Saturday, 15 September 2012

শ্ৰীমতীৰ অসুখ



শ্ৰীমতীৰ অসুখ                                                                      
আজি কিছুদিনৰ পৰা শ্ৰীমতীৰ কাহ, পানী লগা জ্বৰ হ’ল ৷ মই কিতাপ পঢ়ি পঢ়ি বনদৰব খুৱাইছো, বৰ্মনৰ তাৰ পৰা আনি হেমিও কৰাইছো, অঞ্জন ডাক্টৰৰ এলোপেথিক খুৱাইছো ৷ পাছে ডিঙিৰ অসুখ ভাল নহয় হে নহয় ৷

তাতে এওঁ এতিয়া লৈছেগৈ এটা অদ্ভুত ৰূপ ৷ গেলেপা গৰমত চুৱেটাৰ, মাফলাৰ, ওৰণি যি পাইছে তাকেই পিন্ধি বিচনাৰ ওপৰত বহি আছে ৷
মোৰ ‘টেমা’ই কাম নকৰা হৈ আহিছে ৷ হ’ল কি মানুহজনীৰ ?

এদিন আবেলি নীৰজ তালৈ আদ্দা মাৰিবলৈ যোৱাৰ আগতে এওঁৰ বিচনাৰ ওচৰ পালোগৈ ৷ এওঁ বিচনাত বহি আছে বেৰৰ ফালে মুৰ কৰি ৷ মৰমেৰে সুধিলো,‘পিকলু, তোমাৰ ডিঙিৰ কাৰনে কিবা আনিব লাগিব নেকি?’

বেৰৰ ফালে মূখ কৰিয়ে উত্তৰ দিলে,‘সেই যে GS Roadত মানিকচান্দ জুৱেলাৰ্ছ আছে তাতে মই এডাল সোনৰ নেকলেছ পছন্ড কৰি আহিছো ৷ সেই ডালকে লৈ আহিবা ৷’
———————————————————————————
Shyam Choudhuryৰ Political Scienceৰ নটছ এটাৰ পৰা পোনপটীয়া আৰু অকনো লুক—ঢাক নোহোৱা নকল
ৰচনা কাল — ২১ আগষ্ট, ২০১২

মোৰ মৃত্যুত তোমাৰ শোক প্ৰস্তাব

বাহিৰত তেতিয়া নব, আদিত্য, পেগু, পল্লব, টেমছু সকলোৰে ওপৰতে চলিছে ৰেগিং ৷  আনে কি ভাবে নৃপেনে নাজানে ৷ তাৰ মতে  কিন্তু বাহিৰত চলিছে ‘অকথ্য ৰেগিং’ ৷ তিমুং দাই মাতিছে বুলি যেতিয়া খবৰ পালে তেতিয়া অকনো পলম নকৰি নৃপেন একে দৌৰে তিমুং দাদাৰ ৰূম পালেগৈ ৷

তিমুং দাৰ ৰূমত সোমায়ে নৃপেনে চাৰিওফালে চকু ফুৰাই ল’লে ৷ টেবুলৰ ওপৰত পৰি আছে আধা মেলা, আধা খোলা কেইখন মান বহী ৷ তিমুংদা পৰি আছে বিচনাত, হাতত এটা আধা জ্বলা চাৰমিনাৰ চিগাৰেট ৷ চকু দুটালৈ চাই নৃপেনে বুজি নাপালে তিমুংদা সাৰে আছে নে শুই আছে ! অলপপৰ কি কৰিম নকৰিম কৈ ৰৈ থাকিল ৷ নৃপেনৰ মতে ১০ মিনিট মানো যদি এনেদৰে পাৰ কৰিব পাৰি অন্ততঃ অলপ সকাহ পাব সি ! 

