Wednesday, 27 March 2013

মাহী আৰু PhD


মাহীৰ কথা ৷
নিজৰেই মাহী, যথেষ্ট মৰম কৰে, আগ্ৰহ কৰে ৷ তেখেতৰ ঘৰলৈ গ’লে ভাত নোখোৱাকৈ ঘুৰি আহিব নোৱাৰি ৷
‘‘তই ক’ত কি খাই আহিছ সেইটো তোৰ কথা ৷ তোৰ পেটত ঠাই আছে নাই তই জানিবি ৷ কিন্তু মোৰ ঘৰলৈ আহিছ যেতিয়া ভাত খাবই লাগিব ৷’’
জনা বুজা হোৱাৰে পৰা সাধাৰনতে মাহীৰ ঘৰলৈ যোৱাটো কমাই দিলো, ‘ভাত খোৱাৰ’ ভয়তে ৷ সময় নাই, অসময় নাই সা-সোৱাদ নথকা ভাত-দাইল অকল মৰমৰ খাতিৰতে আৰু কিমান খাম ?

পাছে ফোন কৰি মাহীৰ খা-খবৰ লৈ থাকো ৷ মানুহজনী সঁচাকৈয়ে সাদৰী আৰু অলপ আজলী ৷

কিন্তু মাহীৰ ছোৱালীৰ বিয়াৰ পাছৰে পৰা বিপদ আৰু বাঢ়িল ৷ ফোন কৰিবলৈকো দিগদাৰ হোৱা হ’ল ৷ ফোন কৰি ‘মাহী ভাল নে’ বুলি সোধাৰ পাছত মাহীয়ে আৰম্ভ কৰে
‘‘জানে নে আমাৰ ৰক্তিমে আমুক কৰিলে,
আমাৰ ৰক্তিম লন্ডনলৈ যাব,
আমাৰ ৰক্তিমে আমুক কিনিলে,
আমাৰ ৰক্তিমে…..’’
আধা ঘন্টা, কেতিয়াবা এক ঘন্টা জোৱায়েক ৰক্তিমৰ কথা কৈ থাকে ৷ শুনি  শুনি অতিস্থ হৈ যোৱা হ’লো ৷
মাহীৰ উপস্থিতিত একো কথা পাতিব নোৱাৰি ৷ আৰম্ভ হৈ যায় ‘আমাৰ ৰক্তিম’ ৷

মাজতে মই বৰকৈ শকত হ’লো ৷ মামাহঁতৰ ঘৰত কিবা এটা অনুস্থান আছিল ৷ মই, মামাৰ ল’ৰা আৰু আন দুটামানে কথা পাতি আছো ৷ মই ক’লো, ‘‘নক’বি আৰু মোৰ ওজন নব্বৈ পাৰ হৈ গ’ল ৷’’ মনেই কৰা নাছিলো মাহী ওচৰতে গৈ আছিল বুলি, ‘‘ থ থ তোৰ নব্বৈহে হৈছে নেকি ? আমাৰ ৰক্তিমৰ এশ পাৰ হৈ গ’ল ৷’’ কেইমাহ মান পাছৰ কথা ৷ বিয়া এখনত কোনোবাই মোক সুধিলে,‘‘কেনেকৈ খিনাইছা হে ?’’ মই উত্তৰ দিবলৈ নাপালোৱে ৷ মাহীয়ে উত্তৰ দিলে, ‘‘আমাৰ ৰক্তিমে দহ কিলমিটাৰ খোজ কাঢ়ে, আমাৰ ৰক্তিমে……….’’
শেহলৈ মই মাহীৰ এই ‘আমাৰ ৰক্তিম’টো ভাল পোৱা হ’লো ৷ বিয়া, সকাম এইবোৰলৈ মাহী যাব বুলি গম পালে মই দাদা, ভিনদেউহঁতৰ লগত বাজী মৰা হ’লো ৷
‘‘মাহীৰ মুখে দি দহ বাৰ ‘আমাৰ ৰক্তিম’ উলিয়াই দিম, কিমান দিব কওঁক ?’’
কিছুদিন আগেয়ে মাহীৰ ল’ৰাৰ বিয়া গৈ গ’ল ৷ নতুন বোৱাৰী দিপ্তী আহিল ৷ মই শ্ৰীমতীক ক’লো, ‘‘এইবাৰ ‘আমাৰ দিপ্তী’ আৰম্ভ হ’ব চাই থাকিবা ৷’’
শ্ৰীমতী আকৌ মাহীৰ পৰম ভক্ত ৷
জাঙুৰ খাই আহিল,‘‘তেনেকৈ নক’বা দেই ৰক্তিম সঁচাকৈয়ে ভাল ৷ কয় সেইকাৰনে আৰু ৷’’
সঁচাকৈয়ে আৰম্ভ হৈ গ’ল ‘আমাৰ দিপ্তী ৷’
দিপ্তীয়ে লাহদৈগড়ৰ ফালৰ স্কুল এখনত কাম কৰে ৷ মাহীৰ কথা শুনি এনে লাগিবলৈ ধৰিলে সেই স্কুলখন ভাৰতৰ ভিতৰতে থকা শ্ৰেষ্ঠতম স্কুল ৷ এওঁ কয়, ‘‘লাহদৈগড়ত ভাল স্কুল থাকিব নোৱাৰে নেকি ?’’

কেইদিনমান আগেয়ে আমাৰ ঘৰলৈ মাহী আহিছিল ৷ কথাই কথাই মই দিপ্তীৰ খবৰ ল’লো ৷
মাহীয়ে মোক জনালে দিপ্তীৰ বায়েকে হেনো মেঘালয়ৰ বিশ্ববিদ্যালয় এখনৰ পৰা ডক্টৰেট ডিগ্ৰী কৰি আছে ৷ টকা প্ৰায় দুই লাখ মান লাগে ৷ হ’লেও বৰ ভাল ডক্টৰেট ডিগ্ৰী দিয়ে হেনো ৷ উপদেশ দিলে টকা দুটামান গ’লেও শ্ৰীমতীৰ কাৰনে হেনো মই চিন্তা কৰি চাব পাৰো ৷

তেতিয়াৰে পৰা এওঁ লাগি আছে, ‘বেংকৰ ল’ন লৈ হ’লেও PhD কৰিহে এৰিব হেনো ৷’

খবৰ লৈ গম পালো মেঘালয়ৰ বিশ্ববিদ্যালখনৰ নাম CJM University ৷ কি কৰো জানো পায় !

