Tuesday, 13 March 2012

কণৰ লৰাৰ বিয়া

দেওবাৰৰ দুপৰীয়া শুই আছিলো ৷ কলিঙবেলটো বাজি উঠিল ৷ দুৱাৰ খুলি দেখিলো হাতত এখন চিঠি আৰু মুখত এমোকোৰা হাঁহিৰে এক ভদ্ৰলোক আৰু ভদ্ৰমহিলা ৷
বুজিলো বিয়া মাতিব আহিছে ৷ মই তেখেতসকলক চিনি পোৱা নাই আৰু মনতে ভাবিলো তেখেতসকল আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাবলৈ অহা নাই ৷ বোধহয় কোনোবা ওচৰ-চুবুৰীয়াৰ ঠিকনা সুধিব ৷

ভদ্ৰলোকে মোক সুধিলে, ‘‘তুমি সদা ককাইদেউৰ ডাঙৰ ল’ৰাজন নহয় জানো ?’’
‘‘হয়, হয়, আহক আহক’’ প্ৰায় অপ্ৰস্তুত হৈ মই দুয়োকে ভিতৰলৈ মাতিলো ৷
ভদ্ৰলোকে আকৌ সুধিলে, ‘‘মা আছেনে ?’’
মই উত্তৰ দিলো, ‘‘মা নাই নহয় ৷ নামঘৰলৈ গৈছে ৷’’
ভদ্ৰলোকে বেছ দুখেৰেই ক’লে, ‘‘হয় নেকি? মোক বাৰু চিনি পাইছানে নে নাই ?’’
মই উত্তৰ দিবলৈ নাপালো ৷হয়তো তেখেতে উত্তৰতো জানিছিল ৷ তেখেতে কৈ গ’ল, ‘‘মই কণখুৰা ৷ ল’ৰাৰ বিয়া পাতিছো ৷ আহিলে নবৌক খবৰটো দিবি আৰু  আটাইকেইটা আহিবি কিন্তু ৷’’
খুবসম্ভব বৰ আপোন খুৰা ৷ একেকোবে মই ‘তুমি’ৰ পৰা গৈ ‘তই’ হলোগৈ ৷

খুড়া আৰু খুড়ীক গেটৰ মুখলৈকে আগবঢ়াই মই বিয়াৰ চিঠিখন হাতত লৈ তভক মাৰিলো ৷ কোন এই কণখুৰা ? নাম, ঠিকনা, ফোন-নম্বাৰ তন্ন-তন্নকৈ চালো ৷ নাই একো মনত নপৰিল ৷
খং উঠি আহিল ৷ খং উঠাৰ কাৰণ আছে ৷
কোনোদিনে মা-দেউতাৰ মুখে কণখুৰা নাম শুনা মনত নপৰে ৷
ঠিক আছে নালাগে বাৰু নাম মনত পৰিব ৷ যোৱা ১৫ বছৰে আমি এই ঠিকনাত আছো ৷ কোনো দিনে কণখুৰাই আমাৰ খবৰ লবলৈ অহা মনত নপৰে ৷
ঠিক আছে নালাগে বাৰু  আমাৰ খবৰ ল’বলৈ আহিব ৷ এয়া মবাইলৰ যুগ ৷ আমাৰ ঘৰত ৫টাকৈ মবাইল আছে ৷ যদি ইমানেই আপোন ফোন এটা কৰিতো খবৰ এটা ল’ব লাগিছিল ! কিমান সকাম পাৰহৈ গ’ল আমাৰ ঘৰত ৷ এদিনো ফোন এটা কৰা মনত নপৰে ৷
মুঠতে খং উঠি আহিল ৷ বুজিলোআকৌ বিয়া ঘৰত গৈ ছাৰ্লক হো’মছ, ছাৰ্লক হো’মছ খেলিব লাগিব!
...
.....

