Sunday, 16 September 2012

সছাকৈয়ে পাহৰিব নোৱাৰা এটা বেয়া দিন



সছাকৈয়ে পাহৰিব নোৱাৰা এটা বেয়া দিন                               
----------------------------------------------------


বাৰ এখনত এজন মানুহ বহি আছে কাৰো লগত মাত—বোল নকৰাকৈ, সন্মুখত আছে তেওঁৰ সুৰাৰ পিয়লা ৷ তেওঁ তেনে দৰেই প্ৰায় আধা ঘন্টা বহি থাকিল ৷

বাৰখনলৈ আহিল দেখাত এজন পালোৱানৰ দৰে লোক ৷ তেওঁ আহি সেই আমন—জিমনকৈ বহি থকা লোকজনৰ ওচৰতে বহিলে গৈ ৷ কোনো ধৰনৰ কথাৰ অবতাৰণা নকৰাকৈ পালোৱানজনে আমন—জিমনকৈ থকা মানুহজনৰ পিয়লাৰ সুৰাখিনি পান কৰিলে ৷
ঘটনাত আচম্বিত হোৱা আমন—জিমনকৈ থকা মানুহজনে এইবাৰ পালোৱানজনক আচৰিত কৰি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে ৷


মোৰ দুখ কি বুজিবা ?



পালোৱানজনে আমন—জিমনকৈ থকা মানুহজনক সাবট মাৰি ধৰি ক’লে,‘হেৰি নাকাল্দিবচোন ৷ মই ধেমালিহে কৰিছিলো ৷ আপুনি কি খাই খাওঁক, বিলৰ পইছা মই দিম ৷ প্লিজ কন্দা কটা নকৰিব, বেয়া দেখি ৷’

আমন—জিমনকৈ থকা মানুহজন,‘আচলতে আজিৰ দিনতো মোৰ জীবনৰ সবাতোকৈ বেয়া দিন ৷ মই আজি ৰাতিপূৱা সাৰ নাপালো ৷ অফিছ পাওঁতে দেৰি হ’ল ৷ মোৰ ওপৰৱালাজনে সেই কথাতোৰ কাৰনেই মোক কামৰ পৰা বিদায় দিলে ৷ মই অফিছৰ পৰা ওলাই আহি দেখিলো মোৰ মৰমৰ গাড়ীখন পাৰ্কিং প্লেছত নাই ৷ খা—খবৰ কৰি গম পালো সেইখন চুৰি হ’ল ৷ মই টেক্সি এখনত উঠি ঘৰ পালোহি ৷ টেক্সিখনে মোক নমাই গুছি যোৱাৰ পাছত গম পালো মোৰ অফিছলৈ নিয়া বেগতো সেইখনতে গুছি গ’ল ৷ তাতে মোৰ পইছাৰ বেগটোও আছিল ৷ মই হাজাৰ চেষ্টা কৰিও টেক্সিখনৰ নম্বৰটো মনত পেলাব নোৱাৰিলো ৷ ঘৰ গৈ পোৱাৰ পাছত শ্ৰীমতীয়ে ক’লে তেওঁ হোনো মোৰ লগত আৰু সংসাৰ নকৰে ৷
ইমান খিনি হোৱাৰ পাছত মই এই বাৰখনলৈ আহি চিন্তা কৰি আছিলো মোৰ আৰু জীয়াই থাকিবৰ অকনো মন নাই ৷ মই এই জীৱন মায়ামোহ এৰিবলৈ থিৰাং কৰোতেই আপুনি আহিল আৰু মোৰ বিহ মিহলি কৰি থোৱা সুৰাকণো পান কৰি দিলে ৷ এতিয়া কওঁক মোৰ কাৰনে আজিৰ দিনতো বেয়া আছিল নে নাই? আপুনি নিজেই এবাৰ কথাতো চিন্তা কৰি চাওঁক ৷