Tuesday, 26 March 2013

জয়ন্ত চলিহাৰ সংসাৰ - ২


(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কাহিনী, চলিহাৰ মুখেৰে )

মোৰ কাৰনে মাহৰ প্ৰতিটো দিনেই মাহৰ শেষ যেন হৈ থাকে ৷
ষষ্ঠ বেতন আয়োগৰ মতেই বেতন পাওঁ, তথাপিও দেখোন নোজোৰে গৈ ৷

ঘৰৰ বজাৰ সমাৰ, হোটেলত খোৱা, ফুৰা-চকা আদিৰ লগতে গাড়ীৰ ল, ফ্লেটৰ ল, জীবন বীমা, 
বেংকত জমা, পোষ্ট অফিছত জমা এইবোৰতো টকা খৰছ কৰিব লাগে ৷ মাজে মাজে ভাব হয় বিজনেছ কৰা হলেই ভাল আছিল ৷
অফিছৰ পৰা আহি ঘৰ সোমাইছো ৷ 



‘‘আহিলা ?’’
‘‘
ওঁ’’
‘‘
বজাৰলৈ যাব লাগিছিল ৷’’
‘‘
হেৰা গোটেই মাহৰ বজাৰ কৰি থৈছো দেখোন ! আৰু কি বাকী থাকিল নো ? নেকি কাপোৰৰ বজাৰ ?’’
‘‘
তোমাৰ খালি ঠাট্টা ! মইহে যেন কাপোৰ কিনো ! মামুবাৰে ভাল ৷ ভিনদেৱে সপ্তাহে সপ্তাহে এজোৰকৈ কাপোৰ দিয়ে ৷ আৰু মই দুমাহত এজোৰ কাপোৰ কিনিলেও ইমান কথা শুনিব লাগে ৷ নালেগে মোক একো ৷ যাম গৈ মই মাৰ ঘৰলৈ ........৷’’
আৰম্ভ হৈ ল শ্ৰীমতীৰ কান্দোন ৷
মই ধৰিব পৰা নাই কেতিয়ানো মই কি কথা কলো যাৰ বাবে এওঁ কান্দিব লগা হল ৷
‘‘
হেৰা শুনাচোন ৷ কি নো কথাই কথাই কান্দি থাকা হে ? আৰু ভিনিৰ কথা বেলেগ ৷ তেওঁৰ দৰে যদি মোৰো ব্যৱসায় থাকিল হয় সপ্তাহে সপ্তাহে কিয় মই তোমাক দৈনিক এজোৰ এজোৰ কাপোৰ দিলো হয় ৷ কিন্তু মই নামতহে হলো ভাৰত চৰকাৰৰ অফিছাৰ কামত এজন সাধাৰন মুলাজিম ’’
কথাষাৰ কৈ মই শেষ কৰিব পালো কি নাপালো এওঁ আগতকৈয়ো জোৰে জোৰে কান্দিবলৈ ধৰিলে, ‘‘ অ অ তুমি সদায় মোৰ ভিনদেউক বেয়া বুলি কৈ থাকা ৷ তেওঁ তোমাৰ খাইছে নেকি কিবা ? ভিনদেউৰ টকা আছে কাৰনে সকলোৱে হিংসা কৰে মানুহটোক ৷ কৈ দিছো ভিনদেউৰ কথা বেয়া কৈ নকবা ৷’’
‘‘ব বাৰু দিয়া আজিৰ পৰা মনত ৰাখিব ৷ কি বজাৰ কৰা কৰিবা ৷ যোৱা ৰেডী হৈ আহা গৈ ৷’’
‘‘শুনা কাপোৰৰ বজাৰ নাই দিয়া, পাকঘৰৰ বজাৰহে অকনমান আছে ৷’’

হাহিমেই নে কান্দিমেই ধৰিব পৰা নাই ৷ যদি আটা-মৈদাৰ বজাৰেই আছিল ইমানখন কন্দা-কটা কৰিলা কিয় ?’, ভাবিলোহে মনতে দেই ৷
 
মুখ ফুটাই কলো, ‘‘অ অ ময়ো ভাবিয়ে আছিলো ৷ লিষ্টখন লৈছা নে লিখি ?’’
‘‘লৈছো লৈছো ৷’’
‘‘শুনা তাতে আৰু দুটামান লিখি লোৱাচোন ৷ কেলগছৰ কৰ্নফ্লেকছ্, আছাৰ, পাপৰ, তোমাৰ নতুন টুথব্ৰাছ আৰু.... ৷ বলা মেধিৰ তাত বহি বহি মনত পেলাম ৷’’
‘‘মেধি ? মেধিৰ তালৈ কিয় যাম আকৌ ?’’
‘‘আৰে পাকঘৰৰ বজাৰ মেধিৰ তাত নকৰি কত কৰিবা ? আজি অতবছৰে দেখোন তাতেই বজাৰ কৰো !’’
‘‘তোমাৰ খালি মেধি মেধি মেধি !! অকনমানো মডাৰ্ন নহলা ! নকৰো মেধিৰ তাত বজাৰ ৷’’
মই মনে মনে ৰলো ৷ মেধিৰ দোকানত মোৰ খাটা চলে ৷ খাটা চলে মানে মেধিৰ কাৰনেই মোৰ ঘৰ চলি আছে ৷ মই মেধি মেধি নকৰি কি কৰিম ?
‘‘মেধিৰ তাত নকৰা যদি কত কৰিবা ?’’
‘‘দেখা নাই ওলায়ে পেন্টালুনছখন ? তাত কৰিম ?’’
মোৰ সন্দেহ হল এওঁ পাঙিছে কি ? পেন্টালুনছ আৰু পাকঘৰৰ বজাৰ ? তাত কাপোৰ পায় বুলিহে জানো মই ৷ মুখৰ পৰা ওলাই গ, ‘‘তাত পাকঘৰৰ বজাৰ কৰিব পাৰি নেকি ?’’
‘‘তুমি বুজিছা সেইযে পানীকৰা গাওঁৰ গাৱলীয়া
 হৈয়ে থাকিবা ৷ আমাৰ মামুবাহঁতে সদায়ে তাত বজাৰ কৰে ৷ গ্ৰীণ কাৰ্ডো আছে ৷’’
‘‘হেৰা এই গ্ৰীণ কাৰ্ডনো কি বস্তু ? আমেৰিকাত বহুত বছৰ থাকিলে পায় হেনো !’’
‘‘আমাৰ মামুবাই আমেৰিকা নোযোৱাকৈয়ে পেন্টালুনছতে পালে গ্ৰীণ কাৰ্ড ৷’’

পালো গৈ দুয়ো পেন্টালুনছ ৷ মই গাড়ীৰ পৰা নামতো দুহাতে দুটা বজাৰ কৰা মোনা লৈ নামিলো ৷ এওঁ জেক জেকাই উঠিল, ‘‘এই বজাৰ কৰা মোনা দুটা আকৌ কিয় লৈছা ?’’
ব খুজিছিলো, ‘বজাৰ কৰিবলৈ আহিছো সেয়ে আনিছোপাছে কলো, ‘‘নাই নাই কত আনিছো ? মই এইকেইটা গাড়ীৰ আগৰ পৰা পাছলৈ নিব থব খুজিছো ৷’’

বজাৰ কৰিলো পেন্টালুনছত ৷ বজাৰ কৰিলো মানে বাছিল, এভকেড’, অৰিগেন’,
 মই নাম নজনা বটলৰ ভিতৰত থকা দুবিধমান ৰস ৷ ইমানেই বজাৰ ৷ মনতে ভাবিলো, ‘ভাল সাৰিলো ৷ 

নামি আহি থাকোতে এওঁ এপাকত কলে, ‘‘লাচোন তোমাৰ কাৰনে পেন্ট এটা লওঁ ৷’’
মই সুধিম বুলিও নুসুধিলো, ‘‘পেন্ট এটা লওঁ বুলি যে কৈছা বিল কোনে দিব ? তুমি নে মই ?’’