মোৰ ঠিকেই মনত আছিল বিয়াৰ তাৰিখটো ৷ শুই উঠিয়ে সৰু প্ৰাৰ্থনা এটা কৰিলো, ‘‘হে প্ৰভু,  মা আৰু পৰিবাৰৰ যেন বিয়াৰ নিমন্ত্ৰণৰ কথাতো মনত নাথাকে ৷’’
কামৰ পৰা ঘুৰি আহি সন্ধিয়া ৬:৩০মান বজাত ভয়ে ভয়ে ঘৰ সোমাইছো ৷ দুৱাৰমুখত দেখিলো সুসজ্জিতহৈ মা হাঁহি মুখে ঠিয়হৈ আছে৷
মই প্ৰথম অস্ত্ৰপাট ৱ্যৱহাৰ কৰিলো, ‘‘কেনিবা যোৱা নেকি?’’
অস্ত্ৰ তেনেই দুৰ্বল আছিল ৷ মায়ে উত্তৰ দিলে, ‘‘আজি কণৰ ল’ৰাৰ বিয়া নহয় ! চাহকাপ খায়ে ওলাগৈ যা ৷ আমি সাজু হৈ আছো ৷’’
বুজিলো প্ৰথম অস্ত্ৰপাট এনেয়ে গ’ল ৷ দ্বিতীয় অস্ত্ৰপাট ব্যৱহাৰ কৰিলো, ‘‘নগ’লে নহয় নেকি ?’’
মায়ে ক’লে, ‘‘নাই, নাই যাব লাগিব ৷ কণে ঘৰত আহি মাতি গৈছে ৷ নগ’লে বেয়া কথা হ’ব ৷’’
নিজৰ ওপৰতে খং উঠি আহিল ৷ মোক কিহেযে পাইছিল  চিঠিখন দেখুৱাবলৈ !
আকৌ এটা চেষ্টা কৰি চাব খুজিলো ৷ জোতাযোৰ খুলি খুলি ক’লো, ‘‘কোন হয় এই কণখুৰা ? ইমানদিন হ’ল কাহানিও নামটো শুনা মনত নপৰে, ....দেখা মনত মনত নপৰে, .... ... ’’
মুৰ তুলি দেখো ছিল্কালয়ৰ পৰা অনা সেউজিয়া পাটৰ “ছেট”, যোৰহাট সোনাৰীগাঁওৰ “বৰদলৈ জুৱেলাৰী”ত গঢ়াই অনা “লোকাপাৰৰ ছেট” আদিৰে সুসজ্জিতহৈ সন্মুখত ঠিয়হৈ আছে শ্ৰীমতী ৷
হাঁহি এটা মাৰি ক’লে, ‘‘তোমাৰ ছাৰ্ট, পেন্ট উলিয়াই থৈছো ৷ স্প্ৰে মাৰি ল’বা ৷ ৰুমাল এখন ল’বলৈ নাপাহৰিবা কিন্তু ।’’
এওঁ যদিও কৈছে বেলেগ এটা কথা মোৰ কানত পাছে সোমাল “সাজি-কাচি ওলাই আছো ৷ নাযাব লাগিলে চাবা কিন্তু ।’’
....
..........

গাড়ীৰে গৈ থাকোতে শেষ চেষ্টা কৰি চালো, ‘‘বিয়ালৈ নগৈ প্ৰগতি মেনৰ বা গেটৱেলৈকে যাওঁ দিয়া ৷ বহুদিন যোৱা নাই!’’ একো উত্তৰ নাই ৷ বুজিলো মনে মনে গৈ থকাই বুধিয়কৰ কাম হ’ব ৷
...
....
পলোগৈ প্ৰমিলা বিবাহ ভৱন ৷
বিয়া নহয় যেন মেলাহে এখন হৈছে ৷ নিজকে বুজালো, ‘‘আজি মেলা উপভোগ কৰাই লিখা আছে মোৰ কপালত ৷’’
মা, শ্ৰীমতী আৰু ছোৱালী আগুৱাই গ’ল দৰা আৰু কইণাৰ ওচৰলৈ ৷ চিনাকি হ’ল, উপহাৰ দিলে, চ’ফগুটি খালে ৷
মই দূৰৈৰ পৰায়ে চাই ৰলো ৷ আজি ছাৰ্লক হো’মছ, ছাৰ্লক হো’মছ খেলিম বাপ্পেকে ! কোনে কি কৰিছে, কোনে কি কৈছে তাকেই চাই থাকিম ৷ তাৰ বাহিৰেনো মই আৰু কি কৰিব পাৰিম ? বিয়াখনত এখনো চিনাকি মুখ দেখা নাপালো ৷