কিছুসময়ৰ পাছত তিমুংদাই অৰ্ধ জাগ্ৰত,
 অৰ্ধ নিদ্ৰাৰত মুদ্ৰাতে নৃপেনক এটা ইংগিত দিলে ৷  ইংগিত মতেই নৃপেনে  চকিখন টান মাৰি লৈ বহি ল’লে ৷ প্ৰথম দুই এটা সাধাৰণ প্ৰশ্ন, ‘‘ঘৰ ক’ত, কোন কোন আছে, নম্বৰ কিমান পাইছিল, হবি কি ইত্যাদি ইত্যাদি ৷’’  সময় বাগৰাৰ লগে লগে নৃপেনৰো সন্দেহ হ’বলৈ আৰম্ভ হ’ল ৷ এই তিমুংদাৰ উদ্দেশ্য কি ?
হঠাতে তিমুংদাই ক’লে, ‘‘নৃপেন সেই বহীখন খোলচোন ৷’’
নৃপেনে বহীখন হাতত তুলি ল’লে ৷
তিমুংদা, ‘‘২৭ নং পৃষ্ঠালৈ যা আৰু পঢ়ি থাক ৷’’


২৭ নং পৃষ্ঠা খুলি লৈ নৃপেনে পঢ়িবলৈ ধৰিলে
‘‘সুভ্ৰ ক’লা
খৰিকাজাইৰ মালা
তোমাৰ শুকুলা চাদৰ
নে আইৰ আদৰ ৷

মোৰ মৃত্যু হ’ল
আৰু আজি মোক হত্যা কৰা হ’ল
মই যেন আন কোনো নহয়
মই যেন হুনুলুলুৰ 
এক দুঠেঙিয়া বল্গা হৰিণ

যেন এক
অন্তহীন আবৰণ !

মোৰ মৃত্যুত তোমাৰ শোক প্ৰস্তাব
মোৰ মৃত্যুৰ আন এক নাম ৷’’

পঢ়ি শেষ হ’লত নৃপেনে মূৰ তুলি তিমুংদাৰ ফালে চালে ৷
 
নৃপেনৰ চকুৱে নোকোৱা ভাষাৰ অৰ্থ, ‘‘ইয়াৰ পাছত দাদা আৰু এটা কবিতাও যদি পঢ়িবলৈ দিয়ে মই বাহিৰলৈ গৈ ‘অকথ্য ৰেগিং’ খোৱায়ে ভাল হ’ব ৷’’

তিমুংদাই নৃপেনক সুধিলে, ‘‘কেনে পালি?’’
নৃপেনে টপককৈ মাত দিলে,‘দাদা বৰ ভাল হৈছে ৷ জীবনত প্ৰথমবাৰৰ বাবে পঢ়িলো এনে এটা কবিতা ৷ দাদা এইটো এটা abstract কবিতা ৷’’
তিমুংদাই চকু মুদি মুদিয়ে সুধিলে, ‘‘তই তাৰমানে কবিতাটোৰ অৰ্থ বুজি পাইছ?’’
নৃপেন, ‘‘দাদা এই কবিতাৰ যোগেদি আপুনি আপোনাৰ মানসিক অন্তৰ্দন্ড প্ৰকাশ কৰিছে ৷’’
‘অ অ অ!!! হয় হয় হয়!!!!’, তিমুংদাই শুই থকা অৱস্থাতে চিঞৰিবলৈ ধৰিলে ৷


নৃপেনৰ ভাব হ’ল তিমুংদাই তেওঁ নিজে লিখা কবিতাৰ অৰ্থ আজিহে বুজি পালে ৷ যিমান পাৰে সিমান সৰল ভাষাত সিমান সৰল ভাষাত নৃপেনে তিমুংদাৰ কবিতাৰ অৰ্থ তিমুংদাকে বুজাবলৈ ধৰিলে ৷ বাখ্যা যিমান আগবাঢ়িল তিমুংদাৰ মুখৰ হাঁহি সিমানে বাঢ়ি গ’ল ৷

বাখ্যা গৈ যেতিয়া  ‘মোৰ মৃত্যুত তোমাৰ শোক প্ৰস্তাব মোৰ মৃত্যুৰ আন এক নাম’ পালেগৈ তেতিয়া নৃপেনে মনতে শপত খালে যে সি লাগিলে কাইলৈৰ পৰা ‘অকথ্য ৰেগিং’কে খাব কিন্তু এক লাইনো abstract কবিতা নপঢ়ে ৷

————————————————
ৰচনাৰ তাৰিখ ১১/০৮/২০১২

কেপ্টেইন কিডৰ জাহাজ

এইখন কেপ্টেইন কিডৰ জাহাজ ৷ এই জাহাজেদিয়ে
কেপ্টেইন কিডে
চাউথ ছীত জলদস্যুৰ সতে যুজিছিল !

