Tuesday 5 November 2013

ট্ৰাঞ্চফাৰ

১৯৯৭/৯৮ মানৰ কথা ৷ পুৱা ৭ মান বাজিছে ৷ কলিং বেলটো বাজিল ৷ দুৱাৰ খুলি দেখো অশোকদা ৷ লগত আৰু দুজন (নাম কেইটা নকওঁ) ৷ সেই দুজন এজন মোৰ ককাইদেউ আৰু আনজন সেই সময়ৰ এজন নাম থকা ছাত্ৰ নেতা ৷ জনতা ভৱনত অবাধ ওলোৱা সোমোৱা ৷

ড্ৰয়িং ৰূমত বহি কথা পাতি আছো ৷ চাহ বিস্কুট খালো ৷ কি কি কথা পাতিলো মনত নাই ৷ কিন্তু মোৰ মনত আছে মই ভাবি পোৱা নাই ৰাতিপুৱাই তেওঁলোক আহিল কিয় আমাৰ ঘৰলৈ ৷
অশোক দা আৰু ককাইদেউজনৰ কথা বুজি পালো ৷ তেওঁলোক সময় নাই, অসময় নাই আহিব পাৰে ৷ কিন্তু তিনি নম্বৰজন বাৰু কয় আহিল ?

এসময়ত ককাইদেৱে ইংগিত দিলে, ‘‘লা বাহিৰলৈ যাওঁ ৷ ছিগাৰেট এটা হুপি লওঁ ৷’’
ককাইদেউ আৰু ছাত্ৰ নেতা আগে আগে গল ৷ মই আৰু অশোকদা পাছে পাছে ৷ অশোকদাক ফুচফুচাই সুধিলো, ‘‘কথাটো কি ?’’
অশোকদায়ো ফুচফুচাই কলে, ‘‘নাজানো ৷ মোক উঠাই লৈ আহিল ৷’’

ককাইহেৱে ছিগাৰেটটো দিলে ৷ মোৰ লাগিছে চিন্তা ৷ ৰাতিপুৱাই মোক চিগাৰেট খুৱাবলৈকে সেই ফটাশিলৰ পৰা আহিল নে ?

মই হাতত ছিগাৰেটটো লৈ ৰৈ আছো ৷
ছাত্ৰ নেতাই মোক কলে, ‘‘ আমুক ঠাইখনৰ EAC জনৰ ট্ৰাঞ্চফাৰটো ৰখাই দিব লাগে ৷’’
মোৰ হাঁহি উঠি গল ৷ ‘‘আপোনালোকে সেই কামটোৰ কাৰণে ৰাতিপুৱাই আহিল নেকি ?’’
অশোকদাৰ মুখৰ পৰা ওলাই গ, ‘‘তুমি কেনেকৈ  ট্ৰাঞ্চফাৰটো ৰখাই দিবা ? আজিলৈকে দেখোন নিজৰ কাৰণে চাকৰি এটাকে গোটাব পৰা নাই ?’’
মই ককাইদেউৰ ফালে চাই কলো, ‘‘যোৱাকালি ৰাতি বেছি হৈ গল নেকি ?’’
ককাইদেউৰ অভ্যাস  এটা আছিল ৷ ৰাতি ফটিকাৰ ৰাগীত যাৰে তাৰে আগত যি মন যায় তাকেই কৈ দিয়ে ৷ সকলোৱে বিশ্বাসো কৰে ৷ ৰাতিপুৱা বাকীবোৰ সমস্যাত পৰে ৷
 ককাইদেৱে তেতিয়া বুজালে, ‘‘তোমাৰ যে ভিনদেউ ! তেওঁক কৈ ট্ৰাঞ্চফাৰটো ৰখাই দিয়া আকৌ !’’ হওঁতে কথাটো হয় ৷ মোৰ এজন ভিনদেউ বেছ প্ৰভাবশালী ভিনদেউ নথকা নহয় ৷ কিন্তু সেই বুলিয়ে মই ট্ৰেঞ্চফাৰ ৰখাম কেনেকৈ ?
মই ক’লো, ‘‘ককাইদেউ ! অশোকদাই কৈছেই দেখোন কথাটো ৷ মই আজিলৈকে নিজৰ কাৰণেই একো বিচাৰি যোৱা নাই ৷ কত আৰু আনৰ কাৰণে যাম ৷’’
ছাত্ৰ নেতাই মাত লগালে, ‘‘বহু মাল আছে ! কামটো কৰি দিলে তোমাৰ হাতলৈকো লাখ টকা আহি যাব ৷’’
মই বুজিলো ছাত্ৰ নেতাই মোক লাখপতি কৰিহে এৰিব ৷ নকৰো বা নোৱাৰো বুলি কৈ লাভ নাই ৷ কলো, ‘‘ৰাতিলৈ ককাইদেউক কৈ দিম বাৰু কি হল ৷’’

