Wednesday, 19 September 2012

ৰোমান্তিক গল্প এটা : পিয়াৰ ছে ফিৰ কিউ দৰতা হ্যায় ডিল

এটা জোনাক নিশা মই আপোন ভাবত বিভোৰহৈ গৈ  আছো,  চেগুনবাৰীৰ সেই  অকলশৰীয়া বাটটোৰে ৷ 

সুহুৰি মাৰি মাৰি গাই আছিলো
সুৰাত মগন ভয়াল ৰাতি.............
মই নিজেও অকমান মগন আছিলো ৷

হঠাতে ক’ৰ পৰা জানো বৰষুণ এজাক আহিল ৷ খপজপকৈ ছাতিটো মেলি ল’লো ৷

দুখোজ দিছোহে মাথো, এনেতে পাছফালৰ পৰা কোনোবাই মাত দিলে — প্ৰবাল নহয় জানো??

ঘুৰি চাই দেখিলো এখন চিনাকি মুখ ৷ কোন মনত পেলাব পৰা নাই ৷ কিন্তু এক অপৰূপ সুন্দৰী !
 

সুন্দৰীয়ে মোক ক’লে — এনেকৈ চায়ে থাকিবা নে মোকো ছাতোটোৰ তলত সোমাবলৈ মাতিবা ???


কথা শুনি মোৰ বুকুৰ ধপ ধপনি বাঢ়ি গ’ল ৷

কোনোমতে মাতটো উলিয়াই ক’লো — আহা, আহা, সেইটোনো সুধিব লাগে নেকি ???

একে লগে গৈ আছো ৷ মোৰ কিলাকুটিত তাইৰ হাতখন লাগি যায় মাজে মাজে ৷ ক’ব নোৱাৰাকৈয়ে ৰোমাঞ্চিত হৈ উঠো ৷ নাকত লাগিছেহি এটা মিঠা সুবাস !
ভাবি আছো কি কথা পাতো ??
 
মনলৈ মাত্ৰ এটাই কথা আহিছে
‘
পিয়্যাৰ হুৱা, ইকৰাৰ হুৱা,পিয়্যাৰ ছে ফিৰ কিউ দৰতা হ্যায় ডিল.......’
 
সুন্দৰীয়ে ক’লে — তুমি ইমান ধুনীয়াকৈ গাইছা ৷ পিয়্যাৰ হৈ গ’ল নেকি ??
 
মই আচৰিতহৈ সুধিলো — তুমি কেনেকৈ গম পালা মই কি গান গাই আছো ??
 
সুন্দৰীয়ে ক’লে — মই তোমাৰ জনম জন্মান্তৰৰ লগৰী ৷ মই তোমাৰ সকলো কথা জানো !!!

মোৰ হৃৎপিন্ড মোৰ মগজুৰ কাবু বাহিৰলৈ ওলাই গৈছে ৷ কি ক’ম কি নক’ম ভাবি পোৱা নাই ৷
হঠাতে বিজুলীৰ পোহৰত মোৰ চকু পৰিল সুন্দৰীৰ ওপৰত ৷


মই মাথো ক’লো — বাইদেউ ছাতিটো লৈ আপুনিয়ে গৈ থাকক !!!


ছাতিটো এৰি মই দৌৰ মাৰিলো ওচৰতে থকা ৰামলালৰ সৰু দোকানখনলৈ ৷

নদৌৰিম????? তাই ভৰিৰ পতা দুখন পাছফাললৈ ওভট খাই আছিল !!!!!!!!!!!!!


7 comments: