Friday 31 May 2013

কৃষ্ণহে বুলিলো !!

দুই ডেকা ইঞ্জিনীয়াৰ ৷ ২৪/ ২৫ বছৰমান বয়স হৈছে তেতিয়া ৷ ইঞ্জিনিয়াৰিং পাছ কৰা বেছি দিন হোৱা নাই ৷ তেল কোম্পানীত কাম কৰে ৷ নতুনকৈ চাকৰিত যোগ দিছে ৷

শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ ওচৰৰ ভাড়াঘৰ এটাত মেছ কৰি থাকে 

এদিন বিয়লি বেলাৰ কথা ৷
জয়সাগৰ কলেজত পঢ়ি থকা দুই যুৱতীয়ে পাচলি আদি বজাৰ কৰি ৰিক্সা এখনেৰে দুই  ডেকা মেছৰ আগেদি গৈ আছে ৷
প্ৰথম  ডেকাই মাত লগালে, ‘‘ভন্তি বজাৰ কৰিলা ?’’
দ্বিতীয়  ডেকা আচৰিত !
‘‘কেনেকৈ চিনি পায় ? পায় জানো চিনি ? জোকাইছে নেকি ?’’
দ্বিতীয়  ডেকাক আচৰিত কৰি যুৱতী দুগৰাকীয়ে মাত দিলে, ‘‘অ অ বজাৰ কৰিলো ৷’’
তাৰ পাছত দ্বিতীয়  ডেকাক আগতকৈয়ো আচৰিত কৰি দুই যুৱতীয়ে ৰিক্সাৰ পৰা নামি তেওঁলোকৰ মেছৰ ফালে খোজ দিলে ৷

মেৰ বাৰান্ডাত উঠি দুই যুৱতীয়ে প্ৰথম  ডেকাক জোৰ কৰিলে, ‘‘লা ৰাতিৰ ভাত সাজ আমাৰ তাত খাবা গৈ ৷’’
প্ৰথম  ডেকাই বুজাইছে যে যাব পৰা নাযাব কাৰন তেওঁৰ নিশা ৮ বজাৰ পৰা ডিউটি আছে ৷
দুই যুৱতী নাচোৰ-বান্দা ৷ ‘‘নাই তুমি যাবই লাগিব ৷ নহলে আমি তোমালোকৰ মেছতে থাকিম আজি ৰাতি ৷’’
প্ৰথম ডেকাই দুই যুৱতীক কেনেবাকৈ মান্তি কৰাই ওভটাই পঠিয়ালে ৷

দ্বিতীয় ডেকাই প্ৰায় খঙেৰেই কলে, ‘‘গগৈ, তুমি যদি ইমান ভালকৈ চিনি পোৱা, মোক আগতে কোৱা নাছিলা কিয় ? বেয়া কথা নহয় ৷ মই ইহঁত দুজনীক মাজে মাজে ৰংঘৰ চাৰিআলিত জোকাৱ ৷ আজি আহি আমাৰ ঘৰ পালে ৷ মই বৰ লাজ পাইছো দেই !!!’’

ইতিমধ্যে তালুত পানী দিব লগা অৱস্থা হোৱা  প্ৰথমজনে মাত লগালে, ‘‘ৰিন্টুদা, মইনো কত চিনি পাওঁ ? ময়ো জোকাইছিলো হে !!’’


কৃষ্ণহে বুলিলো !!!!

(কফী খায় থাকোতে বিক্ৰমজিতৰ মুখে শুনা কথা দেই ৷ সঁচায়ে হব লাগে ৷)

অসমত ফ্ৰেড্ৰিক ফৰছইথ

ইংৰাজী উপন্যাসৰ লগত মোৰ চিনাকী ১৯৮৭চনৰ পাছত
কলেজ হোষ্টেলত মোৰ অন্তৰংগ বন্ধু পদুম বুঢ়াগোহাই আৰু সংলাপ নাহৰ ডেকাই বৰকৈ ইংৰাজী উপন্যাসবোৰ পঢ়ে এদিন ময়ো আৰম্ভ কৰিলো পঢ়িবলৈ প্ৰথম কোনখন পঢ়িছিলো মনত নাই তথাপিও প্ৰথম অৱস্থাত ছিডনী ছেলডন, ৰবাৰ্ট লুডলাম, ফ্ৰেড্ৰিক ফৰচইথ, জেফ্ৰী আৰ্ছাৰ আদিকে পঢ়িছিলো পঢ়ি বেছ ৰস পোৱা লো

বেছি ভাগ উপন্যাসতে মন কৰিছিলো কাহিনী আৰম্ভণি আমেৰিকা বা পৃথিবীৰ যি কোনো এখন দেশত হয় তাৰ পাছত কাহিনীৰ নায়ক, খলনায়ক তথা ঘটনা লেটিন আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলীয়া বা জাপান আদি দেশ পায় গৈ প্ৰতিখন দেশ প্ৰতিখন চহৰৰ নিখুত বিবৰণ দিয়া যেনেই অনুভব হয় অনুভব হয় বুলি এই কাৰনেই কৈছো কাৰন সেইবোৰ দেশলৈ মই কোনো দিনেই গৈ পোৱা নাই কিন্তু লেখকে ইমান সুন্দৰকৈ বৰ্ননা কৰে যে এনে লাগে যেন মই সেই চহৰখন দেখিছো কেতিয়াবা কেতিয়াবা কোনো কোনো উপন্যাসত ভাৰতৰ কোনো মহানগৰৰ কথাও উল্লেখ হয় উপন্যাসবোৰ পঢ়িলে ভাব হয় প্ৰতিখন উপন্যাস একো একোটা সঁচা কাহিনীৰ ওপৰত আধাৰিত