দেখিলো খুৰাদেউৰ লগত মা আৰু শ্ৰীমতীয়ে হাঁহি হাঁহি কথা পাতি আছে । খুৰাদেৱে মোৰ ছোৱালীজনীক গালত ধৰি মৰমো কৰিছে ৷ ভাবিলো মায়ে খুৰাদেউক বহুদিনৰ পাছত লগ পাইছে ৷ গতিকে অনুমান কৰিব পাৰিছো বহু কথা পাতিব পাৰিছে ৷ শ্ৰীমতীয়ে কি কথা পাতিছে বাৰু ? ঘৰ ক’ত, ঘ’ৰত কোন কোন আছে সেইবোৰেই পাতিছে ছাগৈ!

তাৰ পাছত মন কৰিলো মা আৰু শ্ৰীমতী পাৰি থোৱা চকী দুখনত বহিলগৈ ৷ ১০মিনিটমান যোৱাৰ পাছতে বুজিলো মা আৰু শ্ৰীমতীৰো এই বিয়াত আৰু চিনাকি মানুহ নাই ৷ দুয়ো ব্যস্তহৈ পৰিল কোনে কি কাপোৰ পিন্ধিছে, কাৰ কাপোৰৰ বুটা/  গুণা কিমান ভাল জাতীয় আলোচনাত ৷  দুয়ো মাথো ইফালে চাইছে আৰু সিফালে চাইছে ৷ 

ভালেমান সময় গ’ল ৷ মাজতে আহি যেনিবা বগা চোলা, ক’লা স্কাৰ্ট পিন্ধা ছোৱালী এজনীয়ে চুপ অকনমান দি গ’ল ৷  মাজে মাজে লুইতৰ শিহুৰ দৰে ভুটুংকৈ এজন আহি সুধিলে, ‘‘গ’ল নে ভিতৰলৈ ? খালে নে ভাল কৈ ?’’  উত্তৰ দিবলৈ নাপাওঁতেই লুইতৰ শিহু নোহোৱা হ’ল ৷ অলপ পৰ পাছত দেখিলো এজন তপামূৰীয়া ভদ্ৰলোক মোৰ ফালে হাঁহি হাঁহি আহি আছে ৷ মই অলপ সজাগ হ’লো ৷ কিয় আহিছে বাৰু? ভিতৰলৈ মাতিবলৈ নিশ্চয় অহা নাই ! ভদ্ৰলোক আহি ওচৰ পালেহি ৷ তেখেত মোক প্ৰশ্ন কৰিলে, ‘‘চিনি পাইছানে মোক ?’’ বুজিলো তেখেতে মোৰ স্মৃতি শক্তিৰ পৰীক্ষা ল’ব খুজিছে ৷ সৰুতে যে তাচপাত লৈ মেম’ৰী টেষ্টিং বুলি খেল এটা খেলো সেইটো খেলিব খুজিছে ৷ চিন্তা কৰিলো কি কৰা যায়, খেলো নে নেখেলো বাৰু? নেখেলাই ভাল হ’ব যেন লাগিল৷ উত্তৰ দিলো, ‘‘ চিনি নাই পোৱা নহয় ৷’’
মেম’ৰী টেষ্টিং খেলিবলৈ অহা ভদ্ৰলোক, ‘‘কিয় মই অমুকৰ তমুক আকৌ !’’
মই নিৰ্লিপ্ত উত্তৰ দিলো, ‘‘মই অমুকো চিনি নাপাওঁ, তমুকো নাপাওঁ ৷’’
মেম’ৰি টেষ্টিং খেলুৱৈজনে বুজি পালে ছাগৈ মোক খেলিবলৈ মন নাই ৷ উঠি গ’ল তেখেত ৷ 

