ইঞ্জিনিয়াৰিং
কলেজৰ দ্বিতীয় বৰ্ষ পাইছো ৷ ইঞ্জিনিয়াৰিং কলেজত সোমালো বুলি মনত অকনমান শান্তি, অকনমান গৰ্ব ৷ একো নহ’লেও ইঞ্জিনিয়াৰ এজন হৈ ওলাম বুলি মনতে অকনমান সকাহ ৷
কেনেকৈ জানো মনলৈ ভাব এটা আহিল কেনেবাকৈ যদি গাৰ্লফ্ৰেন্ড এজনী গোটাব পাৰিলো হেতেন বৰ ভাল হ’ল হয় ৷ ইতিমধ্যেই লগৰ বহুতৰে গাৰ্লফ্ৰেন্ড গোট খালে ৷ কিছুমানৰ কেইবছৰমান পুৰণি, কিছুমানৰ নতুন নতুন, কিছুমানৰ গোট খাওঁ খাওঁ অৱস্থা ৷ আকৌ প্ৰতিভূ, পদুম, সংলাপহঁতৰ দুই-তিনিজনীকৈয়ো গাৰ্লফ্ৰেন্ড আছে ৷ মোৰো যদি এজনী থাকিল হয় !
এবাৰ কিবা কাৰণত তেজপুৰৰ মামাহঁতৰ ঘৰলৈ গৈছিলো ৷ চকুত পৰিল মামাহঁতৰ কাষৰ ঘৰত থকা দিপলিপ গাভৰুজনী ! উফ্ কি অপৰূপ সুন্দৰী ! প্ৰথম দৃষ্টিতেই প্ৰেমত পৰি গ‘লো যেন লাগিল ৷ মোৰ ভাব হ’ল তেওঁক যেন ভগবানে মোৰ কাৰণেই সৰজিলে ৷ অকনে যত্ন কৰি, বুদ্ধি কৰি সুন্দৰীৰ নামটো সংগ্ৰহ কৰিলো ৷ মোৰ ইমান সাহস নাছিল যে পোনপটিয়াকৈ তেওঁক কিবা এটা কব পাৰি ৷ চকুৱে চকুৱে চাবলৈকো মই সক্ষম নহ‘লো ৷ প্ৰেম সিমানতে সিমানতে সামৰি হোষ্টেললৈ উভটি আহিলো ৷
পৰি গ‘লো নেকি নাজানো আৰু ! পৰিলো মানে প্ৰেমৰ কথা কৈছো ৷ অনবৰতে সেই সুন্দৰীৰ কথাই মনলৈ আহি থকা হ‘ল ৷ হোষ্টেলত আকৌ আড্ডা সাংঘাতিক ধৰণৰ হয় ৷ অসমৰ প্ৰায়বোৰ নগৰ-চহৰৰ দিপলিপ সুন্দৰীৰ ওপৰতো কেতিয়াবা আলোচনা হয় ৷ কথাই কথাই আবিস্কাৰ কৰিলো যে মোৰ ‘প্ৰেমিকা’ৰ ককায়েক মানে পেহীয়েকৰ ল’ৰা এজন মোৰ লগত একে লগে পঢ়ে ৷ একে লগে পঢ়ে বুলি ক’লে ভুলেই হ’ব ৷ মোৰ সাংঘাতিক ভাল বন্ধু ৷
‘‘ডোষ্টি ! তই কথাটো বেয়া পাইছ নেকি ?’’, মই সুধিলো ৷
বন্ধুৱে
হাঁ-না, ভাল পোৱা- বেয়া পোৱাৰ মাজতে কিবা এটা কৈ থ’লে ৷
ময়ো কথাটো বুজিছো যে হাজাৰ হওক বন্ধুৰ ভনীয়েক, গতিকে অলপ .............
বন্ধুৰ পৰায়ে গম পালো যে মোৰ প্ৰেমিকাতে তেতিয়া পঢ়ি আছে ক্লাছ নাইনত ৷
ক্লাছ নাইন ????
