Saturday, 16 February 2013

ডেকা ল’ৰাৰ কিলাকুটি

অৱশেষত ডেকা ল’ৰা প্ৰেমত পৰিল এজনী ছোৱালী ৷
প্ৰেম মানে সাংঘাতিক প্ৰেম ৷ প্ৰায় বিয়া ঠিক হওঁ হওঁ ৷

ভেলেন্টাইনছ ডেৰ 
ভেলেন্টেনাইছ ডেৰ দিনাখন ডেকা ল’ৰাই তাইক ক’লে,‘‘বিয়াখন পাতিব লাগিছিল নহয় ৷’’
প্ৰেমিকাই ক’লে,‘কথাটো পাপাৰ ক’বা আকৌ ৷’

ডেকা ল’ৰাৰ মুখত হাঁহি বিৰিঙি উঠিল ৷
‘‘মই তোমাৰ ঘৰৰ ঠিকনাটো ভাল দৰে নাজানো নহয় !’’

হাঁহি মাৰি প্ৰেমিকাই ক’লে,‘‘সেইদিনা যে গ্ৰীণ হেৰিটেজ এপাৰ্টমেন্টত মোক নমাই দিছিলা ৷ তালৈ আহিবা ৷ গেটেৰে সোমাই বাওঁফালে চালে লিফ্টখন দেখিবা ৷ লিফ্টত সোমাই কিলাকুটিৰে ৯টো টিপা মাৰিবা ৷ ৯ নম্বৰ ফ্লৰত লিফ্টৰ পৰা ওলাই সোঁফালে আমাৰ ফ্লেটটো দেখিবা ৷ কলিং বেলটো কিলাকুটিৰে টিপি দিবা আৰু মই তোমাৰ সন্মুখত ওলাই যাম ৷ বাছ্ চিম্পল !’

ডেকা ল’ৰাৰ মনটো ভালো লাগিল, অলপ চিন্তাও হ’ল ৷
‘‘কথা এটা কোৱাচোন মই বাৰে বাৰে কিলাকুটিৰে কিয় টিপা মাৰিব লাগিব ?’’

‘0MG! তাৰমানে তুমি সুদা হাতেৰে আহিবা ????’

বেচেৰাৰ মুখখন চাব লগা হৈছিল ৷


No comments:

Post a Comment