এই উপন্যাসবোৰ পঢ়ি থাকোতে মই কল্পনা কৰো যদি কোনোবাই এনে এখন উপন্যাসত গুৱাহাটী বা ডিব্ৰুগড়ৰ কথা কৈ দিয়ে কেনে লাগিব বাৰু ! কেনে লাগিব বাৰু যদি এফ.বি.আই. এজেন্টজনে পান বজাৰৰৰেবতী বহি চিকেন চাউ খাই থাকে ! কেনে লাগিব বাৰু যদি এফ.বি.আই. এজেন্টজনে উংগাৰ এখনত উঠি খলিহামাৰিৰ পৰা চেপনলৈ গৈ থাকে !
পাছে তেনে কল্পনা যে অলীক বুজিব পাৰিছিলো কাৰন অসমৰ কোন কথাইনো ছিডনী ছেলডন, ৰবাৰ্ট লুডলাম, ফ্ৰেড্ৰিক ফৰচইথ, জেফ্ৰী আৰ্ছাৰ আদিক আকৰ্ষিত কৰিব নকৰে কেতিয়াও জানো
তেওঁলোকে যদি নেলেখে নালাগে বাৰু ! অসমৰে কোনোবাই যদি তেনে এখন উপন্যাস লেখিলে হয় ! পাছে কাহিনীয়ে নাই কোনো, গতিকে তনো আৰু উপন্যাস ওলাব মোৰ কল্পনা মোৰ মনৰ মাজতে থাকিল

দুদিনমান আগৰ কথা
হোটেলত বহি আমি কেইজনমানে আড্ডা মাৰি আছো বেছ ৰঙীন সন্ধিয়া ! আড্ডা জমি উঠিছে মোৰ বাহিৰে সেই আড্ডা বহি থকা বাকী কেইজন একো একোজন কোটিপতি ব্যৱসায়ী তাৰ এজনক ধেমালিতে লো, ‘‘তই দেখোন মোক এক কোটিমান দি দিব পাৰ তোৰ ইমান টকা !’’

তেওঁ তাৰ পাছত মোক যিখিনি কথা শুনালে তাকে শুনি মোৰ মুখৰ মাত নোহোৱা হৈ বুজি নাপালো কোটিপতি বন্ধুৱে মই সঁচাকৈ এক কোটি টকা বিচাৰিছো বুলি ভাবি তৎক্ষনাতে সাজি সাজি গোকাট মিছা কাহিনী এটা শুনাই দিলে নে ঘটনাটো সঁচা আছিল

ঘৰলৈ আহি ভাবিলো সঁচাই হওঁক বা মিছাই হওঁক কাহিনী কিন্তু অসমৰ পৰা আৰম্ভ হৈ কেইবাখনো দেশ, দুখন মহাদেশ পাৰ হ’ল ৷ লগতে আছে বিদ্ৰোহী, আমেৰিকাৰ চোৰাংচোৱা সন্থা, সাংঘাতিক প্লট !!!!!!!!

কোনোবাই যদি লেখি দিলে হয় !





Thursday 30 May 2013

মন্দিৰৰ প্ৰসাদ

নৃপেনে তাৰ ফেছবুক একাউন্টটো বন্ধ কৰি দিলে ৷নৃপেন মানে সেই টিউচন কৰা নৃপেন, বিদ্যৰ নৃপেন, ৰেগিঙৰ মাজত কবিতা পঢ়া নৃপেন, লাষ্ট ডিজিট লটাৰীৰ মেকিং কৰা নৃপেন !
বহুদিন তাৰ সৈতে কথা পতিব পৰা নাছিলো ৷ আজি  সি ফোন কৰিলে (মই তালৈ ফোন কৰিবলৈ অসুবিধা, বহু টকা লাগিব ! ভয়তে নকৰো ৷

সি প্ৰায়ে মোক কাহিনী শুনাই থাকে ৷ আজিও শুনালে এটা কাহিনী ৷
বৰ বেজাৰ পালো ৷ তেনেকুৱা হব নালাগিছিল ৷ মানি ললো বাৰু তেনেকুৱাই হৈছিল ৷ ২০১১ চনৰ ঘটনাটো আজি আকৌ মোক কিয় শুনালানো ? অলপ টানকৈয়ে ক’লো ৷ সি মোক কথা দিলে, ‘‘এই ডিচেম্বৰত গৈ আছো ৷ এইবাৰ তোমাৰ তাত ৷’’

নৃপেনৰ কাহিনীটো 

‘‘বুজিছা প্ৰতিভূ যোৱাবাৰ ঘৰলৈ যাওঁতে তিনিটা বস্তুলৈ গৈছিলো ৷ এটা মোৰ গাওঁৰ ঘৰৰ ওচৰৰ বন্ধু দুজনমানলৈ, এটা মোৰ ভিনিহি আৰু তেওঁ বন্ধু এজনৰ বাবে ৷ তিনি নম্বৰটো তোমাৰ আৰু পাৰ্থৰ বাবে ৷’’

মই জাপ মাৰি উঠিলো ৷ কানাডাৰ পৰা মোৰ নামত বস্তুআহিছিল অথচ মই নাপালো দেখোন !!
‘‘হেৰা নৃপেন মই নাপালো দেখোন ??????????’’
‘‘বাহে সেইটোৱেই কাহিনীটো ৷’’
‘‘অ অ কোৱা ৷’’
নৃপেনে আৰম্ভ কৰিলে, ‘‘জানানে মোৰ দিল্লীৰ ঘৰটোত চাৰিটা মান এতিয়াও থৈ দিয়া আছে ৷ আজি চাৰি বছৰমান আগতে কিনোতেই ২০ বছৰ পুৰণি আছিল ৷’’
‘‘হেৰা সেইবোৰ ফাল্টু কথা বাদ দিয়া হে ! তোমাৰ দিল্লীৰ ঘৰৰ চাবিটো ক’ত আছে ?’’
মোৰ প্ৰশ্নটো শুনি ছাগে নৃপেনে অলপ ভয় খালে ৷ সি তাৰ আচল কাহিনী আৰম্ভ কৰিলে, ‘‘অ অ শুনা কাহিনীটো ৷ প্ৰথম দুটা বিলোৱাৰ পাছত বাইদেউৰ ঘৰত তোমালোকৰ ‘বস্তু’টো লুকুৱাই থৈছো ৷’’
কথাখিনি কওঁতে নৃপেনে ‘তোমালোকৰ’ শব্দটোত লগাতকৈ অলপ বেছি জোৰ দিয়া যেন লাগিল ৷ মই সুধিলো, ‘‘আমাৰ ‘বস্তু’ তুমি বাইদেউৰ ঘৰত আকৌ কিয় লুকুৱাই থৈছিলা ?’’
‘‘আৰে প্ৰতিভূ তুমি নাজানা !! ভিনিয়ে পালে খটম কৰি দিব ৷ মই লুকুৱাই থোৱা বস্তুটো দেখি বাইদেৱে সুধিলে – তই বহুত কেইটা আনিছ নেকি ? মই তাইক বুজালো আৰু নাই ৷ এইটোৱে শেষ ৷ প্ৰতিভূহঁতৰ কাৰনে আনিছো ৷’’
নৃপেনৰ কথা শুনি মোৰ মুৰটো আকৌ গৰম উঠি গ’ল ৷ আৰে ভাই মোলৈ যদি আনিছিলা তেনেহ’লে নিদিলা কেলৈ ?