নবম শ্ৰেণী ????
ধেৎ তেৰিকা ! বৰ সৰু হ’ল নেকি বাৰু ? এতিয়াই যদি প্ৰেম মায়াজাললৈ টানি আনো তেওঁ পঢ়া শুনা কৰিব কেনেকৈ ? অহা বছৰ মেট্ৰিক দিব লাগিব ৷ তাৰ আগতে প্ৰেমিকাৰ মন মোৰ প্ৰেমলৈ ‘ডাইভাৰ্ট’ কৰি দিয়াটো ভাল নহব নেকি বাৰু ? পাছে মোৰ মনটোৱ সুবিধা পালেই মোক কয়, ‘‘ভগৱানে প্ৰেমিকাক মোৰ কাৰণেই সৰজিছে !’’
মনটো অনবৰতে খুদুৱাই থকা হ’ল ৷ মোৰ কথা হ’ল যেনে তেনে প্ৰেমিকাক মোৰ প্ৰেমৰ বিষয়ে অবগত কৰাব লাগে আৰু লগতে তেওঁৰ পৰা এটা নিশ্চিত ‘ৰিটাৰ্ণ প্ৰেম’ পাব লাগে ৷
খবৰ আহক তেজপুৰত থকা সৰুমামাৰ বিয়া ৷ মোক আৰু কোনে পায় ? শপত খালো, ‘‘এইবাৰ একো নহ’লেও চিনাকি হৈহে এৰিম !’’ মনতে ধাৰণা অকনমান কথা-বতৰা পাতিলে এনেও বুজাবুজি বাঢ়িব ৷
ওলালো গৈ বিয়া ঘৰ ৷ মাজে মাজে দেখা হয় ৷ দেখিলেই মন আৰু হৃদয়ৰ ওপৰত মোৰ কাবু নোহোৱা হৈ যায় ৷ ইমান দিনে ইঞ্জিনিয়াৰিঙত পৰা কথা কিছুমান বুজিবলৈ আৰম্ভ কৰিছো ৷ হৃদয়ৰ ইঞ্জিন অভাৰৰাণ(over run)ত, ছাট ডাউন(Shut down) হ‘বৰ উপক্ৰম হৈছে ৷
পাছে আউটপুট(output) হ‘লে শুণ্য ! না চিনাকি হ‘ব পাৰিছো, না কথা এষাৰ পাতিব পাৰিছো ৷
জিতু হৈছে মাহীৰ ল‘ৰা ৷ মোৰ ভাইটি ৷ জিতুৱে ক‘লে, ‘‘দাদা ব‘লাচোন কাষৰ ঘৰৰ পৰা কিবা এটা আনিব লাগে ৷’’ মই একে জাপে ৰাজী হ’লো ৷
ওলালোগৈ
প্ৰেমিকাৰ
ঘৰ ৷ কলিং বেল বজালো ৷ বাহিৰলৈ প্ৰেমিকাই ওলাই আহিল ৷
সেয়ে প্ৰথমবাৰৰ বাবে প্ৰেমিকাক ওচৰৰ পৰা দেখিলো ৷ মই জীৱনত ইমান ধুনীয়া ছোৱালী আগতে কেতিয়াও দেখা নাছিলো ৷ মোৰ হৃদযন্ত্ৰ বন্ধ হ’বৰ উপক্ৰম হ’ল ৷
জিতুৱে চিনিকি কৰি দিলে, কিবা-কিবি কথা ক’লে, যি বস্তুটো আনিবলৈ বুলি গৈছিলো সেইটো ল’লে ৷ মই অপলক নয়নেৰে প্ৰেমিকালৈ চাই থাকিলো ৷
ঘুৰি আহোঁতেহে গম পালো আমি তাৰ পৰা আহি ঘুৰি আহিলো !