——————————————————————————————————————————

সতীশ জনচনৰ পোষ্ট এটাৰ অনুবাদ
ৰচনা কাল — ২৫ আগষ্ট/২০১২

স্কেটছ

প্ৰাপ্তিৰ এখন ছবি
(Pen n Paper)

এখন নেদেখা নদীৰ সিপাৰে

বহু অপেক্ষাৰ অন্তত যোৱাকালি চাবলৈ গ’লো,
মোৰ বাল্যকালৰ বন্ধু বিদ্যুৎ কটকীৰ নিৰ্দেশিত অসমীয়া ছিনেমা
‘এখন নেদেখা নদীৰ সিপাৰে ’ ৷

আমি কেইবাজনো বন্ধু এক লগ হৈ ছাবলৈ গৈছিলো ৷ লগত আছিল সপৰিয়ালে বিদ্যুৎ আৰু ছিনেমাখনৰ সম্পাদক পাৰমাৰজী ৷

মন্ত্ৰমুগ্ধহৈ চালো ৷
মোৰ দৰে এজন সাধাৰন দৰ্শকৰ চকুত ছিনেমাখনৰ
বিষয়বস্তু,
কাহিনী,

চিত্ৰনাট্য,
অভিনয়,
সংগীত,
কেমেৰাৰ কাম — সুন্দৰ হৈছে ৷
অসমৰ পটভুমিত নিৰ্মিত ইমান ধুনীয়া ছিনেমা মই প্ৰথম বাৰৰ বাবে চালো ৷

ছবি চাই বাহিৰলৈ ওলাই আহি সকলো একলগ হ’লো ৷
সকলোৰে মুখত এটাই কথা খুব ভাল লাগিল ৷
কৈ গ’ল, কাৰ কি ভাল লাগিল, কোনে কেনে পালে ৷
মই মোৰ বাল্যকালৰ বন্ধুক ক’লো — এটা ডাঙৰ আপত্তি থাকিল কিন্তু ৷
বন্ধুৱে ক’লে — জানিছিলো, কিন্তু বিভিন্ন কাৰনত সেই ত্ৰুটি সুধৰাব পৰা নগল ৷

বোলছবিখনত নায়িকা সুদক্ষীণা আৰু তেওঁৰ ককায়েক জ্যোতিৰাজ আৰু দুজনমান অভিনেতাৰ অসমীয়াত থকা ডায়ল’গখিনিত আসোৱাহ থাকি গ’ল ৷

ঘৰলৈ ঘুৰি আহোতে এওঁ ক’লে,‘আকৌ এবাৰ চাম ৷’
ময়ো মনতে ভাবিছো,‘কাইলৈ আকৌ এবাৰ যাম চাবলৈ ৷’

এটা সৰু প্ৰেম কাহিনী

বহুত দিনৰ পত্ৰবন্ধুত্ব অন্তত প্ৰেমিকাক মানে এওঁক  প্ৰথমবাৰৰ বাবে লগ কৰিবলৈ গ’লো ৷

নেহেৰু পাৰ্কত বহি আছো ৷ 
ভাবি আছো,‘I Love You
 বুলি কওঁ নে মোৰ তোমাক ভাল লাগিছে বুলি কওঁ নে কি কওঁ?’
ৰুমালখন মোহাৰি মোহাৰি এওঁ সুধিলে, ‘‘
এই প্ৰেম আচলতে কি নো ?’’
মই ভাবিলো এয়ে সুযোগ ৷ বুজায়ো দিওঁ প্ৰেম কি আৰু আমাৰ প্ৰেম যে গৈ গ’ল তাকো বুজাই দিম ৷ এক গুলী,
 দুই চিকাৰ ৷
মই লগ হেকাৰী এটা মাৰি ক’লো, ‘‘চিমেন্ট আৰু বালিৰ লগত পানীৰ যি সম্বন্ধ থাকে, প্ৰেম আচলতে দুজন ব্যক্তিৰ মাজৰ তেনে এটা সম্বন্ধ ৷ বুজি পাইছা নে?’’
এওঁ মাথো মূৰতো জোকাৰিলে , মানে নাই পোৱা ৷