তিনিও উভটিল ৷
ৰাতি গৈ মই প্ৰিঞ্চ নামৰ পান্থশালখন পালো গৈ ৷
তাত ককাইদেউ ব্যস্ত আন এজনৰ সৈতে, আন কিবা গভীৰ আলোচনাত ৷

মই গৈছিলো ট্ৰাঞ্চফাৰৰ বিষয়টো শেষ কৰিবলৈ ৷
মই গৈছিলো ককাইদেউ বুজাবলৈ, ‘‘কি মানুহ আনি থাকেহে আপুনি ? কাম নাই নেকি ?’’

ককাইদেৱে মোক কলে, ‘‘ৰাতি বেছি হৈ গৈছিল ৷ সেই কাৰণে লৈ গৈছিল ৷ সিও পাহৰিলে ৷ তুমি আকৌ ছিৰিয়াছলী কথাটো ভাবি আছা নেকি ? তোমালোকে টেনচন ট্ৰঞ্চফাৰ কৰিব নাজানা হে !’’

Friday 1 November 2013

প্ৰেম পত্ৰ পাছৰ কাহিনী : expiry date নথকা প্ৰেম পত্ৰ

মই মেট্ৰিক পৰীক্ষা দি কাম-বন নাছিল কাৰণে এখন প্ৰেম পত্ৰকে লেখি পেলালো ৷ পিছত লগৰ ল’ৰাৰ কথা পেলাব নোৱাৰি (?) এক বিশেষ যুৱতীক সেই চিঠিখন দি দিলো ৷
তাৰ পাছত হোৱাই নোহোৱাই যুৱতীৰ ঘৰৰ আগেদি সঘন অহা যোৱা ৷ কিজানিবা কিবা উত্তৰ আহে ৷ বাট 
চাওঁতে চাওঁতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলাল ৷ তাৰ পাছত মই পঢ়িবলৈ বুলি গুৱাহাটীলৈ আহিলো ৷


পাছে সেই যে প্ৰেমপত্ৰখন  লেখিছিলো  তাৰ বাবে মোৰ ভালেমান উপকাৰো হৈছিল ৷
কটনৰ হোষ্টেলত সোমাই ৰেগিঙৰ সময়ত প্ৰেম-পত্ৰ লেখা প্ৰতিযোগিতা এটা হয় ৷ তাত মই পুৰস্কাৰো পাইছো ৷ কৈ থওঁ কটনত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈছিল ৷ মই অকল এটা পুৰস্কাৰেই পাইছিলো ৷ পাছৰ বছৰ প্ৰেমপত্ৰ লেখি প্ৰতিযোগিতাত হেনো মই বিচাকৰ আসনতো আছিলো ৷ কথাটো পাহৰি গৈছিলো ৷ মাজতে বিজয় শংকৰ বৰুৱাই মনত পেলাই দিলে ৷