যিমানেই
সময় আগবাঢ়িছে মোৰ মনটোও সিমানেই অশান্ত হৈ গৈছে ৷ মনৰ মাজত এটাই কথা ৷ ‘‘যেনে তেনে প্ৰেমিকাক কথাটো ক’ব লাগিব ৷’’
মই ভাবি ভাবি পালো গৈ লব্ধ বলটো নিৰ্ণয় কৰি থকা সবাতোকৈ ডাঙৰ বল দুটা হৈছে ভয় আৰু সন্দেহ !
কেনেবাকৈ
কিবা এটা হওঁক বুলি জেঠাইৰ ছোৱালী মাতুবাকে কথাটো ক’লো ৷
লগৰবোৰৰ
পৰা প্ৰায়ে শুনি আছিলো যে এইবোৰ কামত ছোৱালীৰ সহায় ল’ব নাপায় ৷ মই ভাবিলো মাতুবা আকৌ কিহৰ ছোৱালী, মোৰ বাইদেউহে !
মাতুবাৰ
পৰা মই আশা অলপ বেছিয়ে কৰিছিলো নেকি জানো পায় !
‘‘ৰহ্ চবকে কৈ দিম ! তই ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈ এএইবোৰ কৰিছ ? তই আমাৰ জুলীক লাইন মাৰিছ ? তোৰ লাজ নাই ’? চবকে ক’ম ৰ !’’, মাতুবায়ে চিঞৰিবলৈ ধৰিলে ৷
মই একো বুজি নাপালো ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈ এইবোৰ কৰিছ মানে কি ? আমাৰ লগৰ বেছি ভাগে দেখোন এইটোকেই কৰে ৷ মই কৰোতে আকৌ কি অসুবিধা ?
মাতুবাৰ
চিঞৰত উপায় নাপায় ভৰিতে পৰি দিলো ৷
অৱশেষত বুজিলো গৈ যে মোৰ দ্বাৰা নহ’ল, নহ’ব !
সৰুমামাৰ
বিয়া শেষ হ‘ল ৷ মই আহো নাহোকৈ আহি গুৱাহাটিৰ বাছত বহিলো ৷
মানসিক অৱস্থাৰ কথা নকওঁ আৰু ! নিজৰ ওপৰতেই ধিক্কাৰ, খং, ক্ষোভ !
ঘুৰি আহি মানসিক অৱস্থাৰ আৰু অৱনতি ঘটিল ৷ পঢ়া শুনাত মন বহাব পৰা নাই ৷ এবাৰ ভাবিলো ইঞ্জিনিয়াৰিং পঢ়া বাদ দি তেজপুৰতে পান-দোকান এখন দিওঁ গৈ নেকি বাৰু ? সদায় অন্ততঃ দেখি থাকিম ৷
কথাটো ৰূমমেটক জনালো ৷ সি জাঙুৰ খাই আহিল ৷ মই তাক বুজালো যে মোৰ মানসিক যি অৱস্থা গোটেই কেইখন পেপাৰতে ফেইল মাৰিম ৷ তাতকৈ পঢ়া বাদ দিয়াই ভাল ৷
ৰূমমেটে
ক’লে, ‘‘বেপাৰটো কিবা এটা হেস্ত-নেস্ত কৰিব লাগিব ৷’’
পালো গৈ আমি দুয়ো মোৰ প্ৰেমিকাৰ ককায়েক তথা আমাৰ সহপাঠীৰ ওচৰ ৷
‘‘চা ডোষ্টি, মই তোক এখন প্ৰপোজেল লেটাৰ দিম ৷ প্ৰেপোজেল লেটাৰ মানে প্ৰস্তাব পত্ৰ ৷ মই সেইখনত মোৰ প্ৰেমৰ প্ৰস্তাব লেখি দিম ৷ তই গৈ সেইখন ভন্তিক দিবি গৈ ৷ কিবা এটা ফাইনেল হ‘ব লাগে ৷’’, মই মোৰ হ‘ব লগা জেঠেৰীক মানে বন্ধুক বুজালো ৷
বন্ধুৱে
হোহোকা-পিচলা কৰিলে, ‘‘মই তাইৰ ককায়েক ৷ মই কেনেকৈ তাইক প্ৰেপোজেল লেটাৰ দিম আকৌ !’’