সোমালো মোৰ পেন্ট চাবলৈ ৷ শ্ৰীমতীয়েই পচন্ড কৰি দিলে এটা পেন্ট ৷
‘‘তোমাক এই কৰ্ডৰ পেন্টত ভাল দেখিব ৷’’
‘‘অ অ বেছ ভাল লাগিছে ৷ থেংক ইয়ু দেই ৷’’
‘‘মেনচন নট ৷ ৰবাচোন মই কিবা এটা চাই লওঁ ৷’’
মনতে ভাবিলো, ‘এইটোৱে বাকী আছিল ৷
এফালৰ পৰা চাই গৈছে ৷ কি চাইছে , কি মিলাইছে মই নালাগে ওচৰতে ভগৱান
 থকা হলেও ছাগৈ বুজি নাপালে হয় ৷
এপাকত মই গৈ কলো, ‘‘তুমি আৰামত চাই লোৱা, মই বিল কাউন্টাৰৰ ওচৰতে ৰৈ আছো ৷ আৰু শুনা কিবা দৰকাৰ হলে মিছকল এটা দি দিবা ৷’’
‘‘ব হ, মোক মাত্ৰ ফিফটিন মিনিটছ লাগিব ৷’’

কেইবাটাও
  ফিফটিন মিনিটছপাছত এদম কাপোৰ লৈ এওঁ ওলাল গৈ বিল কাউন্টাৰ ৷ আহোতে মুখখন ফুলাই আহিছে ৷ মই মনতে অকনমান শান্তি পালো, অকনমান আশাৰ বেঙণি দেখিলো, ‘মুখ ফুলি অহাৰ মানে এনেকুৱাও হব পাৰে যে তেওঁ আহি কব - চোৱা ইমানবোৰ কাপোৰ চালো এজোৰো পচন্ড নহল ৷ বলা যাওঁ ৷তেওঁ পাছে কলে, ‘‘মই দুজোৰমান কাপোৰ লৈছো মানে লব খুজিছো ৷ যদি প্ৰব্লেম হয় তেনেহলে ....’’
‘‘ধেই তুমি কি প্ৰব্লেমৰ কথা কৈছা ৷ একো নাই লোৱা না !’’

বিল তৈয়াৰ কৰা ছোৱালীজনীয়ে মোক কলে, ‘‘চাৰ আপোনাৰ বিল ৫০০০ৰ ওপৰত হৈছে ৷ গতিকে আপুনি এটা অফাৰ পাইছে ৷ মাথো ১৯৯ টকা দিলেই
 আপুনি পাব এটা ২৩ পিছ্ ডিনাৰ ছেট ’’ 
এওঁৰ ফালে নোচোৱাকৈয়ে মি কলো, ‘‘ব দি দিয়া ৷’’
এওঁ মাত দিলে, ‘‘নালাগে নালাগে দেই ৷ এনেয়ে ১৯৯ টকা খৰছ কৰিব নালাগে ৷ আৰু ঘৰত দুটা নে তিনিটা ছেট এনেয়ে পৰি আছে ৷’’
মই বিল তৈয়াৰ কৰা ছোৱালীজনীক কলো, ‘‘নালাগে দিয়া ডিনাৰ ছেট ৷ এনেয়ে বিল বনোৱা ৷’’
বিল পৰিশোধ কৰি পাকঘৰৰ বস্তু, মোৰ এটা পেন্ট, এওঁৰ কেইজোৰমান কাপোৰলৈ গাড়ী পালো ৷

ঘৰলৈ আহি আছো ৷
এওঁ মাত দিলে, ‘‘তোমাৰ কাম নাই, এনেই এনেই জিনাৰ ছেটটো কিয় লব খুজিছিলা ?’’
মই যুক্তি দৰ্শাবলৈ যত্ন কৰিলো, ‘‘তুমি দেখোন ছুমৰ বিয়াত ডিনাৰ ছেট দিম বুলি কৈছিলা ৷ ফেঞ্চিবজাৰত এইটো ডিনাৰ ছেট ২৫০০ বা ৩০০০ মান কলে হয় ৷ সেইকাৰনে মই ভাবিছিলো ১৯৯ টকাত পাইছো লৈ লওঁ ৷ আজিৰ পৰা নকওঁ দিয়া তেনেকৈ ৷’’
‘‘তোমাৰ এই স্বভাবটৌ নগল ৷ তেতিয়াই বুজাই কব নোৱাৰিলা ? ঘুৰোৱা গাড়ী এতিয়া ৷’’







Monday, 25 March 2013

জয়ন্ত চলিহাৰ সংসাৰ - ১


(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়, ‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কাহিনী, চলিহাৰ মুখেৰে )

এদিন সন্ধিয়া, ভাগৰুৱা শৰীৰ এটা লৈ অফিছৰ পৰা আহি ঘৰ সোমাইছো ৷
‘‘আহিলা ?’’, শ্ৰীমতীয়ে সুধিলে ৷
‘‘ওঁ’’, বুলি কৈ জোতাজোৰ খুলিবলৈ ধৰিলো ৷
তাৰ পাছত অকনমান সময় নিৰলে বহি চিন্তা কৰি ল’লো, ‘‘চাল্লা এনেকুৱা চাকৰি আৰু নকৰো ৷ নিকিনা গোলাম পাইছে ? কুত্তা চালা বছ দেখুৱাব আহিছে ? তাৰ শহুৰেকৰ ঘৰৰ গোলাম পাইছে ? বছগিৰি দেখুৱাব আহিছে ? চাকৰি বাদ দি দিম চিনি পোৱা নাই !’’
শ্ৰীমতীয়ে আৰম্ভ কৰিলে, ‘‘আফিছতো বহি থাকিবা, ঘৰতো আহি বহি থাকিবা ! তুমি যাবা নে নোযোৱা কোৱা ? নহ’লে মই অকলেই যাওঁ ৷’’
মই চিন্তা কৰিলো ক’লৈ বা যোৱাৰ কথা আছিল ৷ মাহ শেষ হ’বৰ হৈছে ৷ গতিকে বজাৰ কৰিবলৈ যাম বুলি কোৱা যে নাই সেই কথাটোত মই নিশ্চিত ৷ কিন্তু তেনেহ’লে ক’লৈ যোৱাৰ কথা কৈছে বাৰু ? একোকে মনত পৰা নাই ৷ বুজিলো কাণত তুলা ভৰাব লাগিব ৷ তথাপিও সুধিলো, ‘‘হেৰা ক’লৈ যোৱাৰ কথা আছিল ?’’
‘‘মই জানোৱে ! তুমি এনেকুৱাই কৰিবা ! কিমান দিনৰ পৰা কৈ আছো ৷ মই কি কৈছিলো বাদ দিয়া হে ! তাই নিজেই ফোনো কৰিছে ৷ ফোন কৰিছে মানে তোমাকেই কৰিছে ৷ আৰু এতিয়া তুমি..........’’