নৃপেনে বাইয়েকৰ পৰা এটা প্লাছটিকৰ মোনা এটা লৈ পাৰ্থৰ অফিছলৈ বুলি ওলাল ৷ মোনত সুমুৱাই ল’লে ‘প্ৰতিভূহঁতলৈ অনা বস্তুটো’ ৷
নৃপেনে কৈ গ’ল, ‘‘মই পাৰ্থক ফোন কৰিলো ৷ বস্তুটোৰ কথা ক’লো ৷ তোমালোকক মাতিবলৈ ক’লো ৷ তাত গৈ দেখো আলু আৰু পাৰ্থ বহি আছে ৷’’
মই বৰ আশাৰেই সুধিলো, ‘‘মই বহি আছিলো নে নাই ?’’ বহি থকা যে নাই সেইটো মই জানো, কিন্তু নৃপেনৰ কাহিনীটোতে বহি থাকিব পালেও মনটো ভাল লাগিব ৷ তাৰ বাহিৰেনো উপায় কি ?
নৃপেনে ঢেক-ঢেকাই হাঁহি মাৰি ক’লে, ‘‘নাই নাই ! তুমি আৰু ক’ত ? পাৰ্থৰ তাত হেনো তোমাৰ নম্বৰটো নাছিলে ৷’’
‘‘কি কপাল ??????? পাৰ্থৰ তাত মোৰ নম্বৰটো নাই ??? কিন্তু তাৰ দুয়োটা মোবাইলত মোৰ মোবাইল নম্বৰ আছিল দেখোন !!’’ মনতে ভাবিলো ৷
তাক সুধিলো, ‘‘তিনিটাই দুলিটাৰ মাৰি দিলা নেকি ?’’
‘‘নাই নাই !!!!! আলুৱে নল’লেই ৷ পাৰ্থয়ো দুটাহে ল’লে ৷ তুমিটো জানাই মই তিনিটাতকৈ বেছি নলওঁ ৷’’
হিচাবটো শুনি মন ভাল লাগি গ’ল ৷ কিবা অকনমান আশা আছে তাৰ মানে এতিয়াও !!
‘‘তাৰ পাছত বাকী থকাখিনি কি কৰিলা ?’’
নৃপেনে এটা আশাৰ বাতৰি দিলে, ‘‘মই পাৰ্থক ক’লো তয়ে ৰাখি থ ৷ প্ৰতিভূহঁতক দি দিবি ৷’’
মনটোৱে বিদ্যুতৰ গতিত হিচাব কৰিলে ৷ ২০১১ চনৰ পৰা ২০১৩ চনলৈ পাৰ্থক বহুবাৰ লগ পালো ৷ এবাৰো একো দিয়া নাই দেখোন !
নৃপেনে আকৌ মাত দিলে, ‘‘পাৰ্থই কি ক’লে জানা নে ? সি হেনো ‘বস্তু’টো তাৰ ঘৰত ৰাখিব নোৱাৰে ৷’’
নিজৰ মুৰটো লেপটপৰে মাৰি দিম যেন লাগিল ৷ পাৰ্থকে লাগি পাৰিলো, ‘‘আৰে ভাই পাৰ্থ !! এইটো কি AK 47 ? তই নোৱাৰ মোৰ ঘৰত আহি দি যাব লাগিছিল ৷ আৰু কোনে কৈছে এইবোৰ ৰাখি থোৱা বস্তু ৷ আমাক খবৰ দিবি আমি ব্যৱস্থা কৰিম নহয় ৷’’
মই মনে মনে থকা দেখি নৃপেনে ক’লে, ‘‘তাৰ পাছত কি হ’ল শুনা ৷ মই বগা প্লাছটিকৰ মোনাত ভৰাই আকৌ ‘বস্তু’টো নি বাইদেউৰ ঘৰ পালো গৈ ৷ মোৰ হাতত বগা মোনা দেখা পায় বাইদেৱে সুধিলে – তই এইটো আকৌ ঘুৰাই আনিলি যে ? মই তাইক কথাটো বুজাই ক’লো ৷ তাৰ পাছত বাইদেৱে কি ক’লে জানা নে ?’’
মোৰ জানিবলৈ বৰ মন নাছিল ৷ পাৰ্থৰ তাত মোৰ ফোন নম্বৰ কেনেকৈ নাই মোৰ সেইটোহে জানিবলৈ মন আছিল ৷ তথাপিও অভদ্ৰামি হ’ব বুলি নৃপেনক সুধিলো, ‘‘কি বুলি ক’লে ?’’
নৃপেনৰ বায়েকে হেনো তাক সুধিলে, ‘‘তইযে ঘৰে ঘৰে এইবোৰ বিলাই ফুৰিছ, এইয়া কি মন্দিৰৰ প্ৰসাদ ????’’

মই দুখেৰেই সুধিলো, ‘‘
পাছে বস্তুটোৰ নামটো কি আছিল ?’’
‘‘জনী ৱাকাৰ ৷’’
‘‘কিমান বছৰ পুৰণি ?’’
‘‘১৮ নে ২০ বছৰ পুৰণি !!’’
মই লেপটপৰ আগত বহি বহি দুখতে ঢোক এটা গিলিলো ৷

টোকা – এইবাৰ মই নৃপেনক মোৰ ফোন নম্বৰ, লগতে মোৰ পৰিবাৰৰ ফোন নম্বৰ দি ৰাখিছো ৷ সি ডিচেম্বৰত অসমলৈ আহিব ৷
   

Wednesday 29 May 2013

জিৰো (ZERO) আঁৰৰ ৰহস্য

১৯৯৮ চনৰ কথা ৷
মোৰ যাবলৈ বৰ এটা মন নাছিল ৷ আচলতে বাছত উঠি যাবলৈ বৰ আমনি পাওঁ ৷ তথাপিও কমলে নেৰা নেপেৰাকৈ ধৰাত যাবলৈ ওলালো ৷

