Sunday, 16 September 2012

পেৰাচুট নাৰিকল তেল বৰ দামী নেকি বাৰু?



         
আজি ৯মান বজাৰে পৰা এওঁ মুখ ফুলাই বহি আছে ৷
একো ডাঙৰ কথা হোৱা নাই ৷
 কিন্তু এওঁৰ মুখখন দেখিলে লাগিব যেন বহুত কিবা হ’ল ৷

ঘটনাটো তেনেই সাধাৰণ ৷
আজি বন্ধৰ দিনা ৰাতিপুৱাই মই মনতে ভাবিলো মুৰত অলপ তেল ঘহোঁ ৷ সেই বুলি
 পেৰাচুট নাৰিকল তেল অকমান, অকমান তেনেই অকমান লৈ চুলিত ঘহিঁলো ৷ বটলতো কাষতে থৈ দিয়া আছিল ৷ হাতখন লাগি অকমান তেল ওলাই পৰিল ৷ সেই কথাটোৰ কাৰনে যিখন কৰি আছে নক’ব আৰু !

ধৰিবই পৰা নাই কিয় ইমান খং উঠি আছে !
মাথো খং আৰু খং !

‘ইমান কেয়াৰলেছ মানুহ দেখা নাই!’ (—আজি দেখিলাতো
 ?)
‘গুছি যাম মই মাৰ ঘৰলৈ!’ (—তুমি গ’লে ভাত কোনে ৰান্ধিব?)
‘মোৰেই লগতনো এনে হ’ব লাগে নে?’(—কি হ’ল?)
‘কি বেঙাটোৰ দৰে থিয়হৈ আছা?’(—মই দেখোন সদায় এনেকৈয়ে থিয় হওঁ!)

শেষত উপায় নাপাই ক’লো,‘‘হেৰা ইমান চিঞৰ—বাখৰ নকৰিবা হে,
 মানুহে শুনিলে কি ক’ব ? আবেলি দোকানখোলাৰ খোলাৰ লগে লগে মই মেধিৰ তাৰ পৰা এটা নতুন তেলৰ বটল লৈ আনিম ৷’’

হে প্ৰভু ! মই নো কি বেয়া কথা ক’লো নাজানো,
 তেওঁনো কি বুজিলে নাজানো !!

মই কথা শেষ কৰিছোহে মাথো ৷

তাৰ পাছতে এওঁ সেই পেৰাচুট নাৰিকল তেল পৰা পাটৰ কাপোৰযোৰ লৈ কান্দিবলৈ আৰম্ভ কৰিলে নহয় !!!
তেলখিনি নষ্ট হ’ল বুলিয়েনো ইমান কান্দিব লাগে নে ? 


No comments:

Post a Comment