মোৰ ৰূমমেটে বুজালে, ‘‘আৰে ভাই সেইটো কি বেয়া কথা ? সেইটো ভাল কথাহে ! ভাল জোৱাই এটা পাবি ৷ ইয়াৰ দে খাটি ল’ৰা ক’ত পাবি ? অন্নপূৰ্ণা ঘিঁ কেতিয়াবা ১০০% খাটি নহ‘ব পাৰে ই হয় কিন্তু দে ! মোৰ গেৰান্টি আছে !’’
মোৰ ৰূমমেটে যি যি কথা কৈ ভাবী জেঠেৰীৰ ব্ৰেইন ৱাছ কৰিবলৈ ধৰিলে যে এটা সময়ত মোৰ নিজৰ ওপৰত নিজকে লৈ গৰ্ব হ‘ব ধৰিলে, ‘‘মই ইমান ভাল নে ? ১০০ % খাটি নে ?’’
শেহত প্ৰেমিকাৰ ককায়েক, আমাৰ বন্ধু ৰাজী হ‘ল প্ৰপোজেল লেটাৰ কঢ়িয়াই নিবলৈ ৷
এদিন ৰাতিপুৱা বহিলো প্ৰেমৰ প্ৰপোজেল লেটাৰ লিখিবলৈ বুলি ৷ বেছ দীঘল হৈছে যেন লাগিল ৷ পাছে উপায় নাই ৷ সকলো কথা লিখিব লগা হৈছে ৷ মোৰ পৰিচয়, কেনেকৈ প্ৰেমত পৰিলো, তাৰ পাছত কি কি হ’ল গোটেই প্ৰক্ৰিয়াটো লিখিব লগা হৈছে ৷ সেই প্ৰেমৰ প্ৰপোজেল লেটাৰত সাহিত্য বা ৰোমাঞ্চ বা প্ৰেমৰ প্ৰকাশ বিশেষ একো নাথাকিলেও মোৰ মতে লেখাটো ইমান বেয়াও হোৱা নাছিল ৷ একে বহাই লিখা শেষ হ’ল ৷
ৰূমমেটে
চাই ক’লে, ‘‘আমাৰ প্ৰজেক্ট ৰিপোৰ্টত কৈ ভাল হৈছে ৷ তোৰ কথাখিনি বুজি পাব লাগে ৷ হেৰি কৰি দিবি নেকি ?’’
মই তাৰ ফালে চালো, ‘‘কি হেৰি ?’’
‘‘মানে এটা ডায়েগ্ৰাম আকি দিবি নেকি ? ধৰ হাৰ্ট এখন আকি তাৰ মাজেৰে কাঁড় চিন এডাল !’’
ৰূমমেটে
কাট মাৰিছে নে সঁচা উপদেশ দিছে ধৰিব নোৱাৰিলো ৷ প্ৰতিভূৰ কথা এনেও ধৰিব নোৱাৰি ৷
প্ৰেমৰ প্ৰপোজেল লেটাৰ লৈ পৰীক্ষাৰ পাছৰ বন্ধত বন্ধু গ’ল তেজপুৰলৈ বুলি ৷ ময়ো গ’লো নিজৰ ঘৰলৈ ৷
অন্তহীন
অপেক্ষা
!
অনেক আশংকা !
কি বা হ’ল ? চিঠিখন দিব পাৰিলে নে নাই বা ? কি উত্তৰ দিলে বা ?