লক্ষ্য স্থান ৰঙানদী জলবিদ্যুৎ প্ৰকল্প৷

কমল আৰু মই দুয়ো খা-খবৰ কৰি গম পালো অৰুনাচল ৰাজ্যিক পৰিবহন নিগমৰ বাছ এখন চলে ৷ পল্টন বজাৰৰ বাছ আস্থানলৈ গৈ খা-খবৰ কৰি গম পালো বাছৰ টিকট আজলী নামৰ হোটেলখনৰ ১০১ নম্বৰ ৰূমত পোৱা যাব ৷

আজলী হোটেলত ৰাজ্যিক পৰিবহনৰ টিকট ?? বাছৰ কন্ডাক্টৰজন সেইখন হোটেলতে থাকে ৷ সেই গতিকে বাছ আস্থানৰ সলনি তাৰে পৰায়ে টিকেট দিয়ে ৷কথাটোত মই বৰ আমোদ পালো ৷

বিচাৰি বিচাৰি ওলালো গৈ আজলী হোটেলৰ ১০১ নম্বৰ ৰূম ৷ টোকৰ মাৰিলো ৷ পেট মোহাৰি মোহাৰি দুৱাৰ খুলি দিলে এজন শকত আবত মানুহে ৷ চকু দুটা দেখিয়ে গম পালো অলপ ধৰি আছে ৷ মনতে ভাবিলো, ‘‘হয় জানো এইজন ৰাজ্যিক পৰিবহনৰ কন্ডাক্টৰ ?’’
থেৰো-গেৰো কৰি ক’লো, ‘‘টিকেট ?’’
‘‘কাহা যায়েগা ?’’
‘‘ৰঙানদী দুই থো ৷’’
‘‘প-ৰ-টি থী ?’’
কমল আৰু মই একো বুজি নাপায় ভেবা লাগি চাই ৰ’লো ৷
কন্ডাক্টৰে আকৌ মাত লগালে, ‘‘আন্ডাৰ আও ৷’’
ভিতৰ সোমায়ে আমাৰ চকু পৰিল টেবুলৰ ওপৰত থকা বটলৰ ওপৰত ৷
কমল ওস্তাদ মানুহ ৷ কিবা কিবি কৈ কৈ কন্ডাক্টৰক ৰাজি কৰোৱাই ল’লে ৷ আজলী হোটেলৰ ১০১ নম্বৰ ৰূমত মই, কমল আৰু কন্ডাক্টৰ বহি গ’লো ৷ আহিবৰ সময়ত আমি টকা জমা দি দুটা টিকেট লৈ আহিলো ৷

পাছ দিনা বাছত উঠি আৰম্ভ কৰিলো ৰঙানদীৰ যাত্ৰা ৷ বাছৰ ভিতৰত সোমায়ে আৰম্ভ কৰিলো কমলক গালি পাৰিবলৈ ৷ এটা সময়ত টোপনি আহিল ৷ পুৱা চকু মেলি গম পালো অৰুনাচল সোমালো গৈ ৷
বাহিৰলৈ চাই গৈ আছো ৷ বেছ আমোদ পাইছো ৷ যি ঠাইত দলঙখন আছে তাত কোনো নদী নাই, আকৌ যি ঠাইত নদী আছে তাত দলঙখন নাই ৷ এডোখৰ ঠাইৰ নাম হাৱা পাছ (HAWA PASS)

কমল আৰু মই কথা পাতি পাতি গৈ আছো ৷
‘‘হেৰা কমল এই ৰাষ্টাটো জিৰো নামৰ ঠাই এখনত শেষ হয় ৷ আমাৰ কাম শেষ হ’লে এপাক মাৰি আহিম হে ৷ জিলা সদৰ যেন পাওঁ ৷ চাব লগা কিবা থাকিবও পাৰে ৷’’
‘‘এটা কথা কোৱাচোন ৷ ঠাইখনৰ নাম জিৰো কিয় ?’’
‘‘সেইটো আকৌ মই কেনেকৈ জানিম ?’’
কমলে আকৌ ক’লে, ‘‘জিৰো মানেনো কি হ’ব পাৰে ?’’
‘‘মই জনাত জিৰো মানে ইংৰাজীৰ zeroৰ অৰ্থ হৈছে শূন্য ৷’’
কমলে কিবা ভাবি ক’লে, ‘‘তেনেহ’লে নাযাওঁ দিয়া জিৰোলৈ ৷ তাত একো নাই যেন লাগিছে ৷ জিৰো, শূন্য !’’

ইতিমধ্যে গম পালো আমাৰ কাষতে বহি থকা পৰিয়ালোটো ‘‘‘প-ৰ-টি থী’ত নামিব গৈ ৷ আমাক সুধিলে আমি ‘‘‘প-ৰ-টি থী’ত ক’ত থাকিম ৷ মনতে ভাবিলো বৰ হোজা মানুহ ৷ হাঁহি মাৰি বুজালো বৰ ডাঙৰ যে কাম চলি আছে, ৰঙানদী প্ৰকল্প আমি তালৈহে যাম ৷ মানুহজনে আকৌ ক’লে, ‘‘তাকেই সুধিছো প-ৰ-টি থীত ক’লৈ যাম ?’’
এই ‘‘প-ৰ-টি থী’’ শব্দটো কেইবাবাৰো শুনিলো ৷ মানুহজনক সুধিলো ‘‘প-ৰ-টি থী’’ মানে কি ? অলপ আচৰিত হৈ তেওঁ তেখেতৰ হাতত থকা টিকটো দেখুৱালে ৷ তাত লিখা আছে গন্তব্য স্থান 43 KM ৷ নিজৰ টিকট দুটা উলিয়াই চালো ৷ তাতো লিখা আছে 43 KM ৷ এই 43 KM মানে কি আকৌ ? প-ৰ-টি থী যে 43 বুজিলো ৷ কিন্তু কিয় 43 বা প-ৰ-টি থী ? বাছত কোনেও একো উত্তৰ দিব নোৱাৰিলে ৷

আমি আমাৰ কাষ বহি যোৱা পৰিয়ালটোৰ সৈতে ‘‘প-ৰ-টি থী’’ বাছৰ পৰা নামিলো ৷ তাৰ পাছত তেওঁলোকৰ পৰায়ে সহায় লৈ প্ৰকল্পৰ অতিথিশালাত উপস্থিত হ’লো গৈ ৷
তাতে লগ পালো আমি একে কলেজতে পঢ়া হৰিহৰ দাদাক ৷ তেখেতক কথাই কথাই সুধিলো, ‘‘দাদা, এই 43 KMৰ কথাটো কি ? ঠাইখনৰ নাম 43 KM কিল’মিটাৰ কিয় ?’’
‘‘ক’ত আৰু ঠাই ? এইখিনিত আগতে কোনো নাছিল ৷ গতিকে ঠাইখনৰো একো নাম নাছিল ৷ পাছত প্ৰকল্পৰ কাম আৰম্ভ হওঁতে নাম এটা দিব লগা হ’ল ৷ 43 KM  কিল’মিটাৰৰ খুটাটো এই ঠাইখনত আছে ৷ সেয়ে 43 KM !!’’