মনতে ভাবিলো কৈ দিওঁ নেকি, ‘মই কি কৰিলো নো ? আৰে ভাই পাহৰি গ’লো আৰু ৷ বুঢ়া হৈছো ৷ কি কৰিম এতিয়া ?’’ নক’লো তেনেকৈ ৷ হিচাব কৰি পালো আৰু অকনমান সময় মনে মনে ৰৈ থাকিলে তেওঁৰ মুখেৰেই গম পাম কথাটো নো কি ৷

ছোফাখনৰ পৰা উঠি শোৱণি কোঠাৰ ফালে গ’লো ৷ ক’ৰবালৈ যে যাব লাগিব সেই কথাটো গম পাইছো ৷ গা-পা ধুই লোৱাই ভাল হ’ব বুলি ভাবিলো ৷
‘‘হেৰা গা ধুই লওঁ ৰ’বা ৷ দহ মিনিট সময় লাগিব ৷’’
‘‘মোৰ বাইদেউৰ মেৰেজ এনিভাৰছেৰী পাহৰি যাবা আৰু ফেছবুকত পাতি লোৱা বাইদেউৰ বাৰ্থডে নাপাহৰা ৷ আজি কৈ দিম মামুবাক তুমি আচলতে কেনেকুৱা ৷’’
‘কি কেনেকুৱা মই ? কেনেকুৱা হে ? আৰু ফেছবুকত বাৰ্থডে কোনোবাই মনত ৰাখে নেকি ? নটিফিকেচন আহে, মনত নাৰাখো ৷ তোমাৰ মামু বায়েৰা হৈছে বেকৱাৰ্ড ৷ ডিজাইনাৰ শাড়ী পিন্ধিলে কি হ’ব আজিলৈকে এটা ফেছবুক একাউন্টেই নাই ৷’ মনতে ভাবিলোহে দেই তেনেকৈ ৷

গা ধুই আহি দৌৰা-দৌৰি কৈ পেন্ট ছাৰ্ট পিন্ধি ল’লো ৷ মনতে ভাবিলো অলপ খৰ-খেদা কৰি দিলে মনটো ভাল হ’ব ছাগৈ ৷ এওঁকো অলপ দৌৰা-দৌৰি কৰা দেখিলো ৷
এইবাৰ আপত্তি কৰিলে, ‘‘হেৰা তোমাৰ নহ’ব বুজিছা ?’’
মনতে ভাবিলো এইবাৰ বা কি কৰিলো ?
‘‘এইখন কি ? কি এইখন ?’’
ভালকৈ চাই দেখিলো সেইখন এখন টাৱেল ৷ গতিকে ভাবি চিন্তি উত্তৰ দিলো, ‘‘বম্বে ডায়িঙৰ টাৱেল ৷’’
‘‘এই তিতি থকা টাৱেলখন বিচনাত কিয় ৰাখিলা ?’’
‘‘অহ্ ছৰী ! ভুল হৈ গ’ল ৷’’
‘‘তুমি নিজে একো এটা কাম নক’ৰা ৷ মই ঘৰটো এফালৰ পৰা চিজিল কৰিম আৰু তুমি এফালৰ পৰা লেতেৰা কৰিবা ৷ নোৱাৰো আৰু মই ৷ যাম গৈ মাৰ ঘৰ ৷’’
টাৱেলখন লৈ শ্ৰীমতী পাছফালৰ বাৰান্ডাৰ ফাললৈ গ’ল ৷
ইতিমধ্যে মই মামুবাৰ ঘৰলৈ যাবলৈ সাজু হ’লো ৷ মাত দিলো, ‘‘ব’লা ৷’’

মুখেৰে একো মাত নিদিয়াকৈ গাড়ীত বহিল ৷ চিন্তা কৰিলো ৰুক্মিনিগাওঁৰ পৰা চান্দমাৰীলৈ প্ৰায় ৭/৮ কিলমিটাৰমান বাট ৷ গাড়ী যদি ১৪০ কিলমিটাৰ/ঘন্টামানত চলাই দিব পালো তেনেহ’লে ছাগৈ এওঁৰ মুখ মেল খোৱাৰ আগতেই গৈ পাম গৈ মামুবাৰ ঘৰ ৷
পাছে জি.এছ. ৰোডত গাড়ী উঠাৰ লগে লগে আকৌ আৰম্ভ হ’ল, ‘‘নোৱাৰিছো আৰু তোমাক লৈ ৷ কোৱাচোন টাৱেলখন কিয় বিচনাত থৈছিলা ?’’
মই আন্তৰিকতাৰে ক্ষমা খুজিলো, ‘‘ভুল হৈছিল ৷ আজিৰ পৰা নকৰো তেনেকুৱা ৷ গড প্ৰমিজ !’’
‘‘সদায়ে তেনেকৈ কোৱা ৷’’

মই গাড়ী পেন্টালুনছৰ সন্মুখত ৰখালো ৷
শ্ৰীমতীয়ে সাৱধানবাণী শুনালে, ‘‘নোৱাৰা ছিগাৰেট খাব ৷ মামুবাৰ ঘৰলৈ যাম ৷’’
মই গাড়ীখন ৰখোৱাৰ আচল উদ্দেশ্য বাখ্যা কৰিবলৈ যত্ন কৰিলো, ‘‘নহয় মানে ভাবিছিলো মামুবাই ডিজাইনাৰ ড্ৰেছ পিন্ধি ভাল পায়, গতিকে পেন্টালু....’’
‘‘অ ব’লা তেনেহ’লে ৷’’
এওঁ বায়েকৰ কাৰনে ময়ুৰপক্ষীৰ পাখিৰ দৰে ৰঙ-বিৰঙৰ কাপোৰ এজোৰ পচন্ড কৰিলে ৷ তাৰ পাছত তেওঁ বেলেগ কাপোৰ দুজোৰমান বৰ লিৰিকি-বিদাৰি থকা দেখিলো ৷ মই মনতে ভাবিলো তিতা টাৱেল শুকুৱাবলৈ সুযোগ এটা পালো ৷
‘‘হেৰা সেই সেউজীয়া ড্ৰেছজোৰ ভাল লাগিছে ৷ লৈ লোৱা ৷’’
‘‘নালাগে মোক ’’ বুলি কৈয়ে ওচৰতে ৰৈ থকা ছেলছ গাৰ্ল গৰাকীক সুধিলে, ‘‘কিমান অ’ফ আছে ?’’