মই লাহেকৈ উঠি মাহঁতৰ ওচৰ পালোগৈ৷ সুধিলো , ‘‘খাবলৈ নোযোৱা নেকি ?’’
মায়ে উত্তৰ দিলে, ‘‘মাতিলেই যাম ৷’’
খং সামৰি মাক ক’লো, ‘‘সেইযে দেওবাৰে দুপৰীয়া ঘৰতগৈ মাতি থৈ আহিছিল সেইদিনাই কৈছিল ভালকৈ খাবলৈ । নিজৰ ঘৰ বুলি ভাবিবলৈ কৈছিল ৷’’ মা, শ্ৰীমতী আৰু ছোৱালীৰ সৈতে সদল-বলে খোৱা ঠাইৰ ওচৰলৈ গ’লো ৷ বিৰাট আয়োজন ৷ ইন্ডিয়ান, চাইনিজ্, কনটিনেনটেল সব আছে ৷

খাওঁতে বেছি দেৰি নালাগিল ৷ আকৌ আহি মই নিজৰ ঠাইত বহিলোহি ৷ অলপ পাছত দেখিলো মা, শ্ৰীমতী আৰু ছোৱালী আহি পালেহি নিজৰ ঠাই ৷ সুবিধা পাই, চকুৰ ইংগিতত সুধিলো, ‘‘নোযোৱা নেকি?’’
উত্তৰ আহিল,‘‘যাম ৷’’
ৰক্ষা পৰিলো ৷ একেকোবে আহি গাড়ী পালোহি৷
...
....
গাড়ীত আহি থাকোতে সুধিলো, ‘‘(ৰিচেপচন) কেনে লাগিল ?’’
মা আৰু শ্ৰীমতীয়ে সমস্বৰে উত্তৰ দিলে, ‘‘ভাল লাগিল, ভাল লাগিল৷’’  উত্তৰটো জানো যদিও  সুধিলো, ‘‘চিনাকি কোনোবা পালানে ?’’
মা আৰু শ্ৰীমতীয়ে সমস্বৰে
উত্তৰ দিলে, ‘‘নাই, তেনেকৈ নাপালো৷’’ 
সুধিলো, ‘‘আচ্ছা, এই কণখুৰানো আচলতে হয় কোন ?’’
উত্তৰ আহিল মাৰ পৰা,‘‘মই যিজন কণ বুলি আহিছিলো সেইজন কণ নহয় এইজন৷’’
অলপ আচৰিত উত্তৰ এটা পায় আকৌ সুধিলো, ‘‘তেনেহ’লে হয় কোনজন কণনো এইজন ?’’
মায়ে উত্তৰ দিলে, ‘‘মই ভালকৈ চিনি নাপালো ৷’’
মোৰ মনত পৰি গ’ল  মেম’ৰি টেষ্টিং খেলুৱৈজনলৈ!!!!!!!                        


জনতাৰ টিক টিক


 জনতাৰ টিক-টিক

কলিকতাৰ পৰা উভতি আহি আছো, ৰেলেৰে ৷ মনত এটা বুজাব নোৱাৰা ধৰণৰ আনন্দ ৷ মোৰ চাকৰি জীবনৰ প্ৰথম কলিকতা যাত্ৰা  ৷ কামখিনি ভাল কৈ কৰি আহিব পাৰিলো ৷ ভালতো লাগিবই, কাৰণ গুৱাহাটি পায়ে প্ৰমোচন হব!

মনতো কিন্তু আন এটা কথাৰ কাৰনেও ভাল লাগি আছে
৷ মই উভতনি যাত্ৰা টিকেট নোহোৱাকৈ আৰম্ভ কৰিছো (আচলতে টিকেট আছিল, ৰিজাৰভেছনহে নাছিল)৷
এটা চেপা উত্তেজনা, অলপ উৎকন্ঠা ৷ পাছে এনে ধৰণৰ পৰিস্থিতি  মই বৰ উপভোগো কৰো ৷

টি.টি বাবু আহিল
৷ অলপপৰ দৰদাম চলিল ৷ শেষত মোক ৩৯ নম্বৰ বাৰ্থতো দিলে ৷ মই, বিশ্ববিজয়ী হাহিঁ এটা মাৰি, বাকি বাৰ্থবিহীনবোৰৰ ফালে কেৰা চাৱনি এটা দি ৩৯ নম্বৰত দীঘল দি পৰিলো ৷ হাত ভৰি যিমান পাৰো মেলি দিলো, যাতে কোনো বহিব নোৱাৰে ৷