মই লগে লগে সুধিলো, ‘‘এই ৰাষ্টাটো গৈ জিৰোত শেষ হোৱা নাই জানো ? মানে 0 কিল’মিটাৰৰ খুটাটো জিৰোত আছে নেকি বাৰু ?’’







উপাৰ্জনৰ ধন

ৰাতিপুৱাৰে পৰা নৃপেনৰ মনটো ভাল আজি তাৰ এটা বহু দিনৰ সপোন সাৰ্থক সি কামটোৰ কাৰণে   সন্ধিয়া সময়তহে যাব লাগিব যদিও ৰাতিপুৱাই গা-পা ধুই সাজু ল’লে বাৰে বাৰে বায়েকৰ ওচৰলৈ যায় সি আচলতে কলেজ এৰাৰে পৰা বায়েক-ভিনিহিয়েকৰ লগতে আছে
‘‘ বাইদেউ, কি আনিম ?’’
‘‘এহ্ কি আনিবিনো ? তোৰ যি মন যায় আনিবি আৰু কিবা এটা মিঠাইকে আনিবি দে !’’
‘‘ধেই মিঠাই বাদ দে, মই আজি মাংসকে আনিম সেইবোৰ সোধা নাই মই তোৰ কাৰনে কি আনিম সেইটো ! পাটৰ কাপোৰ ?’’
‘‘তই পগলা হৈছ নেকি ? মোৰ কাৰনে আকৌ কিয় কাপোৰ আনিবি ? ইমান পইছা খৰছ কৰিব নালাগে তই ’’
নৃপেনে অকনমান সময় চিন্তা কৰি লে, ‘‘বাইদেউ তই টকাৰ কথা চিন্তা নকৰিবি আজি প্ৰথম উপাৰ্জন অৱশ্যে তোৰ কাৰনে পাটৰ কাপোৰ এজোৰ আনিবলৈ বহু টকা লাগিব   মাহটোৰ শেষৰ ফালে টনা-টনি হৈ যাব পাৰে বাবু আৰু মাইনাৰ কাৰনেই কিবা কিবি লৈ আনিম দে ’’ বাবু আৰু মাইনা মানে নৃপেনৰ ভাগিন দুটা বায়েকে মুখেৰে একো নামাতি আতৰি

নৃপেনে তাৰ জীৱনটোৰ কথা চিন্তা কৰিবলৈ ধৰিলে
সেই সৰু গাওঁখনৰ পৰা সি আহি কেনেকৈ কষ্ট কৰি পঢ়িলে’, ‘তাৰ মাক আৰু বায়েকহঁতে কেনেকৈ তাৰ কাৰনে কিমান কষ্ট কৰিলেএই সকলোবোৰ কথা তাৰ মনলৈ আহিবলৈ ধৰিলে
নৃপেন পঢ়া শুনাত ভালেই আছিল মেট্ৰিক ভালকৈ পাছ কৰিলে , তাৰ পাছত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পাছ কৰিলে তাৰ পাছত ৰাজ্যৰ আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়খনতো নাম লগালে চাৰি বছৰ অশেষ কষ্ট কৰিলে এদিন সুখ্যাতিৰে তাৰ পৰাও পাছ কৰিলে
ঘৰত সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে সকলোৱে ধাৰণা কৰিলে কষ্টৰ, সমস্যাৰ শেষ ঘৰৰ ৰা অভিযন্তা হৈ আহিছে এতিয়া নৃপেনেই সকলো চম্ভালি

পাছে তাতেই কেণা লাগি যদিও নৃপেনৰ হাতত এটা প্ৰথম শ্ৰেণীৰ অভিয়ান্ত্ৰিক ডিগ্ৰী আছে চাকৰিৰটোকেই সি বিচাৰি পোৱা নাই চাকৰিৰ সন্ধান কৰিবৰ বাবেই সি গাওঁৰ পৰা আহি গুৱাহাটীত থকা বায়েকৰ ঘৰতে থাকিবলৈ লে সদায় ৰাতিপুৱা বায়েকে ৰান্ধি দিয়া গৰম ভাত কেইটা খায়ে নৃপেন ওলাই যায় বায়েকে দুৱাৰ মুখলৈ গৈ তাক আগবঢ়াই আহে গৈ আৰু লগতে তাৰ হাতত টকা ১০টা গুজি দিয়ে আজি এই ১৯৯৪ চনত ১০ টকাৰ মুল্য নৃপেনে বুজি পায় সি বায়েকক সদায় কয়, ‘‘দৰমহা পালেই তোৰ টকাকেইটা মই ঘুৰাই দিম ’’ সন্ধিয়া সি যেতিয়া বিমৰ্ষ হৈ ঘুৰি আহে বায়েকে তাৰ ওচৰতে বহি কয়, ‘‘বাপু দে, কাইলৈ যাবিচোন ভিনিহিয়ে কোৱা মানুহজনৰ ওচৰলৈ কিবা এটা লাগে ’’

লাহে লাহে নৃপেনৰ মস্তিস্কই কাম নকৰা হৈ আহিছে সি মাজে মাজে লগৰে প্ৰতিভূহঁতক লগ কৰিব যায় সেই সময়ত তাৰ লগৰবোৰেই চাকৰি পোৱা নাই দুটামানে মাজে মাজে চোৰাং ব্যৱসায় আদিৰ কথাও চিন্তা নকৰা নহয় কেতিয়াবা নৃপেনেৰ মনলৈকো আহে চোৰাং ব্যৱসায়ৰ কথা

