Sunday, 10 February 2013

এ.চি. ফুল অন



Yesterday was an eventful day . Learnt so many things, amongst all other things that I  learnt one thing that I thought I should share with all my  friends (as the summer days are approaching) is to how to set the "AC at full"


আমি আমাৰ হোটেলৰ ৰুমত বহি আছো ৷ ডিলাক্স ৰুম ৷ আমাক কোৱাৰ দৰেই কালাৰ টি.ভি এটাও আছে ৷
হঠাতে দুটা ইলেক্ট্ৰিকেল আৰু এটা মেকানিকেল ইঞ্জিনিয়াৰে বুজি পালো যে আমি ৰুমৰ ফেনখন চলাব পৰা নাই, এ.চি.টো অন কৰিব পৰা নাই আৰু ৰুম চাৰ্ভিচৰ বেলটো বজাব পৰা নাই ৷

অগ্নি জাপ মাৰি উঠিল,‘ৰ’ব, মই এতিয়াই তলৰ পৰা লৰা এটা পঠিয়াই আছো ৷’

অলপ পাছতে তলৰ পৰা আহি হাজিৰ হ’ল ‘বিজয়’ ৷ তাক দেখি মোৰ চেৰেঙকৈ মনত পৰি গ’ল ‘মিথুন দা’লৈ ৷ খোজ-কাটল, অংগী-ভংগী, কথা কোৱাৰ ঢং একেবাৰে ডিক্স’ ডেঞ্চাৰ ৷ বিজয়ে নিমিযতে আমাৰ সমস্যা সমাধান কৰি দিলে ৷
‘চাওক চাৰ, বাহিৰত এই switchটো আছে (টিপ্-টপ কৈ দুবাৰ মান কৈ অন-অফ কৰি দেখুৱালে) ৷ এই
টো অন কৰি দিলেই ফেন, এ.চি., চাৰ্ভিচৰ বেল সকলোৱে  কাম কৰিব ৷’

আমাৰ মুখত মাত নোহোৱা হোৱাৰ দৰে হ’ল ৷ মুখৰ ভাব দেখিয়ে বিজয়ে বুজিলে আমি ইম্প্ৰেছড ৷ বিজয় আহি এ.চিটোত  হাত দিলেহি ৷ কিবা-কিবি কৰি ঘোষনা কৰি : চাৰ পুৰা ঠিক কৰি দিলো ৷ এইটো তললৈ হেচি দিব অন, এনেকৈ দিব অফ ৷’
এ.চি. হো-হোৱাই চলিবলৈ ধৰিলে ৷ আমি বিজয়ৰ সৈতে কথা পাতিবলৈ ধৰিলো ৷
তাৰ ঘৰ ক’ত, কোন কোন আছে, সি চিনেমা চাই নে নাই ইত্যাদি ৷

অনুমান হ’বলৈ ধৰিলে এ.চি.টো বৰ জোৰত চলিছে ৷
 মৃন্ময়দাই এ.চি. display panelখনলৈ চাই দেখে 17ºC ৷
মৃন্ময়দাই লগে লগে ক’লে,‘অই বিজয় এতিয়া ঠান্ডাত মৰিব লাগিব ৷ এ.চি.ৰ ৰিমট ক’ত?
বিজয় আচৰিত ৷ ‘ৰিমট আকৌ কিয় লাগে? এই switchটো  আছে দেখোন ৷’
তাক বুজাব পৰা নাই আমি এ.চি.ৰ ৰিমটটো আমাক কিয় লাগে ৷
পাছত যেনিবা বুজিলেগৈ যে আমি এ.চি. ৰিমটটো আমাৰ হাতত থাকিলে অলপ ভাল পাওঁ ৷

বিজয় তললৈ নামি গ’ল ৷ ১০ মিনিটমান পাছত বিজয় ঘুৰি আহিল হাতত এটা ৰিমটলৈ ৷
টুই-টাই, টিপ্-টাপ আকৌ শব্দ ওলাল ৷
শেষত বিজয়ে মাত লগালে,‘চাৰ এ.চি.  ফুল
অন কৰি দিছো ৷ মই এতিয়া যাওঁ ৷ এই ৰিমটটো লওঁক ৷’

বিজয় ৰুমৰ ওলাই পৰা গ’ল ৷ অলপ পাছত অনুমান হ’ল ফুল অনত এ.চি. হো-হোৱাই শব্দ কৰি চলি আছে, তথাপিও দেখোন ঘামিবলৈ ধৰিছো ৷ 
মই মৃন্ময়দাৰ ফালে চাই সুধিলো,‘দাদা, এ.চি. ফুল অন কৰি দিছো বুলি যে সি ক’লে তাৰ মানেনো কি?’
দাদাই ঘপকৈ উঠি এ.চিৰ display panel খনলৈ চালে ৷ তাত আগৰ 17ºCৰ ঠাইত ওলাই আছে 30ºC ৷
আমি তিনিও বুজিলো ‘এ.চি.ফুল অন’ কৰি দিয়া মানেনো কি?

6 comments:

  1. Full ON: highest temperature display on the AC Control Panel. Figure matters more than comfort :)

    ReplyDelete
  2. bhal lagil porhi. bhal kando bur ghte dei apunar logot.

    ReplyDelete
  3. bhal lagil. ki je kandobur ghote dei apunar logot.

    ReplyDelete
    Replies
    1. আচলতে সকলোৰে সৈতে ঘটে ৷

      Delete
  4. aboshye. apuni dhuniakoi prakash koribo jane.

    ReplyDelete
    Replies
    1. Karabiয়ে কি ভাবিছা নাভাবিছা নাজানো কিন্তু মই ইয়াত একো প্ৰকাশ কৰা নাই ৷ সেই দিনা ধুবুৰীৰ হোটেলখনত যেনেকৈ ঘটনাটো ঘটিছিল আৰু আমি যি যি কথা পাতিছিলো তাকেই লিখি দিছো

      Delete