুমান কৰিলো গুৱাহাটীত দেখি অহা, শুনি অহা ‘ফ্লাই অভাৰ’ নামৰ অচহুৱা বস্তুটোৰ যাদুৱে কাম কৰা নাই ৷
অলপ গহীনাই ক’লো, ‘‘আচলতে ফ্লাইঅভাৰ আৰু অভাৰব্ৰীজ ইমানো একে নহয় ৷ বহুত বেলেগ ৷’’
‘‘কি বেলেগ ?’’
‘‘চা অভাৰব্ৰীজখন ৰেললাইনৰ ওপৰেৰে চিধাচিধি পাৰ হৈ যায় ৷ কিন্তু ফ্লাই অভাৰখন তেনেকৈ নাযায় ৷’’
‘‘তেনেহ’লে কেনেকৈ যাব ?’’
‘‘ফ্লাই অভাৰবোৰ বেকা কেৰি কৈ যায় ৷ ওপৰতে টাৰ্নিং লৈ লৈ যায় ৷ বেলেগ বস্তু এইটো দে ৷’’
লগৰবোৰৰ চকু ডাঙৰ হৈ গ’ল, ‘‘হেহ্ ! হয় নেকি ?’’

সেইদিনাৰ বাবে মই ‘ফ্লাই অভাৰ’ বোলা বস্তুটোৰ এটা আচৰিত ব্যাখ্যা দাঙি ধৰিব পাৰিলো ৷ তাৰ পাছত  কোনোদিনে এই কথা মোৰ মনলৈ অহা নাছিল ৷
আজি ভাবিছো গুগুলকে কৰি চোৱা ভাল হ’ব এই  ‘ফ্লাই অভাৰ’ আৰু ‘অভাৰব্ৰীজ’ৰ পাৰ্থক্যনো কি ?
পাছে গুগুল কৰোতে যিখনহে ওলাল পঢ়িবকে মন যোৱা নাই ৷
Rupamদা বুজাই দিব নেকি ?

No comments:

Post a Comment