এদিন নৃপেনে চান্দমাৰি কলনিত লগ পায় অজিত কলিতাক অজিত কলিতা আচলতে নৃপেনতকৈ এবছৰমান আগতে সি পঢ়া কলেজখনৰ পৰায়ে পাছ ৰিছে ৷ অজিত কলিতাই নৃপেনক খবৰ দিলে টিউচন কৰি ভালেমান টকা ঘটিব পৰা যায় ৷ তেওঁ মানুহৰ ঘৰে ঘৰে গৈ টিউচন কৰে ৷ কিছুমান ঘৰত দুই নালাগে আঢ়ৈ হাজাৰ টকামানো মাননি পোৱা যায় ৷ কথাখিনি শুনি নৃপেনৰ মুখলৈ পানী আহিল ৷ আঢ়ৈ নালাগে সি যদি ডেৰ হাজাৰমানকৈয়ো মাননি পায় এটা এটা ঘৰৰ পৰা তেনেহ’লে সি আৰু জীৱনত টিউচনৰ বাহিৰে আন একো কাম নকৰে ৷ পাছে সমস্যা এটাই দেখা দিলে ৷
‘‘আজিত দা, মইনো ইমান টকা দিয়া ঘৰ ক’ত বিচাৰি পাম ?’’
‘‘চিন্তা নকৰিবি ৷ মই তোক সকলো ঠিক কৰি দিম ৷ তই মাথো টকা পইছাৰ কথা ভালকৈ পাতি ল’বি ৷’’

দুদিনমান পাছত সঁচাকৈয়ে অজিত কলিতাই ‘টিউচন’ এটাৰ খবৰ দিলে ৷ বৰা ছাৰ্ভিছৰ ওচৰলৈ যাব লাগিব ৷ যথা সময়ত নৃপেন গৈ উপস্থিত হ’ল গৈ নিৰ্দিষ্ট ঠিকনাত ৷ ঘৰটো দেখিয়ে নৃপনৰ মুখত হাঁহি এটা বিৰিঙি উঠিল ৷ ইমান ডাঙৰ ঘৰ, দুখনকৈ মাৰুতী গাড়ী !!!!! সি ডেৰ নহয়, আঢ়ৈহে খুজিব ৷

ছাত্ৰ তথা ছাত্ৰৰ মাক দেউতাকৰ সৈতে চিনাকি হ’ল ৷ কথাই কথাই গম পালে ছাত্ৰৰ দেউতাকে ‘টকা থকা’ বিভাগ এটাতে কাম কৰে ৷ নৃপেনে ভাবিলে সি আঢ়ৈতকৈ এক টকাও কম নলয় ৷ মানুহজনেও ক’লে, ‘‘দাস আপুনি ভালকৈ পঢ়াওক ৷ ফীজৰ কথা চিন্তা নকৰিব ৷’’ নৃপেনক আৰু কোনে পায় !!! সদায় চান্দমাৰীৰ ৰেল ক্ৰচিঙৰ পৰা খোজ কাঢ়ি বৰা ছাৰ্ভিছ পায় গৈ ৷ তাৰ পাছত আৰম্ভ হয় জামেতি, ট্ৰিগ’নমেট্ৰী, দ্বিঘাত সমীকৰণ আদি ৷ মাজে মাজে ছাত্ৰৰ দেউতাকৰ সৈতে দেখা দেখি হয় ৷ তাৰ মনটো ভাল লাগি আহে ৷ মনতে ভাব হয় আজি ছাগৈ মাননিটো পাব ৷ পাছে নাই, তেনে একে নহয় গৈ ৷

এদিন ছাত্ৰৰ দেউতাকে ক’লে, ‘‘দাস মাহটো শেষ হ’বৰ হৈছে ৷ আপোনাক ফীজ কিমান দিব লাগিব ?’’
নৃপেনে মুখৰ হাঁহিটো যিমান পাৰি সিমান লুকুৱাই উত্তৰ দিলে, ‘‘আঢ়ৈমান নল’লে বৰ কম লোৱা হ’ব ৷’’
নৃপেনৰ উত্তৰ শুনিয়ে ছাত্ৰ দেউতাক জাঙোৰ খায় উঠিল, ‘‘এহ্ দাস, কি কৈছে হে ?? আপুনি এজন ইঞ্জিনীয়াৰ হৈ আঢ়ৈ কিয় ল’ব হে ????? আপোনালোককলৈ এইটোৱে প্ৰবলেম ৷ নিজৰ মূল্যটো বুজি নাপায় ৷ মই আপোনাক আঢ়ৈ দিব নোৱাৰে দেই !!!’’
কথা শুনি নৃপেনৰ মুখ শুকাই গ’ল ৷ মনতে ভাবিলে প্ৰথম দিনাখনেই কৈছিল টকাৰ কথা চিন্তা কৰিব নালাগে ৷ সেয়েহে সি আঢ়ৈৰ কথা কৈছে ৷ কোনো মতেহে তাৰ মুখৰ পৰা ওলাল, ‘‘তেনেহ’লে আপুনি যি ভাল দেখে তাকেই দিব ৷’’
মানুহজনে অকনমান চিন্তা কৰি ক’লে, ‘‘আপুনি ইমান কষ্ট কৰিছে, ইমান ভালকৈ পঢ়াইছে যে মোৰ ল’ৰাই আপোনাক বৰ ভাল পাইছে ৷ আপোনাক মই তিনি এটা দিম হ’ব নে ? তাতকৈ বেছি দিবলৈ মোৰো অকনমান অসুবিধা হ’ব ৷’’
নৃপেনে পাৰিলে মানুহজনৰ ভৰিত পৰি দিলে হয় ৷

আজি মাহটো শেষ হ’ব ৷ আজি সি তাৰ জীৱনৰ প্ৰথম উপাৰ্জনৰ টকাকেইটাত হাত দিব ৷
মনতে ভাবিলে আজি সি চান্দমাৰিৰ পৰা খোজ কাঢ়ি নহয় ৰিস্কা এখনতে যাব ৷

সময়ত গৈ নৃপেন বৰা ছাৰ্ভিছ পালে গৈ ৷ কোনে মতেই সি পঢ়া-শুনাত মন দিব পৰা নাই ৷ এটা চিন্তা এশ টকীয়া নোট দিব নে, নে পঞ্চাছ টকীয়া নোট দিব বাৰু ? দহ টকীয়া নোট দিলে আৰু ভাল লাগিব ৷ পকেটত তিনিশখন নোট লৈ ফুৰিবলৈ কেনেকুৱা লাগিব বাৰু ?