তেতিয়া নব্বৈৰ দশকৰ আগ ভাগ ৷ বন্ধুক যোগাযোগ কৰাৰ উপায় নাই ৷
বন্ধৰ শেষত মই আৰু ৰূমমেট একেদিনাই আহি হোষ্টেল পালো ৷ তেজপুৰৰ পৰা মোৰ প্ৰপোজেল লেটাৰ বাহক উভটি অহা নাই ৷ পাছদিনা ক্লাছ কৰি হোষ্টেললৈ উভটিয়ে ৰূমমেটক সুধিলো, ‘‘আহিল নে ?’
‘‘আহিল ৷ তোৰ লগত কথা আছে !’’’
‘‘কথা ? কি কথা ? ইয়েছ নে নো ? ’’
‘‘আহিল ৷ তোৰ লগত কথা আছে !’’’
‘‘কথা ? কি কথা ? ইয়েছ নে নো ? ’’
ৰূমমেটে
সকলো কথা খুলি ক’লে, ‘‘সি গৈ ছিঠিখন তাইক দিলে গৈ ৷ তাই পঢ়িলে ৷ একো নক’লে ৷ তাৰ পাছত বায়েকক দিলে পঢ়িবলৈ ৷ সেইখন পঢ়ি বায়েক ফায়াৰ হৈ গ‘ল ৷ আমাৰ ইয়াক যাতা গালি পাৰিলে ৷ বোলে এইবোৰ কি ? তই ককায়েক হৈ এইবোৰ কৰিছ ? আৰে তাক বোলে যেনেকৈ গালি পাৰিলে যেন সি কিবা এটা অপৰাধহে কৰিছে ৷ কথাটো এতিয়া তাহাতৰ পৰিয়ালৰ বাকী মানুহৰ মাজতো জনাজনি হোৱাৰ পথত ৷’’
‘‘ডোষ্টিয়ে কি ক’লে তেতিয়া ?’’, মই সুধিলো ৷
‘‘কিবা ক’লে আৰু ৷ কি ক’লে নাজানো ৷ গালি তামাম খালে বোলে !’’
‘‘কিবা ক’লে আৰু ৷ কি ক’লে নাজানো ৷ গালি তামাম খালে বোলে !’’
ডোষ্টিৰ
ভনীয়েক হেনো মোৰ প্ৰেমিকাৰ সৈতে একে শ্ৰেণীতে পঢ়ে ৷ মোৰ প্ৰেমৰ প্ৰপোজেল লেটাৰখন প্ৰেমিকাই ডোষ্টিৰ ভনীয়েকৰ হাতত দিলে ৷ ভনীয়েকে সেই কথা ডোষ্টিক জনাওঁতে সি জোৰজবৰদস্তি কৰি যেনিবা প্ৰপোজেল লেটাৰখন নিজৰ কব্জালৈ আনিলে ৷
কথাটো জানি ময়ো স্বস্তিৰ নিশ্বাস পেলালো ৷
ৰূমমেটে
পেন্টৰ জেপৰ পৰা সেই প্ৰেমৰ প্ৰপোজেল লেটাৰখন উলিয়াই মোৰ ফালে আগবঢ়াই দিলে ৷
ধেই
!!!!!!!! অৱস্থাটো বুজাবলৈ ভদ্ৰভাষাত মোৰ ওচৰত শব্দ নাই ৷
আমি হোষ্টেলত এনে পৰিস্থিতিত পৰিলে, ‘‘বি... হৈ গ‘লো বে’’ বুলি কওঁ ৷
মই বুজি নাপালো তাই কিয় একো নক’লে ৷ মনলৈ বাৰে বাৰে আহি থাকিল, ‘‘ৰিজেক্ট হৈ গ‘লো বে !’’
কিন্তু কিয় ৰিজেক্ট কৰিলে বাৰু ?
