Monday 20 May 2013

মোৰ পঢ়া-শুনাত অমিতাভ বচ্চনৰ চুলিৰ অৱদান


এই কেইদিন ৰাতিপুৱাৰে পৰা এটায়ে কথা, ‘‘হেৰা তোমাৰ চুলিখিনি কটোৱাবৰ সময় হ’ল কিন্তু দেই !! এমাহ হৈ গ’ল জানা নে ?’’
কথাটো নোহোৱা নহয় ৷ এমাহমানেই হ’ল মই চুলি কটোৱাবৰ ৷ পাছে যি সকলে মোক যোৱাকালিও দেখিছে তেওঁলোকেও জানে মোৰ মুৰত কিমান চুলি আছে ৷ আজিকালি নাই বুলিবই পাৰি ৷

নাই নাই !!!!! মই তপা হোৱা নাই ৷
আজিকালি সেইটো মোৰ ষ্টাইল, ক’বলৈ গ’লে এক মাত্ৰ ষ্টাইল ৷  চেলুনলৈ যাওঁ আৰু ‘মেচিনে’ৰে চুলি কটোৱাই আহো ৷ 

‘‘ঘৰৰৰৰৰৰৰৰৰ…….’’, ১০ মিনিটমানত কাম শেষ, মুৰত থকা চুলিখিনিও শেষ ৷ তাৰ পাছত প্ৰায় ২০/২৫ দিন চিন্তা নাথাকে ৷ নহ’লে তেল ঘঁহিবলৈ তাগিদা, মুৰ ফণিয়াবলৈ তাগিদা, ছেম্পু কৰিবলৈ তাগিদা, কলপ সানিবলৈ তাগিদা ৷ হায়ৰাণ হৈ যাওঁ ৷ এতিয়া ‘না ৰেহেগা চুলি, না ৰহেগা তাগিদা !’’ মাহটোৰ মুৰত অকনমান বগা বগা চুলি ওলাই গৈ, তেতিয়া আৰম্ভ হয় ‘‘হেৰা তোমাৰ চুলিখিনি কটোৱাবৰ সময় হ’ল কিন্তু দেই !!!!’’

পাছে আগতে তেনেকুৱা নাছিল ৷ চুলিখিনক লৈ যে ষ্টাইল কৰিব পাৰি সেই কথাটো ১৯৮২চন মানত শিকিছিলো ৷ আমাৰ লগৰ এটাই কেনেবাকৈ শুনি আহিলে ‘বেক-ব্ৰাছ’ৰ কথা ৷ অমিতাভ বচ্চনে হেনো বেক-ব্ৰাছ কৰে ৷ আমি আটায়ে গৈ চিনেমাৰ পোষ্টাৰ আগত ঠিয় হ’লো গৈ ৷ ‘বেক-ব্ৰাছ’ মানে কি তেতিয়াহে বুজিলো ৷

সমস্যা হ’ল কি কৰিলে চুলিখিনি অমিতাভৰ দৰে হ’ব ?
শেখৰে উপায় দিলে ৷
‘‘ৰাতি চুলিখিনি তেল সানি লেপলেপীয়া কৰি ল’ব লাগিব ৷ তেল যদি নাই পানীৰে তিয়াই ল’লেও হ’ব ৷ পাছে আটাইতকৈ ভাল বস্তুটোৰ নাম হৈছে ব্ৰাইল ক্ৰীম ৷ তাৰ পাছত চুলিখিনি ফণি এখনেৰে পাছ ফাললৈ ফণিয়াব লাগিব ৷ ফণিয়াই হোৱাৰ পাছত গামোছা এখনেৰে  টানকৈ পাগুৰী এটা মাৰি চুলিখিনি বান্ধি থৈ শুই থাকিব লাগিব ৷ এইদৰে কেই সপ্তাহমান কৰাৰ পাছত চুলিখিনি অমিতাভৰ দৰে হৈ যাব ৷’’

কথামতেই কাম ৷ মোৰ আকৌ সমস্যা এটা হ’ল ৷ মা-দেউতাহঁতৰ আগত কামটো কৰিবলৈ লাজ লাগিল ৷ গতিকে তেওঁলোক টোপনি নোযোৱালৈকে বাট চাব লগা হ’ল ৷ ইমান সময়নো কি কৰিম ? গতিকে বেক-ব্ৰাছ কৰিবলৈ অপেক্ষা কৰি থকা সময়খিনিত মই পঢ়া-শুনাকে কৰিবলৈ ধৰিলো ৷ মোৰ চুলিত বেক-ব্ৰাছ নহ’ল গৈ পাছে মই পঢ়াশুনাত বেক-বেঞ্চৰ পৰা আহি আগ বেঞ্চ পালো গৈ, অমিতাভ বচ্চনৰ চুলিৰ কৃপাত ৷

(বহু পাছত শুনিছিলো অমিতাভ বচ্চনৰ কেশবিন্যাসটোৰ নাম বেক-ব্ৰাছ নাছিল হেনো !!!)

2 comments:

  1. Bhaal paalo porhi........ ei abhigyataa-ti praai xakalore aase, pise abhigyataa-kon jukiaai interesting kori likhaa-r baabe tomaak dhanyabaad......

    ReplyDelete