মই কেছ কাউন্টৰাট বিল দিলো, এওঁ হাঁহি মুখে পেকেটকেইটা ল’লে ৷ পেন্টালুনছৰ পৰা গাড়ীলৈকে হাঁহি মুখেই আহিলে ৷ মামুবাৰ ঘৰৰ পাৰ্টীৰ মেনু কি, তেজপুৰ পৰা কোন কোন আহিব আদিৰ খবৰ দিলে ৷
মোৰ মুখতো হাঁহি বিৰিঙিল, হওঁক তেওঁ টকা অলপ খৰছ হ’ল যদিও তিতা টাৱেলখনৰ পৰা ৰক্ষা পালো ৷

বৰকৈ মন গৈছিল যদিও ছিগাৰেটটো নজ্বলালো, আজি শ্ৰীমতীকে সন্তুষ্ট কৰি ৰাখোচোন বাৰু ৷
গাড়ীত উঠি এওঁ প্ৰিয় এলবামটোৰ গান বজাই দিলো ৷

মোৰ ফালে চাই শ্ৰীমতীয়ে কৈ উঠিল, ‘‘তোমালোক তেনেকুৱাই ! কোৱাচোন তিতা টাৱেলখন কিয় বিচনাত থৈছিলা ?’’

মোৰ গাড়ীৰ স্পীড’মিটাৰৰ কাটা আৰু মোৰ মস্তিস্কৰ পাৰা দুয়ো উৰ্ধগামী হ’বলৈ ধৰিলে ৷




তিনিবাৰত নিবাৰ (এটা আধৰুৱা কাহিনী)............ দ্বিতীয় খন্ড

মুল কাহিনী 
আমি কেইটামান হোষ্টেলতে ৰৈ লো ভবেন কাইৰ লগত চুপাৰ চাৰো আহিল
মৃদুৱে মাত দিলে, ‘‘ধৰি ভুতে নয়নক লৈ ৰাজাহঁতে তাক আহঁত গছ এজোপাত বিচাৰি পালে তেতিয়া কি ?’’
‘‘
আব্বে মাইকেল !!!! তাক গছৰ পৰা নমাই আনিব তাৰ পাছত দিবাকৰে তাক হৰলিস্ক বনাই খুবাব আৰু আমি গৈ শুই থাকিম ’’
মৃদুৱে লাহেকৈ লে, ‘‘নহয় মই সুধিছো সেইটো আমাৰ নয়ন নে ভুতৰ নয়ন ?’’
মোৰ খং উঠি , ‘‘তই মনে মনে থাকচোন ’’
আচলতে মৃদুৰ কথা শুনি খং যিমান উঠিছিল তাতকৈ ভয় বেছি খালো মনতে ভাবিলো, ‘‘শনিবাৰে শেষ পৰীক্ষা তাৰ পাছত হোষ্টলৰ ফালে ঘুৰিও নাচাওঁ এই ভুতবোৰৰ লগত নাথাকো ’’

এটা  এটা কৈ তিনিওটা দলেই উভটি আহিল থানাৰ পৰা উভটি অহা দলটোৱে জনালে এজাহাৰ দিয়া হৈ লগতে এইটোও জনালে গুৱাহাটীত যোৱা কেই ঘন্টামানত কোনো পথ দুৰ্ঘটনা ঘটা নাই হস্পিতালৰ পৰা উভটি অহা দলটোৰ মতেওমহেন্দ্ৰ মোহন কোনো আহত যুৱক ভৰ্তি হোৱা নাই
মৃদুৱে প্ৰশ্ন কৰিলে, ‘‘যুবক হোৱা নাই যদি কোনোবা যুৱতী হৈছে নেকি ? ৰাজাই কৈছে ..’’
মই মৃদুৰ হাতত টান মাৰি দিলো সি মনে মনে থাকিল
হাতত জোৰ লৈ লৈ ৰাজাৰ দলটোও আহিল
‘‘
কি পালি ?’’
‘‘
নাই নয়নক নাপালো কিন্তু বেলেগ এটা বস্তুহে দেখা পালো তাৰ মানে ……..’’
‘‘
কি দেখা পালি ?’’
‘‘
এজোপা আহঁত গছৰ ডাল এটা ভাঙি মাটিত পৰি আছে ’’
‘‘
কি পৰি আছে ? আহঁত গছৰ ডাল ? তাৰ লগত নয়নৰ কি সম্পৰ্ক ?’
মই ৰাজাৰ মুখখন ভালকৈ মন কৰিলো দেখিবলৈ গোলোকগঞ্জৰ ৰাজা যেনেই লাগিছে !
‘‘
মানে ভুতে যেতিয়া কাৰোবাক লৈ যায় তেতিয়া চিন হিচাবে গছৰ ডাল ভাঙি থৈ যায় ’’
চুপাৰ চাৰে গল হেকাৰী এটা মাৰি লে,‘‘যোৱা যোৱা তোমালোক শুই থাকা গৈ ময়ে কাইলৈ কিবা এটা কৰিম ময়ো যাওঁ এতিয়া ’’
চুপাৰ চাৰ গৈ
আমি ৰাজাৰ আশে পাশেই থাকি লো মই আৰু মৃদু অৱশ্যে ৰাজাৰ পৰা যিমান পাৰি সিমান দূৰৈত অৱস্থান কৰিলো মোৰ কিয় জানো মনতে ৰাজাৰ ওপৰত এটা সন্দেহ বলৈ ধৰিলে অকনমান সময় পাছ আমি দুয়ো ৰূমলৈ ঘুৰি আহিলো
মই বিচনাখনত আঠুৱা লগাবলৈ ধৰিলো মৃদু পালে গৈ খিৰিকিখনৰ ওচৰ সি কি কৰি আছে মই
 
বৰ মন কৰা নাই মৃদুৱে গালি পৰাৰ দৰেই লে, ‘‘অই গৰু অকনমান হেল্প কৰ না !’’
ঘুৰি চাই  দেখো সি খিৰিকিৰ ৰেলিঙ কেইডাল টানি আছে
‘‘
অই অই কি কৰিছ ?’’
‘‘
দেখা নাই নেকি ? বেকা কৰিছো ’’
‘‘
বেকা কৰিছ ? কিয় ?’’
‘‘
আব্বে গৰু ! বাকীবোৰৰ ৰূমত দুখন দুখন দুৱাৰ আৰু আমাৰ মাত্ৰ এখন দুৱাৰ নাজান নেকি ?’’
‘‘
জানো, কিন্তু তাতে কি ?’’
‘‘
ধেই টান না ! ভুত এখন দুৱাৰেৰে সোমালে বাকীবোৰ আনখনেৰে পলাব আমি কেনেকৈ পলাম ?’’
‘‘
তাৰ মানে ভুত যদি দুৱাৰেদি আহে আমি খিৰিকিৰে পলাম !!’’
হে প্ৰভু কোনে এইটোক বুজাব ‘‘কানুনৰ দৰে ভুত কা হাথ ভি লম্বে তে হ্যায় !’’
উপায় নাপায় মৃদুৰ সৈতে ৰেলিঙৰ লোহা টানিবলৈ ধৰিলো
লোহা টানি থাকোতে মৃদুৱে সুধিলে, ‘‘চুপাৰে যে কৈছে কাইলৈ কিবা এটা কৰিব তাৰ মানে কি ?’’
‘‘
মৃদু মই একো নাজানো আৰু শুন এই লোহা বেকা নহ এতিয়া শুই থাক ৰাতিপুৱা কিবা এটা কৰিম ’’
‘‘
নহয় যদি আজি ৰাতি….’’
‘‘
শুই থাক বুলি কৈছো নহয় ’’