চিত্ৰকাৰ : ৰুদ্ৰানী দত্ত (বয়স — ৬বছৰ ৫ মাহ)


মোৰ পেইন্টিং




মোৰ পেইন্টিং           


যোৱা কেইদিনমান ধৰি মই কেইবাখনো abstract পেইন্টিং কৰি আছো, সাংঘাটিক ধৰনৰ abstract ৷ কোনোধৰনৰ তুলিকা ব্যৱহাৰ কৰা নাই ,কোনোধৰনৰ ৰং ব্যৱহাৰ কৰা নাই , কোনোধৰনৰ কেনভাছ ব্যৱহাৰ কৰা নাই ৷
.
.
.
.
.
.
.
.
.
.
.
.
.
মই ভাবি আছো মাথো এক এবস্ট্ৰেক্ট পেইন্টিংৰ কথা

বিদ্যা



বিদ্যা
                                                                                            

প্ৰিঞ্চিপাল চাৰ আহিল চাৰপ্ৰাইজ ৰেইডত ৷

আহিবই লাগিব ,  তেখেতৰ উপায়ো নাই ৷
  যোৱা কেইদিনমান কলেজত বিৰাট হুলস্থুল ৷ সুন্দৰবড়ীৰ লগত কাজিয়া লাগিল, 5th sem বনাম 7th sem কাজিয়া লাগিল, কোনোধৰনৰ বাখ্যা নথকা কাজিয়া দুখন মানো লাগিল ৷ চাৰৰ এটা ধাৰনা ল’ৰাবোৰে ‘ফুৰ্টি পানী খাই’ আৰু এইটোৱে যতকুটৰ ঘাই ৷ চাৰে এই ‘ফুৰ্টি পানী’ কলেজৰ পৰা নোহোৱা কৰিব ৷

চাৰে ঠিক কৰিলে তেওঁ ৰাতি
 প্ৰায় ১১ মান বজাত হোষ্টেলে হোষ্টেলে ৰেইড মাৰিব আৰু ল’ৰা হাতে লোটে ধৰা পেলাব ৷ কথামতেই কাম ৷ তেওঁ কাটাই কাটাই ৰাতি ১১ বজাত ১ নং হোষ্টেল পালে গৈ ৷ ব্লক মনিটৰ নৃপেন দাৰ দুৱাৰত টোকৰ মাৰিলে ৷

নৃপেনে মাত দিলে, ‘‘আব্বে,
 কোন বে এই ৰাতি খন?‘’
চাৰে মাত নামাতি আকৌ টোকৰ মাৰিলে ৷
‘‘আব্বে,
 জহনিত যোৱা, শুব নিদিবি নেকি বে?’’
নৃপেন দাই ভাবিলে এইটো
  কে. শৰ্মা (K. Sarma) ই হ’ব লাগিব ৷ বেটাই দুই পেগ মাৰিব পালেই ৰঙা ঘোৰাত উঠে ৷ আজি মজা দিম বাপ্পেকে !

পাইজামাৰ ৰচি বান্ধি—বান্ধি দুৱাৰ খুলি দি নৃপেন দাই
 ‘দুই পেগৰ’ নিছা ফাটিল নে বাঢ়িল ধৰিব নোৱাৰা হ’ল ৷ সন্মুখত চুপাৰ চাৰ, প্ৰিঞ্চিপাল চাৰ আৰু HoD ৷ চুপাৰ চাৰক বাৰু নৃপেন দাই পাত্তা নিদিয়ে ৷  কিন্তু HoD পৰা ক্লিয়েৰেঞ্চৰ কথা আছে আৰু প্ৰিঞ্চিপাল চাৰ দেউতাকৰ বন্ধু !!! কি কাৰনে এই ৰাতিখন আহিছে বাৰু ? নৃপেন দাই মনে মনে ঠিয় হৈ চিন্তা কৰিলে, কাৰ ভৰিত প্ৰথমে পৰাটো ভাল হ’ব ?

