Friday 14 December 2012

অন্য চিন্তা - ১ : এটা সপোন, এখন সোনৰ অসম, আন এটা নতুন সপোন আৰু এটা আশা


এটা সপোন

প্ৰায় ১৯৮২চন মানৰ কথা ৷
টীয়কৰ বাছ আস্থান ৷
এজন ১২/১৩ বছৰীয়া লৰাই তেওঁৰ ভনীয়েকৰ সৈতে প্ৰত্যেক দেওবাৰে আবেলি ৪মান বজাৰ পৰা ৰৈ থাকে, যোৰহাট অভিমুখী বাছৰ বাবে ৷ তেওঁলোকৰ ঘৰ কাকজানত ৷ দুয়ো টীয়কলৈ আহে, কাৰন ছোৱালীজনীয়ে তাত নাচ শিকে ৷
কিন্তু সমস্যা হ’ল আবেলি ৪ বজাত

যোৰহাট অভিমুখী বাছ তেনেই তাকৰীয়া হৈ পৰে ৷ প্ৰায়ে তেওঁলোকে টীয়কৰ পৰা কাকজনলৈ ৮ কিলমিটাৰ বাট খোজ কাঢ়িব যাব লগা হয় ৷
ভনীয়েক নাচি উঠি ভাগৰি পৰে ৷ তাৰ পাছত সেইবাট খোজ কঢ়া তাইৰ বাবে অসম্ভব হৈ পৰে ৷ তাই আদবাটতে বহি দিয়ে,‘দাদা মই খোজ কাঢ়িব নোৱাৰো ৷’
ককায়েকে তাইক তেতিয়া বোকোচাত তুলিলৈ ঘৰলৈ বুলি আগবাঢ়ে ৷
সেই ককায়েকজনে যেতিয়া আলিবাটত চলি যোৱা গাড়ীবোৰ দেখে তেতিয়া মনতে ভাবে,‘এদিন মই এখন গাড়ী কিনিব লাগিব !’

লৰাজন ডাঙৰ হ’ল ৷ সেই সপোন কিন্তু বুকুত সাবটি ৰাখিলে ৷
এদিন লৰাজন কাকজানৰ পৰা আহি গুৱাহাটী পালেহি ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যলয়ত নাম লগালে ৷ মাজে মাজে তেওঁৰ মন যায় অকমান পথভ্ৰষ্ট হ’বলৈ ৷ কিন্তু সেই সপোনটোৰ কথা মনত পৰি যায় — এখন গাড়ী কিনিব লাগিব !!!!
সেই সপোন বুকুত সাবটিয়ে এদিন তেওঁ এজন সুদক্ষ অভিযন্তা হ’ল গৈ ৷

এখন সোনৰ অসম

যোৱা নিশাৰ কথা ৷ আমি বন্ধু কেইজনমান লগ হ’লো হোটেল দিলীপৰ ১১১ নং কোঠাত ৷ গাড়ী কিনাৰ সপোন বুকুত সাবটি ডাঙৰ হোৱা সুদক্ষ অভিযন্তাজনো আহিছিল ৷
তেওঁ ক’লে,‘প্ৰতিভু দা, মই মেট্ৰিক দিয়াৰ সময়ত আমাৰ গাওঁৰ ফালে ‘সোনৰ অসম গঢ়া’ৰ ঢৌ ৷ মোৰো মনলৈ ভাব আহিল সোনৰ অসমকে গঢ়ো নেকি ৷ বহু ভাবিলো কি কৰা যায় ? মই ভাবি ভাবি পালো গৈ পঢ়া শুনা কৰিলেহে মই মোৰ সপোনটো পূৰাব পাৰিম ৷ লগৰ ভালেমান কেইজন গৈছে ‘সোনৰ অসম’ গঢ়িবলৈ, মই নগ’লেও হ’ব ৷ মই মোৰ ক্ষুদ্ৰ স্বাৰ্থৰ স্বাৰ্থত পঢ়া শুনাতে মন দিলো ৷ ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত ডাঙৰ হোৱা লৰা মই ৷ মোৰ কাৰনে গাড়ী কিনাৰ সপোনটো বৰ মৰমৰ সপোন আছিল ৷ সেই সপোনটোৱেই মোক পঢ়া-শুনা কৰিবলৈ বাধ্য কৰালে ৷’