শুবলৈ চেষ্টা কৰিলো যদিও টোপনি নাহিল বাৰে বাৰে দুৱাৰখনৰ ফালেই চাই থাকিলো কেতিয়ানো চকু দুটা জাপ খালে গম নাপালো  
পুৱা বাহিৰত মেল আৰম্ভ শনিবাৰে অংক, আজি বুধবাৰ অকনমান আড্ডা মাৰি পাৰি খোৱা ঘৰ আৰু আমাৰ ব্লকৰ মাজৰ খালি ঠাইডোখৰতে কেইবাটাও বহি, ঠিয়হৈ আড্ডা মাৰি আছে নকলেও আড্ডাৰ বিষয় বস্তুনয়নৰ আকস্মিক অন্তৰ্ধান আৰু ৰাজৰ ভুত সম্পৰ্কীয় ভাষন বিশেষ নতুন তথ্য বা খবৰ একো ওলোৱা নাই অকনমান সময় কথা-বতৰাবোৰ শুনি বুজিলো ৰাজৰ কথাত উপস্থিত ৰাইজ লাহে লাহে অতিষ্ঠ বলৈ ধৰিছে সি মুখ মেলিলেই কোনোবা নহয় কোনোবাই তাক হয় বাধা দিয়ে নহয়ডাউনদিয়ে
‘‘
আব্বে ৰাজা বন্ধ তোৰ এই ফাটা লেকচাৰ !’’
‘‘
আজিৰ তাৰিখত তই এনেকৈ ভুতৰ কথা কৈ কৈ মাথা গৰম কৰি নাথাকিবি !’’
মই মনতে ভাল পালো ভুতৰ এংগলটো নাই যেতিয়া নয়নৰ অন্তৰ্ধানত মৃদুৰ আগ্ৰহ কমি আহিব   ৰূমত অন্ততঃ পঢ়া শুনাত মন দিব পাৰিম

ৰূমলৈ আহিবলৈ লওঁতেই দেখিলো তামোল চোবাই চোবাই ভবেন কাই আহি আছে
‘‘
আপোনালোকে জানে নে এই হোষ্টলৰ আচল কাহিনী ?’’
‘‘
হোষ্টেলৰ আচল কাহিনী ? সেইটো আকৌ কি ?’’

ভবেনকায়ে আৰম্ভ কৰিলে হোষ্টেলৰ আচল কাহিনী
‘‘
এইটো কলেজ হোষ্টেল ১৯২৯ চনত কিন্তু বৃটিছ সকলে এইটো ১৯১৪-১৫ চন মানতে সাজিছিল প্ৰথম বিশ্বযুদ্ধৰ সময়ত এইটো এখন হস্পিতাল আছিল আৰু আপোনালোকে এই ৰুমটো দেখিছে ?’’
আমি আটায়ে ভবেনকায়ে দেখুৱাই দিয়াৰ ফালে চাবলৈ মুৰ ঘুৰালো তেওঁ আচলতে দেখুৱাইছে এটা বন্ধ গুদাম ঘৰৰ ফালে আমি কেনেও একো নোকোৱা দেখি ভবেনকায়ে মাত লগালে, ‘‘এইটো বৃটিছসকলে মৰ্গ হিছাবে ব্যৱহাৰ কৰিছিল ’’
মৰ্গ শব্দটো শুনাৰ লগে লগে গুদামৰ ফালে ঠিয় হৈ থকা দুটামান একে জাপে আহি আমাৰ ওচৰ পালে লৱনু দা নে কোনোবা এজন চিনিয়ৰে অলপ জেৰা কৰাৰ দৰেই ভবেনকাইক সুধিলে, ‘‘আমাৰ এই হোষ্টেলত তিনিবছৰ হে আজিলৈ শুনা নাই ইয়াত হস্পিতাল আছিল আপুনি আকৌ কৈছে মৰ্গৰ কথা !’’
ভবেনকায়ে তামোলৰে ৰঙা হৈ থাক দাত কেইটা উলিয়াই ধেক ধেকাই হাঁহি বলৈ ধৰিলে, ‘‘কেই বছৰ  আপোনাৰ ? তিনি বছৰ ? মোৰ ৩০ বছৰ হৈ হাঃ হাঃ মোক সুধিছে কেনেকৈ গম পালো ? হাঃ হাঃ বহু কথাই   জানো ’’
ভবেনকাইৰ ৰূপটো দেখি মোৰ মনতে সন্দেহ ৰাজাই যে কৈছিল ভুতে মানুহৰ শৰীৰত সোমাই যায় আৰু আমি গমকে নাপাওঁ মানুহ নে ভুত এইজন বাৰু কোন ? আমাৰ ভবেন কাই নে ভুতৰ ভবেন কাই ?
ভবেন কায়ে আকৌ বলৈ আৰম্ভ, ‘‘মই জানো কোনটো ৰূমত কোনে চিপজৰী লৈছিল মই জানো হোষ্টেলত মাজে মাজে কিয় জুনুকাৰ মাত শুনা যায় ’’
‘‘
কিয়, কিয় …..’’


সকলোৱে আহি ভবেনকাইক বেৰি ধৰিলে ময়ো গৈ তেওঁৰ ওচৰ পালো গৈ ভবেনকায়ে কৈ হোষ্টেলৰ কোনটো ৰূমত কোনে কেতিয়া কেনেকৈ আত্মহত্যা কৰিছিল লগতে লে এক ৰহস্যময়ী নাৰীৰ কথা বহুজনে হেনো দুই নম্বৰ ব্লকৰ বাৰান্দাত দেখিছে এই জুনুকা পিন্ধি ঘুৰি ফুৰা নাৰী গৰাকীক বহুজনে হেনো শুনিছে সেই জুনুকাৰ মাত মই মনতে ভাবিলো, ‘‘ময়ো দেখোন দুই নম্বৰ ব্লকত এবছৰ আছিলো কেতিয়াও কোনো জুনুকা পিন্ধা নাৰীক দেখা মনত নপৰে বা জুনুকাৰ মাত শুনা মনত নপৰে ’’

ৰমেনদাই আমাৰ ফালে চাই গালি পাৰিলে, ‘‘অই তহঁতৰ পৰীক্ষা নাই ? যা যা ইয়াত আকৌ দেখিলে কোবাই ধৰি ভাঙি দিম ’’
পৰীক্ষা থকা কেইটা অনিচ্ছাস্বত্তে নিজৰ ৰূমলৈ যাবলৈ বাধ্য লো ৰমেনদাৰ ঠিক নাই কৈছে যেতিয়া কোবাই ভৰি ভাঙি দিবও পাৰে আহি থাকোতে ভাবিলো, ‘‘ৰমেনদা বাৰু ভুত নেকি ?’’