টিউচন শেষ হোৱাৰ লগে লগেই ছাত্ৰ দেউতাকে আহি নৃপেনৰ হাতত তুলি দিলে এটা বন্ধ লেফাফা ৷ লেফাফাটো হাতত লৈ তাৰ উশাহ-নিশাহ বন্ধ হৈ যাবৰ উপক্ৰম হ’ল ৷
বাহিৰলৈ ওলাই আহি এবাৰ পকেটত থকা লেফাফাত হাত দিয়ে পাছ পাকৰে কেনেকৈ টকাকেইটা খৰছ কৰিব তাৰে হিচাব কৰে ৷ মিঠাই, মাংস, বাবুহঁতৰ নতুন চোলা-কাপোৰ!!!!!!!!!
সি ৰিক্সা এখনত উঠি চান্দমাৰিৰ দিশে যাবলৈ ধৰিলে ৷ বাৰে বাবে তাৰ মন গৈছে লেফাফাটো খুলি ভিতৰত থকা নোট কেইখন চুই চাবলৈ ৷ পাছে ৰাজপথত ইমান খিনি টকা তেনেকৈ উলিয়াই লোৱাও ঠিক নহ’ব ৷ সি মনতে ভাবিলে গোটেইখিনি টকা বায়েকৰ হাততে দি দিব ৷

নাই সি পাছে নোৱাৰিলে নিজকে চম্বালিবলৈ ৷ লেফাফাটো খুলি দিলে ৷ ভিতৰৰ নোটকেইখন দেখি সি নিজৰ চকু দুটাকে বিশ্বাস কৰিব নোৱাৰা হ’ল ৷

নৃপেনৰ হাতত তেতিয়া আছে তিনিখন এশ টকীয়া নোট !!!

তাৰ উপাৰ্জনৰ ধন !!

Tuesday 28 May 2013

Anon চাহাবৰ সৈতে Meh & Mah Friend

মোৰ বন্ধু অগ্নিয়ে বহুদিন আগতে ফেছবুকত লেখিছিল তেওঁ হেনো ভাবিছিল Anon. (এনন ) নামৰ মানুহজনে অকল কবিতাহে লেখে বুলি ৷ পাছত গম পালে Anon. চাহাবে অকল কবিতা নহয় বহু গল্পও লেখিছে ৷

কথাখিনি দেখি অকল ময়ে নহয় বহুতেই গুগুল কৰিলে এনন চাহাবৰ কৰ্মৰাজিৰ এটা আভাষ লবলৈ ৷ আচৰিত ধৰণে ইমান কবিতা লেখি থোৱা, ইমান গল্প লেখি থোৱা মানুহজনৰ কথা কিন্তু গুগুলত উল্লেখ নাই ৷ চিন্তাত পৰি গ’লো ৷ কেনেবাকৈ এই Anon. (এনন ) নামৰ চাহাবজন ছেক্সপিয়েৰ নেকি বাৰু ? মনলৈ এৰণ ৰংপি দাদাৰ কথাও আহিল ৷ নাম দুটাৰ মিল আছে ৷ পাছে এৰণদাই কাহানিও একো লিখা মনত নপৰে দেখোন !
শেষত উপায় নাপায় মই লাজ মান কাটি কৰি সুধি দিলো, ‘‘অগ্নি এই এনন নামৰ মানুহজনৰ কথা কত পাম বাৰু ?’’
দেখিলো অকল ময়ে সোধা নাই ৰাজ কিশোৰকে ধৰি আৰু দুজনমানে সেই প্রশ্নটো কৰিছে ৷
অগ্নিয়ে উত্তৰ দিলে, ‘‘পাব বিচাৰিলে ৷ Anonৰ সম্পূৰ্ণ নামটো হৈছে Anonymous ’’

কৃষ্ণ !!!!!!!! কতে মৰো !!!!!!!!!!!!!!!!!!!!!!!!!!
মনত পৰিল ময়ো সৰুৰে বহু কবিতাৰ তলত, বহু উদ্ধৃতিৰ তলত দেখিছো লিখা থাকে Anon.

বেলেগ এটা কথা ৷
 
আজি কালি ফেছবুকত দুজন সদস্য আছে ছাগৈ ৷ মই বিচাৰিছোহে বিচাৰিছো ৷ বিচাৰি উলিয়াব পৰা নাই প্ৰফাইলটো ৷ কিন্তু তেওঁলোকৰ কথা দেখোন বহুতেই কৈ থাকে ফটো আপলোড কৰি -
Meh and Mah Friend মানে মেহ আৰু মাহ বন্ধু ৷

এই মেহ আৰু মাহ বন্ধুজন কোন বাৰু ??

Monday 27 May 2013

এন্টি জেকৰ সূত্ৰ

এখন গাড়ী ৰৈ দিখৌ দলঙৰ ওচৰত বজাৰ-সমাৰ, ফটো বিভিন্ন কাৰনত আনখন গাড়ী সুতীব্ৰ গতিৰে আগবাঢ়িল জাঁজি অভিমূখে
কিছুপৰ বৰ বিশেষ কথা বতৰা হোৱা নাই মই মনে মনে ৰিন্তুৰ ঘৰত এৰি থৈ অহা ৫টা ছিভাজ ৰিগেলৰ কথা ভাবি আছো ৷ গৌৰীসাগৰ মান পাওঁতে অগ্নিয়ে মাত লগালে, ‘‘ দাদা কেতিয়াও জেক খাব নাপায় !’’
মই অগ্নিৰ মুখলৈ চালো   কাক কৈছে বাৰু ? মোক নে দিগন্তক কৈছে ধৰিব পৰা নাই কাক কৈছে বাদ দিলো বাৰু কিন্তু কৈছে কি বাৰু ? জেক ডেনিয়েলৰ কথা কৈছে নেকি বাৰু ?? এনেও মই ৰিন্তুৰ ঘৰত থকা ছিভাজ ৰিগেল কেইটাৰ কথা  ভাবিয়ে আছিলো একো ধৰিব নোৱাৰি অগ্নিক লো, ‘‘তাৰ মানে ? জেক ডেনিয়েল বেয়া নহয় কিন্তু !! অন দ্যা ৰকছ্  খাব লাগে কিন্তু !!’’
অগ্নি জেক জেকাই উঠিল, ‘‘আপোনাক ছিৰিয়াছ কথা নাপায় !! মই কি কৈ আছো আৰু আপুনি যা-তা কথা কৈ আছে !’’
মনে মনে গাড়ী চলাই থকা দিগন্তই মাত লগালে, ‘‘তই কি জেকৰ কথা কৈছ ? এই যে মানুহক উঠাই দিয়ে যে !! সেইটো ?’’
অগ্নিয়ে উৎসাহেৰে লে, ‘‘ !! সেইটো জেকৰ কথা কৈছো (মোৰ ফালে দেখুৱাই ) এইজনো কম মানুহ নহয় !! জেক দি মানুহ চন্দ্ৰ পোৱাই দিব আৰু তাৰ পাছত গায়েব হৈ যায় ’’