আন এটা নতুন সপোন

সেই গাড়ী কিনাৰ সপোন দেখা লৰাজনে গাড়ী কিনাক স্বাৰ্থতে সোনৰ অসমৰ সপোনৰ বাদ দিছিল বহু বছৰ আগতে ৷ কিন্তু এতিয়া তেওঁ অসমৰ কাৰনে কিন্তু নিস্বাৰ্থ ভাবে তেওঁৰ সামৰ্থৰ অনুসাৰে কাম কৰি গৈছে ৷ উনিক’ডত অসমীয়া, অসমীয়া উকিপিডিয়া, নিন্টাৰনেটত অসমীয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ, বিভিন্ন সামাজিক কাৰ্য্যত তেওঁৰ অবদান প্ৰশংসনীয় ৷ এতিয়া তেওঁ আৰু বহু নতুন সপোন দেখিছে ৷ তাৰে এটা সপোনত তেওঁ দেখিছে অসমৰ সৰু ঘটনা এটা বিশ্বৰ দৰবাৰলৈ লৈ যোৱা ৷ বহুজনৰ সহায়ৰ প্ৰয়োজন হ’ব ৷ মোৰ দৃঢ় বিশ্বাস আছে তেওঁৰ এই সপোনো সফল হ’ব ৷

এটা আশা

আজিৰ উঠি অহাচামে বাৰু সেই ককায়েকজনৰ দৰে সপোন দেখে নে ??????
আশা কৰিছো, প্ৰাৰ্থনা কৰিছো সকলোৱে দেখক এটা মৰমৰ সপোন যি সপোনে তেওঁলোকক আগবাঢ়ি যাবলৈ বাট দেখুৱাব ৷

সামৰণি :

বন্ধুৱে নিশা বাৰমান বজাত বিদায় ল’লে ৷ তেওঁৰ ডাঙৰ গাড়ীখনৰে গ’লগৈ কাকজনলৈ আৰু মই খুলি ল’লো মোৰ লেপটপ ৷

উপহাৰৰ টোপোলা - মোৰ সকলো বন্ধু বান্ধবলৈ বুলি

এজন মানুহে তেওঁৰ সৰু ছোৱালীজনীক শাস্তি দিলো, তাইৰ দোষ — তাই দামী gift wrapping paper এখন নষ্ট কৰিলে ৷ টকা পইছাৰ বৰ অভাব চলি আছিলে ৷ গতিকে তেওঁ যেতিয়া দেখিলে জীয়েকে সেই কাগজখনৰে এটা উপহাৰ বান্ধিবলৈ যত্ন কৰিছে তেওঁৰ ভীষন খং উঠিলে ৷

যি কি নহওঁক, আগ ৰাতিৰ কথা পাহৰি ৰাতিপুৱা কিন্তু ছোৱালীজনী দেউতাকৰ

ওচৰ পালেহি,‘দেউতা এইতো তোমাৰ কাৰনে ৷’
দেউতাকে বৰ লাজ পালে ৰাতিৰ ব্যবহাৰৰ বাবে ৷
উপহাৰৰ টোপোলাটো খুলি দেউতাকজনৰ আকৌ খং উঠি গ’ল, কাৰন টোপোলাটোৰ ভিতৰত একো নাছিলে ৷

তেওঁ খঙতে চিঞৰি উঠিলে,‘তুমি নাজানা নে কাৰোবাক কিবা উপহাৰ দিলে উপহাৰৰ টোপোলাৰ ভিতৰত কিবা এটা থকা উচিত ?’

সৰু ছোৱালীজনীয়ে দেউতাকৰ ফালে সজল চকুৰে চাই ক’লে,‘দেউতা, এইতো টোপোলা কেনেকৈ খালি হ’ব ? মই ইয়াৰ ভিতৰত বহু মৰম আৰু চুমা ভৰাই দিছো ৷ সকলো তোমাৰ বাবে, দেউতা ৷’

এইবাৰ দেউতাকজনৰ বুকু ভাঙি গ’ল ৷ তেওঁ জীয়েকক সাবট মাৰি ধৰি ক্ষমা খুজিলে ৷

শুনা মতে দেউতাকজনে সেই উপহাৰটি তেওঁৰ বিচনাৰ ওচৰতে ৰাখি থৈছিল ৷ যেতিয়াই তেওঁৰ মনত হতাশা আহে তেওঁ টোপোলাটো খুলি জীয়েকে ভৰাই দিয়া মৰম আৰু চুমাবোৰৰ কথা ভাবে ৷

সঁচা কথা ক’বলৈ গ’লে প্ৰত্যেক ব্যক্তিৰে ওচৰত একোটা উপহাৰৰ টোপোলা আছে আৰু সেই টোপোলাটোত সোমাই আছে আপোনজনৰ অকৃত্ৰিম মৰম আৰু চুমা ৷