পঢ়া টেবুলত এনেয়েহে বহি থাকিলো বাৰে বাৰে ভবেনকাইৰ কথা, ৰাজাৰ জ্ঞান আদি মনলৈ আহিবলৈ ধৰিলে তাৰ মাজে মাজে তাৰকেশ্বৰ চৌধুৰী চাৰ, সীতানাথ লহকৰ চাৰ আদিলৈকো মনত পৰে তেতিয়া জোৰ কৰি অংকত মন বহাবলৈ যত্ন কৰো ভুত আৰু অংকৰ সৈতে কাবাদী কাবাদী খেলি চাৰি মান বজালৈকে টেবুলত বহি থাকিলো অংক কিমান কৰিলো, কিমান বুজিলো নাজানো কিন্তু ৰাজাক কথা এটা সুধিব লাগিব বুলি নিশ্চিত লো

আবেলি আমিবোৰে সাধাৰনতে হোটেল কেলীফৰ্নিয়াত অকনমান সময় বহি আড্ডা মাৰো মই গৈ পাওঁ মানে দেখো চাৰিটা বহি আছে
‘‘
ৰাজা নাই ?’’
মই নাম লোৱা মাত্ৰেই ৰাজা আহি উপস্থিত

‘‘অই ৰাজা, কথা এটা বুজাই দে তই যে কৈছিলি কিছুমান মানুহ আচলতে মানুহ নহয় মনত আছে ?’’
ৰাজাই মুৰ দুপিয়ালে
‘‘
কেনেকৈ গম পাম মানুহ নে ভুত ?’’
‘‘
মানুহটোৰ ফালে ভাল কৈ চাবি ভৰি কেইটা অনবৰতে মন কৰি থাকিবি যদি মানুহৰ ৰূপত থকা ভুত তেতিয়া দেখিবি খোজ কাঢ়ি থাকোতে তাৰ ভৰিৰ পতা পাছফাললৈ ঘুৰ খাই যাব আৰু তাৰ ছাঁটো মন কৰি থাকিবি গৈ থাকোতে হঠাতে দেখিবি ছাঁ নোহোৱা হৈ যায় কেই ছেকেন্ডমানৰ কাৰনে আৰু এটা লক্ষণ আছে ’’
মৃদু ইতিমধ্যে আহি হাজিৰ
‘‘
কি সোনকালে মই পঢ়িবলৈ যাব লাগে ’’
ৰাজাই অলপ মাতটো সলনি কৰি লে, ‘‘চকুবোৰলৈ মন কৰিবি বেলেগ দেখিবি ?’’
‘‘
বেলেগ দেখিম মানে ?’’
‘‘
তাৰমানে নৰমেল নেদেখিবি ’’
বাকী কেইটাই এই চকু বেলেগ দেখাটো কিমান বুজিলে নাজানো, মই কিন্তু বুজিলো মোৰ দ্বাৰা এইটো টেষ্ট নহ মই ভৰিৰ পতা আৰু ছাঁৰ টেষ্টকে কৰিম বুলি ঠিক কৰিলো
চাহ-পৰঠা খাই হোষ্টেল উভটো মানে সন্ধিয়া
মৃদু, ৰাজা আৰু বাকীকেইটাক আগবাঢ়িবলৈ দিলো মই সবাতোকৈ পাছত খোজ কাঢ়ি যাওঁতে মই   আটাকেইটাৰে ছাঁ আৰু ভৰিৰ পতাবোৰ মন কৰি লো বিশেষ সন্দেহজনক একো চকুত নপৰিল এপাক ৰাজাই এটা শিলত উজুটি খাওঁতে তাৰ ভৰি পতা ঘুৰ খাই যোৱাৰ দৰে লাগিছিল কিয় নাজানো মোৰ কিন্তু ৰাজাৰ ওপৰত বৰকৈ সন্দেহ বলৈ ধৰিছে !
হোষ্টেল পাই উঠি ৰুমলৈ নগলো এটা এটা কৈ কেইবাটাৰো ৰূমলৈ লো ছাঁ, পতা, চকু যি পাৰো লক্ষ্য কৰিবলৈ ধৰিলো ৰাজাই কোৱা দৰে একো চকুত নপৰিল, কিন্তু দুটামানৰ ওপৰত সন্দেহ নোহোৱা নহয়
ভুতৰ ভয়ে হোষ্টেলত সকলোকে কোঙা কৰাৰ দৰেই ৰাতি বজাৰ আগতেই সকলো ভাত পানী খাই আজৰি হৈ যায় প্ৰশ্ৰাব কৰিবলৈ যতেই মন যায় তেই কৰিবলৈ ধৰিলে বাৰান্দাত ঠিয় হৈয়ো দুই একে কৰিবলৈ ধৰিলে অৱশ্যে নিজৰ ৰূমৰ সন্মুখতে প্ৰশ্ৰাব কৰাৰ আন এক কাৰনো আছিল ৰাজাৰ মতে ভুতে হেনো প্ৰশ্ৰাবলৈ ভয় কৰে

কোনোবা দুটা লগ লেই ভুতৰ কথা আৰম্ভ হৈ যায়
নয়নলৈ মনত পেলাওঁ কিবা তাৰ ? ভুতে বা তাক নি কি কৰিছে ? সংকল্পৰ মতে যদি পঢ়িবলৈ লগাই দিছে মৰি বাপ্পেকে !
এবাৰ মিন্টু শালৈক লগ পালো সি বৰ গহীণ ভাবে মোক লে, ‘‘বুজিছ ১৪ নম্বৰৰ কেছটো সঁচা মই কেইবাদিনো দেখিছে সেই মানুহজনীক ’’
‘‘
কানতলীয়া চৰ চিনি পাৱ ? দুবছৰে তোৰ মনত নপৰিল ! এতিয়া শুনাব আহিছ ?’’
‘‘
নহয় মই মানে আগেতে মানে …..’’
‘‘
তোৰ বাজে লেকচাৰ ডাইনামিক্সৰ বহিখন দে ’’

