Saturday, 27 April 2013

বেষ্ট ফ্ৰেন্ডৰ বিয়া


আজি বহু দিনৰ পাছত নিমন্ত্ৰণ নোহোৱাকৈ সোমাই গ’লো বিয়া খাবলৈ ৷
অপুৱে ক’লে, ‘‘ দাদা বিয়া এখন আছে খাই আহো ব’লক ৷’’
‘‘কাৰ বিয়া ?’’
‘‘মোৰ লগৰ ল’ৰাৰ ৷’’
এতিমধ্যে মোৰ, অপুৰ আৰু জ্যোতিৰ ভল্গা নদীৰ পাৰে পাৰে হৈ গ’ল ৷
গতিকে জ্যোতি আৰু মই ক’লো, ‘‘ব’লা ৷’’

বিয়া খাবলৈ বুলি পালো গৈ চান্দমাৰী কলনীত থকা পূজা মন্ডপৰ সভাগৃহত ৷ বিয়াৰ একো চিন-চাব নাই ৷ অপুৱে ফোন কৰি গম পালে বিয়া ফ্লাই অভাৰৰ  তলত থকা পূজা মন্ডপৰ সভাগৃহত ৷ নিশা ১০ মান বজাত হ’লো গৈ উপস্থিত ৷

নিঃসংকোচে সোমাই গ’লো ৷
দৰাৰ লগত চিনাকী হ’লো ৷
অপুৱেই চিনাকী কৰাই দিলে ৷
‘‘এইয়া মোৰ দাদা (মোৰ ফালে দেখুৱাই) আৰু এইয়া মোৰ বেষ্ট ফ্ৰেন্ড (দৰাৰ ফালে দেখুৱাই ) ৷’’

দুই মিনিটমান পাছতে ভাত মুঠি ধৰো বুলি খোৱা ঘৰ পালো গৈ ৷
ভাত খাই থকাৰ মাজতে সুধিলো, ‘‘অপু দৰাৰ নাম কি ?’’
‘‘দৰাৰ নাম ? মলয় দাস ৷’’

কাষতে ভাত খাই থকা আন এজনে মাত লগালে, ‘‘হেহ্ দৰাৰ নাম মৃন্ময় শৰ্মা হে !’’

ঠিয় হৈ জ্যোতি, তাৰ কাষত মই
বাকীদুজনৰ নাম পাহৰিলো
দৰা ইয়াত নাই
আমিকেইটাই তেখেতৰ ফালে পোন্ডোৱাকৈ চালো, বেষ্ট ফ্ৰেন্ড কাৰ - তেওঁৰ নে আমাৰ অপুৰ ?


No comments:

Post a Comment