চুপাৰ চাৰে প্ৰথমে মাত লগালে,‘চোলা এটা পিন্ধি লোৱা ৷ আমি অলপ ৰূমবোৰ চেক কৰিম ৷’
নৃপেন দাৰ মূৰি-ঘন্ট খোৱা মাথাই অভাৰ—টাইম কাম কৰিবলৈ ধৰিলে ৷ বুজি পাই গ’ল,
 চেকিং কিহৰ কাৰনে হৈছে ৷
চিন্তা কৰিলে,‘উফ ৰাম!! কিহে যে পাইছিলে এইকেইটাৰ লগত থাকিবলৈ ৷ কাইলৈৰ পৰা বাদ দিম ৷’
সেইবোৰ নেদেখুৱাই,
 হাঁহি এটা নৃপেন দাই মাৰি ক’লে,‘চাৰ চিন্তা কৰিব নালাগে ৷ গোটেইকিটা ৰূমতে খিড়িকীত আইনাবোৰ লগালে ৷ এতিয়া আৰু পানী সোমোৱা প্ৰব্লেমটো নাই চাৰ ৷ চেকিং নকৰিলেও হ’ব চাৰ ৷’’
প্ৰিঞ্চিপাল চাৰ, ‘‘don’t TALKS non-sense. GETS, ready we will check all the rooms’
প্ৰিঞ্চিপাল চাৰে কথাই কথাই ইংৰাজীত বহু বচন কিয় মাতে ?? নৃপেনদাই যোৱা তিনি বছৰত সেইটো কথা বুজি নাপালে ৷

উপায় নাপায় ওলাল নৃপেন দা ৷ এটা কথাত অবশ্যে আশ্বস্ত আছিল ৷ তেওঁ নিজে
 বিপদত ৷ কাৰন মাল খাইছিল কে. শৰ্মাৰ ( K. Sarma) ৰূমত আৰু এতিয়া কে. শৰ্মাৰ (K. Sarma) ৰূমত জুই লগাই দিলেও তাক টোপনিৰ পৰা উঠাব নোৱাৰে ৷

প্ৰথম ৰেইড পৰিল বটুৰ ৰূমত
 ৷ তাৰ পোচাকী নামেৰে নৃপেন দা মাতিছে, চুপাৰ চাৰে মাতিছে ভিতৰত সাৰ—সিকটি নাই ৷ নৃপেন দাৰ মূৰত বুদ্ধি এটা আহিল ৷ যিমান পাৰে জোৰে—জোৰে চিঞৰিবলৈ ধৰিলেষ ‘‘উঠ, প্ৰিঞ্চিপাল চাৰ ৰেইডত আহিছে ৷’’ ফলত বটুৱে গম নাপালেওঁ কৰিডৰোত থকা বাকী ৰূমবোৰৰ ল’ৰাই কথাটো গম পালে যে ৰেইড পৰিছে ৷

প্ৰিঞ্চিপাল চাৰে
 HoDক ক’লে,‘খাই আউট ছাগৈ!’
দুৱাৰত মৰা গোৰ, ‘বটু,
 বটু’ কৈ মৰা টেটু ফলা চিঞৰৰ অন্তত এটা সময়ত বটুৱে গম পালে গৈ কথাটো ৷ সি দুৱাৰ খুলি তাৰ বিশেষ  হাঁহিটো মাৰিলে ৷
প্ৰিঞ্চিপাল চাৰে সুধিলে, ‘‘
 কি নাম?’’
বটুৱে তাৰ নামটো ক’লে ৷
প্ৰিঞ্চিপাল চাৰে সুধিলে, ‘‘মদ খাই আছিলা
 ?’’
বটু, ‘‘
 বিদ্যা-ৰ শপত, নাই খোৱা চাৰ ৷’’
প্ৰিঞ্চিপাল চাৰ, ‘‘কথা ক’ব আহিছা ?
 ইমান দেৰি মাতি আছো দুৱাৰ খোলা নাই ৷ ক’ত আছে গিলাছ—বটল ?’’