পখিলা, মাছ, ভালুক, চিকাৰী, নিগণি, মেকুৰী আৰু প্ৰতিভুৰ সাধু

এই সাধুটোৰ এটা নীতি শিক্ষা আছে, কিন্তু আপুনি ভৱাৰ দৰে নহ’বও পাৰে ৷ মোৰ বেছিভাগ সাধু অৱশ্যে লাগবান্ধ নোহাৱা ধৰনৰ হয় ৷
গ্ৰীষ্মকালৰ কথা ৷ এখন অৰণ্যৰ মাজত থকা হ্ৰদৰ পানীত ওপঙি থকা পাত এখিলাত এজনী পখিলা বহি আছে ৷ পখিলাজনীয়ে ভাবি আছে,‘মই যদি আৰু অকমান তললৈ নামি যাব পাৰো তেনে

হ’লে হ্ৰদৰ পানীয়ে মোৰ শৰীৰত নতুন শক্তি দিব, মই সজীব হৈ উঠিম ৷’
পানীত থকা মাছ এটাই চিন্তা কৰি আছে,‘যদি পখিলাজনী আৰু অকমান তললৈ নামি আহে তেনেহ’লে মই তাইক খাব পাৰিম ৷’
হ্ৰদৰ পাৰত থকা ভালুক এটাই ভাবিছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া মই তাইক খাব পাৰিম ৷’

সেই সময়তে এজন চিকাৰীয়ে হ্ৰদৰ পাৰত বহি দুপৰীয়াৰ ভোজন উলিয়াই ভাবি আছে,‘ভাবিছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব আৰু তেতিয়া মই তাক ধৰিব পাৰিম ৷’

আপুনি ভাবিছে ছাগৈ,‘বাহঃ হ্ৰদৰ পাৰত যথেষ্ট ঘটনা ঘটি আছে !’
মই কওঁ শুনক আৰু কি কি হৈ আছিল ৷
এটা নিগণি সোমাই আছিল চিকাৰীজন বহি থকা ঠাইডোখৰৰ ওচৰতে ৷ সেই নিগণিটোৱে ভাবি আছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব ৷ তেতিয়াতো চিকাৰীজনে ভালুকটোক খেদা মাৰি যাবই ৷ তেতিয়া মই চিকাৰীৰ ৰুটিডোখৰ খাব পাৰিম ৷’

অলপ আতৰত বহি থকা মেকুৰী এটাই ভাবি আছে, ‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব ৷ তেতিয়াতো চিকাৰীজনে ভালুকটোক খেদা মাৰি যাবই আৰু নিগণিটো ওলাই আহিব চিকাৰীৰ ৰুটিডোখৰ খাবলৈ ৷ তেতিয়াই মই তাক ধৰিব পাৰিম ৷’
এই গল্পটো পঢ়ি থকা আপুনি ভাবি আছে মই এইখিনিলৈকে জানোৱে ৷ প্ৰতিভুৱে ইয়াৰ পাছত কি কৰিব ? কি কৰিবনো একো নকৰে ৷ সময় শেষ হৈছে, ক্লাছ আছে, কাইলৈ নতুন কিবা এটা লিখিম ভালকৈ , প্ৰতিশ্ৰুতি দিছো ৷

নীতি শিক্ষা : প্ৰতিভুৱে কিবা এটা লিখিছে বুলিয়ে পঢ়া উচিত নহয় ৷

ভগৱানলৈ মুকলি চিঠি

ভগৱানলৈ মুকলি চিঠি


হে ভগৱান মই Assam Engineering Collegeত থাকোতে থেৰেজাখন ভালকৈ পঢ়িছিলো ৷ তেতিয়াৰে পৰা মনত এটা প্ৰশ্ন আছিল,‘আপুনি বাৰু wiring কৰোতে অকমান গন্ডগোল কৰিলে নেকি?’



বুজাই দিছো কথাটো ৷
মানুহ উৎকন্ঠাত থাকিলে মগজুৱে ক্ৰিয়া কৰে আৰু প্ৰেমত পৰিলে হৃদয়ে (হাৰ্ট) ক্ৰিয়া কৰে ৷

তেনেহ’লে, তীব্ৰ উৎকন্ঠাত কিয় হাৰ্ট এটেক হয় আৰু প্ৰেমত মতলীয়াজন পাগলৰ দৰে হয় ??

মোৰ দৰে বহুতেই কথাতো বুজা নাই, অকমান যদি বুজাই দিয়ে নথৈ ধন্য হ’ম ৷

ইতি
প্ৰতিভু দত্ত

বি.দ্ৰ. — মোৰ এতিয়া কিন্তু চিন্তা হাৰ্ট এটেকটোলৈহে দেই