Monday, 4 February 2013

আঙুলিৰ নখত টমেট চছ



১:৩০ মান বাজিছে, ডিফাৰেন্ছিয়েল একুৱেছন শিকাই আছো ৷
ফোনটো বাজি উঠিল ৷ চাই দেখো পিকলুৰ ফোন ৷ বিৰক্ত হৈছো যদিও ধৰিবলৈ বাধ্য, কাৰন অসময়ত ফোন কৰিছে শ্ৰীমতীয়ে ৷
‘
তুমি ক’ত আছা ? সোনকালে আহা, মই ভৰিত দুখ পালো ৷ তেজেই তেজ ৷’
মই কিবা এটা সুধিবলৈ পোৱাৰ আগেয়ে এওঁ ফোন কাটি দিলে ৷
কি কৰো কি নকৰোকৈ ক্লাছ আধাতে সামৰি পানবজাৰৰ পৰা ভেটাপাৰালৈ বুলি গাড়ী দৌৰালো ৷

ঘৰ পাই পোনে পোনে বেডৰুম পালো গৈ ৷
সাংঘাটিক দৃশ্য ৷
বিচনাত এওঁ লেপ—কম্বল লৈ শুই আছে ৷ বিচনাৰ সোফালে প্ৰাপ্তি থিয় আছে আৰু বাওফালে মা, পাহী (মোৰ ভন্তি) আৰু কোলাত ভুটুক লৈ লুনা (ভাই বোৱাৰী ) ৷ কাষৰ টেবুলত ডেটলৰ বটল, কপাহ, বেন্ডেজৰ কাপোৰ আদি ৷
কোনোমতে সাহস কৰি সুধিলো,‘হ’ল কি ?’ ‘কেনেকৈ হ’ল ?’
মনতে ভাবিলো ভৰিত দুখ পাইছে বুলি কৈছিল, কিন্তু থিকেই দেখিছো দেখোন ভৰি হাতবোৰ ৷
‘
কি মানুহহে তুমি ?? দেখা নাই নেকি বেন্ডেজত তেজ লাগিয়ে আছে দেখোন ৷’
ভয়ে ভয়ে লেপখন ডাঙি চাই দেখিলো সোভৰিৰ বুঢ়া আঙুলিত এটা  বেন্ডেজ আৰু তাত তেজৰ দাগ ৷
‘
আঙুলি কাট খাই গ’ল নেকি ?’
‘
আঙুলি কাট খালে এনেকৈ থাকিব পাৰিম নেকি? নখটো উঠি গ’ল ৷’
‘
কি ??????????? নখ উঠি গ’ল ৷’
‘বিৰাট বিষাইছে ৷’
‘
তুমি নখ উঠি গ’ল কাৰনে মোক পানবজাৰৰ পৰা মাতি আনিলা??’ এইবুলি সুধিম বুলি ভাবিও ৰৈ গ’লো ৷
মায়ে মাত লগালে,‘তই অকৰাৰ দৰে ৰৈ নাথাকিবি ৷ যা ঠাকুৰীয়াৰ তাৰ পৰা টমেট’ চছৰ বটল এটা লৈ আন গৈ ৷’
‘
চছৰ বটল ??? কোনোবা আলহী আহিব নেকি ?’
মায়ে অলপ খঙেৰেই ক’লে,‘কি আলহীৰ কথা উলিয়াইছ তই ?’
‘
নহয় তুমি চছৰ কথা কৈছা মই ভাবিছো তুমি চাও চাও বনাবা বুলি ৷’
মাৰ খং বাৰুকৈ উঠিল ৷
‘
দেখা নাই তাই কিমান দুখ পাইছে ৷ এতিয়াই যা আৰু শুন এটা নহয় ৷ বেলেগ বেলেগ বটল আনিবি ৷ এটা ২০০ গ্ৰাম, এটা আধা কেজি আৰু এটা এক কেজিৰ বটল লৈ আনিবি ৷’
মোৰ মস্তিস্কই কাম নকৰা হৈ গ’ল ৷ মায়ে দেখোন সকলোৰে আগত কৈ থাকে ‘এইজনী মোৰ বৰ বোৱাৰী নহয়, বৰ জীয়ৰীহে’ আৰু এতিয়া বুঢ়া আঙুলিৰ নখ চিঙোতে দেখোন ১৭০০ গ্ৰাম চছেৰে ভোজ খাব খুজিছে !!!


মুখেৰে একো নামাতি ঠাকুৰীয়াৰ দোকানলৈ বুলি খোজ দিলো ৷
ঠাকুৰীয়াৰ তাত ২০০ গ্ৰাম চছৰ বটল নাই ৷ আধা কেজিৰ বটলটো আকৌ ‘টমছি’ৰহে আছে আৰু এক কেজিৰ কেচ্ছাপ বোলাতোহে আছে ৷ কি কৰিম ধৰিব নোৱাৰি মালৈ ফোন কৰিলো ৷
‘
২০০ গ্ৰামৰ চিলি চছ নহলে চয়া চছৰ বটল পাবি ৷ তাৰেই এটা আনিবি ৷ বাকী যি পাৱ আনিবি ৷’
বিৰাট এটা উৎকন্ঠা ৷ মায়ে আচলতে কৰিব কি এই চছখিনিৰে ৷
মোৰ বিয়াৰ ভোজৰ কাৰনেও ইমান চছ কিনা নাছিলো মই !!!!!
বটলকেইটা আনি মাক দিলো ৷ মায়ে সেইকেইটা লৈয়ে পাকঘৰৰ সলনি আমাৰ বেডৰুম পালে গৈ ৷
মই টি.ভি. আগত বহিলো গৈ ৷
১০ মিনিটমান পাছতে মা আহি মোৰ ওচৰ পালেহি ৷
হাতত ২০০ গ্ৰামৰ চয়াচছৰ বটল আৰু আধা কেজিৰ ‘চমছি’ৰ বটল ৷
‘
যা এই কেইটা ঘুৰাই দে গৈ ৷ এই কেইটাৰ জোখ নিমিলিল ৷ ডাঙৰ বটলেৰেহে কাম গ’ল ৷’
বুৰ্বকৰ দৰে বটল দুটা হাতত লৈ সুধিলো,‘ক’তা মই দেখোন একো খাবলৈকে নাপালো ৷’
মায়ে এটা ৰহস্যপূৰ্ণ হাহি মাৰি ক’লে,‘যা এবাৰ পিকলুক চাই আহগৈ ৷’

কোবাকোবিকৈ পিকলুৰ ওচৰ পালোগৈ ৷
তাই আৰামত শুই আছে
আৰু
বুঢ়া আঙুলিৰ বগা বেন্ডেজৰ ওপৰত মেগী কেচ্চাপৰ হালধীয়া সাফৰৰ হেলমেট এটা !!!!!!!!!!!!!!!!!


ফটোৰ উৎসঃhttp://www.nestle.in/asset-library/PublishingImages/OurExports/MAGGI_SAUCES.jpg


No comments:

Post a Comment