অগ্নি মনে মনে আছে দিগন্তই মনে মনে গাড়ী চলাই আছে ময়ো মনে মনেই আছো বুজি পোৱা নাই অগ্নিয়ে কি প্ৰসংগত কথটো উলিয়ালে অলপ পৰ ৰৈ অগ্নিয়ে আকৌ আৰম্ভ কৰিলে, ‘‘জেক খাই কোনেও কেতিয়াও একো কৰিব নাপায় ! লগা কাম নহয় গৈ !’’

মোৰ কথা এটা মনত পৰি ‘‘এন্টি জেক (anti jack)   আৰু বেয়া বস্তু !!! জেক খালেও এন্টি জেক কেতিয়াও নাখাবা ’’
‘‘এন্টি জেক !!!! এইটো কি বস্তু ??’’, অগ্নি আৰু দিগন্ত দুয়ো প্ৰশ্ন কৰিলে
‘‘জেকত কাম নহলেও তোমাক হীৰোৰ মৰ্য্যদা এটা দিয়ে ভাই !!! এন্টি জেকত কিন্তু তোমাৰ কাম নোহোৱাটো খাটাং আৰু লগতে তোমাক অপদাৰ্থ বুলিও বুজাই দিব ’’
‘‘তাৰমানে ?? কথাবোৰ এনেকৈ ঘুৰাই পকাই নক উদাহৰণ এটা দিয়ক ’’ অগ্নিয়ে অকনমান খঙতে ক’লে ৷

শিৱসাগৰত থাকিলে মোৰ শ্ৰীমতীৰ বাহিৰে বেলেগ একো কথাকে মনত নপৰে আমাৰ বিয়াৰ আগৰ, এওঁ মোৰ বেষ্ট ফ্ৰেন্ড হৈ থকা দিনোবৰৰ কথা মনত পৰিল মই কৈ লো, ‘‘বা ভাল উদাহৰণ এটা মনত পৰিছে তেতিয়া আমাৰ বিয়াৰ আগৰ কথা মই তেতিয়া ঘোষণা কৰি থৈছো বেষ্ট ফ্ৰেন্ডক বিয়া নাপাতো বুলি বুদ্ধিটো কাৰ আছিল মোৰ ভাল কৈ মনত নাই পাছে মোৰ কানত আহি খবৰ পৰিল শিৱসাগৰত থকা মোৰ বেষ্ট ফ্ৰেন্ডৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ আহিছে ৰা নিউয়ৰ্ক, আমেৰিকাত থাকে ডাক্টৰ কথা শুনি মই ভালেই পালো লুছী বিলাবলৈ মনে মনে সাজু লো এইটোকএন্টি জেকবুলি কয় !’’

অগ্নিয়ে খঙতে মুৰ জোকাৰিলে, ‘‘ধুই!!!!!!!!!!!! কি ফাল্টু কথা কৈ আছে হে ?? মই একো বুজা নাই দিগন্তু দা, A.C বন্ধ কৰক, অকনমান ধোৱা খায় লওঁ ’’ লগে লগে গাড়ী ৰখিয়ে লো আমি খিৰিকীৰে ধোৱা বাহিৰ কৰি কৰিধোৱাখাবলৈ ধৰিলো
মই আকৌ আৰম্ভ কৰিলো, ‘‘কৈছিলো দেখোন কাৰ বুদ্ধি নাজানো বুলি ’’ মোৰ কথাষাৰ শুনাৰ লগে লগেই অগ্নি আৰু দিগন্ত দুয়ো মোৰ ফালে প্ৰশ্নবোধক চাৱনিৰে চালে অৰ্থটো মই বুজি পালো, ‘‘আব্বে শন !!! বেছি নকৰি মেইন মালটো কি !!’
অগ্নিয়ে বৰ গহীনত সুধিলে ‘‘আপুনি কথাখিনি নে ?’’
মই লো, ‘‘শুনা ……………
মই বাখ্যা কৰিবলৈ ল’লো এন্টি জেকৰ সূত্ৰ উদাহৰণৰ সৈতে ৷
‘‘মই যেতিয়া বহু দিনলৈ বিয়াত বহাৰ কোনো ধৰণৰ প্ৰস্তাব আগ নবঢ়ালো, তেতিয়া মোক কানত পেলোৱা হ’ল যে দৰা এটা ওলাইছে ৷ আশাটো আছিল এটা ‘জেক’ দি দিয়া যাওক, অলপ দৌৰা – দৌৰি লাগক ৷ উদ্দেশ্য সজ আছিল ৷ পাছে ‘জেক’ৰ পৰিমান বেছি হ’ল ৷ যিজন কাল্পনিক দৰাৰ কথা উল্লেখ কৰিলে তেওঁ হেনো নিউয়ৰ্ক থকা ডাক্টৰ ৷ মই তেতিয়া কোনো মতে পেটে ভাতে খায় থকা ঠিকাদাৰ ৷ কি সাহসত, কোনখন মুখলৈনো ছোৱালী বিচাৰি যাওঁ বাৰু কোৱাচোন ৷ গতিকে মনে মনে ভাবিলো মই বিয়াত লুছী বিলাবলৈ যোৱাতকৈ আৰু বেলেগ উপায় নাই ৷ এইটোকে ‘এন্টি জেক’ বুলি কয় ৷ ই হ’ব লগা কাম নোহোৱা কৰি দিয়ে আৰু লগতে যে তুমি এটা অপদাৰ্থ তাকো বুজাই দিয়ে ৷’’

গাড়ীৰ ভিতৰত  হাঃ হাঃ হাঃ হাঃ বাহিৰে বেলেগ একোকে নুশুনি মই বাখ্যা বন্ধ কৰিলো ৷