বটু, ‘‘চাৰ মই অলপ আউট  হৈ আছিলো,
 গমেই পোৱা নাছিলো আপোনালোক আহিছে বুলি ৷’’
প্ৰিঞ্চিপাল চাৰ, ‘‘দেখিছে নে বাৰু নিজেই কৈছে নিছাত আউট বুলি
 ?’
বটু, ‘‘মানে চাৰ আজি তাইৰ পৰা চিঠি এখন পালো ৷ মনতো ভাল লাগি আছিল
 ৷ সেইখনৰে উত্তৰ দি আছিলো ৷’’

চাৰহঁ’ত নালাগে নৃপেনদা নিজেই আচৰিত হৈ গ’ল বটুৰ কথা শুনি ৷ নৃপেন দাই মনতে
 ভাবিলে, ‘‘বটুক কাহানিও মদ খোৱা দেখা নাই ৷ ই নিশ্চয় ভাং খাই, নহলে গুটা খায় ৷’’
চুপাৰ চাৰ,‘‘মদ খাই আবোল-তাবোল বকিবলৈ লাজ নালাগে?’’
বটু, ‘‘মদ কোনে খাইছে নাজানো চাৰ ৷ মই মোৰ প্ৰেমিকা বিদ্যালৈ লাভ লেটাৰ লিখি আছিলো ৷’’

…

…….

সেইটো ৰূমত ৰেইড সিমানতে অন্ত পৰিল ৷
এইবাৰ ৰেইড পাৰ্টী আগবাঢ়িল পল্লবৰ ৰূমৰ ফালে ৷
আকৌ একেই দশা ৷ পল্লব, পল্লবকৈ টেটুফালি চিঞৰি চিঞৰি একো কাম নিদিলে ৷
নৃপেন দাৰ খং উঠি আহিল ৷ এই পল্লবটোৱে কেতিয়াৰ পৰা মদ খোৱা হ’ল ?
 দিলে দুৱাৰত প্ৰচন্ড গোৰ এটা সোধায় ৷
দুৱাৰ খোল খালে ৷
প্ৰথম চুপাৰ চাৰ,
 তাৰ পাছত প্ৰিন্চিপাল চাৰ, তাৰ পাছত HoD আৰু একেবাৰে শেষত নৃপেনদা ৷

পল্লবৰ হাতত যি
 ‘মাল’ আছিল দেখি আনৰ কথা নাজানো কিন্তু প্ৰিঞ্চিপাল চাৰৰ চকুৰ চাৱনিৰ মানে আছিল ৰাতি ১২ বজাত এইয়া দেখিবলৈকে বাকী আছিল ৷
প্ৰিঞ্চিপাল চাৰ,‘
 তোমাৰ এই বিদ্যা কিমান পুৰণি ?’
পল্লব,‘
 চাৰ মই ক্লাছ নাইনত থাকোতেই এই ‘বিদ্যা’ৰ প্ৰেমত পৰিছিলো ৷’

চুপাৰ চাৰ, HoD
 চাৰ, ‘‘কেনেকৈ পৰিলা প্ৰেমত ?’’
পল্লব, ‘‘চাৰ আমাৰ ঘৰৰ ওচৰতে মনমী বাইদেউৰ ঘৰ ৷ তেওঁৰ পৰা দেখি দেখিয়ে শিকিলো ৷’’
HoD
 চাৰ, ‘‘হেৰা পল্লব, শুনাচোন মোক এটা দিব পাৰিবা নে?’’
পল্লব, ‘‘পাৰিম চাৰ কিয় নোৱাৰিম ?
 ফিটাডালৰে জোখ এটা লৈ ল’ওঁ চাৰ ৷ চাৰ, হাফ—চুৱেটাৰ গুঠিম নে ফুল হাফ—চুৱেটাৰ গুঠিম ?’’
———————————————————

কৰিডোৰত কোনোবা এটাই গাইছে
 ‘সুৰাত মগন ……’ আৰু আন এটাই গাইছে ‘ঊল গুঠিব জানানে,…..’
________________________
Dedicated to my dear friend
 Nripen Kumar Das.
ৰচনা —
 ১০ আগষ্ট,২০১২