Saturday 14 December 2013

আধ্যাত্মিকতাবাদত কেলকুলাছ

আমাৰ চুবুৰীৰ শইকীয়া খুড়াৰ নাম আছে ৷ মানুহ পালেই ধৰ্ম-আধ্যত্মিকতাবাদৰ ওপৰত ভাষণ দিয়ে ৷ এদিন খুড়া আমাৰ ঘৰলৈ আহিল ৷ মই গৈ তেখেতক মাত দিলো ৷
‘‘ডেকা ল’ৰা তোমাক দেখা নাপাওঁ হে !’’, খুড়াই আপত্তি কৰিলে ৷
দুখেৰেই ক’লো, ‘‘পুৱা ৬মান বজাতে ঘৰৰ পৰা ওলাওঁ ৷ ১০ মান বজাত উভটি আহি আকৌ ৩ মান বজাত ওলাই যাওঁ ৷ নিশা ৯মান বাজে ঘৰ আহি পাওঁতে ৷ প্ৰাপ্তিকে মই ভালকৈ লগ নাপাওঁ ৷’’
’’কাম নকৰিলে কেনেকৈ হ’ব ? কৰিবই লাগিব ৷ কৰ্মই ধৰ্ম বুজিছা ৷’’, খুড়াই ক’লে ৷
মই হাঁহি এটা মাৰিলো ৷
সেই যে কৰ্মই ধৰ্ম বুজিছা বুলি আৰম্ভ হ’ল তাৰ পাছতে খুড়াই আৰম্ভ কৰিলে ধৰ্ম-আধ্যত্মিকতাবাদৰ ওপৰত এটা ভাষণ ৷ ব্ৰাহ্মণ্যবাদ, শংকৰদেৱ, ধৰ্ম, সত্য আদিৰ ওপৰত এসোপামন কথা ক’বলৈ ধৰিলে ৷ মই মনে মনে কথাবোৰ শুনি আছো ৷ মনে মনে নাথাকি লাভ নাই ৷ তেখেতৰ বেছি ভাগ কথাই মই বুজা নাই ৷ মাজতে খুড়াই মোক অলপ ককৰ্থনাও কৰিলে, ‘‘ভাদ মাহত তোমাক এদিনো নামঘৰত নেদেখিলো ৷’’
মই তেখেতক বুজালো, ‘‘ভাদমাহত কেনেকৈ নেদেখিলে ? মই দেখোন সদায়ে নাম-প্ৰসংগতে ব্যস্ত থাকো ৷’’
খুড়াৰ অকনমান খঙেই উঠিল, ‘‘কি কোৱা হে ? মই সদায়ে নামঘৰলৈ গৈছো ৷ তোমাক এদিনো দেখা নাই ৷’’
মই আকৌ বুজাব লগা হ’ল, ‘‘নামঘৰত আকৌ মোক কেনেকৈ দেখিব ৷ মই আপুনি কোৱা কৰ্মই ধৰ্মত ব্যস্ত থাকো ৷ কাম নকৰিলে কেনেকৈ হ’ব কওক ? মই যে দৈনিক অংক পঢ়াও সেয়ে মোৰ বাবে নাম প্ৰসংগ ৷’’
খুড়াই মোৰ কথাত বৰ এটা গুৰুত্ব নিদি ধৰ্ম-আধ্যত্মিকতাবাদৰ ভাষণ আকৌ আৰম্ভ কৰিলে ৷
মই তেখেতৰ কথাবোৰ মন দি শুনি থকাৰ অভিনয় কৰি মনে মনে ভাবিবলৈ ধৰিলো, ‘‘মই বাৰু ধৰ্মপ্ৰাণ নে ?’’

মনত পৰা দিন ধৰি মই নিতৌ পুৱা-গধুলী মোৰ ইষ্টদেৱতাক স্মৰণ কৰো ৷ প্ৰৰ্থনা কৰো ৷ তাৰো পৰি ভগৱানৰ সৈতে মোৰ ব্যক্তিগত বুজাপৰা এটা আছে ৷ যেতিয়াই মই বিপদত পৰো তেতিয়াই মোক সহায় কৰিবলৈ তেখেতও ওচৰত সদায়ে প্ৰাৰ্থনা কৰো ৷ অনেকবাৰ অনেকৰ মুখত শুনিছো, ‘‘ভগৱান অন্তৰ্যামী ৷’’ গতিকে ধৰি লৈছো ভগৱানে জানে মই ধৰ্মপ্ৰাণ হয় নে নহয় ৷
মনটো অলপ ভাল লাগিল ৷