নিজকে বৰ অপদাৰ্থ যেন লাগিল ৷
পাছদিনা
পুৱা প্ৰেমৰ প্ৰেপোজেল লেটাৰখন উলিয়াই ল’লো ৷ সেইখনৰ য’ত য’ত প্ৰেমিকাৰ নাম আছিল সেইবোৰ ব্লেড এখনেৰে কাটি আতৰালো ৷
ৰূমমেটে
সুধিলে,
‘‘কি ফালিছ, কিয় ফালিছ ?’’
মই বুজালো মানুহৰ নাম জ্বলাব নাপায় বাবে তাইৰ নামবোৰ আতৰাই পেলাইছো ৷
তাৰ পাছত জুইশলা কাঠি এডাল জ্বলাই লৈ মোৰ জীৱনৰ প্ৰথম প্ৰেমৰ প্ৰপোজেল লেটাৰখন জ্বলাবলৈ ধৰিলো ৷
কাগজ জ্বলাবলৈ যে ইমান কষ্ট সেইদিনাহে বুজি পালো ৷ বাৰে বাৰে নুমাই যায় ৷
ৰূমমেটে
সান্তনা
দিলে,
‘‘তই যে তাত সকলো সঁচা কথা লিখিছিলি সেই কাৰণে জুয়েও জ্বলাব পৰা নাই ৷ তোৰ প্ৰেম সঁচা আছিল, প্ৰকৃত আছিল ৷’’
শেহত গৈ জ্বলিল গৈ যেনিবা ৷
মোৰ আকৌ ডোষ্টিলৈকো বৰ বেয়া লাগিল ৷ বেচেৰাই মোৰ বাবেই বৰ বেয়া পৰিস্থিতিত পৰিল ৷
যি নহওঁক সেই অধ্যায়টো সিমানতে অন্ত পৰিল ৷ বহুতেই মোক বহু ধৰণে সহায় কৰিলে ৷ মই ভাবিলো কৃতজ্ঞতা প্ৰকাশ কৰা উচিত ৷ সকলোকে লৈ পালো গৈ পানবজাৰৰ অশোকা ৰেষ্টুৰেন্ট৷ আনোবৰে প্ৰেমত সফল হোৱাৰ পাটী দিয়ে মই বিফল হোৱাৰ পাৰ্টী দিলো ৷
কাহিনীটো
ইমানতেই
শেষ হ‘ল বুলি ভাবিলো ৷ পাছে বিধিৰ বিধান কোনে সলাব পাৰিব ?
বছৰ বাগৰিল ৷ মই আকৌ এবাৰ প্ৰেমত পৰিবলৈ ওলালো ৷ ৰূমমেটে বুজালে, ‘‘তই এইটো বাদ দে ৷ এই লাইনটো তোৰ বাবে নহয় ৷ ঘৰৰ পৰা চাই দিব বিয়া পাতি প্ৰেম কৰিবি ৷’’
কথাটো গাত লাগিছিল যদিও মানি ল’লো ৷
সোনকালেই
ইঞ্জিনিয়াৰিং
পাছ কৰি যোৰহাট ইঞ্জিনিয়াৰিং কলেজত অস্থায়ী শিক্ষক হিচাবে যোগ দিলো ৷ কলেজৰ চাকৰি কৰি আছো যদিও স্থায়ী চাকৰিৰ সন্ধান চলি আছে ৷
এদিন গম পালো মোৰ সেই প্ৰাক্তন প্ৰেমিকাৰ দেউতাক চাকৰি সূত্ৰে আহি যোৰহাটত যোগ দিলে ৷ তেওঁলোক আকৌ থাকে মই ভাড়া থকা ঘৰটোৰ ওচৰতে ৷
হঠাতে এদিন খবৰ আহিল তেল কোম্পানীত চাকৰি পালো ৷ সাংঘাতিক ফুৰ্তি লাগিল ৷ ভাবিলো মোৰ ইজীৱন সাৰ্থক হ‘ল ৷ যোগ দিবলৈ সময় আছে ৷ যোগ নিদিয়ালৈ ইঞ্জিনিয়াৰিং কলেজৰ শিক্ষকতা চলি থাকিব ৷ ওলালো কলেজলৈ বুলি ৷ ডবা-পিটা বৰষুণ ৷
ৰেইনকোট
পিন্ধি,
এহাতে ছাটি ধৰি আন হাতে ছাইকেলৰ হেন্ডেল ধৰি ইঞ্জিনিয়াৰিং কলেজলৈ বুলি পেডেল মাৰি দিলো ৷
চাকৰি পোৱাৰ আনন্দতে গুণগুনাই আছো,
‘‘পিয়্যাৰ হুৱা ইকৰাৰ হুৱা
পিয়্যাৰ
ছে ফিৰ কিউ
ডৰ টা হ্যায় ডিল..........’’