মই আৰম্ভ কৰিলো,  ‘‘ধৰি লোৱা, 
ল’ৰা জন হৈছে চিমেন্ট,
 ছোৱালীজনী হৈছে বালি  যদি তেনে হয় তেনেহ’লে প্ৰেম হ’ব পানী ৷
এনেয়ে চিমেন্ট আৰু বালি মিলাই দিলে একো লাভ নাই,
 কিন্তু চিমেন্ট আৰু বালিৰ লগত যদি পানী মিলাই দিয়া যায় তেনে হ’লে সেই চিমেন্ট আৰু বালিক কোনেওঁ ইতোৰ পৰা সিতোক আতৰ কৰিব নোৱাৰে ৷ তেনেকৈয়ে অকল যদি ল’ৰা আৰু ছোৱালী এজনী যদি .....
.
.
.
.
.
.
.
.
মই প্ৰেমৰ বাখ্যা শেষ কৰাৰ আগতেই মোৰ কথা আধাতে ৰখাই এওঁ হাঁহি এটা মাৰি সুধিলে
 — তোমাৰ ব্ৰাঞ্চ চিভিল নেকি?
————————————
ধীৰা বৰাৰ
 Post এটাৰ গাত ভেজা দি
ৰচনাৰ তাৰিখ : ২৫/০৮/২০১২

ঠেলা



ঠেলা                                                                 
এবাৰ নবীন আৰু তেওঁৰ পত্নী টোপনিত লালকাল ৷ মাজৰাতি কোনোবাই দুৱাৰত ঢকিয়াবলৈ ধৰিলে ৷ নবীনে দুৱাৰ খুলি দেখে সন্মূখত এজন মদাহী ৷

মদাহী,‘নমস্কাৰ, বেয়া নাপাই যদি মোক অলপ ঠেলা মাৰি দিব নেকি?’

কথা শুনি নবীনৰ টেমা খোল খাই গ’ল ৷

নবীন,‘ঠেলা!!!!!!!! ৰাতি দুটা বজাত?? কেতিয়াও নেঠেলো ৷’

সজোৰে দুৱাৰখন বন্ধ কৰি নবীন উভতি আহি বিচনাত উঠিল ৷
শ্ৰীমতী নবীনে সুধিলে,‘ কোন আছিল ?’

নবীন,‘এহ কোনোবা মদাহী হয়, ঠেলা মাৰি দিব লাগে হেনো এই ৰাতিখন ৷’

শ্ৰীমতী নবীনে,‘তুমি সহায় কৰিলা নে ?’

নবীন,‘হেৰা এতিয়া ৰাতি ২ বাজিছে আৰু বাহিৰত বৰষুণ দি আছে ৷’

নবীনৰ কথা শুনি শ্ৰীমতী নবীন বিচনাত বহি ল’লে,‘নবু, তোমাৰ স্মৃতিশক্তি কমি আহিছে ৷ মনত নাই এবাৰ বৰুৱাদাদাৰ পাৰ্টীৰ পৰা ঘুৰি আহোতে তুমি আউট হৈ আছিলা আৰু আমাৰ গাড়ী বেয়া হৈছিল ৷ কিন্তু বৰষুণৰ মাজতো সেইৰাতি ৩ বজাত দুজন ভদ্ৰলোকে আমাৰ গাড়ী ঠেলি দিছিল ৷ নবু, তুমি সহায় কৰা উচিত ৷’

শ্ৰীমতীৰ কথা শুনি নবীন মাজৰাতি বৰষুণৰ মাজতো ওলাই গ’ল, গামবুটজোৰ পিন্ধি ৷

আন্ধাৰত কাকো নেদেখি নবীনে চিঞৰিলে,‘বোলো আছে নে আপুনি?’