কটন এৰি ইঞ্জিনিয়াৰিং কলেজ পালো গৈ ৷ লাহে লাহে সেই চিঠিখনৰ কথা পাহৰি থাকিলো ৷ লগৰ দুটামানক অৱশ্যে মাজে মাজে নোকোৱা নহয় সেই বিশেষ প্ৰেমপত্ৰখনৰ কথা ৷ আমাৰ লগৰে এটা আকৌ বৰ কবি কবি যেন লগা প্ৰেমিক তথা প্ৰেম সম্বন্ধীয় কথা-বতৰাৰ বিশেষজ্ঞ আছিল ৷ তেওঁ এহাতে গিলাছ ধৰি আন হাতে চাৰমিনাৰ ছিগাৰেট হুপি হুপি মোক সোধে, ‘‘আচ্ছা ! তই চিঠিখন অন্তৰৰ পৰা লেখিছিলি নে ?’’
মই কবিনৰ দোকানৰ চানা চোবাই চোবাই সোধো, ‘‘অন্তৰ মানে ? কোনে দেখিছে পাৰ্টনাৰ অন্তৰ ? আজি যে মই এই চানাবোৰ খাই আছো ৷ অন্তৰৰ পৰা খাইছো নে ?’’
মই বন্ধুৰ ফালে চালো ৷ তেওঁ ব্যস্ত চাৰমিনাৰত ৷ মই কৈ গ’লো, ‘‘হাতখনে যদি গিলাছটো ধৰিছে তেনেহ’লে  জানিবি অন্তৰৰ পৰাই ধৰিছে ৷’’
বন্ধুৱে চাৰমিনাৰ মুখৰ পৰা আতৰ কৰি সোধে, ‘‘তই চানাৰ কথা কৈছ নে গিলাছৰ কথা কৈছ ? কিন্তু মই বুজিলো তই অন্তৰৰ পৰা লিখিছিলি ৷’’ তাৰ পাছত ভাওনাত হনুমানে জাপ মৰা দি সি জাপ এটা মাৰি বিচনাখনৰ ওপৰত উঠি ল’লে, ‘‘চা ডোছ, তই অন্তৰৰ পৰা লেখিছ যেতিয়া উত্তৰ পাবি ৷ মনত ৰাখিবি হিন্দিত কৈছে – ভগৱান কি ঘৰ মেই নাছ নাজানে আংগন তেৰা ৷’’ এই বুলি কৈয়ে তেওঁ ধুপুছ কৰি বিচনাতে বাগৰি পৰিল ৷
মোৰ মনত আকৌ এটা আশাৰ সঞ্চাৰ হ’ল ৷

তেতিয়া ১৯৯২ চন ৷
মই পৰীক্ষাৰ কাৰণে পঢ়ি আছো ৷ হোষ্টেলতে আছো ৷ পাছদিনা মেছিনছৰ পৰীক্ষা আছে ৷ মই যে ফেইল কৰিম সেইটো ষোল্ল অনাই খাটাং আছিল ৷ তথাপিও শেষ যুজ এটা দি আছিলো ৷ হঠাতে প্ৰিঞ্চিপাল চাৰৰ অফিছৰ পৰা পিয়ন এজন আহি মোৰ কোঠাৰ দুৱাৰত টোকৰ মাৰিলে, ‘‘দত্তবাবু, চাৰে আপোনাক মাতিছে  !’’
মোৰ চকু কপালত উঠিল, ‘‘চাৰে মোক কিয় মাতিছে ? মই দেখোন যোৱা দুদিন একো কৰা নাই ?’’
‘‘নাজানো দিয়ক কিয় মাতিছে ৷ এতিয়াই যাবলৈ কৈছে ৷’’
মনতে ভাবিলো দুদিন আগতে সেই প্ৰেম সম্বন্ধীয় কথা-বতৰাৰ বিশেষজ্ঞজনৰ সৈতে বহি চানা আৰু অকনমান কিবা কিবি নধৰা নহয় ৷ কিন্তু তাৰ কাৰণে মোক মাতিব নালাগে ৷ কাৰণ কি হ’ব পাৰে ?

ভাবি চিন্তি চাৰৰ অফিছ পালো গৈ ৷
চুচুক চামাককৈ সোমাইছো চাৰৰ কোঠাত ৷ (যিসকলে মই পঢ়া কলেজখনৰ সেই সময়ৰ প্ৰিঞ্চিপাল চাৰক জানে তেওঁলোকে অনুমান কৰিব পাৰিছে মই কিয় আৰু কেনেকৈ চাৰৰ দুৱাৰৰ সন্মুখত ঠিয় হৈ আছিলো ৷)
মোক দেখিয়ে চাৰে সুধিলে, ‘‘আমুকক কেনেকৈ চিনি পোৱা ?’’
চাৰে যি নাম ল’লে সেইয়া মই প্ৰায় ৫ বছৰ আগেয়ে প্ৰেমপত্ৰ লিখা যুৱতী গৰাকী ৷ মই হতবাক !  চাৰে কেনেকৈ গম পালে মই ১৯৮৭চনত তেওঁলৈ চিঠি দিছিলো বুলি ৷ তিনিবছৰ চাৰক দেখি এটা গম পোৱা হৈছিলো যে চাৰে সকলো কথা জানিব পাৰে ৷ প্ৰেম সম্বন্ধীয় কথা-বতৰাৰ বিশেষজ্ঞজনলৈকো মনত পৰি গ’ল ৷ তেওঁ কৈছিল, ‘‘অন্তৰৰ পৰা লেখিছ যেতিয়া উত্তৰ পাবি ৷’’ উত্তৰ চাৰৰ যোগে দি আহিব নেকি ?
মনে মনে প্ৰাৰ্থনা কৰিলো‘‘হে ভগৱান বচোৱা আৰু ৷’’
মই মনে মনে থকা দেখি চাৰে আকৌ সুধিলে, ‘‘চিনি পোৱা নে নাই ?’’
মই জানো চাৰক মিছা কথা কৈ লাভ নাই, ‘‘চাৰ চিনি পাওঁ ৷’’
‘‘অ তাই ফোন কৰিছিল ৷ এতিয়া আকৌ ফোন কৰিব ৷’’
কানেৰে কি শুনিছো বুজি পোৱা নাই ৷ মোক বিচাৰি চাৰৰ তালৈ ফোন কৰিছে ??? আমি শুনিছিলো ৰাজ্যপালেও হেনো চাৰলৈ ফোন কৰিবলৈ ভয় কৰে আৰু ‘তাই’ মোক বিচাৰি চাৰলৈ ফোন কৰি দিলে !! 
হে প্ৰভু এতিয়া কি হ’ব ?