এইবোৰৰ মাজে মাজে অৱশ্যে আমি পৰীক্ষা থকাকেইজনে পঢ়িবলৈ দুৰ্বল প্ৰচেষ্টা চলাই থাকিলো শুকুৰবাৰৰ নিশা ভাত পানী খাই পঢ়িবলৈ বহিছো মৃদুৱে মাত লগালে, ‘‘অই না !’’
পঢ়াৰ পৰা মুৰ নোতোলাকৈয়ে সুধিলো, ‘‘লৈ যাৱ ?’’
‘‘
এহ্ মোৰ বৰ জোৰত লেট্ৰিণ লাগিছে ’’
‘‘
তই হাগিবি আৰু মই গৈ কি কৰিম ?’’
‘‘
আৰে দেখা নাই নেকি লেট্ৰিণ কেইটা কিমান দূৰত আছে তাক ইমান আন্ধাৰ ! মোৰ ভয় লাগে ধেই না ভাই !’’
মৃদুৰ অৱস্থা দেখি বেয়া লাগিল
‘‘
’’
আমি দুয়ো অকনমান আতৰত থকা শৌচাগাৰকেইটাৰ ওচৰ পালো গৈ মৃদু ভিতৰলৈ সোমাই , মই বাহিৰত ৰৈ থাকিলো
‘‘
অই, মই দৰ্জাখন বন্ধ নকৰো তই কিন্তু গুছি নাযাবি পাৰ্টনাৰ ’’
‘‘
অই মৃদু আৰম্ভ কৰিলি নেকি ?’’
‘‘
নাই কৰা কিয় ? কিবা ওলাইছে নেকি বাহিৰত ?’’ তাৰ মাতত ভয়ৰ চিন
‘‘
নাই মানে মোৰ ইয়াত অকলে অকলে থাকিবলৈ ভয় লাগিছে আৰু এটাক মাতি আনো ’’
কাম-কাজ শেষ কৰি ৰূম পালো গৈ 
মৃদুক লো, ‘‘কাইলৈ শেষ পৰীক্ষা তই কি কৰিবি নাজানো মই আৰু নোৱাৰিছো আবেলিয়ে যাম গৈ ’’
মৃদুৱে মুখেৰে একো মাত নিদি পঢ়াত মন দিলে
পঢ়ি থাকোতে মনলৈ বাৰে বাৰে আহিল হোষ্টেলত পাৰ কৰা দিনবোৰৰ কথা নয়নলৈকো মনত পৰিল

মাজে মাজে অংককেইটালৈকো চকু নোযোৱা নহয় সেইকেইটা দেখি মেট্ৰিকত ৪টা লেটাৰ, ষ্টাৰ মাৰ্কছ, অংকত ১০০ৰ ভিতৰত ১০০ আৰু কাইলৈ গেৰা মাৰিম ! চেহ্ ভুতে যদি মোকেই লৈ যোৱা লে ভাল আছিল !
এবাৰ ভাবিলো মৃদু টোপনি যোৱাৰ পাছত মই পলাই যাওঁ নেকি ? পলাই মানে ৰেলত উঠি দিল্লীৰ ফালে যাম গৈ তাত গৈ কৰিম আৰু কিবা কিন্তু মানুহে ভাবি থাকিব শনিবৰীয়া ভুতেই নিলে


এইবোৰ কৰি থাকোতেই ৰাতিপুৱা হওঁ হওঁ গম পালো শুবলৈ লে গন্ডগোল হৈ যাব সান নাপাম গতিকে পঢ়া টেবুলতে বহি থাকিলো কাহিলিপুৱাতে টুথব্ৰাছত লগেট অকনমান সানি বাহিৰলৈ ওলাই লো হোষ্টেলৰ গেটেৰে বাহিৰলৈ ওলাই গৈ অকনমান আতৰত থকা পুলটোত বহি দাত মাজি আছো সেই আহল-বহল ৰাষ্টাটোত মোৰ বাহিৰে কুকুৰ দুটামানহে আছে অংকৰ পৰীক্ষাটোৰ কথা চিন্তা কৰি আছো আৰু তিনি ঘন্টামান পঢ়িব পাম পাৰিম !
এনেতে মন কৰিলো ৰেল ষ্টেচনৰ দিশৰ পৰা আহিছে এখন ৰিক্সা ৰাতিপুৱা আহে ৰিক্সা ৰেলষ্টেচনৰ ফালৰ পৰা গুৰুত্ব নিদিলো ৰিক্সাখন মোৰ কাষেৰেই পাৰ হৈ যাত্ৰীজন বৰ চিনাকি যেন লাগিল দেখিছিলো জানো ? পাছে সাজ-পোচাক, কেশ বিন্ন্যাস সকলো ফালৰে পৰা বৰ জধলা চকুদুটাও বেলেগ ধৰনৰ, এবনৰ্মেল টাইপ ! ৰজাই কোৱা ভুত নেকি বাৰু ?
ৰিক্সাখন গৈ ৰখিল গৈ আমাৰ হোষ্টেলৰ গেটৰ মুখত
‘‘
ৰাতিপুৱাই আকৌ কোন আহিল ?’’ মনতে ভাবিলো
জাপ এটা মাৰি ৰিক্সাৰ পৰা নমা মানুহজনৰ (নে ভুত ?) কাষেদি উধাতু খাই দৌৰ মাৰিলো   ‘‘বিজয় দা, বিজয় দা’’ বুলি দৌৰ মাৰি গৈ নম্বৰ ৰূমত এটা প্ৰচন্ড গোৰ মাৰিলো বিজয়দা চকু মোহাৰি মোহাৰি উঠি আহে মানেৰিক্সাত অহাজনতিনি নম্বৰ ৰূম আহি পালে মোক ঠেলা এটা মাৰি লে, ‘‘যাব দে মোক ’’
তাৰ পাছততেওঁগৈ নয়নৰ বিচনাত বাগৰি দিলে
বিজয় দাই চিঞৰি উঠিল, ‘‘নয়ন !’’

আৰু তিনি ঘন্টা পঢ়া ?
গোটেই হোষ্টেল গৈ তিনি নম্বৰ ৰূমত উপস্থিত আনৰ কথা নাজানো মৃদু আৰু মোৰ বিশ্বাস ল এইটো আমাৰ নয়ন হ’বই নোৱাৰে ৷

এতিয়া অংকৰ পৰীক্ষা আছে ৷
নয়নৰ কাহিনী পাছত শুনিম ৷

পৰীক্ষা কোনোমতে শেষ কৰিয়ে একো দৌৰে আহি হোষ্টেল পালো  নয়ন শুই আছে আৰু ছেমিম  তাৰ PRO ৷ মোক দেখাৰ লগে লগে ক’লে, ‘‘তহঁত দেখাত হে smart , কিন্তু আচলতে এটা এটা বেহুদা ৷ আৰু নয়নক চা !’’
‘‘আব্বে নয়নে কি কৰিলে ?’’
‘‘বেটাই জানেই তাৰ পৰীক্ষা বেয়া হ’ব ৷ সেয়ে শিলিগুড়িৰ পৰা ফুৰি আহিল গৈ !’’
‘‘তাৰ মানে তাক ভুতে নিয়া নাছিল ?’’
‘‘ধুৰ ভুত !! দুদিন একো নোখোৱাকৈ থাকি সি দেখাত অলপ ভুতৰ দৰে হৈছে ৷’’

‘‘অই ছেমিম, ব’ল BN Deyৰ তাৰ পৰা আহো গৈ, ৰাতি পাৰ্টী কৰিম ৷’’