Sunday, 16 September 2012

নাৰ্গীছ ওখহৈ গ’ল



নাৰ্গীছ ওখহৈ গ’ল                                                                          
মূল কথা : অগ্নিশ্বৰ মিত্ৰ
অনুমতি সহকাৰে অসমীয়া উনিক’ড : প্ৰতিভু
----------------------------------
নাৰ্গীছ আৰু ৰাজ কাপুৰ
মোৰ চেলফোনটো বাজি উঠিল ৷
সিফালে বন্ধু এটাৰ মাত,‘ক’ত আছনো ? আহি যা, মই ভঙাগড়তে আছো ৷’
দেখিলো বৰষুণ এৰাৰ নামেই নাই ৷ সিফালে তেওঁ ডাঙৰ মানুহ, নগ’লেও বিপদ আছে ৷ ওলাই গ’লো খোজ কাঢ়ি, হাতত ভঙা ছাতি এটা লৈ ৷
অলপ দেৰি থাকিলো দুয়ো তাৰ অফিছতে, বৰষুণ তেতিয়াও দি আছে ৷ 
শেষত দুয়োটা বৰষুণতে ওলাই গ’লো ৷বন্ধুৱে চিগাৰেট এটা জ্বলাই ক’লে,‘অলপ ছাতিটো ধৰ, দুই টান দি লওঁ ৷’


ৰৈ আছো ছাতি ধৰি ৷ হঠাতে ভাবিলো অলপ আচহুৱা দৃশ্য হৈছে এইটো ৷ 
মোৰ বন্ধুটো ওখ, মই চাপৰ ৷ কোনোবাই ফটো ল’লে কেনে লাগিব বাৰু ? 

আপুনিয়ে ভাবি চাওঁক ! বৰষুণত গুৱাহাটীৰ ৰাজপথত, এটা ‘চিংগোল’ ছাতিৰ তলত কটীয়া মই আৰু মোৰ ওখ বন্ধু ৷ 

মোৰ হাঁহি বন্ধ নোহোৱা হ’ল ৷
তেনেতে কাষেৰে এজন ‘চাইকেলৱালা’ পাৰহৈ যাওঁতে চিঞৰি গ’ল,‘হৌৰা, কি হ’ল? নাৰ্গীছ ওখহৈ গ’ল যে ?’
উপায় নাপায় মই ক’লো,‘বন্ধু যাওঁ দে ৷ ৰাজকাপুৰকনো আৰু কিমান চাপৰ কৰো?’

___________________________
কাষৰ দোকানৰ ৰেডিঅত বাজি আছিল — পিয়াৰ হুৱা, ইকৰাৰ হুৱা ......................

ৰচনাৰ কাল — ২৯ আগষ্ট/২০১২

No comments:

Post a Comment