Tuesday, 23 April 2013

১৮ বলত ১০৯ ৰান


"Don't be so humble - You are not that great." -- Golda Meir

আশীৰ
 দশকৰ কথা ৷ ভাৰত পাকিস্থানৰ ছিৰিজ চলি আছে ৷ ভাৰতৰ অৱস্থা ‘খাস্তা-হাল’ ৷ মনলৈ আহিল  ময়ো দেখোন ক্ৰিকেট খেলিব জানো ৷ 

ভাৰতৰ বেটিং ৷ গতিকে নামিলো ফিল্ডত, মই আৰু গাভাস্কাৰ ৷ 

মোৰ প্ৰথম ষ্ট্ৰাইক ৷ ৬টা বলত ৬টা ছয় মাৰি দিলো ৷ 
প্ৰথম অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ ৩৬ ৰান / ০ উইকেট ৷ 

দ্বিতীয় অভাৰৰ প্ৰথম বলত গাভাস্কাৰে ৩ ৰান কৰিলে ৷ পাছৰ ৫টা বলত মই আকৌ ৫টা ৬ মাৰি দিলো ৷
দ্বিতীয় অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ ৬৯ ৰান / ০ উইকেটত ৷

তৃতীয় অভাৰৰ প্ৰথম বলটো ন’ বল আছিল ৷  গাভাস্কাৰে আকৌ ৩ ৰান কৰিলে কৰিলে ৷ অভাৰটাৰ  বাকী থকা ৬চা বলত মই আকৌ ৬টা ৬ মাৰি দিলো ৷ 
তৃতীয় অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ ১০৯৮ / ০ উইকেটত ৷
গাভাস্কাৰ ৬ ৰানত অপৰাজিত আৰু মই ১৭টা ৬ৰে ১০২ ৰানত অপৰাজিত ৷ 
১ ৰান অতিৰিক্ত ৷ 
সেইটোৱে
 বোধহয় ক্ৰিকেটত দ্ৰুততম শতক !

ক্ৰীছ গেইলৰ বেটিং দেখি বেলেগ এই খেলখনৰ কথা মনত পৰিল ৷ 
গেইলৰ বেটিঙো ফেন্টাছীয়ে আছিল, মোৰ বেটিঙো তাতকৈ বেলেগ নহয় ৷


No comments:

Post a Comment