‘
হয় আছো’, উত্তৰ আহিল ৷

‘
আপোনাক ঠেলা মাৰি দিব লাগিব নেকি?’, নবীনে আকৌ সুধিলে ৷

‘
হয় হয় ’, আন্ধাৰফালি এটা সকাহেৰে ভৰা উত্তৰ ভাহি আহিল ৷

‘
আপুনি আছে ক’ত ?’, নবীনৰ প্ৰশ্ন ৷
.
.
.
.
.


‘মই আপোনাৰ ঝুলনাখনতে বহি আছো ৷’

চীনদেশৰ সাধু



 চীনদেশৰ সাধু
(TRS daৰ এটা ফেছবুক পোষ্টৰ অনুবাদ)




চীনদেশত এগৰাকী বৃদ্ধাৰ দুটা ডাঙৰ ডাঙৰ কলহ আছিল ৷ কলহ দুটা এডাল ভাৰৰ দুইমূৰে বান্ধি বৃদ্ধাই সদায় পানী আনিবলৈ যায় ৷
তাৰে এটা কলহত ফাট এটা আছিল, আনহাতে আনটো কলহ নিখুত আছিল ৷

বৃদ্ধাই অতি কষ্টেৰে জুৰি এটাৰ পৰা পানী ভাৰ বৈ ঘৰলৈ অনাৰ অন্তত ফাট থকা কলহত সদায়ে আধা পানীহে থাকে গৈ , কিন্তু নিখুত কলহতোত সদায়ে পানী সম্পূৰ্ণহৈ থাকে ৷
নকলেও হ’ব, নিখুত কলহতো নিজৰ সফলতাত গৰ্বিত হৈ থাকে ৷ কিন্তু ফাট থকা কলহতোৱে সদায়ে মনতো মাৰি থাকে, কিয়নো, সি তাৰ ওপৰত ন্যস্ত দ্বায়িত্ব নিয়াৰিকৈ পালন কৰিব নোৱাৰে ৷
এনেদৰে বিফলতাৰ দুটা বছৰ পাৰ হোৱাৰ অন্তত ফাট থকা কলহতোৱে এদিন জুৰিৰ পাৰত বৃদ্ধাগৰাকীক ক’লে,‘মই বৰ লজ্জিত ৷ মোৰ শৰীৰৰত থকা ফাটতোৰ বাবে মই কোনোদিনেই তোমাৰ কাৰনে পানী সম্পূৰ্ণকৈ লৈ যাব পৰা নাই ৷’

বৃদ্ধাই মিচিকিয়াই হাঁহি এটা মাৰি ক’লে,‘তুমি এটা কথা মন কৰিছানে যে তুমি আলিবাটৰ যিটো কাষেদি অহাযোৱা কৰা সেইকাষে সুন্দৰ ফুল ফুলি আছে আৰু নিখুত কলহতো অহাযোৱা কৰা কাষে কিন্তু এপাহ ফুলো ফুলা নাই !’

'
মই জানো তোমাৰ খুটটোৰ কথা ৷ গতিকে মই তোমাৰ ফালে ফুল ৰুই দিছিলো ৷ যোৱা দুবছৰে আমি এইবাটেৰে অহাযোৱা কৰোতে তুমি সদায়ে ফুলখিনিত পানী দি গ’লা ৷ তোমাৰ খুটটোৰ বাবেই আজি এই ফুলণি জাতিস্কাৰ হৈ আছে ৷’
আমাৰ সকলোৰে নিজস্ব খুট আছে ৷ কিন্তু এই খুটবোৰেই আমাক এক নতুন মাত্ৰা দিয়ে, আমাৰ জীবন ৰন্জক কৰি তোলে ৷ আমি সকলোৰে মাজত থকা খুটখিনিতকৈ তেওঁলোকৰ মাজত থকা গুণখিনি বিচাৰি উলিয়াব জানিব লাগিব ৷
মোৰ সকলো ‘খুট থকা’ বন্ধু , মনত ৰাখিবা তোমাৰ বাটতো আছে এক সুন্দৰ ফুলনি !!!