অকনমান পাছতে ফোনটো বাজি উঠিল ৷ চাৰে ফোনটো ধৰি ‘অ দিছো’ বুলিকৈ মোক ফোনটো দি দিলে ৷
কন্ঠ নলী পাৰ হৈ কোনোমতেহে মোৰ মাতটো ওলাল, ‘‘হেল্ল’ !’’
তাৰ পাছত অকনমান সময় কথা পাতি গম পালো যুৱতী গুৱাহাটীলৈ আহিছে আৰু টেলিফোন ডাইৰেক্টৰী চাই কেলেজৰ নম্বৰটো উলিয়াই ফোন কৰিছে, মোক বিচাৰি ৷
সেইদিনা মোক ডেটিঙলৈ মাতিছে ৷

টোকা
১) পাছদিনা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ মেছিনছৰ পৰীক্ষা থাকিলে ডেটিঙলৈ যাব পাৰি নে নোৱাৰি ইলেক্ট্ৰিকেল পঢ়া কেইটাই জানে !

২) প্ৰিঞ্চিপাল চাৰৰ ফোনত ডেটিঙৰ প্ৰস্তাৱ অহা ময়ে ছাগে একমাত্ৰ ব্যক্তি

কমেন্ট আহিল নেকি, নাইক পৰিল নেকি ?

মেট্ৰিক পৰীক্ষা দি উঠিছো ৷ কাম বন নাই ৷ দুটামানে টাইপিং শিকিছে, দুটামানে আকৌ ছৰ্টহেন্ড শিকিছে ৷ 
ছৰ্টহেন্ড শিকিলে হেনো ‘কলেজত চায়েঞ্চ’ পঢ়িবলৈ সুবিধা হয় ৷ বিজ্ঞানৰ অধ্যাপকবোৰে হেনো বৰ খৰ খৰকৈ কথাবোৰ কৈ যায় আৰু ছৰ্টহেন্ড শিকি থ’লে অকনো অসুবিধা হোৱোকৈ কথাবোৰ লেখি যাব পাৰি ৷ কোনে যে তেনে ধৰণৰ কথা এটা উলিয়াই দিছিল নাজানো আৰু ! প্ৰায় ৬ বছৰ কলেজত বিজ্ঞান জাতীয় বিষয়েই পঢ়িলো ৷ ছৰ্টহেন্ডৰ প্ৰয়োজন কোনোদিনেই অনুভৱ নকৰিলো ৷ অৱশ্যে কথাটো নোহোৱা হয় যে ‘‘বিজ্ঞানৰ অধ্যাপকবোৰে  বৰ খৰ খৰকৈ কথাবোৰ কৈ যায়’’ ৷ 

ছৰ্টহেন্ডৰ কথা থাকক বাৰু ৷ মেট্ৰিক পৰীক্ষাৰ পাছৰ দিনবোৰলৈ যাওঁ ৷ এনেয়ে বহি বহি আমণি লাগিলত এদিন ভাবিলো লেখা-মেলাকৈ কৰা যাওঁক ৷ কাগজ কলম গোটাই লৈ এগৰাকী দিপলিপ যুৱতীলৈ বুলি সম্বোধন কৰি লেখি দিলো এখন প্ৰেমপত্ৰ ৷ কথাটো মই কাকো জনোৱা নাছিলো ৷ প্ৰেমপত্ৰ লেখিছিলো যদিও সেইখন যুৱতীক দিয়া উদ্দেশ্য মোৰ একেবাৰেই নাছিল ৷ কাম বন নাই ৷ কি কৰিম, কি নকৰিম এই দৰে আমণি লগাতহে মই লেখিছিলো সেইখন ৷