মই মনে মনে থকা দেখি হয়তো শইৰীয়া খুড়াই অনুমান কৰিব পাৰিলে মই তেখেতৰ কথাত ভালকৈ মন দিয়া নাই ৷ তেখেতে মোক প্ৰশ্ন কৰিলে, ‘‘তুমি মোৰ কথাবোৰ শুনি বেয়া পাইছা নেকি ? মন দিয়া নাই যে ?’’
ধৰা পৰি অলপ লাজ পালো ৷ লগাতকৈ খৰধৰ কৰি ক’লো, ‘‘নাই নাই খুড়া কিয় বেয়া পাম ? আপুনি ঠিক কথাকে কৈ আছে ৷’’ অৱশ্যেই ক’ব লাগিব তেখেতে কি কৈ আছিল মোৰ কাণত একো সোমোৱা নাছিল ৷
‘‘আচলতে মই যিখিনি কথা সত্য বুলি জানো সেইখিনি কথা মই মানুহৰ আগত কওঁ ৷ সেইকাৰণে বহুতেই আকৌ মোক বেয়া পায় ৷ মই হেনো মানুহক আমনি কৰো ৷ কথাটো কিন্তু তেনেকুৱা নহয় ৷’’, খুড়াই আত্মপক্ষ সৰ্মথন কৰা যেন লাগিল ৷
মই ক’লো, ‘‘নাই নাই খুড়া, কৈ যাওঁক ৷ মই শুনি আছো ৷’’
মই মনযোগ দিম বুলি ঠিক কৰিলো ৷
‘‘মই ধৰ্মৰ ওপৰত, ভগৱানৰ ওপৰত বহু কথা পঢ়িছো ৷ সেয়ে মই বহু কথা বুজি পাইছো, বহু কথা শিকিছো ৷ সেইখিনি মই আনৰ আগত …….’’
খুড়াৰ কথা শেষ হোৱাৰ আগতেই মই সুধি দিলো, ‘‘খুড়া ভগৱানৰ কথা মানে ?’’
মোৰ প্ৰশ্নটো শুনি খুড়া ৰৈ দিলো ৷ মোৰ ভয় লাগি গ’ল ৷ ‘‘কিবা নুসুধিব লগা কথা কৈ দিলো নেকি বাৰু ?’’
খুড়াই মোক বুজালে, ‘‘সত্য মানেই ভগৱান ৷ সত্যৰ ওপৰত আধাৰিত যিকোনো কথায়ে ভগৱানৰ কথা হ’ব পাৰে ৷ মই যিদৰে মোৰ জ্ঞান আনক বিলাই দিওঁ তেনেদৰে যদি আনো কোনোবাই মোক ভগৱানৰ কথা কয় মই মন দি শুনো ৷ যদি তেখেতৰ কথাখিনি মই সত্য বুলি বিবেচনা কৰো মই সেই কথাখিনি মানি লওঁ ৷’’
‘‘খুড়া, আপুনি ইমান পঢ়া শুনা কৰিছে তাৰ পাছত জানো আপুনি নজনা কিবা কথা আছে ?’’
খুড়াই হাঁহি এটা মাৰি ক’লে, ‘‘ভগৱানৰ মহিমা অপাৰ ৷ জানি শেষ কৰিব নোৱাৰি ৷ সকলোৱেই ভগৱানৰ বিষয়ে কিবা নহয় কিবা জানে ৷ সেইবোৰ বাদ দিয়া ৷ তুমিও ভগৱানৰ বিষয়ে কিবা জানা ৷ আজি তাকেই শুনো দিয়া ৷’’

মই সাংঘাতিক বিপদত পৰি গ’লো ৷ ইমান ভগৱানৰ বিষয়ে জনা মানুহজনক আকৌ মই ভগৱানৰ বিষয়ে কি ক’ম ?
মই সুধিলো, ‘‘মইনো আপোনাক ভগৱানৰ বিষয়ে কি ক’ম ?’’
‘‘তুমি যি জানা তাকেই কোৱা ৷ তোমাক দেখোন কৈছিলো সত্যৰ কথা কোৱা মানেই ভগৱানৰ কথা ৷’’
চিন্তা কৰিবলৈ ধৰিলো মইনো কি এনে এটা সত্যৰ কথা জানো যি বিষয়ে খুড়াক কিবা জ্ঞান দিব পাৰিম ৷ ভাবি ভাবি কথা এটা মনলৈ আহিল ৷

‘‘খুড়া আপুনি derivative of a function কি জানে নে ?’’, মই প্ৰশ্ন কৰিলো ৷
মোৰ প্ৰশ্ন শুনি খুড়া আচৰিত ৷ তেখেতে মোক সুধিলে, ‘‘derivative of a function মানে কি আকৌ ?’’
মই অলপ সকাহ পালো ৷ মই মোৰ ভাষণ আৰম্ভ কৰিলো,

‘‘খুড়া আচলতে মই নিতৌ কেলকুলাছৰ বিষয়ে পঢ়ো ৷ কেলকুলাছও সত্য ৷ আজিলৈকে কোনোও কেলকুলাছৰ সত্যতাৰ ওপৰত আঙলি টোঁৱাব পৰা নাই ৷ Derivative of a function at a point is defined as the slope of tangent drawn at that point. ধৰি লওঁক এটা function আছে y=f(x) ৷ আমি যদি এই functionটোৰ x-axisত…………..’’
কাজগ-কলমলৈ মই খুড়াক এক সত্য কথা বুজাবলৈ আৰম্ভ কৰিলো ৷