Thursday, 31 October 2013

বেংকৰ পৰিচালকৰ পক্ষপাত

বহুদিন আগৰ কথা ৷ মোৰ বন্ধু এজন সেই সময়ত নতুনকৈ চাকৰিত সোমাইছে ৷ এখন মটৰ চাইকেলৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰিলে ৷ হাতত ধন নাই ৷ গতিকে বেংকৰ পৰা ঋণ এটা লোৱাৰ কথাকে চিন্তা কৰিলে ৷
এদিন সাজি-কাচি বেংকলৈ গ’ল ৷ উদ্দেশ্য মটৰ চাইকেলৰ ঋণৰ বিষয়ে আলোচনা কৰিব ৷ বন্ধু সোমালৈ গৈ বেংকৰ পৰিচালকৰ কোঠালীত ৷ সেই সময়ত বেংকৰ পৰিচালকে চাহ-বিস্কুট খাই আছিল ৷ বন্ধুলৈকো চাহ বিস্কুট আগবঢ়ালে ৷ বন্ধুৱে আকৌ কথা পাতি বৰ ভাল পায় ৷ চাহ-বিস্কুট খাই খাই বেংকৰ পৰিচালকৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতিলে ৷ দেশ, ৰাজনীতি, বতৰ, শিক্ষা……. ৷
অৱশেষত বেংকৰ পৰিচালকে সুধিলে, ‘‘কওঁক চোন মই আপোনাৰ বাবে কি কৰিব পাৰো ?’’
বন্ধুৱে জনালে তেওঁৰ আগমণৰ উদ্দেশ্য ৷ হাতত থকা কাগজ পত্ৰ আদি আগবঢ়াই দিলে ৷ বেংকৰ পৰিচালকে সেইখিনি পৰীক্ষা কৰিবলৈ ল’লে ৷ বন্ধুৱে মনতে ভাবিলে, ‘‘ইমান দেৰী কথা পাতিলো ৷ বেংকৰ পৰিচালক এতিয়া মোৰ বন্ধুৱে হৈছে গৈ ৷ ভাল চিনাকী হৈ গ’ল ৷ কি আৰু মটৰ চাইকেল কিনিম ? একেবাৰে মাৰুটী ৮০০ এখনকে লৈ লওঁ ৷ এনেও ঋণ, তেনেও ঋণ !’’

বন্ধুৱে বেংকৰ পৰিচালকক জনালে মনৰ কথা ৷
পৰিচালকে কাগজৰ পৰা মূৰ তুলি ক’লে, ‘‘আপোনাৰ দৰমহাত মই কোনোমতেহে মচৰচাইকেল এখনৰ কাৰণে ঋণ দিব পাৰিম ৷ মাৰুটী ৮০০ৰ বাবে ঋণ দিব নোৱাৰিম ৷ বেয়া নাপাব ৷’’
বন্ধুৱে দেখিলে কথা বিষম ৷ যেনেতেনে কিবা এটা কৰিব লাগিব ৷ কথা পাতি থাকোতে বন্ধুৱে মন কৰি আছিল পৰিচালকে বৰকৈ ইংৰাজীত কথা কয় ৷ গতিকে বন্ধুৱে ইংৰাজীতে ক’লে, ‘‘Sir you can do it. Doing or not doing it is you DISCRIMINATION.”
পৰিচালকে ঘোপাকৈ বন্ধুৰ ফালে চালে যদিও মটৰ চাইকেলৰ ঋণ প্ৰদান কৰিলে৷

(Of course my friend did not did not mean DISCRIMINATION. He meant discretion.)

    

No comments:

Post a Comment