Friday, 31 May 2013

কৃষ্ণহে বুলিলো !!

দুই ডেকা ইঞ্জিনীয়াৰ ৷ ২৪/ ২৫ বছৰমান বয়স হৈছে তেতিয়া ৷ ইঞ্জিনিয়াৰিং পাছ কৰা বেছি দিন হোৱা নাই ৷ তেল কোম্পানীত কাম কৰে ৷ নতুনকৈ চাকৰিত যোগ দিছে ৷

শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ ওচৰৰ ভাড়াঘৰ এটাত মেছ কৰি থাকে  ৷

এদিন বিয়লি বেলাৰ কথা ৷
জয়সাগৰ কলেজত পঢ়ি থকা দুই যুৱতীয়ে পাচলি আদি বজাৰ কৰি ৰিক্সা এখনেৰে দুই  ডেকা মেছৰ আগেদি গৈ আছে ৷
প্ৰথম  ডেকাই মাত লগালে, ‘‘ভন্তি বজাৰ কৰিলা ?’’
দ্বিতীয়  ডেকা আচৰিত !
‘‘কেনেকৈ চিনি পায় ? পায় জানো চিনি ? জোকাইছে নেকি ?’’
দ্বিতীয়  ডেকাক আচৰিত কৰি যুৱতী দুগৰাকীয়ে মাত দিলে, ‘‘অ অ বজাৰ কৰিলো ৷’’
তাৰ পাছত দ্বিতীয়  ডেকাক আগতকৈয়ো আচৰিত কৰি দুই যুৱতীয়ে ৰিক্সাৰ পৰা নামি তেওঁলোকৰ মেছৰ ফালে খোজ দিলে ৷

মেছৰ বাৰান্ডাত উঠি দুই যুৱতীয়ে প্ৰথম  ডেকাক জোৰ কৰিলে, ‘‘ব’লা ৰাতিৰ ভাত সাজ আমাৰ তাত খাবা গৈ ৷’’
প্ৰথম  ডেকাই বুজাইছে যে যাব পৰা নাযাব কাৰন তেওঁৰ নিশা ৮ বজাৰ পৰা ডিউটি আছে ৷
দুই যুৱতী নাচোৰ-বান্দা ৷ ‘‘নাই তুমি যাবই লাগিব ৷ নহ’লে আমি তোমালোকৰ মেছতে থাকিম আজি ৰাতি ৷’’
প্ৰথম ডেকাই দুই যুৱতীক কেনেবাকৈ মান্তি কৰাই ওভটাই পঠিয়ালে ৷

দ্বিতীয় ডেকাই প্ৰায় খঙেৰেই ক’লে, ‘‘গগৈ, তুমি যদি ইমান ভালকৈ চিনি পোৱা, মোক আগতে কোৱা নাছিলা কিয় ? বেয়া কথা নহয় ৷ মই ইহঁত দুজনীক মাজে মাজে ৰংঘৰ চাৰিআলিত জোকাৱ ৷ আজি আহি আমাৰ ঘৰ পালে ৷ মই বৰ লাজ পাইছো দেই !!!’’

ইতিমধ্যে তালুত পানী দিব লগা অৱস্থা হোৱা  প্ৰথমজনে মাত লগালে, ‘‘ৰিন্টুদা, মইনো ক’ত চিনি পাওঁ ? ময়ো জোকাইছিলো হে !!’’


কৃষ্ণহে বুলিলো !!!!

(কফী খায় থাকোতে বিক্ৰমজিতৰ মুখে শুনা কথা দেই ৷ সঁচায়ে হ’ব লাগে ৷)

No comments:

Post a Comment