এদিন আবেলি লগৰ বন্ধু দুটামানক দেখুৱালো সেইখন ৷ তাহাত জাঙুৰ খাই উঠিল ৷ ‘‘আৰে তই ইমান ভালকৈ লেখিছ ৷ আমাৰ লগৰ কোনোবাই প্ৰথম প্ৰেমলেটাৰ লেখিছে ৷ কিয় নিদিব আকৌ ? ব’ল দি আহোঁ গৈ ৷’’
মই ক’লো, ‘‘মই নিদো, তহঁতেই দি দে ৷’’
‘‘আৰে আমি আকৌ দিয় দিম ? তয়ে দে ৷’’
মই বুজালো, ‘‘চা তাইক ভাল কিবা মই অকলে দেখো নেকি ? তহঁতেও ভাল দেখ ৷ একেই কথা দে ৷ কোনোবাই দিলেই হ’ল ৷ তাতে দেখা নাই তাইৰ ককায়েকটো ৷ এক মাৰ মাৰি দিব, মৰি থাকিম ৷ মই নিদিওঁ দেই !’’
‘‘আৰে ভাই ব’ল না !’’ বুলি চাইকেলত তুলি মোক লৈ গ’ল চাৰিআলিৰ ওচৰৰ সেই বিশেষ ঘৰটোৰ ওচৰলৈ ৷

দুখন চাইকেলত আমি তিনিটা, চাৰিআলিৰ ওচৰৰ সেই বিশেষ ঘৰটোৰ আগেদি অহা-যোৱা কৰি কৰি হায়ৰাণ হৈ গৈছো ৷ যুৱতী ঘৰৰ বাহিৰলৈ নোলাইহে নোলায় ৷ এপাকত যুৱতী বান্ধৱী এজনীৰ সৈতে ঘৰৰ বাহিৰলৈ ওলাল ৷ আমি তিনিও গৈ যুৱতীৰ নঙলা-মুখ পালো গৈ ৷
‘‘লোৱা, এইখন তোমাৰ কাৰণে ৷ প্ৰতিভূয়ে লেখিছে ৷’’
যুৱতীয়ে এবাৰ চিঠিখনলৈ চাইছে, এবাৰ মোৰ ফালে চাইছে ৷
মোৰ লাগিছে, ‘কিহে পাইছিলে এইখন লেখিবলৈ ? গৈ হাতৰ পৰা সেইখন থাপ মাৰি লৈ আহো নেকি ?’
তাৰ পাছতে দুই বান্ধৱী হাঁহি এটা মাৰি ঘৰৰ ভিতৰলৈ দৌৰ মাৰিলে ৷

তাৰ পাছত আৰম্ভ হৈ গ’ল চাৰি আলিৰ ওচৰৰ সেই বিশেষ ঘৰটোৰ আগেদি অহা আৰু যোৱা ৷ মনত পৰিলেই এপাক মাৰো, কিজানিবা কিবা উত্তৰ আহে ৷
অৱস্থাটো কেনেকুৱা জানে নে ?
এই যে ফেছবুকত কিবা এটা আপডেট দিলে আপুনি ৷ তাৰ পাছত ক্ষণে প্ৰতি মনত পৰোতে লগ- ইন(LOG IN) কৰিছে কিবা লাইক পৰিছে নেকি, কমেন্ট আহিছে নেকি ?


মোৰ অৱস্থা তেনেকুৱা ধৰণৰ ৷ ক্ষণে প্ৰতি চাৰিআলিৰ ওচৰৰ ঘৰটোৰ আগেদি অহা যোৱা কৰিছো – কেনেবাকৈ চিঠিখনত লাইকটো পৰিল নেকি, কেনেবাকৈ চিঠিখনৰ কমেন্ট আহিল নেকি ?

(ঘটনাটো ১৯৮৭ চনৰ, ১৯৯২ মানত সৰু উত্তৰ এটা নোপোৱা নহয় ৷ বুকু কঁপি গৈছিল ৷ )