দূৰৈত মন কৰিলো এজনী ছোৱালী মোৰ বৰষউণত তিতি তিতি আহি আছে ৷ মনিব পৰা দূৰত্বত মন কৰিলে এইয়া দেখোন তাই !!!!
মোৰ প্ৰাক্তন প্ৰেমিকা !!!
হাতত ছাটি নাই ৷ বেচেৰী একেবাৰে তিতি জুৰুলী-জুৰুৰী !
মোৰ চিন্তা লাগিল মই কেনে দৰে প্ৰতিক্ৰিয়া কৰা উচিত হ‘ব বাৰু ?
মানে চাম নে নাচাম ? হাঁহিম নে নাহাঁহিম ? কি কৰিম ?
ফাট মেলা বসুমতী পাতালে লুকাওঁ ধৰণৰ অৱস্থা মোৰ !
মই চোৱা নোচোৱা, হঁহা, নহঁহা , দেখা –নেদেখাৰ মাজতে কিবা এটা কৰি তাৰ কাষেৰে পাৰ হৈ গ‘লো ৷
য’ত দূৰ মোৰ চকুত পৰিল তাই যেন মোৰ ফালে চাই হাঁহি এটা মাৰিছিল ৷ হাঁহিলে তাইৰ বেৰীয়া গজা কুকুৰ দাঁতটো ওলাই পৰে ৷ তেতিয়া সাংঘাতিক ধুনীয়া দেখি !
য’ত দূৰ মোৰ চকুত পৰিল তাই যেন মোৰ ফালে চাই হাঁহি এটা মাৰিছিল ৷ হাঁহিলে তাইৰ বেৰীয়া গজা কুকুৰ দাঁতটো ওলাই পৰে ৷ তেতিয়া সাংঘাতিক ধুনীয়া দেখি !
মোৰ মনটো বেয়া লাগিল ৷ মই বাৰু বেছি ৰুক্ষ হৈ দেখুৱালো নেকি ? বেছি অভদ্ৰামী কৰা হ‘ল নেকি ?
আজি মই তেল কোম্পানীত চাকৰি পোৱাৰ দিনা বৰষুণত তিতি বুৰি জুৰুলী জুপুৰী হোৱা মোৰ প্ৰাক্তন প্ৰেমিকাক মোৰ হাতৰ ছাটিটো অন্ততঃ মানবীয়তাৰ খাতিৰতে দিব লাগিছিল ৷
আজি মই তেল কোম্পানীত চাকৰি পোৱাৰ দিনা বৰষুণত তিতি বুৰি জুৰুলী জুপুৰী হোৱা মোৰ প্ৰাক্তন প্ৰেমিকাক মোৰ হাতৰ ছাটিটো অন্ততঃ মানবীয়তাৰ খাতিৰতে দিব লাগিছিল ৷
আচলতে মই তাই ছাটিটো দিবলৈ বুলি ৰখিবলৈ লৈছিলো ৷
তেতিয়া চকুত পৰিল বৰষুণৰ পানীত কপালেৰে বৈ অহা তাইৰ সেন্দুৰখিনি ৷
ভাবিলো আনৰ বিবাহিতা স্ত্ৰীক ছাতি দি মাৰ খাবলৈ নাই দেই !