ৰেল চলিল
৷ মই  মনে মনে শুনি গৈ আছো সহযাত্ৰীৰ অসহনীয় অনৰ্গল কথোপকথন ৷
কিযে অৰ্থহীন কথা পাতি যাব পাৰে!!!
কি দৰকাৰ বাৰু অচিনাকী কাৰোবাৰ লগত ব্যক্তিগত জীৱনৰ কথা আলোচনা কৰাৰ?????
ৰাতি হ’ল, লাইট-চাইট নুমুৱাই শুব লাগে ৷
কিন্তু চাকৰিৰ কথা, পৰিবাৰৰ বেমাৰ, লৰাৰ উৎপাত আদি আলোচনা চলি থাকিল ৷
এসময়ত মোৰ চিলমিল কৈ টোপনি আহিল ৷
হঠাতে, কম্পাৰ্টমেন্টটোত
হুলস্থুল এটা আৰম্ভ হ’ল : চোৰ, চোৰ, চোৰ ৷
মই খক-মককৈ সাৰ পালো
৷ কোনোবা এটাই দৌৰ মাৰি যাওঁতে মোৰ হাতত খুন্ডা মাৰি থৈয়ো গ’ল ৷ মনতে ভাবিলো : কাম নাই আৰু ? হেৰৌ, চোৰে কোনোবা অসাৱধান পাইছে, চোৰ কৰিছে ৷ ইয়াতে চিঞৰ-বাখৰ কৰিবলৈ কিতো আছে ? যাৰ বস্তু চুৰ কৰিলে সি খেদিব নহয় চোৰ !
চকু মেলি দেখো, দুজনমান মোৰ ওচৰত থিয় হৈ আছে আৰু  দুজনমানে অলপ দূৰৈৰ পৰা মোৰ ফালে বৰ আশাৰে চাই আছে ৷
মোৰ একো প্ৰতিক্ৰিয়া নেদেখি এজনে ক’লে : ‘ঐ দিগে গেছে’ ৷
মই পুৰামাত্ৰাই বিৰক্ত হ’ল
৷
মনতে ভোৰভোৰালো : যি ‘দিগে গেছে, গেছে’ , মই আকৌ কি কৰিম?
মোৰ সহাৰি দেখি চোৰ খেদা দলতো আতৰি গ’ল৷
পাছৰ দিনা পুৱা সোনকালেই সাৰ পালো ৷ মাটিৰ পিয়লাত চাহ একাপ খাই ল’লো ৷
মন কৰিলো বাওঁহাতত ঘড়ীতো নাই
৷ ক’ত থলো বাৰু ???
পেন্টৰ পকেটত থ’লো নেকি
?? নাই তাত নাই !
বেগত আছে ছাগৈ
!! বিচাৰি চালো, তাতো নাই !
ক’ত গ’ল বাৰু?
সহযাত্ৰী এজনে মাত লগালে : দাদা কি খুজেছেন?
মই আকৌ কেৰা কৈ চালো : হ’ল আৰু আৰম্ভ!! মোৰ ঘড়ীতো বিচাৰি পোৱা নাই ৷ কি দৰকাৰ বাৰু তেওঁৰ টেপেকৈ মাত মাতিবলৈ?
সহযাত্ৰী আকৌ মাত লগালে : ঘড়ীতা খুজেছেন?
মই আচৰিত হৈ ঘুৰি চালো ৷
তেওঁ আৰম্ভ কৰিলে এটা ডাঙৰ লেকচাৰ ৷
মই সংক্ষেপতে কৈছো : আপোনাৰ ঘড়ী বৰ্ধমানতে চোৰে নিলে
৷ ইমান চিঞৰিলো ৷ একো পাত্তাই নিদিলে আপুনি ৷ এতিয়া ইয়াত বিচাৰিলে কি হ’ব ??


দেউতাই মোক ঘড়ীতো ষষ্ঠমান শ্ৰেণীত থাকোতেই দিছিল -  HMT JANATA ঘড়ী ৷
আছেনে বাৰু সেই ঘড়ীতো বৰ্ধমানত টিক টিক কৰি?